ছ’ফী টাৰ্ণাৰ
| ছ’ফী টাৰ্ণাৰ | |
|---|---|
২০১৯ চনত টাৰ্ণাৰ | |
| জন্ম | ছ’ফী বেলিন্দা টাৰ্ণাৰ[1] ২১ ফেব্ৰুৱাৰী, ১৯৯৬ (৩০ বছৰ) নৰ্থেম্পটন, যুক্তৰাজ্য |
| নাগৰিকত্ব | যুক্তৰাজ্য |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৯–বৰ্তমান |
| দাম্পত্যসঙ্গী | জো জোনাছ (বি. ২০১৯; বিবি. ২০২৪) |
| সন্তান | ২ |
ছ’ফী বেলিন্দা টাৰ্ণাৰ (ইংৰাজী: Sophie Belinda Turner; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১১–২০ ২০১৯)-ত চাঞ্চা ষ্টাৰ্ক হিচাপে অভিনয় জীৱনৰ পাতনি মেলে। এই চৰিত্ৰটোৰ বাবে তেওঁ ২০১৯ চনত ড্ৰামা ছিৰিজৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল।
টাৰ্ণাৰে ২০১৩ চনৰ ব্ৰিটিছ টেলিভিছন ছবি দ্য থাৰ্টিণ্থ টেলত অভিনয় কৰিছিল আৰু ২০১৩ চনত এনাদাৰ মি ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰি তেওঁ বেয়াৰলি লিথেল (২০১৫) ছবিত অভিনয় কৰিছিল আৰু এক্স-মেন চলচ্চিত্ৰ শৃংখলাত (২০১৬–২০১৯) এগৰাকী যুৱতী জিন গ্ৰে বা ফিনিক্সৰ চৰিত্ৰত অভিনয় কৰিছিল।
চফি টাৰ্ণাৰ (ইংৰাজী: Sophie Turner; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৯৬) — এগৰাকী ইংৰাজ অভিনেত্ৰী।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]টাৰ্ণাৰৰ জন্ম ইংলেণ্ডৰ নৰ্থাম্পটনত ২১ ফেব্ৰুৱাৰী ১৯৯৬ চনত হৈছিল।[2] তেওঁৰ মাতৃ শ্যেলী আছিল এজনী নাৰ্ছাৰী স্কুলৰ শিক্ষয়িত্ৰী আৰু পিতৃ এণ্ড্ৰিউ আছিল এটা আন্তঃৰাষ্ট্ৰীয় পেলেত বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক।[3][4] তেওঁৰ বয়স যেতিয়া দুবছৰ আছিল, তেতিয়া তেওঁলোক ৱাৰউইকশ্বায়াৰৰ চেষ্টাৰটনলৈ স্থানান্তৰিত হৈছিল। ১১ বছৰ বয়সলৈকে তেওঁ ৱাৰউইক প্ৰিপ স্কুলত অধ্যয়ন কৰিছিল আৰু পিছলৈ স্বতন্ত্ৰ দ্য কিংছ হাই স্কুল ফৰ গাৰ্লছত ভৰ্তি হৈছিল। টাৰ্ণাৰে তিনি বছৰ বয়সৰপৰাই অভিনয় কৰি আহিছে আৰু তেওঁ প্লেবক্স থিয়েটাৰ কোম্পানীৰ এগৰাকী সদস্য।[5][6] তেওঁৰ জেমছ (জন্ম ১৯৮৭) আৰু উইলিয়াম (জন্ম ১৯৮৯) নামৰ দুজন জ্যেষ্ঠ ভাতৃ আছে।[7] গৰ্ভস্থ অৱস্থাতে তেওঁৰ যমজ সন্তানটিৰ মৃত্যু হৈছিল।[8]
তেওঁ লিমিংটন স্পাৰ ওচৰৰ এখন ডাঙৰ এডৱাৰ্ডিয়ান ঘৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ কৈছিল, "মোৰ শৈশৱটো বহুত আমোদজনক আছিল। আমাৰ গাহৰিৰ গঁৰাল, ভঁৰাল ঘৰ আৰু এটা পথাৰ আছিল আৰু আমি বোকাৰ মাজত ধেমালি কৰিছিলোঁ।" ১৬ বছৰ বয়সলৈকে গেম অফ থ্ৰোনছৰ ছেটত টাৰ্ণাৰৰ এজন শিক্ষক আছিল। তেওঁ নাট্যকলাত বি গ্ৰেডসহ পাঁচটা জিচিএচই এ-গ্ৰেড আৰু চাৰিটা বি-গ্ৰেড লাভ কৰিছিল।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]টাৰ্ণাৰে ২০১৬ চনত আমেৰিকান গায়ক জো জোনাছৰ সৈতে ডেটিং আৰম্ভ কৰিছিল।[9] ২০১৭ চনৰ ১৫ অক্টোবৰত চফিৰ মাক-দেউতাকৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁলোকৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল,[10] আৰু ২০১৯ চনৰ ১ মে'ত নেভাদাৰ লাছ ভেগাছত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[11] বিবাহৰ পিছত টাৰ্ণাৰে জোনাছৰ উপাধি গ্ৰহণ কৰে।[12] এই দম্পতীয়ে কিছুকাল নিউয়ৰ্ক চহৰ আৰু মিয়ামি বিচত বাস কৰিছিল।[1][13] ২০১৯ চনৰ ২৯ জুনত পেৰিছত তেওঁলোকৰ দ্বিতীয়বাৰৰ বাবে বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।[14] দম্পতীহালৰ দুগৰাকী কন্যা সন্তান আছে, যিকেইগৰাকী ২০২০ চনৰ ২২ জুলাই আৰু ২০২২ চনৰ ৫ জুলাইত জন্মগ্ৰহণ কৰিছিল।[15] [16]
জোনাছ ব্ৰাদাৰ্ছৰ পুনৰ মিলনৰ এলবাম হ্যাপিনেছ বিগিনছৰ বাবে জোনাছে টাৰ্ণাৰলৈ প্ৰেম পত্ৰ হিচাপে লিখা "হেচিটেট" গীতটিৰ অনুপ্ৰেৰণা আছিল টাৰ্ণাৰ।[17]
২০২৩ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে জোনাছে ফ্লৰিডাৰ মিয়ামত টাৰ্ণাৰৰপৰা বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে।[18] পৰৱৰ্তী সময়ত টাৰ্ণাৰ আৰু জোনাছ দুয়োৱে ইনষ্টাগ্ৰামৰ জৰিয়তে এইটো এটা পাৰস্পৰিক সিদ্ধান্ত বুলি নিশ্চিত কৰে।[19][20] সেই মাহৰ শেষৰফালে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা তেওঁলোকৰ কন্যাক যুক্তৰাজ্যলৈ ঘূৰাই আনিবলৈ পৃথকে থকা স্বামীৰ বিৰুদ্ধে গোচৰ তৰে। কিছুসময়ৰ পাছতে গোচৰটো খাৰিজ কৰা হয়।[21] জোনাছ আৰু টাৰ্ণাৰে ২০২৩ চনৰ অক্টোবৰত এক অস্থায়ী জিম্মা চুক্তিত উপনীত হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Gonzales, Erica (2 May 2019). "Sophie Turner Has Officially Changed Her Last Name to Jonas After Her Surprise Wedding". Harper's Bazaar. https://www.harpersbazaar.com। আহৰণ কৰা হৈছে: 9 May 2021.
- ↑ "10 things you need to know about Sophie Turner". Vogue France. 1 June 2016. https://www.vogue.fr। আহৰণ কৰা হৈছে: 23 September 2023.
- ↑ Preston, Alex (25 April 2016). "The Beguiling Sophie Turner". Town & Country. http://www.townandcountrymag.co.uk। আহৰণ কৰা হৈছে: 19 December 2016.
- ↑ https://www.mhwmagazine.co.uk
- ↑ Vonledebur, Catherine (16 August 2013). "Leamington Game of Thrones actress Sophie Turner enjoying her rise to fame". প্ৰকাশক Coventry, UK: Coventry Telegraph. http://www.coventrytelegraph.net। আহৰণ কৰা হৈছে: 20 November 2013.
- ↑ "Playbox Theatre Alumni" (en-US ভাষাত). Playbox Theatre. https://www.playboxtheatre.com। আহৰণ কৰা হৈছে: 19 June 2023.
- ↑ 7.0 7.1 Salter, Jessica (13 April 2015). "Game of Thrones's Sophie Turner: 'I've grown up with Sansa Stark – I really feel what she feels'". The Daily Telegraph (UK). https://www.telegraph.co.uk.
- ↑ "The Thirteenth Tale: A haunting psychological mystery on BBC Two – Interview with Sophie Turner". BBC. https://www.bbc.co.uk.
- ↑ Hargrave, Hannah (7 November 2016). "Joe Jonas and Sophie Turner Cozy Up for PDA-Packed Date in the Netherlands" (en ভাষাত). Us Weekly. https://www.usmagazine.com.
- ↑ DeSantis, Rachel (15 October 2017). "Joe Jonas and Sophie Turner announce engagement on Instagram" (en ভাষাত). New York Daily News. http://www.nydailynews.com.
- ↑ Kile, Meredith (1 May 2019). "Joe Jonas and Sophie Turner Get Married in Surprise Vegas Ceremony" (en-US ভাষাত). Entertainment Tonight. https://www.etonline.com। আহৰণ কৰা হৈছে: 2 May 2019.
- ↑ Back, Grace (3 May 2019). "Sophie Turner Has Officially Taken Jonas As Her Last Name Following Surprise Wedding". Marie Claire. https://www.instylemag.com.au। আহৰণ কৰা হৈছে: 5 January 2026.
- ↑ "Game of Thrones star Sophie Turner on how therapy helped her survive teen fame". The Times. 18 May 2019. https://www.thetimes.com.
- ↑ Wood, Lucy (1 July 2019). "Everything We Know About Sophie Turner and Joe Jonas' Wedding Plans So Far" (en-US ভাষাত). Marie Claire. https://www.marieclaire.com.
- ↑ Serjeant, Jill (27 July 2020). "Joe Jonas and Sophie Turner welcome first child". Reuters. https://www.reuters.com.
- ↑ Hollander, Jenny (14 July 2022). "Sophie Turner and Joe Jonas Have Welcomed a Second Daughter" (en ভাষাত). Marie Claire. https://www.marieclaire.com। আহৰণ কৰা হৈছে: 31 August 2022.
- ↑ Garrison, Cianna (25 April 2020). "Joe Jonas Explained The Song Inspired By Marrying Sophie Turner" (en ভাষাত). Elite Daily. https://www.elitedaily.com। আহৰণ কৰা হৈছে: 29 July 2020.
- ↑ Dasrath, Diana; Madani, Doha (5 September 2023). "Joe Jonas files for divorce from Sophie Turner, says their marriage is 'irretrievably broken'". NBC News. https://www.nbcnews.com। আহৰণ কৰা হৈছে: 5 September 2023.
- ↑ "Sophie Turner and Joe Jonas say they have 'mutually' decided to end marriage" (en ভাষাত). Sky News. https://news.sky.com। আহৰণ কৰা হৈছে: 20 September 2023.
- ↑ "Sophie Turner sues Joe Jonas to return their 2 children to England, says he won't turn over kids' passports". NBC News. https://www.nbcnews.com। আহৰণ কৰা হৈছে: 22 September 2023.
- ↑ "Sophie Turner sues Joe Jonas for children's return to England". BBC News. 22 September 2023. https://www.bbc.com। আহৰণ কৰা হৈছে: 23 September 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Sophie Turner (actress) in 2019 সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sophie Turner সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।