জঁটাসুৰ
জঁটাসুৰ (সংস্কৃত: जटासुर) হিন্দু মহাকাব্য মহাভাৰতৰ এক ৰাক্ষস। তেওঁ ব্ৰাহ্মণৰ বেশ ধৰি পাণ্ডৱ ভাতৃৰ তিনিজন যুধিষ্ঠিৰ, সহদেৱ আৰু নকুল আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক অপহৰণ কৰাৰ চেষ্টা কৰে। তেওঁক ভীমে বধ কৰে।[1]
কিম্বদন্তি
[সম্পাদনা কৰক]মহাভাৰতৰ মতে পাণ্ডৱৰ আগত জঁটাসুৰ ব্ৰাহ্মণৰ বেশত আবিৰ্ভাৱ হৈছিল। তেওঁৰ লক্ষ্য আছিল তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ তেওঁলোকৰ আত্মবিশ্বাস লাভ কৰা, আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক অপহৰণ কৰা। এদিন ভীম আঁতৰত থাকোঁতে জঁটাসুৰে দানৱীয় ৰূপ ধাৰণ কৰিলে। তেওঁ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ লগতে যুধিষ্ঠিৰ, সহদেৱ, নকুল, দ্ৰৌপদীকো অপহৰণ কৰে। সহদেৱে কোনোমতে তেওঁৰ হাতৰ পৰা পলায়ন কৰিলে, আৰু ভীমৰ সহায় বিচাৰি লৰালৰিকৈ গ’ল। যুধিষ্ঠিৰে জঁটাসুৰৰ বুদ্ধিমত্তাৰ অভাৱ লক্ষ্য কৰি নীতি-নৈতিকতাৰ বিভিন্ন কথাৰে বিভ্ৰান্ত কৰি ৰাখিছিল। ভীম ঘটনাস্থলীত উপস্থিত হৈ নকুল আৰু সহদেৱৰ সহায় নোলোৱাকৈ নিজাববীয়াকৈ ৰাক্ষসৰ সৈতে মল্লযুঁজ কৰিবলৈ সাজু হ’ল। পাণ্ডৱ আৰু ৰাক্ষসে বাহু যুদ্ধৰ লগতে বিশাল গছ, ডাঙৰ ডাঙৰ শিল লৈ যুদ্ধ কৰিছিল। শেষত ভীমে প্ৰতিপক্ষৰ ডিঙিত মৃত্যুসম আঘাত দিবলৈ সক্ষম হয়। যেতিয়া জঁটাসুৰ অজ্ঞান হৈ পৰিল, ভীমে তেওঁক ওপৰলৈ তুলি জোৰেৰে মাটিত ঠেকেচি দি অংগ-প্ৰত্যংগবোৰ ছিন্নভিন্ন কৰি পেলালে। গদাৰে আঘাত কৰি ভীমে ৰাক্ষসৰ মূৰ গুড়ি কৰি পেলালে। জটাসুৰক বধ কৰি ভীমে যুধিষ্ঠিৰৰ আগত উপস্থিত হৈ তেওঁৰ প্ৰশংসা লাভ কৰে।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Mani, Vettam (2015-01-01) (en ভাষাত). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃষ্ঠা. 351. ISBN 978-81-208-0597-2. https://books.google.com/books?id=mvXsDwAAQBAJ&dq=jatasura&pg=PA351.
- ↑ (en ভাষাত) The Mahabharata: Volume 3. Penguin Books India. July 2012. পৃষ্ঠা. 201–205. ISBN 978-0-14-310015-7. https://books.google.com/books?id=af1qFbouaVMC&dq=jatasura&pg=PA201.
- ↑ Valmiki; Vyasa (2018-05-19) (en ভাষাত). Delphi Collected Sanskrit Epics (Illustrated). Delphi Classics. পৃষ্ঠা. 3330. ISBN 978-1-78656-128-2. https://books.google.com/books?id=qj9bDwAAQBAJ&pg=PT3330.