সমললৈ যাওক

ছোইলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছোয়েলা

কুকুৰা মাংসৰ ছোয়েলা; নেৱাৰী ৰান্ধনীশালৰ ব্যঞ্জন
প্ৰকাৰ মাংসৰ ব্যঞ্জন
উৎপত্তিৰ স্থান নেপাল
অঞ্চল নেপাল মণ্ডল
উদ্ভাৱক নেৱাৰ

ছোইলা নেপালী: छोइला , কেতিয়াবা ছাভেলা বা ছোয়লা বুলিও কোৱা হয়। এয়া হৈছে নেপালৰ নেৱাৰ সম্প্ৰদায়ৰ মচলাযুক্ত গ্ৰীল কৰা ম'হৰ মাংসৰে ৰন্ধা একপ্ৰকাৰ ব্যঞ্জন। যদিও পৰম্পৰাগতভাৱে ম'হৰ মাংসৰে তৈয়াৰ কৰা হয়,[1] সমসাময়িক সংস্কৰণত ছাগলীৰ মাংস, কুকুৰা, হাঁহ, আৰু কাঠফুলা আদিও ব্যৱহাৰ কৰা দেখা যায়॥ সাধাৰণতে চাউলৰ গুৰিৰ (চিউৰা)ৰ সৈতে খোৱা এই খাদ্য সাধাৰণতে অতি টেঙা হয়।

ইয়াক নেৱাৰ সম্প্ৰদায়ৰ উৎসৱমুখৰ খাদ্যৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰা হয়। চয়লা দীৰ্ঘদিন ধৰি নেৱাৰ লোকসকলৰ আনুষ্ঠানিক ভোজৰ মূল খাদ্য হৈ আহিছে, প্ৰায়ে পৰম্পৰাগত সময় বাজী চেটৰ অংশ। এইটো কেৱল খাদ্য নহয় বৰঞ্চ সাংস্কৃতিক অনুষ্ঠান, সাধাৰণতে ধৰ্মীয় উৎসৱ আৰু পৰিয়ালৰ সমাৱেশৰ সময়ত ভাগ কৰা হয়।

ঐতিহাসিকভাৱে ধৰ্মীয় আৰু সাংস্কৃতিক কাৰণত ম’হৰ মাংস ব্যৱহাৰ কৰা হৈছিল, বিশেষকৈ কাঠমাণ্ডু উপত্যকাত য’ত নেৱাৰ সম্প্ৰদায়ৰ লোকে বাস কৰে। স্থানীয়ভাৱে উপলব্ধ মছলা আৰু তেল ব্যৱহাৰ কৰি মাংস সংৰক্ষণ আৰু সোৱাদ দিয়াৰ উপায় হিচাপে এই খাদ্যৰ উৎপত্তি হোৱাৰ সম্ভাৱনা আছে।






তথ্যৰ উৎস

[সম্পাদনা কৰক]