ছোনী ৰাজদান
ছোনী ৰাজদান | |
---|---|
![]() ২০১৯ চনত ছোনী ৰাজদান | |
জন্ম | ২৫ অক্টোবৰ, ১৯৫৬ (৬৮ বছৰ) বাৰমিংহাম, ইংলেণ্ড |
সক্ৰিয় হৈ থকা সময় | ১৯৮১- বৰ্তমান |
দাম্পত্যসঙ্গী | মহেশ ভাট (বি. ১৯৮৬) |
সন্তান | ২ |
ছোনী মহেশ ভাট (জন্ম: ছোনী ৰাজদান; ইংৰাজী: Vidya Sinha ) এগৰাকী বৃটিছ অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ভাৰতীয় হিন্দী ভাষাৰ ছবিত কাম কৰে।[1] আশীৰ দশক আৰু নব্বৈৰ দশকৰ আৰম্ভণিৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ জন্ম আৰু পেছাগত নাম ছোনী ৰাজদান আৰু ভাৰতীয় চলচ্চিত্ৰৰ ভাট পৰিয়ালৰ অংশ। তেওঁ চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অভিনেত্ৰী আলিয়া ভাট তেওঁৰ জীয়ৰী।
৩৬ চৌৰংগী লেন (১৯৮১) ছবিখনত ৰোজমেৰীৰ চৰিত্ৰৰে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। নাট্যধৰ্মী ছবি সাৰংশৰ (১৯৮৪) জৰিয়তে তেওঁ সফলতা লাভ কৰে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বেংগল জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। ৰাজদানৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে- মাণ্ডী (১৯৮৩), ত্ৰিকাল (১৯৮৫), খামোছ (১৯৮৫), ছাচ এ লং জাৰ্নি (১৯৯৮), ৰাজী (২০১৮), আৰু ইউৰছ ট্ৰুলি (২০১৮)। ৰাজদানে বহুতো অ'টিটি ধাৰাবাহিকত অভিনয় কৰিছে, যাৰ ভিতৰত আছে- দ্য ভাৰ্ডিক্ট - ষ্টেট বনাম নানাৱতী, আউট অৱ লাভ, ডিছ ৱে আপ, আৰু কল মাই এজেণ্ট: বলীউড।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ছোনী [2]জন্ম ১৯৫৬ চনৰ ২৫ অক্টোবৰত[3][4] ইংলেণ্ডৰ বাৰ্মিংহামৰ স্মল হিথ অঞ্চলত হৈছিল। তেওঁৰ মাতৃ গেৰ্ট্ৰুড হোলজাৰ জাৰ্মান বংশৰ বৃটিছ আছিল আৰু পিতৃ আছিল ভাৰতীয় কাশ্মীৰী পণ্ডিত বংশৰ নৰেন্দ্ৰ নাথ ৰাজদান।
ছোনী ৰাজদান ভাৰতৰ বম্বেত ডাঙৰ-দীঘল হৈছিল।[5][6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Soni BHATT". gov.uk. https://find-and-update.company-information.service.gov.uk/officers/-tHxKSJTuhYjyDzxo37K2fdYaSU/appointments। আহৰণ কৰা হৈছে: 27 July 2023.
- ↑ "Soni Mahesh Bhatt". Ministry of Corporate Affairszaubacorp.com. https://www.zaubacorp.com/director/SONI-MAHESH-BHATT/03628969। আহৰণ কৰা হৈছে: 3 February 2024.
- ↑ "Soni Bhatt" (en ভাষাত). Companies House. https://find-and-update.company-information.service.gov.uk/officers/-tHxKSJTuhYjyDzxo37K2fdYaSU/appointments। আহৰণ কৰা হৈছে: 2024-02-03.
- ↑ On Soni Razdan's Birthday: Alia Bhatt Shares Pic From the Day She Sat on Her Lap. Hindustan Times. 25 October 2023.
- ↑ "Karl Hoelzer, Alia's great grandfather dared to take on the Nazi regime in his own small way and paid a very heavy price for it.". https://twitter.com/MaheshNBhatt/status/433454649211777024। আহৰণ কৰা হৈছে: 11 February 2014.[অ-প্ৰাথমিক উৎসৰ প্ৰয়োজন]
- ↑ "BUT LITTLE DID ALIA's GRANDMA GERTRUDE KNOW that her tragic story would have a happy ending.". https://twitter.com/MaheshNBhatt/status/433456898319196160। আহৰণ কৰা হৈছে: 11 February 2014.[অ-প্ৰাথমিক উৎসৰ প্ৰয়োজন]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ছোনী ৰাজদান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ছোনী ৰাজদান সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য