ছৌকৰ জানকী
ছৌকৰ জানকী | |
---|---|
![]() | |
জন্ম | টি জানকী ১২ ডিচেম্বৰ, ১৯৩১ (৯৩ বছৰ) ৰাজামুণ্ড্ৰী, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান অন্ধ্ৰপ্ৰদেশ, ভাৰত) |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৪৯-বৰ্তমান |
দাম্পত্যসঙ্গী | শংকৰমঞ্চী জানকী (বি. ১৯৪৭) |
শংকৰমঞ্চী জানকী (ইংৰাজী: Sankaramanchi Janaki; জন্ম: ১২ ডিচেম্বৰ ১৯৩১) তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক ব্যপকভাবে ছৌকৰ জানকী (Sowcar Janaki) বুলি জনা যায়। সাত দশকৰো অধিক সময়ৰ কৰ্মজীৱনত জানকীয়ে প্ৰায় ৩৯০খন ছবিত অভিনয় কৰিছে। তাৰোপৰি ৩০০ৰো অধিক মঞ্চ অনুষ্ঠান কৰিছে। প্ৰাৰম্ভিক বছৰবোৰত তেওঁ এগৰাকী ৰেডিঅ’ শিল্পী আছিল। তেওঁ দুটা নন্দী বঁটা, এটা কলাইমামণি আৰু ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰে।[1] তেওঁৰ সৰু ভনীয়েক কৃষ্ণ কুমাৰীও এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল।[2]
তেওঁক প্ৰথম কানাড়া পেন ইণ্ডিয়ান চলচ্চিত্ৰ মহিষাসুৰ মৰ্দিনীত ডা. ৰাজকুমাৰ সৈতে দেখা গৈছিল, যিখন ছবি ১৯৫৯ চনত মুক্তি পাইছিল আৰু ইয়াৰ ফলত তেওঁ আৰম্ভণি কালৰ অন্যতম বিশিষ্ট পেন ইণ্ডিয়ান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Gen Bipin Rawat, Sowcar Janaki, Sundar Pichai, Satya Nadella among Padma awardees: Full list" (en ভাষাত). The News Minute. 25 January 2022. https://www.thenewsminute.com/article/gen-bipin-rawat-sowcar-janaki-sundar-pichai-satya-nadella-among-padma-awardees-full-list। আহৰণ কৰা হৈছে: 25 January 2022.
- ↑ "Did you know? The very first pan-Indian Kannada film is this 1959 classic starring Dr. Rajkumar". The Times of India. 3 February 2021. https://timesofindia.indiatimes.com/entertainment/kannada/movies/did-you-know/did-you-know-the-very-first-pan-indian-kannada-film-is-this-1959-classic-starring-dr-rajkumar/articleshow/80664470.cms?from=mdr। আহৰণ কৰা হৈছে: 16 December 2021.
- ↑ Mary, S. B. Vijaya (9 December 2021). "Veteran actor Sowcar Janaki turns 90" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/sowcar-janaki-to-celebrate-90th-birthday-on-december-12/article37911984.ece.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Sowcar Janaki সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।