জ'য়া আফ্ৰ'জ
| জ'য়া আফ্ৰ'জ | |
|---|---|
আফ্ৰজ এট দ্য ২০তম পৰ্দা বঁটা, ২০১৪ | |
| জন্ম | ১০ জানুৱাৰী, ১৯৯৪ (৩২ বছৰ) লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত। |
| শিক্ষানুষ্ঠান | মিথিবাই কলেজ, মুম্বাই |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৯৮ – বৰ্তমান |
| উচ্চতা | ১.৭০ মিটাৰ (U=ft}}) |
| পদবী | ফেমিনা মিছ ইণ্ডিয়া ২০১৩ (২য় ৰানাৰ্ছ আপ) মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০২১ (বিজয়ী) মিছ ইণ্টাৰনেশ্যনেল ২০২২ (অস্থান) |
জ'য়া আফ্ৰ'জ ( ইংৰাজী : Zoya Afroz ; জন্ম: ১০ জানুৱাৰী ১৯৯৪)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। গ্লামানন্দ ছুপাৰমডেল ইণ্ডিয়া ২০২১ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰাৰ লগতে জাপানত অনুষ্ঠিত হ’বলগীয়া মিছ ইণ্টাৰনেশ্যনেল ২০২২ সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পূৰ্বে তেওঁক ফেমিনা মিছ ইণ্ডিয়া ২০১৩ত দ্বিতীয় ৰানাৰ্ছ আপ আছিল।[2] ১৯৯৮ চনত টেলিভিছন ধাৰাবাহিক কোৰা কাগজত শিশু শিল্পী হিচাপে তেওঁৰ প্ৰথম অভিনয় আছিল আৰু লগতে তেওঁ হাম সাথ সাথ হে (১৯৯৯), মান (১৯৯৯), আৰু কুচ না কাহো (২০০৩) ছবিত অভিনয় কৰিছিল। ২০১৪ চনত আফ্ৰজে থ্ৰিলাৰ ছবি দ্য এক্সপ'জৰ দ্বাৰা বলীউডৰ পৰ্দাত আত্মপ্ৰকাশ কৰে আৰু যিখন ছবিয়ে ব্যৱসায়িক সফলতা হিচাপে আত্মপ্ৰকাশ কৰে।[3] আফ্ৰজে শৈশৱৰ পৰাই বিভিন্ন টেলিভিছন বিজ্ঞাপনতো অভিনয় কৰি আহিছে।[4]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মূলতঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা অহা জোয়া আফ্ৰজৰ জন্ম উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত হৈছিল।[5][6] তিনি বছৰ বয়সৰ পৰাই তেওঁ ভাৰতীয় চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক আৰু বিজ্ঞাপনত কাম কৰিবলৈ আৰম্ভ কৰিছিল।[7] তেওঁ মুম্বাইৰ আৰ এন শ্বাহ হাইস্কুলত অধ্যয়ন কৰিছিল।[8] ইয়াৰ পিছত তেওঁ মুম্বাইৰ ভিলে পাৰ্লেৰ মিথিবাই কলেজত অধ্যয়ন কৰে আৰু তাৰ পৰাই তেওঁ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[9][10]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৯৮–২০০৫: (আত্মপ্ৰকাশ)
[সম্পাদনা কৰক]আফ্ৰ’জে ৩ বছৰ বয়সৰ পৰাই কৰ্মজীৱন আৰম্ভ কৰিছিল। তিনি বছৰ বয়সতে ৰাসনাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা 'মহা-সন্ধান প্ৰতিযোগিতা'ৰ জৰিয়তে তেওঁ প্ৰথমটো ডাঙৰ সুযোগ লাভ কৰে, তাৰ পিছত তেওঁ একেটা কোম্পানীৰে এটা বিজ্ঞাপনত অভিনয় কৰে।[11] ১৯৯৮ চনত তেওঁ টেলিভিছন ধাৰাবাহিক কোৰা কাগজত অভিনয় কৰে।[12] ৰাজশ্ৰী প্ৰডাকচনে তেওঁক দেখি হাম সাথ সাথ হে (১৯৯৯) ছবিখনত অভিনয়ৰ প্ৰস্তাৱ দিছিল। ছবিখনত তেওঁ নীলম কোঠাৰীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ব্যৱসায়িক আৰু বক্স অফিচত সফলতা লাভ কৰিছিল।[13]
পিছলৈ তেওঁ মন (১৯৯৯) আৰু কুচ না কাহো (২০০৩) আদি ছবিত অভিনয় কৰিছিল।[14] তাৰ পিছত তেওঁ শিশুৰ ফেণ্টাচি দুঃসাহসিক টেলিভিছন ধাৰাবাহিক ছন পৰীত অভিনয় কৰিছিল।[15] ২০০০ চনত প্ৰচাৰিত ডি ডি নেচনেলৰ জয় মাতা কি ধাৰাবাহিকত তেওঁ দেৱী পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰিছিল।[16] শিশু অৱস্থাত তেওঁ ৱাৰ্লপুল, শ্বপাৰ্ছ ষ্টপ, জেট এয়াৰৱেজ, নিউয়ৰ্ক লাইফ ইনশ্বুৰেন্সৰ দৰে কেইবাটাও ব্ৰেণ্ডৰ টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।[17]
- ২০১২–বৰ্তমান
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Sen, Debarati (19 September 2017). "Zoya Afroz: I'm proud of the Miss India crown and my new house". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/zoya-afroz-im-proud-of-the-miss-india-crown-and-my-new-house/articleshow/60732948.cms.
- ↑ Mitra, Ipshita (31 March 2013). "The women who've inspired Miss India 2013". Archived from the original on 21 October 2019. https://web.archive.org/web/20191021174840/https://beautypageants.indiatimes.com/miss-india/archives/Women-whove-inspired-Miss-Indias/articleshow/19216084.cms। আহৰণ কৰা হৈছে: 12 March 2018.
- ↑ "'The Xpose': Is all about style, glamour and secrets". Deccan Chronicle. https://www.deccanchronicle.com/140515/entertainment-movie-review/article/movie-review-%E2%80%98xpose%E2%80%99-all-about-style-glamour-and-dirty.
- ↑ "Miss India International Zoya Afroz breaks 'pagent-before-film' formula". Indian Express. 25 March 2013. https://indianexpress.com/article/entertainment/entertainment-others/miss-india-international-zoya-afroz-breaks-pagentbeforefilm-formula/। আহৰণ কৰা হৈছে: 1 January 2024.
- ↑ "Bollywood Actress got Slammed as 'Anti-Muslim' for Posting Bikini Pics". East Coast Daily. 8 July 2018. Archived from the original on 8 February 2022. https://web.archive.org/web/20220208135847/https://www.eastcoastdaily.in/2018/07/08/bollywood-actress-got-slammed-as-anti-muslim-for-posting-bikini-pics.html। আহৰণ কৰা হৈছে: 20 February 2021.
- ↑ Goyal, Samarth (20 May 2016). "When actor Zoya wasn't allowed to kiss onscreen by her mother". Hindustan Times. https://www.hindustantimes.com/bollywood/when-actor-zoya-wasn-t-allowed-to-kiss-onscreen-by-her-mother/story-pMliUgFQJA8nloMInqnFhN_amp.html। আহৰণ কৰা হৈছে: 27 March 2021.
- ↑ "Biodata of Zoya Afroz, actor and Miss India". Archived from the original on 23 March 2020. https://web.archive.org/web/20200323124204/https://www.bollywikia.com/zoya-afroz/amp/। আহৰণ কৰা হৈছে: 28 March 2021.
- ↑ "Zoya Afroz - Femina Miss India Contestant Profile". Femina Miss India. https://m.beautypageants.in/miss-india/contestants/miss-india-2013/Zoya-Afroz/contestantprofile/47353994.cms। আহৰণ কৰা হৈছে: 17 February 2021.
- ↑ "Former Miss India & Bollywood Actress, Zoya Afroz Reveals The Mystery Behind Winning The Title At Just 18!". 25 June 2017. https://www.paisawapas.com/student-stories/tag/zoya-afroz-mithibai-college/। আহৰণ কৰা হৈছে: 20 February 2021.[সংযোগবিহীন উৎস]
- ↑ Daliya Ghose (25 March 2013). "Miss India International Zoya Afroz worked with Aishwarya Rai, Karisma Kapoor". Archived from the original on 28 October 2020. https://web.archive.org/web/20201028171310/https://www.bollywoodmantra.com/news/miss-india-international-zoya-afroz-worked-with-aishwarya-karisma/11213/। আহৰণ কৰা হৈছে: 20 February 2021.
- ↑ Mehak Anand (7 July 2018). "Bollywood Actress Zoya Afroz Got Slammed After Posting Bikini Picture, People Call Her 'Anti-Muslim'". https://topyaps.com/zoya-afroz-slammed/। আহৰণ কৰা হৈছে: 17 February 2021.[সংযোগবিহীন উৎস]
- ↑ "'हम साथ-साथ हैं' की यह बच्ची याद है? अब देखें कितनी ग्लैमरस दिखती हैं जोया अफरोज" (Hindi ভাষাত). Jansatta. 17 November 2017. https://www.jansatta.com/photos/entertainment-gallery/zoya-afroz-the-little-girl-of-film-hum-sath-sath-hain-is-transformed-into-a-gorgeous-woman/497927/lite/। আহৰণ কৰা হৈছে: 17 February 2021.
- ↑ "Then and now – Hum Saath-Saath Hain" (en ভাষাত). Filmfare. https://www.filmfare.com/features/then-and-now-hum-saathsaath-hain-8839.html। আহৰণ কৰা হৈছে: 12 June 2019.
- ↑ "Miss India 2013: Second runner up Zoya Afroz was a popular child artiste" (en ভাষাত). News18. 25 March 2013. https://www.filmfare.com/features/then-and-now-hum-saathsaath-hain-8839.html। আহৰণ কৰা হৈছে: 18 February 2021.
- ↑ "The stars of Son Pari: Where are they now?". Indian Express. https://indianexpress.com/article/entertainment/television/son-pari-cast-then-and-now-5762421/.
- ↑ "Hindi TV series Jai Mata Ki (2000)". https://nettv4u.com/about/hindi/tv-serials/jai-mata-ki। আহৰণ কৰা হৈছে: 18 February 2021.
- ↑ "Remember this little girl Radhika from 'Hum Saath Saath Hain', she is all grown up now". 14 August 2017. https://www.bollybytes.com/2017/07/remember-this-little-girl-radhika-from.html?m=1। আহৰণ কৰা হৈছে: 17 February 2021.