সমললৈ যাওক

ছেম অল্টমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছেম অল্টমেন

২০১৯ চনত অল্টমেন
জন্ম ছেমুৱেল হেৰিছ অল্টমেন
২২ এপ্ৰিল, ১৯৮৫ (৪০ বছৰ)
চিকাগো, ইলিনয়, আমেৰিকা
শিক্ষা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, (শিক্ষা অসমাপ্ত)
জনা যায় লুপ্ট, ৱাই কম্বিনেটৰ, অ’পেনএআই
পদবী
  • অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া
  • অক্ল’ৰ প্ৰাক্তন অধ্যক্ষ
  • হেলিয়ন এনাৰ্জীৰ অধ্যক্ষ
দাম্পত্যসঙ্গী অলিভাৰ মুলহেৰিন (বি. ২০২৪)
সন্তান
স্বাক্ষৰ
ৱেবছাইট
blog.samaltman.com


ছেমুৱেল হেৰিছ অল্টমেন (ইংৰাজী: Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।[1] তেওঁক কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) উত্থানৰ অন্যতম অগ্ৰণী ব্যক্তি হিচাপে বিবেচনা কৰা হয়।[2][3][4]

দুবছৰৰ পাছত ষ্টেনফৰ্ড বিশ্ববিদ্যালয় এৰি অল্টমেনে লুপ্ট নামৰ এটা ম’বাইল ছ’চিয়েল নেটৱৰ্কিং সেৱা প্ৰতিষ্ঠা কৰে আৰু ৩ কোটি ডলাৰতকৈ অধিক বিনিয়োগ সংগ্ৰহ কৰে। ২০১১ চনত অল্টমেনে ষ্টাৰ্টআপ এক্সিলেৰেটৰ ৱাই কম্বিনেটৰত যোগদান কৰে আৰু ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ইয়াৰ সভাপতি পদত অধিষ্ঠিত হৈ থাকে।[5] তেওঁ স্বচ্ছ শক্তি কোম্পানী হেলিয়ন এনাৰ্জী[6] আৰু অক্ল’ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে (২০২৫ চনৰ এপ্ৰিল মাহলৈকে)।[7] ২০২৫ চনৰ মে’ মাহ পৰ্যন্ত অল্টমেনৰ সম্পত্তিৰ পৰিমাণ ১.৫ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে।[8]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮৫ চনৰ ২২ এপ্ৰিলত ইলিনয়ৰ চিকাগোত[9][10] ইহুদী পৰিয়ালত[11] জন্মগ্ৰহণ কৰা অল্টমেনে মিছৌৰীৰ ছেইণ্ট লুইছত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মাক চৰ্ম-বিশেষজ্ঞ, আৰু দেউতাক আছিল ৰিয়েল এষ্টেটৰ দালাল। চাৰিজন ভাই-ভনীৰ ভিতৰত অল্টমেন ডাঙৰ।[2] আঠ বছৰ বয়সত তেওঁ প্ৰথম কম্পিউটাৰ এপল মেকিণ্টশ্ব লাভ কৰে আৰু কম্পিউটাৰৰ হাৰ্ডৱেৰ ক’ড আৰু পৃথক কৰিবলৈ শিকিবলৈ আৰম্ভ কৰে।[12][13] তেওঁ মিছৌৰীৰ লাডুৰ ব্যক্তিগত বিদ্যালয়জন বাৰ’ছ স্কুলত পঢ়িছিল।[14] ২০০৫ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত দুবছৰ কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ স্নাতক ডিগ্ৰী লাভ নকৰাকৈয়ে শিক্ষা বাদ দিয়ে।[15][16]

কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৫ চনত ১৯ বছৰ বয়সত[17] ছেম অল্টমেনে লুপ্ট (Loopt) নামৰ[18] এটা স্থানভিত্তিক সামাজিক নেটৱৰ্কিং ম’বাইল এপ্লিকেশ্যনৰ সহ-প্ৰতিষ্ঠা কৰে। মুখ্য কাৰ্যবাহী বিষয়া হিচাপে তেওঁ কোম্পানীটোৰ বাবে ৩ কোটি ডলাৰতকৈ অধিক ভেঞ্চাৰ কেপিটেল সংগ্ৰহ কৰে, য’ত এক্সফাণ্ডৰ পেট্ৰিক চুং আৰু নিউ এণ্টাৰপ্ৰাইজ এছ’চিয়েট্‌ছৰ তেওঁৰ দলৰ পৰা প্ৰাৰম্ভিকভাৱে ৫ মিলিয়ন ডলাৰ বিনিয়োগ কৰা হয় আৰু তাৰপাছত চেকুয়া কেপিটেল আৰু ৱাই কম্বিনেটৰৰ পৰা বিনিয়োগ কৰা হয়।[19] ২০১২ চনৰ মাৰ্চ মাহত লুপ্টে ব্যৱহাৰকাৰীৰ মাজত পৰ্যাপ্ত পৰিচিতি লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছত কোম্পানীটোক গ্ৰীণ ডট কৰ্প’ৰেশ্যনে ৪৩.৪ মিলিয়ন ডলাৰত ক্ৰয় কৰে।[20]

২০১১ চনত অল্টমেন ৱাই কম্বিনেটৰ (ৱাইচি)ৰ অংশীদাৰ হয়, যিটো এটা ষ্টাৰ্টআপ এক্সিলেৰেটৰ। ৱাইচি-এ বহু ষ্টাৰ্টআপত বিনিয়োগ কৰে। তেওঁলোকে প্ৰথমতে অংশকালীন ভিত্তিত কাম কৰে।[21] ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত সহ-প্ৰতিষ্ঠাপক পল গ্ৰেহামে তেওঁক ৱাইচি-ৰ সভাপতি হিচাপে নিযুক্তি দিয়ে।[22] ২০১৪ চনৰ এটা ব্লগ প’ষ্টত অল্টমেনে কয় যে ৱাইচি কোম্পানীসমূহৰ মুঠ মূল্যই এয়াৰবিএনবি, ড্ৰপবক্স, জেনেফিট্‌ছ আৰু ষ্ট্ৰাইপকে ধৰি ৬৫ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।[23] তেওঁ বছৰি ১০০০টা নতুন কোম্পানীক পুঁজিৰ বাবে ৱাইচি সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছিল আৰু পুঁজিৰে সহায় কৰা কোম্পানীসমূহৰ প্ৰকাৰসমূহ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে প্ৰধানকৈ "কঠিন প্ৰযুক্তি" ষ্টাৰ্টআপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[24]

২০১২ চনৰ এপ্ৰিল মাহত অল্টমেনে তেওঁৰ ভাতৃ জেক অল্টমেনৰ সৈতে হাইড্ৰ’জীন কেপিটেলৰ সহযোগী প্ৰতিষ্ঠা কৰে।[25][26] ভেঞ্চাৰ কেপিটেল ফাৰ্মখন এতিয়াও চলি আছে আৰু ই প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰযুক্তিৰ বিনিয়োগত গুৰুত্ব আৰোপ কৰে।[27]

২০১৫ চনৰ অক্টোবৰ মাহত অল্টমেনে ৱাইচি কণ্টিনিৱিটী ঘোষণা কৰে, যিটো ৭০ কোটি ডলাৰৰ ইকুইটী ফাণ্ড; যি ৱাইচি কোম্পানীসমূহ পৰিপক্ব হোৱাৰ লগে লগে বিনিয়োগ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।[28][29] এসপ্তাহৰ আগতে তেওঁ ৱাই কম্বিনেটৰ ৰিছাৰ্চ নামৰ এটা অলাভজনক গৱেষণাগাৰ প্ৰৱৰ্তন কৰিছিল আৰু ইয়াক প্ৰতিষ্ঠা কৰিবলৈ নিজৰ ধনৰ এক কোটি ডলাৰ দান কৰিছিল।[30]

২০১৬ চনৰ ছেপ্টেম্বৰ মাহত অল্টমেনে ৱাই চি গ্ৰুপৰ সভাপতি হিচাপে নিজৰ সম্প্ৰসাৰিত ভূমিকা ঘোষণা কৰে, য’ত ৱাই কম্বিনেটৰ আৰু অন্যান্য ইউনিটসমূহ অন্তৰ্ভুক্ত আছিল।[31]

২০১৯ চনৰ মাৰ্চ মাহত ৱাইচি-এ অল্টমেনক সভাপতিৰ পৰা অধ্যক্ষলৈ পদ পৰিৱৰ্তন কৰাৰ কথা ঘোষণা কৰে, যাৰ ফলত তেওঁ অ'পেনএআইত মনোনিৱেশ কৰিব পাৰে।[32][33] ৱাইচি-এ নিজৰ মুখ্য কাৰ্যালয় ছান ফ্ৰাঞ্চিস্কোলৈ স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰাৰ কিছু সময়ৰ পাছতে এই সিদ্ধান্ত লোৱা হয়।[21] ২০২০ চনৰ আৰম্ভণিত তেওঁ ৱাইচি-ৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হয়।[34]

২০১৯ চনত অল্টমেনে লাভজনক কোম্পানী টুল্‌ছ ফৰ হিউমেনিটী[35] সহ-প্ৰতিষ্ঠাপক হয়, যিয়ে মানুহৰ চকু স্কেন কৰি প্ৰমাণীকৰণ আৰু প্ৰৱঞ্চনা প্ৰতিহত কৰাৰ উদ্দেশ্যে ব্যক্তিত্বৰ প্ৰমাণ পৰীক্ষা কৰিবলৈ ব্যৱস্থা নিৰ্মাণ আৰু বিতৰণ কৰে। যিসকল অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ চকু স্কেন কৰিবলৈ সন্মত হয় তেওঁলোকক ৱৰ্ল্ডকইন নামৰ ক্ৰিপ্ট’কাৰেঞ্চীৰ দ্বাৰা ক্ষতিপূৰণ দিয়া হয়।[36][37][38][39] টুল্‌ছ ফৰ হিউমেনিটীয়ে ইয়াৰ ক্ৰিপ্ট’কাৰেঞ্চীক সাৰ্বজনীন মৌলিক আয়ৰ সৈতে একে বুলি বৰ্ণনা কৰিছে।[40][41] গোপনীয়তা আৰু জালিয়াতিৰ উদ্বেগ উল্লেখ কৰি টুল্‌ছ ফৰ হিউমেনিটীয়ে আমেৰিকাত সেৱা প্ৰদান নকৰে।[42] কোম্পানীটোৱে কাম কৰা প্ৰথম দেশসমূহৰ ভিতৰত এখন আছিল কেনিয়া[43] বায়’মেট্ৰিক ডেটাৰ গোপনীয়তা আৰু সম্ভাৱ্য জালিয়াতিৰ উদ্বেগক লৈ আইনী উদ্বেগ উল্লেখ কৰি ফ্ৰাঞ্চ, যুক্তৰাজ্য, বাভাৰিয়া, দক্ষিণ কোৰিয়া, কেনিয়া, স্পেইন, পৰ্তুগাল আৰু হংকঙৰ নিয়ন্ত্ৰকসকলে ৱৰ্ল্ডকইনৰ তদন্ত বা নিলম্বন কৰিছে।[44]

অ’পেনএআই

[সম্পাদনা কৰক]
তেতিয়াৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকে ডীপমাইণ্ডৰ চিইঅ’ ডেমিছ হাছাবিছ, এন্থ্ৰপিকৰ চিইঅ’ ডাৰিয়া আমোদেই আৰু অ’পেনএআই-ৰ চিইঅ’ ছেম অল্টমেনৰ সৈতে সাক্ষাৎ কৰে। ২০২৩ চনৰ মে’ মাহত।

প্ৰথম অৱস্থাত অ’পেনএআই-ৰ বাবে অল্টমেন, গ্ৰেগ ব্ৰকমেন, ইলন মাস্ক, জেচিকা লিভিংষ্টন, পিটাৰ থিল, মাইক্ৰ’ছফ্ট, এমাজন ৱেব ছাৰ্ভিচেছ, ইনফ’ছিছ আৰু ৱাইচি ৰিছাৰ্চে ধন আগবঢ়াইছিল। ২০১৫ চনত যেতিয়া অ’পেনএআই আৰম্ভ হৈছিল, তেতিয়া ই ১ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছিল।[45] ২০১৯ চনৰ মাৰ্চ মাহত অল্টমেনে ৱাই কম্বিনেটৰ এৰি চিইঅ’ হিচাপে অ’পেনএআই-ত পূৰ্ণকালীনভাৱে মনোনিৱেশ কৰে।[46][1] ২০১৯ চনৰ গ্ৰীষ্মকাললৈকে তেওঁ মাইক্ৰ’ছফ্টৰ পৰা ১ বিলিয়ন ডলাৰ সংগ্ৰহ কৰাত সহায় কৰিছিল।[47]

অল্টমেনে ২০২৩ চনৰ ১৬ মে’ত আমেৰিকাৰ ছেনেটৰ গোপনীয়তা, প্ৰযুক্তি আৰু আইন উপসমিতিৰ সন্মুখত এআইৰ তদাৰকী বিষয়সমূহৰ বিষয়ে সাক্ষ্য দিছিল।[48] কোম্পানীটোৰ চেটবট এপ্লিকেশ্যন চেটজিপিটিৰ সফলতাৰপাছত ২০২৩ চনৰ মে’ মাহত অল্টমেনে বিশ্ব ভ্ৰমণ কৰিছিল, য’ত তেওঁ ২২খন দেশ ভ্ৰমণ কৰিছিল আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাক, ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজ, জাৰ্মানীৰ চাঞ্চেলৰ অলাফ শ্ব’ল্‌জ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক-ইয়ল আৰু ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগকে ধৰি একাধিক নেতা আৰু কূটনীতিবিদক লগ পাইছিল। তেওঁ ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্ছুলা ভন ডেৰ লেয়েনৰ সৈতে এখন ফটোৰ বাবে থিয় হৈছিল।[2]

অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পৰা অপসাৰণ আৰু পুনৰ্নিযুক্তি

[সম্পাদনা কৰক]

১৭ নৱেম্বৰ, ২০২৩, শুকুৰবাৰে গৱেষক হেলেন টনাৰ, কুঅ’ৰাৰ চিইঅ’ এডম ডি এঞ্জেল’, এআই-ৰ শাসনৰ অধিবক্তা টাছা মেকক’লী আৰু অ’পেনএআই-ৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য বিজ্ঞানী ইলিয়া ছাটস্কেভাৰে ঘোষণা কৰে যে তেওঁলোকে অল্টমেনক চিইঅ’ আৰু গ্ৰেগ ব্ৰকমেনক ব’ৰ্ডৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোক দুয়োজনেই সহ-প্ৰতিষ্ঠাপক আছিল।[49] এই ঘোষণাত উল্লেখ কৰা হৈছে যে অল্টমেনে "নিজৰ যোগাযোগত ধাৰাবাহিকভাৱে স্পষ্টবাদী নাছিল"।[50][49] ইয়াৰ উত্তৰত ব্ৰকমেনে অ'পেনএআইৰ সভাপতি হিচাপে নিজৰ ভূমিকাৰ পৰা পদত্যাগ কৰে।[51] অল্টমেনক আঁতৰোৱাৰ পাছদিনা দা ভাৰ্জে প্ৰতিবেদন দিছিল যে অল্টমেন আৰু ব’ৰ্ডে তেওঁক অ’পেনএআই-লৈ ঘূৰাই অনাৰ বাবে আলোচনাত মিলিত হৈছে।[52]

২০ নৱেম্বৰত মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলাই ঘোষণা কৰে যে অল্টমেনে মাইক্ৰ’ছফ্টৰ সৈতে যোগদান কৰি নতুন উন্নত এআই গৱেষণা দলৰ নেতৃত্ব দিব।[53] দুদিন পাছত অ’পেনএআই-ৰ কৰ্মচাৰীসকলে ব’ৰ্ডলৈ এখন মুকলি পত্ৰ প্ৰকাশ কৰি অ’পেনএআই এৰি মাইক্ৰ’ছফ্টত যোগদান কৰাৰ ভাবুকি দিয়ে, য’ত সকলো কৰ্মচাৰীকে চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তেওঁলোকে এই কাম কৰিব যদিহে ব’ৰ্ডৰ প্ৰতিগৰাকী সদস্যই পদত্যাগ কৰি অল্টমেনক চিইঅ’ হিচাপে পুনৰ নিযুক্তি নিদিয়ে। প্ৰথমতে ৫০৫জন কৰ্মচাৰীয়ে স্বাক্ষৰ কৰিছিল, যিটো পাছলৈ মুঠ ৭৭০জন কৰ্মচাৰীৰ ভিতৰত ৭০০ৰো অধিকলৈ বৃদ্ধি পাইছিল।[54] ইয়াৰ ভিতৰত আছিল ইলিয়া ছাটস্কেভাৰ, যিয়ে পূৰ্বে অল্টমেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পোষকতা কৰিছিল যদিও এতিয়া টুইটাৰত ক্ষমা বিচাৰি কৈছে যে, “ব’ৰ্ডৰ এই কাৰ্যত মোৰ অংশগ্ৰহণৰ বাবে মই দুখ প্ৰকাশ কৰিছোঁ।" ২০ নৱেম্বৰৰ মাজনিশা অ’পেনএআই-এ ঘোষণা কৰে যে তেওঁলোকে অল্টমেনক চিইঅ’ হিচাপে আৰু ব্ৰকমেনক সভাপতি হিচাপে ঘূৰাই অনাৰ বাবে "নীতিগতভাৱে চুক্তি"ত উপনীত হৈছে।[55][56] বৰ্তমানৰ ব’ৰ্ডে পদত্যাগ কৰিব। কেৱল ডি এঞ্জেল’ক পূৰ্বৰ ব’ৰ্ডৰ মতামতক প্ৰতিনিধিত্ব কৰিবলৈ ৰখা হৈছিল।[55]

২০২৪ চনৰ ৮ মাৰ্চত অ’পেনএআই-এ ঘোষণা কৰে যে আইন সংস্থা উইলমাৰহেলৰ পৰ্যালোচনাৰ পাছত অল্টমেনে পৰিচালনা সমিতিত পুনৰ যোগদান কৰিব।[57]

২০২৪ চনৰ মে’ মাহত অ’পেনএআই-ৰ অ-অৱমাননা চুক্তিসমূহ উন্মোচন হোৱাৰ পাছত, চুক্তিত স্বাক্ষৰ নকৰা কৰ্মচাৰীসকলৰ ইকুইটী বাতিলৰ ব্যৱস্থাৰ বিষয়ে অজ্ঞাত বুলি দাবী কৰাৰ সময়ত অল্টমেনে মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰা হয়।[58] তদুপৰি মে’ মাহত প্ৰাক্তন ব’ৰ্ডৰ সদস্য হেলেন টনাৰে ২০২৩ চনৰ নৱেম্বৰ মাহত অল্টমেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ব’ৰ্ডৰ যুক্তি ব্যাখ্যা কৰিছিল। তেখেতে লগতে অভিযোগ কৰে যে অ’পেনএআই-ৰ দুজন কাৰ্যবাহীয়ে অল্টমেনৰ পৰা ব’ৰ্ডক "মানসিক নিৰ্যাতন"ৰ ৰিপৰ্ট দিছিল, আৰু তেওঁলোকৰ দাবীক সমৰ্থন কৰিবলৈ স্ক্ৰীনশ্বট আৰু নথিপত্ৰ প্ৰদান কৰিছিল। তেখেতে কয় যে বহু কৰ্মচাৰীয়ে অল্টমেনক সমৰ্থন নকৰিলে প্ৰতিশোধৰ আশংকা কৰিছিল আৰু যেতিয়া অল্টমেন লুপ্টৰ চিইঅ’ আছিল, তেতিয়া পৰিচালনা দলে তেওঁক দুবাৰকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ কৈছিল যিটো তেওঁলোকে "প্ৰতাৰণামূলক আৰু বিশৃংখল আচৰণ" বুলি কয়।[59][60]

সামাজিক পৰিচিতি আৰু সন্মান

[সম্পাদনা কৰক]
২০১৭ চনত অল্টমেনক ৰিক ৱেইলেণ্ড বঁটা প্ৰদান কৰি থকা অৱস্থাত নেঞ্চী পেল’ছি

২০১৭ চনত অল্টমেনে কানাডাৰ ৱাটাৰলু বিশ্ববিদ্যালয়ৰ পৰা 'ভেল’চিটী উদ্যোগীকৰণ কাৰ্যসূচী'ৰ জৰিয়তে কোম্পানীসমূহক সহায় কৰাৰ বাবে সন্মানীয় ডক্টৰ অৱ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে।[61] ইণ্ডোনেছিয়া চৰকাৰে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অল্টমেনক দেশখনৰ প্ৰথম "সোণালী ভিছা" (১০ বছৰৰ বাবে সীমান্ত পাছ) প্ৰদান কৰে।[62] ২০২৪ চনত এক্সফাণ্ডে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অল্টমেনক বাৰ্ষিক পৰীক্ষা কাপৰ (Annual Experiment Cup) সন্মান প্ৰদান কৰে।[63]

টাইম আলোচনীয়ে ২০২৩ চনত অল্টমেনক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম[64] আৰু বছৰটোৰ চিইঅ’ হিচাপে নিৰ্বাচিত কৰে।[65] ২০২৩[66] আৰু ২০২৪ চনত এআই-ৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ টাইমৰ তালিকাতো তেওঁ অন্তৰ্ভুক্ত আছিল।[67] ২০০৮ চনত বিজনেছ ৱীকৰ দ্বাৰা তেওঁ "প্ৰযুক্তিৰ শ্ৰেষ্ঠ যুৱ উদ্যোগী",[68] আৰু ২০১৫ চনত ফৰ্ব্‌ছ আলোচনীৰ দ্বাৰা তালিকাভুক্ত ৩০ বছৰ-অনুৰ্ধ শীৰ্ষ বিনিয়োগকাৰী আছিল।[69] ২০১৬,[70] ২০২২[71] আৰু ২০২৩ চনত অল্টমেনক বিল্ডাৰবাৰ্গ সভাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।[72][73]

ৱালটাৰ আইজাক্সনে মতামত দিছিল যে অল্টমেনৰ "মাস্কৰ দৰে তীব্ৰতা" আছে। আৰু ই ইলন মাস্কৰ সৈতে অংশীদাৰিত্বৰে অ’পেনএআই প্ৰতিষ্ঠা কৰাত সহায়ক হৈছিল।[74] ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মাস্কে অ'পেনএআই আৰু অল্টমেনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু অভিযোগ কৰে যে তেওঁলোকে মানৱমুখী লাভৰ পৰিৱৰ্তে অৰ্থনৈতিক লাভক অগ্ৰাধিকাৰ দি কোম্পানীটোৰ প্ৰতিষ্ঠা চুক্তি ভংগ কৰে।[75] কেইদিনমানৰ পাছত অল্টমেনকে ধৰি অ'পেনএআইৰ কাৰ্যবাহীসকলে এটা ব্লগ প’ষ্টত এই দাবীসমূহ খাৰিজ কৰে।[76] প’ষ্টটোত কোৱা হৈছে যে ষ্টাৰ্টআপটোৱে মাস্কৰ পৰা তেওঁৰ ১ বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে মাত্ৰ ৪৫ মিলিয়ন ডলাৰহে লাভ কৰিছিল আৰু মাস্কে ইয়াক টেছলাৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱ দিছিল।[77]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

অল্টমেন সৰুৰে পৰা নিৰামিষভোজী।[78]

অল্টমেন মুকলিকৈ সমকামী[2][10][79] হাইস্কুলত ১৭ বছৰ বয়সত[2] তেওঁ নিজৰ যৌনতাক প্ৰকাশ কৰিছিল,[10][79] য’ত কিছুমান ছাত্ৰই ৰাষ্ট্ৰীয় কামিং আউট দিৱসৰ এজন বক্তাৰ বিৰুদ্ধে আপত্তি কৰাৰ পাছত তেওঁ মাত মাতিছিল।[2][65] তেওঁ লুপ্টৰ সহ-প্ৰতিষ্ঠাপক নিক ছিভ’ৰ সৈতে ৯ বছৰ ধৰি ডে’ট কৰিছিল। ২০১২ চনত কোম্পানীটো অধিগ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে তেওঁলোকৰ বিচ্ছেদ ঘটে।[10]

২০২৪ চনৰ জানুৱাৰী মাহত আল্টমেনে হাৱাইত অভিযন্তা অলিভাৰ মুলহেৰিনক বিয়া কৰায়।[80] [81] দুয়ো ছান ফ্ৰান্সিস্কোৰ ৰাছিয়ান হিল চুবুৰীতো থাকে আৰু প্ৰায়ে সপ্তাহান্ত কেলিফৰ্ণিয়াৰ নাপাত কটায়।[79][82] তেওঁলোকে ২০২৪ চনৰ মে’ মাহত গিভিং প্লেড্‌জত স্বাক্ষৰ কৰি নিজৰ সৰহভাগ ধন-সম্পত্তি দান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।[83]

অল্টমেন মহাপ্ৰলয়ৰ বাবে সাজু হৈ থকা এজন ব্যক্তি।[10][84] ২০১৬ চনত তেওঁ কৈছিল— "মোৰ হাতত বন্দুক, সোণ, পটাছিয়াম আয়’ডাইড, এণ্টিবায়টিক, বেটাৰী, পানী, ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ গেছ মাস্ক আৰু বিগ ছাৰত মাটি আছে য’লৈ মই উৰা মাৰিব পাৰোঁ।"[10]

২০২৫ চনৰ জানুৱাৰী মাহত অল্টমেনৰ ভগ্নী এন অল্টমেনে ছেইণ্ট লুইছৰ মিছৌৰীৰ পূব জিলাৰ আমেৰিকাৰ জিলা আদালতত অল্টমেনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। গোচৰটোত অভিযোগ কৰা হৈছে যে এন অল্টমেনৰ বয়স ৩ বছৰ আৰু ছেম অল্টমেনৰ বয়স ১২ বছৰ হোৱাৰ পৰাই এই নিৰ্যাতন আৰম্ভ হৈছিল।[85] ছেম অল্টমেনে তেওঁৰ মাতৃ কনী আৰু কনিষ্ঠ ভাতৃ মেক্স আৰু জেকৰ সৈতে এক্সত এক যৌথ বিবৃতি প্ৰকাশ কৰি এই অভিযোগসমূহ অস্বীকাৰ কৰি এই অভিযোগসমূহক "সম্পূৰ্ণ অসত্য" বুলি অভিহিত কৰে।[86][87][88]

২০২৫ চনৰ ২২ ফেব্ৰুৱাৰীত অল্টমেনে নিজৰ পুত্ৰৰ জন্মৰ কথা ঘোষণা কৰে।[89]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "OpenAI LP". openai.com. https://openai.com/blog/openai-lp/. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Weil, Elizabeth (2023-09-25). "Sam Altman Is the Oppenheimer of Our Age." (en ভাষাত). Intelligencer. https://nymag.com/intelligencer/article/sam-altman-artificial-intelligence-openai-profile.html। আহৰণ কৰা হৈছে: 2023-12-12. 
  3. Mickle, Tripp; Metz, Cade; Isaac, Mike; Weise, Karen (2023-12-09). "Inside OpenAI's Crisis Over the Future of Artificial Intelligence" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2023/12/09/technology/openai-altman-inside-crisis.html. 
  4. "Artificial: The OpenAI Story" (en-US ভাষাত). Wall Street Journal. 2023-12-10. https://www.wsj.com/tech/ai/artificial-the-openai-story-21587cbd। আহৰণ কৰা হৈছে: 2023-12-12. 
  5. "Sam Altman Fired from Y Combinator by Paul Graham". The Washington Post. https://www.washingtonpost.com/technology/2023/11/22/sam-altman-fired-y-combinator-paul-graham/. 
  6. "Y Combinator's Sam Altman teams up with Michael Klein to launch SPAC looking to raise $1 billion". Reuters. March 15, 2021. https://www.reuters.com/article/idUSKBN2B71D2/. 
  7. Stevens, Pippa (2025-04-22). "Sam Altman steps down as Oklo board chair, freeing nuclear startup to work with more AI companies" (en ভাষাত). CNBC. https://www.cnbc.com/2025/04/22/sam-altman-steps-down-as-oklo-chair-freeing-nuclear-company-up-to-work-with-more-ai-companies.html। আহৰণ কৰা হৈছে: 2025-04-28. 
  8. "Sam Altman" (en ভাষাত). Forbes. https://www.forbes.com/profile/sam-altman/। আহৰণ কৰা হৈছে: 2025-04-22. 
  9. Colome, Jordi Perez (May 26, 2023). "Sam Altman: billionaire ChatGPT creator, startup guru and prohet of the apcalypse?". El Pais. https://english.elpais.com/science-tech/2023-05-26/sam-altman-billionaire-chatgpt-creator-startup-guru-and-prohet-of-the-apcalypse.html. 
  10. 10.0 10.1 10.2 10.3 10.4 10.5 Friend, Tad (October 3, 2016). "Sam Altman's Manifest Destiny". The New Yorker. https://www.newyorker.com/magazine/2016/10/10/sam-altmans-manifest-destiny। আহৰণ কৰা হৈছে: May 17, 2017. 
  11. Chapman, Glenn; Bachner, Michael; Magid, Jacob; Ben-David, Ricky; Schneider, Tal; Magid, Jacob; Bachner, Michael; Sharon, Jeremy (2023-05-17). "Sam Altman: The quick, deep thinker leading OpenAI". The Times of Israel. https://www.timesofisrael.com/sam-altman-the-quick-deep-thinker-leading-openai/। আহৰণ কৰা হৈছে: 2023-11-24. 
  12. Junod, Tom (December 18, 2014). "How Venture Capitalists Find Opportunities in the Future". Esquire. https://www.esquire.com/news-politics/interviews/a30763/sam-altman-interview-2014/। আহৰণ কৰা হৈছে: December 15, 2015. 
  13. Afifi-Sabet, Keumars. "Sam Altman: the OpenAI CEO leading the AI revolution". The Week. https://theweek.com/news/technology/961823/sam-altman-profile-openai-ceo-leading-ai-revolution. 
  14. Nguyen, Britney; Hart, Jordan (February 20, 2024). "Meet Sam Altman, the OpenAI CEO who learned to code at 8 and is a doomsday prepper with a stash of guns and gold". https://www.businessinsider.com/sam-altman-chatgpt-openai-ceo-career-net-worth-ycombinator-prepper-2023-1. 
  15. Hagy, Paige (November 21, 2023). "Sam Altman's ousting from OpenAI could lead to even greater success: 'You could parachute him into an island full of cannibals and come back in five years and he'd be the king'". Fortune. https://fortune.com/2023/11/21/who-is-sam-altman-openai-career-microsoft-background-y-combinator-loopt-stanford/. 
  16. "People". Y Combinator. http://ycombinator.com/people.html। আহৰণ কৰা হৈছে: December 15, 2015. 
  17. Ankeny, Jason (April 25, 2015). "Meet Y Combinator's Bold Whiz Kid Boss". Entrepreneur. http://www.entrepreneur.com/article/244508। আহৰণ কৰা হৈছে: December 15, 2015. 
  18. "Executives". Loopt. Archived from the original on February 16, 2012. https://web.archive.org/web/20120216022416/http://www.loopt.com/about/company/executives/। আহৰণ কৰা হৈছে: December 15, 2015. 
  19. Seetharaman, Deepa (December 24, 2023). "Sam Altman's Knack for Dodging Bullets—With a Little Help From Bigshot Friends". The Wall Street Journal. https://www.wsj.com/tech/ai/sam-altman-openai-protected-by-silicon-valley-friends-f3efcf68. 
  20. Vascellaro, Jessica E. (March 9, 2012). "Startup Loopt Lands with Green Dot". The Wall Street Journal. https://blogs.wsj.com/digits/2012/03/09/startup-loopt-lands-with-green-dot/। আহৰণ কৰা হৈছে: March 13, 2012. 
  21. 21.0 21.1 Clark, Kate (2019-03-08). "Y Combinator president Sam Altman is stepping down amid a series of changes at the accelerator" (en-US ভাষাত). TechCrunch. https://techcrunch.com/2019/03/08/y-combinator-president-sam-altman-is-stepping-down-amid-a-series-of-changes-at-the-accelerator/। আহৰণ কৰা হৈছে: 2019-03-18. 
  22. Loizos, Connie (November 6, 2015). "Garry Tan Says Goodbye to Y Combinator" (en-US ভাষাত). TechCrunch. https://techcrunch.com/2015/11/06/garry-tan-says-goodbye-to-y-combinator/। আহৰণ কৰা হৈছে: March 18, 2019. 
  23. Altman, Sam (August 26, 2015). "YC Stats". Y Combinator. https://blog.ycombinator.com/yc-stats। আহৰণ কৰা হৈছে: December 19, 2015. 
  24. Chafkin, Max (April 16, 2015). "Y Combinator President Sam Altman is Dreaming Big". http://www.fastcompany.com/3044282/the-y-combinator-chronicles/california-dreamin। আহৰণ কৰা হৈছে: July 22, 2015. 
  25. Hydrazine Capital GP, LLC (February 14, 2023). "Form ADV - Uniform Application for Investment Adviser Registration and Report by Exempt Reporting Advisers.". Securities and Exchange Commission. https://reports.adviserinfo.sec.gov/reports/ADV/165781/PDF/165781.pdf। আহৰণ কৰা হৈছে: 2023-07-27. 
  26. "Hydrazine Capital LP - Company Profile and News" (en ভাষাত). Bloomberg L.P.. https://www.bloomberg.com/profile/company/1003986D:US। আহৰণ কৰা হৈছে: 2023-07-27. 
  27. Matthews, Jessica. "The University of Michigan wrote Sam Altman's venture capital firm a $75M check earlier this year for a new fund". Fortune. https://fortune.com/2023/12/20/university-of-michigan-wrote-sam-altman-venture-capital-firm-75-million-check/. 
  28. "YC Continuity". Y Combinator. October 15, 2015. http://blog.ycombinator.com/yc-continuity-fund। আহৰণ কৰা হৈছে: December 19, 2015. 
  29. "Y Combinator raises $700M to keep funding YC startups as they mature". October 15, 2015. https://venturebeat.com/2015/10/15/y-combinator-raises-700m-to-keep-funding-yc-startups-as-they-mature/। আহৰণ কৰা হৈছে: December 19, 2015. 
  30. "YC Research". Y Combinator. October 7, 2015. https://blog.ycombinator.com/yc-research. 
  31. Altman, Sam (September 13, 2016). "YC Changes". Y Combinator. https://blog.ycombinator.com/yc-changes। আহৰণ কৰা হৈছে: November 7, 2016. 
  32. Loizos, Connie (March 9, 2019). "Did Sam Altman make YC better or worse?" (en-US ভাষাত). TechCrunch. https://techcrunch.com/2019/03/09/did-sam-altman-make-yc-better-or-worse/। আহৰণ কৰা হৈছে: February 3, 2020. 
  33. "Updates from YC". https://blog.ycombinator.com/updates-from-yc/. 
  34. McGregor, Jena (February 21, 2020). "Y Combinator president Sam Altman steps down to focus on OpenAI". The Washington Post. https://www.washingtonpost.com/technology/2020/02/21/sam-altman-steps-down-y-combinator/. 
  35. Currie, Richard (2023-05-16). "Sam Altman rattles tin for Worldcoin crypto startup". The Register. https://www.theregister.com/2023/05/16/worldcoin_fundraising/। আহৰণ কৰা হৈছে: 2023-07-25. 
  36. Nieva, Richard; Sethi, Aman (2022-04-21). "Worldcoin Promised Free Crypto If They Scanned Their Eyeballs With "The Orb." Now They Feel Robbed." (en ভাষাত). BuzzFeed News. https://www.buzzfeednews.com/article/richardnieva/worldcoin-crypto-eyeball-scanning-orb-problems। আহৰণ কৰা হৈছে: November 25, 2023. 
  37. Guo, Eileen; Renaldi, Adi (2022-04-06). "Deception, exploited workers, and cash handouts: How Worldcoin recruited its first half a million test users" (en ভাষাত). MIT Technology Review. https://www.technologyreview.com/2022/04/06/1048981/worldcoin-cryptocurrency-biometrics-web3/। আহৰণ কৰা হৈছে: November 25, 2023. 
  38. "You Can Get This Free Crypto—If the 'Orb' Scans Your Eye". Wired. 2021-10-21. https://www.wired.com/story/get-free-crypto-orb-scans-eye/। আহৰণ কৰা হৈছে: November 25, 2023. 
  39. Hart, Robert (July 24, 2023). "What Is Worldcoin? Here's What To Know About The Eyeball-Scanning Crypto Project Launched By OpenAI's Sam Altman" (en ভাষাত). Forbes. https://www.forbes.com/sites/roberthart/2023/07/24/what-is-worldcoin-heres-what-to-know-about-the-eyeball-scanning-crypto-project-launched-by-openais-sam-altman/। আহৰণ কৰা হৈছে: November 25, 2023. 
  40. "How the Launch Works". Worldcoin. October 21, 2021. https://worldcoin.org/blog/worldcoin/how-the-launch-works। আহৰণ কৰা হৈছে: July 25, 2023. 
  41. "Opening the Orb: A look inside Worldcoin's biometric imaging device". Worldcoin. 2023-01-27. https://worldcoin.org/blog/engineering/opening-orb-look-inside-worldcoin-biometric-imaging-device। আহৰণ কৰা হৈছে: 2023-07-25. 
  42. Hammond, George; Chipolina, Scott (2023-07-24). "Ready for your eye scan? Worldcoin launches—but not quite worldwide". Ars Technica. https://arstechnica.com/tech-policy/2023/07/ready-for-your-eye-scan-worldcoin-launches-but-not-quite-worldwide/। আহৰণ কৰা হৈছে: 21 November 2023. 
  43. Njanja, Annie (2 August 2023). "Kenya suspends Worldcoin scans over security, privacy and financial concerns". TechCrunch. https://techcrunch.com/2023/08/02/kenya-suspends-worldcoin-scans-over-security-privacy-and-financial-concerns. 
  44. ; Sources for investigation
    Sources suspension
  45. Olanoff, Drew (December 11, 2015). "Artificial Intelligence Nonprofit OpenAI Launches With Backing From Elon Musk And Sam Altman" (en-US ভাষাত). TechCrunch. https://techcrunch.com/2015/12/11/non-profit-openai-launches-with-backing-from-elon-musk-and-sam-altman/। আহৰণ কৰা হৈছে: October 20, 2022. 
  46. De Vynck, Gerrit (April 9, 2023). "The man who unleashed AI on an unsuspecting Silicon Valley". The Washington Post. https://www.washingtonpost.com/technology/2023/04/09/sam-altman-openai-chatgpt/. 
  47. Cade, Metz (July 22, 2019). "With $1 Billion From Microsoft, an A.I. Lab Wants to Mimic the Brain". The New York Times. https://www.nytimes.com/2019/07/22/technology/open-ai-microsoft.html. 
  48. "WATCH: OpenAI CEO Sam Altman testifies before Senate Judiciary Committee" (en-us ভাষাত). PBS NewsHour. 15 May 2023. https://www.pbs.org/newshour/politics/watch-live-openai-ceo-sam-altman-testifies-before-senate-judiciary-committee. 
  49. 49.0 49.1 Difeliciantonio, Chase (2024-01-12). "Sam Altman pushed out from OpenAI for not being 'candid' with board". San Francisco Chronicle. https://www.sfchronicle.com/bayarea/article/sam-altman-fired-openai-candid-board-18499330.php. 
  50. "OpenAI announces leadership transition". openai.com. https://openai.com/blog/openai-announces-leadership-transition। আহৰণ কৰা হৈছে: November 17, 2023. 
  51. Peters, Jay (2023-11-17). "Sam Altman fired as CEO of OpenAI" (en ভাষাত). The Verge. https://www.theverge.com/2023/11/17/23965982/openai-ceo-sam-altman-fired। আহৰণ কৰা হৈছে: 2023-11-17. 
  52. Das, Shanti; Connett, David (2023-11-18). "Sam Altman 'was working on new venture' before sacking from OpenAI" (en-GB ভাষাত). The Observer. ISSN 0029-7712. https://www.theguardian.com/technology/2023/nov/18/earthquake-at-chatgpt-developer-as-senior-staff-quit-after-sacking-of-boss-sam-altman. 
  53. "Microsoft CEO says Sam Altman will be joining Microsoft". Reuters. 20 November 2023. https://www.reuters.com/technology/microsoft-ceo-says-sam-altman-will-be-joining-microsoft-2023-11-20/। আহৰণ কৰা হৈছে: 20 November 2023. 
  54. Warren, Tom (2023-11-20). "Hundreds of OpenAI employees threaten to resign and join Microsoft" (en ভাষাত). The Verge. https://www.theverge.com/2023/11/20/23968988/openai-employees-resignation-letter-microsoft-sam-altman। আহৰণ কৰা হৈছে: 2023-12-06. 
  55. 55.0 55.1 Heath, Alex (2023-11-22). "Sam Altman to return as CEO of OpenAI" (en ভাষাত). The Verge. https://www.theverge.com/2023/11/22/23967223/sam-altman-returns-ceo-open-ai। আহৰণ কৰা হৈছে: 2023-12-06. 
  56. Cade, Metz (Nov 22, 2023). "Sam Altman Is Reinstated as OpenAI's Chief Executive". The New York Times. https://www.nytimes.com/2023/11/22/technology/openai-sam-altman-returns.html. 
  57. "Review completed & Altman, Brockman to continue to lead OpenAI". OpenAI. 8 March 2024. https://openai.com/blog/review-completed-altman-brockman-to-continue-to-lead-openai। আহৰণ কৰা হৈছে: 9 March 2024. 
  58. Getahun, Hannah. "Sam Altman addresses 'potential equity cancellation' in OpenAI exit agreements after 2 high-profile departures" (en-US ভাষাত). Business Insider. https://www.businessinsider.com/sam-altman-openai-nda-clause-vested-equity-ilya-sutskever-2024-5। আহৰণ কৰা হৈছে: 2024-05-19. 
  59. Lawler, Richard (2024-05-29). "Former OpenAI board member explains why they fired Sam Altman" (en ভাষাত). The Verge. https://www.theverge.com/2024/5/28/24166713/openai-helen-toner-explains-why-sam-altman-was-fired। আহৰণ কৰা হৈছে: 2024-05-30. 
  60. Field, Hayden (2024-05-29). "Former OpenAI board member explains why CEO Sam Altman got fired before he was rehired" (en ভাষাত). CNBC. https://www.cnbc.com/2024/05/29/former-openai-board-member-explains-why-ceo-sam-altman-was-fired.html। আহৰণ কৰা হৈছে: 2024-05-30. 
  61. "University of Waterloo to honour Silicon Valley leader Sam Altman". CBC News. 2 June 2017. https://www.cbc.ca/news/canada/kitchener-waterloo/university-waterloo-honorary-doctorate-sam-altman-1.4143240। আহৰণ কৰা হৈছে: 22 March 2023. 
  62. "OpenAI CEO Receives Indonesia's First Golden Visa". Finews. 2023-09-06. https://www.finews.com/news/english-news/59151-sam-altman-openai-ceo-first-indonesia-golden-visa-asia। আহৰণ কৰা হৈছে: October 3, 2023. 
  63. Josephy, Matan H.; Ravi, Akshaya (May 1, 2024). "'That's the Miracle': OpenAI CEO Sam Altman Talks Undergrad Years, Future of AI at Harvard Event". The Harvard Crimson. https://www.thecrimson.com/article/2024/5/2/sam-altman-open-ai-harvard/. 
  64. "Time 100". Time. April 13, 2023. https://time.com/collection/100-most-influential-people-2023/. 
  65. 65.0 65.1 Bajekal, Naina; Perrido, Billy (December 6, 2023). "CEO of the Year 2023: Sam Altman". Time. https://time.com/6342827/ceo-of-the-year-2023-sam-altman/। আহৰণ কৰা হৈছে: December 6, 2023. 
  66. "TIME100 AI 2023: Sam Altman" (en ভাষাত). Time. 2023-09-07. https://time.com/collection/time100-ai/6309022/sam-altman-ai/। আহৰণ কৰা হৈছে: 2024-09-17. 
  67. Perrigo, Billy (2024-09-05). "TIME100 AI 2024: Sam Altman" (en ভাষাত). Time. https://time.com/7012759/sam-altman-2/। আহৰণ কৰা হৈছে: 2024-09-17. 
  68. "Tech's Best Young Entrepreneurs". Businessweek. April 18, 2008. Archived from the original on April 28, 2009. https://web.archive.org/web/20090428015115/http://images.businessweek.com/ss/07/03/0326_tech_entrepreneurs/source/9.htm. 
  69. "Forbes' 30 Under 30 2015: Venture Capital". Forbes. January 5, 2015. https://www.forbes.com/consent/?toURL=https://www.forbes.com/30-under-30/2022. 
  70. "The World's Most Powerful and Secret Group, Explained". Time. June 9, 2016. https://time.com/4362872/bilderberg-group-meetings-2016-conspiracy-theories/। আহৰণ কৰা হৈছে: May 26, 2023. 
  71. "Participants 2022". www.bilderbergmeetings.org. https://www.bilderbergmeetings.org/meetings/meeting-2022/participants-2022। আহৰণ কৰা হৈছে: May 25, 2023. 
  72. Gilchrist, Karen (May 18, 2023). "A secretive annual meeting attended by the world's elite has A.I. top of the agenda". CNBC. https://www.cnbc.com/2023/05/18/bilderberg-openai-microsoft-google-join-ai-talks-at-secretive-meeting.html। আহৰণ কৰা হৈছে: May 25, 2023. 
  73. Skelton, Charlie (May 20, 2023). "At Bilderberg's bigwig bash two things are guaranteed: Kissinger and secrecy". The Guardian. https://www.theguardian.com/world/2023/may/20/bilderberg-meeting-group-lisbon-kissinger. 
  74. Isaacson, Walter (13 Sep 2023). "Artificial Intelligence". Elon Musk. Simon and Schuster. পৃষ্ঠা. 240–243. ISBN 978-1-76142-262-1. https://books.google.com/books?id=6_mzEAAAQBAJ. 
  75. Vipers, Gareth (1 March 2024). "Elon Musk Sues OpenAI, Sam Altman, Saying They Abandoned Founding Mission". Wall Street Journal. https://www.wsj.com/tech/ai/elon-musk-sues-openai-sam-altman-for-breach-of-contract-0864979d। আহৰণ কৰা হৈছে: 6 March 2024. 
  76. "OpenAI and Elon Musk". Open AI. 5 March 2024. https://openai.com/blog/openai-elon-musk। আহৰণ কৰা হৈছে: 6 March 2024. 
  77. Singh, Manish (6 March 2024). "OpenAI says Musk only ever contributed $45 million, wanted to merge with Tesla or take control". TechCrunch. https://techcrunch.com/2024/03/05/openai-response-elon-musk-lawsuit। আহৰণ কৰা হৈছে: 6 March 2024. 
  78. "Fireside Chat with Sam Altman". Rescale. February 24, 2020. https://rescale.com/blog/fireside-chat-with-sam-altman/। আহৰণ কৰা হৈছে: August 3, 2022. 
  79. 79.0 79.1 79.2 Farah, Lynn (November 24, 2023). "Meet ChatGPT boss Sam Altman, who's back in the CEO chair: Microsoft briefly hired him before his OpenAI return, he came out as LGBT in high school, and he splurges his millions on Tesla and McLaren". South China Morning Post. https://www.scmp.com/magazines/style/entertainment/article/3242681/meet-chatgpt-boss-sam-altman-whos-back-ceo-chair-microsoft-briefly-hired-him-his-openai-return-he. 
  80. Russell, Melia; Kay, Grace. "OpenAI CEO Sam Altman just got married" (en-US ভাষাত). Business Insider. https://www.businessinsider.com/openai-ceo-sam-altman-married-oliver-mulherin-wedding-2024-1। আহৰণ কৰা হৈছে: 2024-01-11. 
  81. Le, Linh (13 Jan 2024). "OpenAI's Sam Altman ties knot with same-sex partner on $43M Hawaii estate". VN Express. https://e.vnexpress.net/news/trend/openais-sam-altman-ties-knot-with-same-sex-partner-on-43m-hawaii-estate-4700419.html. 
  82. Metz, Cade (March 31, 2023). "The ChatGPT King Isn't Worried, but He Knows You Might Be". The New York Times. https://www.nytimes.com/2023/03/31/technology/sam-altman-open-ai-chatgpt.html. 
  83. Valinsky, Jordan (May 28, 2024). "OpenAI's Sam Altman vows to give away most of his wealth through the Giving Pledge". CNN Business. https://www.cnn.com/2024/05/28/tech/sam-altman-giving-pledge/index.html. 
  84. Russell, Melia; Black, Julia. "Inside OpenAI CEO Sam Altman's fixation on death and the apocalypse". Business Insider. https://www.businessinsider.com/sam-altman-pandemic-apocalypse-immortality-life-extension-openai-2023-4। আহৰণ কৰা হৈছে: 23 May 2023. 
  85. Field, Hayden. "OpenAI CEO Sam Altman denies sexual abuse allegations made by his sister in lawsuit". CNBC. https://www.cnbc.com/2025/01/07/openais-sam-altman-denies-sexual-abuse-allegations-made-sister-ann.html। আহৰণ কৰা হৈছে: 7 January 2025. 
  86. Partridge, Joanna (2025-01-08). "OpenAI chief executive Sam Altman accused of sexual abuse by sister in lawsuit" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/technology/2025/jan/08/openai-chief-executive-sam-altman-accused-of-sexual-abuse-by-sister-in-lawsuit. 
  87. Altman, Sam [@sama]. "My sister has filed a lawsuit against me. Here is a statement from my mom, brothers, and me". https://twitter.com/sama/status/1876780763653263770। আহৰণ কৰা হৈছে: 2025-01-09.  Missing or empty |date= (help)
  88. Hoskins, Peter (January 8, 2025). "OpenAI boss Sam Altman denies sexual abuse allegations made by sister". www.bbc.com. https://www.bbc.com/news/articles/cz6lq6x2gd9o. 
  89. Altman, Sam [@sama] (February 22, 2025). "welcome to the world, little guy! he came early and is going to be in the nicu for awhile. he is doing well and it’s really nice to be in a little bubble taking care of him. i have never felt such love." (Tweet). Retrieved February 22, 2025 – via Twitter.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]