১৯ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ১৯ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৯ ছেপ্টেম্বৰ (ইংৰাজী: 19 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬২তম (অধিবৰ্ষত ২৬৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৮৮ - বেলজিয়ামস্পাত প্ৰথম আধুনিক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
  • ১৮৯৩ - নিউজিলেণ্ড সকলো মহিলাক ভোটাধিকাৰ প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ হয়। [1]
  • ১৯৬০ - সিন্ধু পানী চুক্তি (Indus Waters Treaty) ভাৰত আৰু পাকিস্থানৰ মাজত স্বাক্ষৰিত হৈছিল।
  • ১৯৮৩ - ভাৰতৰ প্ৰথম যোগাযোগ উপগ্ৰহ এপ'ল (APPLE) দুবছৰৰ পিছত বন্ধ হৈ যায়।
  • ১৯৮৫ - মেক্সিক'ত ৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ৫০০০ৰ পৰা ৪৫০০০ মানুহ নিহত হৈছিল বুলি ধাৰণা কৰা হয়। চৰকাৰী সূত্ৰমতে ৫০০০ বুলি কোৱা হৈছিল।
  • ২০০০ - কৰ্ণম মালেশ্বৰীে (Karnam Malleswari) অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত অলিম্পিক খেলত তেওঁ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • সশস্ত্ৰ বাহিনী দিৱস (চিলি)।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Women and the vote". New Zealand History. https://nzhistory.govt.nz/politics/womens-suffrage#:~:text=On%2019%20September%201893%20the,to%20vote%20in%20parliamentary%20elections..