সমললৈ যাওক

ছোনিয়া জব্বাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছোনিয়া জব্বাৰ

জব্বাৰ ২০১৭ চনত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় হাতী অনুকূল চাহ বাগিচাৰ মালিক
সন্তান এজন

ছোনিয়া জব্বাৰ ইংৰাজী: : Sonia Jabbar;এগৰাকী ভাৰতীয় বাগিচাৰ মালিক আৰু বন্যপ্ৰাণী সংৰক্ষণবিদ। ২০১২ চনৰ পৰা আৰম্ভ কৰি তেওঁ দাৰ্জিলিঙৰ নিজৰ চাহ বাগিচাখন নেপাল আৰু অসমৰ মাজত নিৰাপদ হাতীৰ প্ৰব্ৰজনৰ সুবিধা সুৰক্ষিত কৰিবৰ বাবে পৰিবৰ্তন কৰিবলৈ আৰম্ভ কৰিছিল। ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টে বাগিচাখনক উত্তৰ বংগৰ গ্ৰীণ কৰিডৰ চেম্পিয়ন হিচাপে স্বীকৃতি দিয়ে; আমেৰিকাৰ মন্টানা বিশ্ববিদ্যালয়ে ইয়াক হাতী বন্ধুত্বপূৰ্ণ (“Elephant Friendly”) বুলি প্ৰমাণিত কৰে। ইয়াৰ পিছত তেওঁ হাতী সংৰক্ষণৰ বাবে অতিৰিক্ত প্ৰকল্প আৰম্ভ কৰে, য’ত ১০০ একৰ বনাঞ্চল সৃষ্টিৰ বাবে পুনৰ বন্য প্ৰকল্প, আৰু ওচৰৰ পামৰ বাবে পাইলট শস্য বীমা প্ৰকল্প আদি আছিল। ২০১৯ চনত ভাৰতৰ মহিলাৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।

২০১১ চনত পৰিয়ালটোৰ বৃহৎ চাহ বাগিচাখন উত্তৰাধিকাৰী সূত্ৰে লাভ নকৰালৈকে জব্বৰ কলকাতাৰ সাংবাদিক আছিল।[1] পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ ১২০০ একৰ মাটিৰ বাগিচা।[2] ১৮৮৪ চনৰ পৰা তেওঁৰ পৰিয়ালৰ পঞ্চম প্ৰজন্মই এই বাগিচা খনৰ মাটিৰ মালিকত্ব হস্তান্তৰ হিচাপে চলাই আহিছে,[3] আৰু আচৰিত কথাটো হ'ল তেওঁ একেৰাহে তৃতীয়গৰাকী মহিলা। তেওঁৰ মাতৃ ডলীয়ে অৱসৰ ল’ব বিচৰাৰ সময়ত বাগিচা খন তেওঁলৈ হস্তান্তৰ কৰিছিল। ডলী জব্বাৰে ছোনিয়াৰ আইতাক ছায়েদা বদৰুনিছাৰ পৰা এই বাগিচা খন লাভ কৰিছিল।[4] চাহ উদ্যোগৰ কাম বেছিভাগেই মহিলাই কৰে যদিও মহিলা সকলৰ ক্ষমতা বুলিবলৈ নাই। মহিলা চাহ শ্ৰমিকসকলে গোটেই দিনটো পাত ছিঙি পোৱা তেওঁলোকৰ মজুৰি, স্বামীয়ে মদ্যপান বা ড্ৰাগছৰ বাবে খৰচ কৰি উৰুৱাই দিয়ে। লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো চাহ শ্ৰমিক সংঘই মহিলাৰ প্ৰয়োজনীয়তাক আওকাণ কৰে। জব্বৰে তেওঁৰ শ্ৰমিকসকলক এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ উৎসাহিত কৰি, এটা বেচৰকাৰী সংস্থাৰ সৈতে আলোচনা কৰি, সমস্য়া সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে।[1]

ভাৰতৰ হাতী অনুকূল চাহ বাগিচাত বনৰীয়া হাতীৰ জাক।

২০১২ চনত তেওঁৰ দৃষ্টিগোচৰ হোৱা অন্য এটা কথা আছিল, যেতিয়া শ্ৰমিকসকলে তেওঁক জনাইছিল যে তেওঁৰ চাহ বাগিচাৰ নতুনকৈ ৰোপণ কৰা অংশৰ ৩৫ একৰ মাটিত হাতীয়ে উপদ্ৰপ কৰিবলৈ ওলাইছে। শ্ৰমিকসকলে তেওঁক জ্বলি থকা টৰ্চ আৰু আতচবাজীৰে সিহঁতক ভয় খুৱাই খেদি পঠাবলৈ পৰামৰ্শ দিছিল, কিন্তু জব্বৰে একো নকৰাৰ সিদ্ধান্ত ল’লে। তেওঁ নিজৰ পৰিয়ালৰ বিনিয়োগ আৰু শ্রমিকসকলৰ পৰিশ্ৰম হাতীৰ উপদ্ৰৱত বলিদান দিয়াৰ বাবে চিন্তিত হৈ তেওঁ এটা টোপনি নোহোৱা ৰাতি কটালে। ৰাতিপুৱা তেওঁ আনন্দিত হৈছিল যে ক্ষতি নূন্যতম আৰু তাই উপলব্ধি কৰিছিল যে পৰিকল্পনা কৰিলে এই সকলোবোৰ সহ্য কৰিব পৰা যাব।[2]

সময়ত তাই নিজৰ বাগিচাৰ মাজেৰে ৪০০ মিটাৰ বহল পথ সৃষ্টি কৰিলে যাতে হাতীয়ে নিজৰ পৰম্পৰাগত প্ৰব্ৰজন সম্পূৰ্ণ কৰিব পাৰে। ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাতী বাটটো আবদ্ধ কৰি ৰখাৰ ফলত অসম আৰু মহানন্দ অৱবাহিকাৰ পৰা নেপাললৈ যোৱাৰ সাধাৰণ পথত বাধাৰ সৃষ্টি হৈছিল। তেওঁ বাগিচা খনত থকা এই বাধাবোৰ আতৰাবলৈ নিৰ্দেশ দিলে।[2] ইয়াৰ উপৰিও তেওঁৰ বাগিচাখনত চলি থকা অন্যান্য নিৰ্মাণ যি হাতী চলাচলত বাধা সৃষ্টি কৰিব পাৰে সেইবোৰ এৰাই চলিছে আৰু লগতে নিষ্কাশনৰ খাদবোৰে যাতে হাতী পোৱালিক আৱদ্ধ কৰি ৰাখিব নোৱাৰে তাকো নিশ্চিত কৰে। আনকি তেওঁ ৰাসায়নিক পদাৰ্থসমূহৰ প্ৰয়োগ পদ্ধতি নিৰাপদ হোৱাতো নিশ্চিত কৰে[3] আৰু বাগিচাৰ একক সংস্কৃতিৰ পৰিৱৰ্তন কৰি হাতীৰ প্ৰয়োজনীয় উদ্ভিদসমূহ ৰোপণ কাৰ্য্য অন্তৰ্ভুক্ত কৰালে।[5]

তেওঁ ২০১৯ চনত নাৰী শক্তি পুৰস্কাৰে সন্মানিত হৈছিল।[6] "২০১৮" বৰ্ষৰ এই পুৰস্কাৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্বাৰা ৰাষ্ট্ৰপতি ভবনত প্ৰদান কৰা হৈছিল, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত আছিল।[7]

তেওঁ স্থানীয় লোকসকলৰ বাবে এটি ক্লাব পৰিচালনা কৰিছিল, যি তেওঁলোকৰ কাম-কাজত আগ্ৰহী আছিল, আৰু হাতীসহ অন্যান্য বন্যপ্ৰাণীৰ বাবে ১০০ একৰ ভূমি সংৰক্ষণ কৰি এটি দেশীয় গছপুলিৰে পূৰ্ণ অৰণ্য গঠনৰ ব্যৱস্থা কৰিছিল।

২০১৮ চনত তেওঁৰ এই কামৰ ফলত নুক্সালবাৰীয়ে প্ৰথমখন বৃহৎ হাতী অনুকূল বাগিচা হিচাপে স্বীকৃতি লাভ কৰে।[8] বন্যপ্ৰাণী বন্ধুত্বপূৰ্ণ এণ্টাৰপ্ৰাইজ নেটৱৰ্ক আৰু মন্টানা বিশ্ববিদ্যালয়ে এই বঁটা প্ৰদান কৰে।[3] ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টে তেওঁৰ ভূমি উত্তৰ বংগৰ গ্ৰীণ কৰিডৰ চেম্পিয়ন হিচাপে লক্ষ্য কৰিছিল।[3][2]২০২০ চনত, ভ’গ ইণ্ডিয়াই তেওঁক তেৰোজন মহিলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছিল, যিসকলে জলবায়ু সঙ্কটৰ সময়ত সলনি অনাৰ বাবে ব্য়তিক্ৰমি কাম কৰি আছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "The need to bring both voices to the table" (en ভাষাত). Tea & Coffee Trade Journal. https://www.teaandcoffee.net/feature/22629/the-need-to-bring-both-voices-to-the-table/ আহৰণ কৰা হৈছে: 2020-05-26.
  2. 1 2 3 4 Datta, Romita (December 23, 2018). "Mammoth Project | The Social Warriors" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/the-big-story/story/20181231-mammoth-project-the-social-warriors-1415164-2018-12-23 আহৰণ কৰা হৈছে: 2020-04-26.
  3. 1 2 3 "Nuxulbari Tea Estate Becomes 2nd Globally to Earn Elephant Friendly™ Certification". PRLog. https://www.prlog.org/12723332-nuxulbari-tea-estate-becomes-2nd-globally-to-earn-elephant-friendly-certification.html আহৰণ কৰা হৈছে: 2020-04-26.
  4. Anantharaman, Aravinda (2020-03-07). "Women-led estates chart new terroir" (en ভাষাত). Livemint. https://www.livemint.com/mint-lounge/features/women-led-estates-chart-new-terroir-11583489119107.html আহৰণ কৰা হৈছে: 2020-05-26.
  5. 1 2 "These 12 women are crusaders of change in the midst of on-going climate crisis" (en-IN ভাষাত). Vogue India. 2020-01-16. https://www.vogue.in/magazine-story/women-crusaders-of-change-climate-crisis-dia-mirza-sunita-narain-krithi-karanth-environment-sustainability/ আহৰণ কৰা হৈছে: 2020-05-12.
  6. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery আহৰণ কৰা হৈছে: 2020-04-11.
  7. "Ministry of Women & Child Development, Government of India" (en ভাষাত). www.facebook.com. https://www.facebook.com/ministryWCD/posts/1561390447339158 আহৰণ কৰা হৈছে: 2020-04-26.
  8. Singh, Kriti (2018-09-18). "Indian tea estate gets world's first 'elephant-friendly' tag" (en-US ভাষাত). Asia Times. https://asiatimes.com/2018/09/indian-tea-estate-gets-worlds-first-elephant-friendly-tag/ আহৰণ কৰা হৈছে: 2020-05-17.