সমললৈ যাওক

ছেলে কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছেলে কাৰ
পৰিচালক চিত্ত বসু
চিত্ৰনাট্য জ্যোতিৰ্ময় ৰায়
কাহিনী জ্যোতিৰ্ময় ৰায়
সম্পাদনা কমল গাংগুলী
সংগীত পৰিচালক কালিপদ সেন
পৰিবেশক ছায়াবাণী লিমিটেড
মুক্তি
১৯৫৩ (1953)
দেশ ভাৰত
ভাষা বঙালী

ছেলে কাৰ ১৯৫৪ চনত মুক্তি পোৱা বঙালী ভাষাৰ এখন শিশুসকলৰ কমেডী ছবি। [1] ছবিখনৰ পৰিচালক চিত্ত বসু পৰিচালিত আৰু প্ৰযোজনা চৰণ চিত্ৰৰ। ছেলে কাৰ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। এইখন অশোক কুমাৰ আৰু মীনা কুমাৰীক নায়ক-নায়িকা হিচাপে লৈ হিন্দী ভাষাত বন্দীশ নামেৰে [2] আৰু তামিল ভাষাত পাইয়ান আৰু মালয়ালম ভাষাত ভাগ্যমুদ্ৰা নামেৰে পুনৰ নিৰ্মাণ কৰা হয়। [3]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

টমেটো এজন অনাথ শিশু। সি দত্তক লোৱা পিতৃৰ লগত থাকে। দত্তক লোৱা পিতৃ বৰ অসুস্থ, ঘাটক ৰোগত আক্ৰান্ত আৰু কম সময়ৰ ভিতৰতে মৃত্যুবৰণ কৰাৰ সম্ভাৱনা আছে। তেওঁ টমেটোক এজন ধনী ব্যক্তি কুনাল সেনৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ কয়। টমেটোৱে এখন পাৰ্কত কুনালৰ ওচৰলৈ গৈ তেওঁক পিতৃ বুলি উল্লেখ কৰে। স্তম্ভিত হৈ কুনালে অচিনাকি শিশু টমেটোৰ পৰা আঁতৰিবলৈ চেষ্টা কৰে, কিন্তু নোৱাৰে। বহু বাধা আৰু বিশৃংখলতাৰ পিছত কুনাল আৰু তেওঁৰ প্ৰেমিকা মিলিয়ে টমেটোক ভাল পাবলৈ আৰম্ভ কৰে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • বিকাশ ৰায় (কুনাল সেন)
  • ভানু বন্দোপধ্যায় (মণ্টি)
  • ছবি বিশ্বাস (কুনালৰ দেউতাক)
  • অৰুন্ধতী দেৱী (মিলি)
  • নৱদ্বীপ হালদাৰ (শিশুগৃহ ৰক্ষী)
  • জহৰ ৰায় (ৰবীন)
  • সুপ্ৰভা মুখাৰ্জী (কুনালৰ মাক)
  • জীৱেন বসু (কুনালৰ বন্ধু)
  • মাষ্টাৰ তিলক (টেমেটো)
  • আশা দেৱী (পিছিমা)
  • সাধনা ৰায় চৌধুৰী (শিশুগৃহৰ অধীক্ষক)

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Chheley Kaar (1954)". indiacine.ma. https://indiancine.ma/HCY/info আহৰণ কৰা হৈছে: 20 March 2019.
  2. Deepa Gahlot (October 2015). Take-2: 50 Films That Deserve a New Audience. ISBN 9789384544850. https://books.google.com/books?id=JEqwDAAAQBAJ&q=Chheley+Kaar&pg=PT98 আহৰণ কৰা হৈছে: 30 April 2018.
  3. Menon, Ajay (3 December 2010). "Old is Gold: Tamil Movies made in Malayalam". Old is Gold. http://oldmalayalam.blogspot.com/2010/12/original-tamil-malayalam-remake-nalla.html আহৰণ কৰা হৈছে: 24 March 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]