ছ’পিলে (বাদ্যযন্ত্ৰ)
| আন নাম | ছ’পিলে, ৰ’জেনিচ |
|---|---|
| শ্ৰেণী | ডাবল ৰিড |
| পৰিবেশনৰ সীমা | |
|
| |
| আনুষঙ্গিক বাদ্য | |
ছ'পিলে (ইংৰাজী: Sopile) বা ইষ্ট্ৰিয়াত যাক ৰ'জেনিচ বুলিকোৱা হয়; ক্ৰ'ৱেচিয়াৰ এটা প্ৰাচীন পৰম্পৰাগত কাঠৰ বায়ু প্ৰবাহৰ দ্বাৰা বজোৱা ওবো বা শ্বাউমৰ দৰেই বাদ্যযন্ত্ৰ।
ইয়াক কোৱাৰ্নাৰ, কাষ্টাভ, ভিনোডল, ক্ৰৱেচিয়াৰ আইলেণ্ড Krk আৰু ইষ্ট্ৰিয়া অঞ্চলত ব্যৱহাৰ কৰা হয়। ছ’পিলে সদায় যোৰকৈ বজোৱা হয়, গতিকে ডাঙৰ আৰু সৰু বা পাতল আৰু শকত ছ’পিলা থাকে। ছ’পিলে ইয়াৰ বিশেষভাৱে কৰা বিন্ধাৰে শব্দৰ সৈতে অতি আকৰ্ষণীয় সম্ভাৱনা প্ৰদান কৰা এক বাদ্যযন্ত্ৰ। এই পৰিৱৰ্তিত ডাবল ৰিড ক্লাৰিনেট বা চপ্ৰানো ডালঝেনিয়া(soprano Dulzaina) ব্যৱহাৰৰ মাধ্যমেৰে Kvarner সংগীত অধিক আধুনিক উদাহৰণৰ প্ৰতিলিপি কৰা হয়। ছ’পিলে হয়, মিহ্ (mih) আৰু চুৰ্লে(shurle)ৰ দ্বাৰা, আৰু আজিকালি ইস্ত্ৰিয়া, Kvarner আৰু দ্বীপ Krk লোক পৰম্পৰাত ই অতি জনপ্ৰিয়।
ৰ’জেনিচ প্ৰাচীন পৰম্পৰাগত বাদ্যযন্ত্ৰ যিবোৰ আজিও ইষ্ট্ৰিয়া অঞ্চলত ব্যৱহাৰ কৰা হয়। ৰ’জেনিচ দ্বীপ Krk ত পোৱা ছ’পিলেৰ সৈতে বহুত মিল আছে। ৰ’জেনিচ সদায় যোৰকৈ বজোৱা হয়; গতিকে ডাঙৰ আৰু সৰু বা পাতল আৰু শকত ৰ’জেনিচো আছে। ৰ’জেনিচৰ এটা অতি তীক্ষ্ণ বিশেষ শব্দ থাকে, আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ শব্দ উৎপন্ন কৰাৰ সম্ভাৱনা থাকে। “মিহ’’ আৰু “চুৰ্লে’’ৰ দ্বাৰা হোৱা ৰ’জেনিচ, বৰ্তমান ইষ্ট্ৰাৰ লোক পৰম্পৰাত অতি জনপ্ৰিয়।
ছ’পিলা ইষ্ট্ৰিয়া আৰু ক্ৰ’ৱেচিয়াৰ এড্ৰিয়াটিক উপকূলৰ কিছুমান উত্তৰ দ্বীপৰ পৰা উৎপত্তি হোৱা এটা কাঠৰ পেঁপা। ওবো নামৰ বাদ্যৰ দৰে ছ’পিলেতো দুটা নল থাকে, কিন্তু সদায় যোৰকৈ বজোৱা হয়; এটা আনটোতকৈ ডাঙৰ। দুয়োটাতে ছটা আঙুলিৰ বাবে ফুটা থাকে, সৰুটোতো সমানে দূৰত্বত ফুটা থাকে আৰু ডাঙৰটোত তিনিটাকৈ গোটত স্থাপন কৰা হয়। প্ৰায়ে নৃত্যৰ লগত ব্যৱহাৰ কৰা ছ’পিলাৰ কণ্ঠ ইষ্ট্ৰিয়ান স্কেলৰ।
উৎস
[সম্পাদনা কৰক]- Roženice (sopele, sopile, supiele, tororo)
- Sopile Archived 2017-09-15 at the Wayback Machine
- Sopile
