ছোটী ছোটী বাতেঁ
| ছোটী ছোটী বাতেঁ | |
|---|---|
ছোটী ছোটী বাতেঁৰ এটা দৃশ্যত মোতাীলাল আৰি নাদিৰা | |
| পৰিচালক | মোতীলাল |
| ৰচনা | মোতীলাল |
| প্ৰযোজক | মোতীলাল |
| অভিনয়ত | মোতীলাল নাদিৰা মোতী সাগৰ |
| চিত্ৰগ্ৰহণকাৰী | কেকী মিস্ত্ৰী |
| সম্পাদনা | শিৱাজী অৱধূত |
| সংগীত পৰিচালক | অনিল বিশ্বাস শৈলেন্দ্ৰ (গীতিকাৰ) |
প্ৰযোজনা কোম্পানী |
ৰাজবংশী প্ৰডাকচনছ |
মুক্তি |
১৯৬৫ |
দৈৰ্ঘ্য |
১২০ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
ছোটী ছোটী বাতেঁ (ইংৰাজী: Chhoti chhoti baten )[1] অভিনেতা মোতীলালৰ পৰিচালনাত ১৯৬৫ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী পাৰিবাৰিক নাট্যধৰ্মী ছবি। তেওঁৰ ঘৰুৱা বেনাৰ ৰাজবংশী প্ৰডাকচনছৰ অধীনত পৰিচালক, লেখক আৰু প্ৰযোজক হিচাপে তেওঁৰ একমাত্ৰ ছবি আছিল। ইয়াত মোতীলাল, নাদিৰা আৰু মোতীসাগৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
ছবিখনৰ সংগীত ৰচনা কৰিছিল অনিল বিশ্বাসে। বলীউডৰ পৰা অৱসৰ গ্ৰহণ কৰি অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰাৰ পূৰ্বে এইখন তেওঁৰ অন্তিম ছবি আছিল। ছবিখন মুকেশে কণ্ঠদান কৰা "জিন্দগী খোৱাব হ্যায় ‘থা হামেঁ ভি পতা" আৰু লতা মংগেশকাৰ-মুকেশৰ দ্বৈতকণ্ঠৰ "জিন্দেগী কা আজব আফছানা হ্যায়" গীত দুটাৰ বাবে প্ৰখ্যাত। [2] নৃত্য ৰচনা কৰিছিল কথকৰ সংকেতক লাচু মহাৰাজে, যিয়ে মোগল-ই-আজম (১৯৬০) আৰু পাকীজাৰো নৃত্য ৰচনা কৰিছিল (১৯৭২)।
১৯৪০ দশকৰ পৰা ১৯৬০ দশকলৈ বিখ্যাত চৰিত্ৰ অভিনেতা মোতীলাল ৰাজবংশে এই ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। কিন্তু ছবিখন মুক্তি পোৱাৰ আগতেই তেওঁৰ মৃত্যু হয় আৰু সমালোচকৰ প্ৰশংসা পোৱাৰ পিছতো বক্স অফিচত এই অফবিট পাৰিবাৰিক ড্ৰামা ছবিখন ফ্লপ হয়।[2]
সংগীত পৰিচালক অনিল বিশ্বাসে কয় যে মোতীলাল চিকিৎসালয়ত পৰি থকাৰ বাবে তেওঁৰ দূৰ সম্পৰ্কীয় ভায়েক গায়ক মুকেশে ছবিখনৰ পোষ্ট প্ৰডাকচনৰ তদাৰক কৰিছিল।[3]
ত্ৰয়োদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছোটী ছোটী বাতেঁই তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে আৰু লগতে শ্ৰেষ্ঠ কাহিনীৰ বাবে মৰণোত্তৰভাৱে মোতীলালে চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[4][5]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]পত্নীৰ মৃত্যু আৰু অৱসৰ লোৱাৰ পিছত মোতীলালে উপলব্ধি কৰে যে তেওঁৰ সন্তানে আচলতে তেওঁক ওচৰত নিবিচাৰে। সিহঁত নিজৰ জীৱনক আৰু নিজৰ পৰিয়ালক লৈ ব্যস্ত। নিজে চলিবৰ বাবে প্ৰয়োজনীয়খিনি ৰাখি তেওঁ নিজৰ সম্পত্তি সন্তানক হস্তগত কৰে আৰু অকলে থাকিবলৈ গাঁও এখনলৈ গুচি যায়। গাঁওত তেওঁ নিজৰ সাঁচতীয়া ধনেৰে কিছুমান কল্যাণমূলক কামো কৰে। ইয়াতে তেওঁ উগ্ৰ চিন্তাধাৰাৰ শান্তা নামৰ ছোৱালী এজনী লগ পায়। তেওঁলোকৰ মাজত বন্ধুত্ব হয়; কিন্তু এজন স্বাৰ্থপৰ ব্যক্তিৰ প্ৰৰোচনাত গাঁৱৰ মানুহে তেওঁলোকৰ সম্পৰ্কক ভুল বুজে। অৱশেষত এই ভুল বুজাবুজিয়ে মোতীলালৰ মৃত্যু মাতি আনে।
অভিনয় শিল্পী
[সম্পাদনা কৰক]বঁটা
[সম্পাদনা কৰক]- ত্ৰয়োদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৫)
- তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)
- শ্ৰেষ্ঠ কাহিনী- মোতীলাল (মৰণোত্তৰ ভাবে)
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Often spelled as Chhoti Chhoti Baatein.
- ↑ Raheja & Kothari 1996, পৃষ্ঠা. 25.
- ↑ "Hindustan Times - In Love With Mukesh Voice". Hindustan Times Sunday magazinewww.singermukesh.com. 1985. Archived from the original on 2010-10-29. https://web.archive.org/web/20101029230832/http://www.singermukesh.com/articles_files/anilda.htm। আহৰণ কৰা হৈছে: 2016-10-16.
- ↑ "13th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm13thNFAAward.aspx। আহৰণ কৰা হৈছে: 15 September 2011.
- ↑ "13th National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/13th_NFA.pdf। আহৰণ কৰা হৈছে: 15 September 2011.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Raheja, Dinesh; Kothari, Jitendra (1996). The Hundred Luminaries of Hindi Cinema. India Book House Publishers. ISBN 978-81-7508-007-2. https://books.google.com/books?id=HixlAAAAMAAJ.
- Anantharaman, Ganesh (2008). Bollywood Melodies: A History of the Hindi Film Song. Penguin Books India. ISBN 978-0-14-306340-7. https://books.google.com/books?id=lmrSLuBwbKkC&pg=PA29.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Chhoti Chhoti Baten সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| |||||