জং জলপ্ৰপাত
জং জলপ্ৰপাত | |
---|---|
![]() ২০২২ চনৰ অক্টোবৰ মাহত দেখা জং জলপ্ৰপাত | |
অৱস্থান | টাৱাং জিলা, অৰুণাচল প্ৰদেশ, ভাৰত |
স্থানাংক | 27°35′22″N 91°59′03″E / 27.5895355°N 91.9840622°Eস্থানাংক: 27°35′22″N 91°59′03″E / 27.5895355°N 91.9840622°E |
Type | curtain |
Total height | ১০০ মিটাৰ |
Number of drops | ২ |
Watercourse | নুৰানাং চু |
জং জলপ্ৰপাত (ইংৰাজী: Jung falls (Nuranang falls)) হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত থকা নুৰানাং জলপ্ৰপাতৰ জনপ্ৰিয় নাম।[1] ইয়াক বং বং জলপ্ৰপাত বুলিও কোৱা হয়। ইয়াৰ উচ্চতা ১০০ মিটাৰ। ই দেশৰ এই অংশৰ আটাইতকৈ সৌন্দৰ্যশালী জলপ্ৰপাতবোৰৰ ভিতৰত এটা যদিও বহুতো ভ্ৰমণকাৰীৰে এই জলপ্ৰপাতটোৰ বিষয়ে নাজানে। ই জং চহৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত টাৱাং আৰু ব’মডিলা সংযোগী পথত অৱস্থিত। এই জলপ্ৰপাতৰ কাষতে জং জলবিদ্যুৎ প্ৰকল্প আছে, য’ত স্থানীয় ব্যৱহাৰৰ বাবে বিদ্যুৎ উৎপাদিত হয়।
জং অঞ্চলত অৱস্থিত বাবে ইয়াক জং জলপ্ৰপাত বুলি কোৱা হয়।[2]
নুৰানাং নদী ছেলা পাছৰ উত্তৰাঞ্চলৰ পৰা উৎপন্ন হৈ যি ঠাইত আহি টাৱাং নদীত জঁপিয়াই পৰিছে ঠিক তাতে এই ৰাজকীয় জলপ্ৰপাতটোৰ উৎপত্তি হৈছে[2]।
কয়লা চিনেমাখনৰ তনহাই তনহাই গীতটো বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতক লৈ চলচ্চিত্ৰায়ন কৰাৰ পাছতে এই জলপ্ৰপাতটো চৰ্চালৈ আহিছিল। ১৯৯৭ চনত এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ইয়াত সম্পন্ন হৈছিল। বলীউডৰ চলচ্চিত্ৰত দেখুওৱা অৰুণাচলৰ এইটো প্ৰথম দৃশ্যগ্ৰহণ আছিল আৰু দ্বিতীয়টো আছিল ২০২০ চনত হিয়া দিয়া নিয়াৰ "মিঠা মিঠা" নামৰ এটা গান।
লগতে চাওঁক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nuranang Waterfall Jang, Tawang". https://tawang.nic.in/. https://tawang.nic.in/tourist-place/nuranang-waterfall-jang-tawang/। আহৰণ কৰা হৈছে: 12 October 2022.
- ↑ 2.0 2.1 "Jung Waterfalls". https://www.gosahin.com/. https://www.gosahin.com/places-to-visit/jung-waterfalls/। আহৰণ কৰা হৈছে: 12 October 2022.