সমললৈ যাওক

ছোনিয়া দীপ্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছোনিয়া দীপ্তি

২০১৮ চনত দীপ্তি
জন্ম ২৯ জুলাই, ১৯৮৩ (৪২ বছৰ)
হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমান

ছোনিয়া দীপ্তি (ইংৰাজী: Sonia Deepti; জন্ম: ২৯ জুলাই ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু ছবিত অভিনয় কৰিছে। ২০০৭ চনৰ শেখৰ কাম্মুলাৰ ছবি হেপ্পী ডেইজত তেওঁৰ প্ৰথম অভিনয়ে তেওঁক তেলুগু চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

ছোনিয়া দীপ্তি তেলংগানাৰ হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।[1] কম্পিউটাৰ এপ্লিকেচনত ডিগ্ৰী লাভ কৰি পঢ়া-শুনা শেষ কৰাৰ পিছত তেওঁ অভিনয় জগতত ভৰি দিয়াৰ আগতে তিনি বছৰ ধৰি এখন আইটি কোম্পানীত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল।[1] এটা অনুষ্ঠানত তেওঁক শেখৰ কাম্মুলাই লক্ষ্য কৰিছিল আৰু এটা অডিচনত তেওঁৰ অভিনয় দেখি তেওঁক অভিনয়ৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱ গ্ৰহণ কৰি তেওঁ ২০০৭ চনৰ তেলুগু ছবি হেপ্পী ডেইজত শ্ৰাভছৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। ছবিখন মুক্তি পোৱাৰ লগে লগে ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয় আৰু ২০০৮ চনৰ দক্ষিণ ফিল্মফেয়াৰ বঁটাত ছয়টা বঁটা লাভ কৰে। ইয়াৰে এটা আছিল ছোনিয়াৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা যিয়ে তেওঁক সমালোচকৰ প্ৰশংসা বুটলিবলৈ সহায় কৰিছিল।[2]

২০০৮ চনৰ শেষৰ ফালে হেপ্পী ডেইজৰ এজন সহ-অভিনেতা কৃষ্ণুডুৰ বিপৰীতে তেওঁৰ দ্বিতীয়খন ছবি বিনায়কদু মুক্তি পায়, যিখনো এখন সফল ছবি হিচাপে পৰিগণিত হয়। অতি সোনকালে তেওঁ তামিল চলচ্চিত্ৰ জগতৰ পৰাও প্ৰস্তাৱ লাভ কৰে আৰু ২০১০ চনত এন লিংগুস্বামীৰ পৰিচালিত ৰোমান্টিক-অ্যাকচন ছবি পায়াৰ জৰিয়তে তামিলত আত্মপ্ৰকাশ কৰে। সেই বছৰতে তেওঁৰ আন এখন তামিল ছবি ইনিধু ইনিধু মুক্তি পায়, যিখন আছিল হেপ্পী ডেইজৰ ৰিমেক আৰু ইয়াত তেওঁ মূল ছবিখনৰ চৰিত্ৰটোকে পুনৰায় ৰূপায়ণ কৰিছিল।[3] ছোনিয়াই ২০১১ চনৰ তেলুগু ছবি ডুকুডুত সামান্থা ৰুথ প্ৰভুৰ চৰিত্ৰটোৰ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰিছিল।[4]

২০১৪ চনৰ জানুৱাৰী মাহত মুক্তি পোৱা পুনীত ৰাজকুমাৰ আৰু এৰিকা ফাৰ্নাাণ্ডেজ অভিনীত নিন্নিন্দলে ছবিৰ জৰিয়তে তেওঁ কন্নড় চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[5]

২০১৫ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত তেওঁ নিজৰ ইউটিউব চেনেলত এখন চুটি ছবি মুকলি কৰে। মেঘা ৱালিৰ চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনে মৰেল পুলিচিং বা নৈতিক পুলিচগিৰিৰ বৈধতা আৰু যুক্তিকৰতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ই ছচিয়েল মিডিয়াত যথেষ্ট সঁহাৰি লাভ কৰিছিল আৰু ৰাম গোপাল বাৰ্মা তথা অমিতাভ বচ্চনকে ধৰি বহু তাৰকাই ইয়াক প্ৰশংসা কৰিছিল। হায়দৰাবাদৰ কান্ট্ৰি ক্লাবত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Sonia interview - chitchat - Telugu film actress". Idlebrain.com. 4 January 2008. http://www.idlebrain.com আহৰণ কৰা হৈছে: 4 December 2016.
  2. "Filmfare Awards South - 2008 | Winners & Nominees" (en ভাষাত). awardsandwinners.com. http://awardsandwinners.com আহৰণ কৰা হৈছে: 14 September 2017.[সংযোগবিহীন উৎস]
  3. "Inidhu Inidhu - A saga so sweet". The Hindu. 28 August 2010. http://www.thehindu.com আহৰণ কৰা হৈছে: 4 December 2016.
  4. "Sonia got a chance to play in Dookudu - Malayalam Movie News". Indiaglitz.com. 18 October 2010. https://www.indiaglitz.com আহৰণ কৰা হৈছে: 4 December 2016.
  5. "Sonia going places - Times of India". The Times of India. 26 October 2014. http://timesofindia.indiatimes.com আহৰণ কৰা হৈছে: 4 December 2016.