ছেক্স কিটেন

ছেক্স কিটেন (ইংৰাজী: Sex kitten) হ’ল এনে এগৰাকী মহিলা যিয়ে এক যৌন উত্তেজক জীৱনশৈলী বা প্ৰচুৰ যৌন আগ্ৰাসন প্ৰদৰ্শন কৰে। এই শব্দটো ১৯৫৬ চনৰ আশে-পাশে ব্ৰিটিছ আৰু আমেৰিকান সংবাদ মাধ্যমৰ প্ৰবন্ধত উৎপত্তি হৈছিল আৰু মূলত ফৰাচী অভিনেত্ৰী ব্ৰিজিট বাৰ্ডোটক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ১৯৫৬ চনৰ ছবি এণ্ড গড ক্ৰিয়েটেড ৱমেনত বাৰ্ডোটে কৰা অভিনয়েই ১৯৫০ চনৰ মাজভাগত এই শব্দটোৰ অনুপ্ৰেৰণা আছিল বুলি ধৰা হয়।
১৯৬০-ৰ দশকৰ পৰা মহিলাসকলে নিজৰ যৌনতাক মুকলিকৈ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ আগতে নাৰীয়ে যৌন কাৰ্যকলাপত আনন্দ লাভ কৰাৰ সম্ভাৱনা কম বুলি থকা পুৰণি ধাৰণাটোৰ পৰা তেওঁলোক ক্ৰমান্বয়ে ওলাই আহিছিল।
উদাহৰণ
[সম্পাদনা কৰক]
মেমি ভান ড’ৰেনক ১৯৫০ আৰু ১৯৬০-ৰ দশকৰ 'বি-গ্ৰেড' চিনেমা যেনে ছেক্স কিটেনছ গো টু কলেজ (১৯৬০), টিচাৰ্ছ পেট (১৯৫৮) আৰু আনটেমড ইউথ (১৯৫৭) আদিত অভিনয় কৰাৰ বাবে 'ছেক্স কিটেন' বুলি কোৱা হৈছিল। এই ছবিবোৰত তেওঁ প্ৰায়েই প্ৰলোভনকাৰী আৰু উত্তেজক চৰিত্ৰত অভিনয় কৰিছিল।
অ্যান-মাৰ্গৰেটক ১৯৬৪ চনৰ ছবি কিটেন উইথ এ হুইপত ছেক্স কিটেন হিচাপে বৰ্ণনা কৰা হৈছিল। ১৯৫৩ চনৰ খ্ৰীষ্টমাছ গীত "চেণ্টা বেবী"ৰ গায়িকা আৰ্থা কিটকো তেওঁৰ গীতৰ কথাৰ বাবে ছেক্স কিটেন বুলি গণ্য কৰা হৈছিল। জেন ফণ্ডাক ১৯৬০-ৰ দশকত বিশেষকৈ ১৯৬৮ চনৰ ছবি বাৰবেৰেলাত তেওঁৰ ভূমিকাৰ বাবে এই নামেৰে জনা গৈছিল।
আৰিয়ানা গ্ৰাণ্ডেই তেওঁৰ ২০১৫ চনৰ 'হনিমুন ট্যুৰ'ৰ সময়ত ছেক্স কিটেন লুক লাভ কৰিবলৈ মেকুৰীৰ কাণ (cat ears) পিন্ধিছিল। 'এচোচিয়েটেড প্ৰেছ'ৰ মতে 'জৰ্জ ৱালেচ' নামৰ ছবিত অভিনেত্ৰী এঞ্জেলিনা জোলিয়ে কৰা কৰ্নেলিয়া ৱালেচৰ চৰিত্ৰটোক এগৰাকী ছেক্স কিটেন হিচাপে চিত্ৰিত কৰা হৈছিল।
এগৰাকী ছেক্স কিটেন সদায় নৱযৌৱনা হ’ব লাগে বুলি কোনো কথা নাই। বিভিন্ন সংজ্ঞা অনুসৰি এজনী মহিলাৰ যৌন আকৰ্ষণহে ছেক্স কিটেন হোৱাৰ প্ৰাথমিক কাৰক, কিন্তু ইয়াৰ অৰ্থ সদায় কেৱল শাৰীৰিক সৌন্দৰ্যই নহয়।