সমললৈ যাওক

ছেদিকা বালখী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছেদিকা বালখী (ইংৰাজী: Sediqa Balkhi) এগৰাকী আফগান ৰাজনীতিবিদ আৰু হামিদ কাৰ্জাই চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৫০ চনত আফগানিস্তানৰ বালখ প্ৰদেশৰ মাজাৰ-ই-শ্বৰীফত বালখীয়ে জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ ইছমাইল বালখীক আফগানিস্তানত বহুবাৰ কাৰাগাৰত ভৰাই থোৱা হৈছিল আৰু শেষত বিষাক্ত দ্ৰব্য খুৱাইছিল।[2] তেওঁ বি.এ. ইছলামিক অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইৰাণত থাকি অধিক শিক্ষা গ্ৰহণ কৰে। তেওঁ কিছুদিন শিক্ষকতা কৰিছিল আৰু মেনেজাৰ হিচাপে কাম কৰিছিল।[3] কম বয়সতে বিয়া হৈ তেওঁ ছটা সন্তান জন্ম দিছিল। তেওঁৰ ভাতৃ ছেইয়েদ আলী বালখী আছিল এজন অৰ্থনীতিবিদ যাক আফগানিস্তানৰ কমিউনিষ্ট পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ ৰাজত্বকালত হত্যা কৰা হৈছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ইৰাণৰ খোৰাছান প্ৰদেশত ভিত্তি কৰি তালিবান শাসনৰ সময়ত আফগান মহিলাৰ ৰাজনৈতিক আৰু সাংস্কৃতিক কাৰ্য্যকলাপৰ ইছলামিক চেণ্টাৰৰ বালখীয়ে নেতৃত্ব দিছিল। ১৯৯১ চনত তেওঁ আফগানিস্তানলৈ যায় আৰু তাতেই তেওঁ গোপনে নিজৰ কাম অব্যাহত ৰাখে।[4] ২০০১ চনৰ ডিচেম্বৰ মাহত বন চুক্তিত অংশগ্ৰহণ কৰা তিনিগৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম।[5] মেশ্ৰানো জিৰ্গা (আফগান দ্বি-সদস্যৰ সংসদৰ উচ্চ সদন)লৈ দুবাৰকৈ নিৰ্বাচিত হৈছিল। মেশ্ৰানো জিৰ্গাত মহিলা পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে হামিদ কাৰ্জাই চৰকাৰত শ্বহীদ আৰু প্ৰতিবন্ধী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]২০০৫ চনত বালখী আৰু আফগান সেনা প্ৰধান বিছমিল্লা খান মহম্মদী হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। ঘটনাটো দুৰ্ঘটনা বুলি ভবা হয়৷[6][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ngunjiri, Faith Wambura; Madsen, Susan R.; Longman, Karen A.; Cherrey, Cynthia (2015) (en ভাষাত). Women and Leadership around the World. IAP. পৃষ্ঠা. 10. ISBN 9781681231518. https://books.google.com/books?id=qAYoDwAAQBAJ&q=Sediqa+Balkhi&pg=PA10. 
  2. 2.0 2.1 2.2 2.3 "Sediqa Balkhi: 'He Said I Would Die If I Went to School Again'". Huffington Post. 2 April 2014. https://www.huffingtonpost.com/unveiling-afghanistan/sediqa-balkhi-he-said-i-w_b_5077002.html। আহৰণ কৰা হৈছে: 7 November 2017. 
  3. "Database" (en-gb ভাষাত). afghan-bios.info. http://www.afghan-bios.info/index.php?option=com_afghanbios&id=312&task=view&total=2837&start=461&Itemid=2। আহৰণ কৰা হৈছে: 7 November 2017. 
  4. Kitch, Sally L. (2014) (en ভাষাত). Contested Terrain: Reflections with Afghan Women Leaders. University of Illinois Press. পৃষ্ঠা. 75. ISBN 9780252096648. https://books.google.com/books?id=Bm5zAwAAQBAJ&q=Sediqa+Balkhi&pg=PA75। আহৰণ কৰা হৈছে: 7 November 2017. 
  5. Skaine, Rosemarie (2008) (en ভাষাত). Women of Afghanistan in the Post-Taliban Era: How Lives Have Changed and Where They Stand Today. McFarland. পৃষ্ঠা. 8. ISBN 9780786437924. https://books.google.com/books?id=jquT4yFN_zgC&q=Sediqa+Balkhi&pg=PA8. 
  6. "Afghan minister survives attack". BBC. 10 September 2005. http://news.bbc.co.uk/2/hi/south_asia/4232930.stm। আহৰণ কৰা হৈছে: 7 November 2017. 
  7. "Afghan Minister Escapes Gunmen" (en ভাষাত). CBS. https://www.cbsnews.com/news/afghan-minister-escapes-gunmen/। আহৰণ কৰা হৈছে: 7 November 2017.