জগজিৎ কৌৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জগজিত কৌৰৰ পৰা পুনঃনিৰ্দেশিত)
জগজিৎ কৌৰ

২০১৬ চনত জগজিৎ কৌৰ
প্ৰাথমিক তথ্য
জন্ম ১৯৩০-৩১[1]
মূল পঞ্জাব, ভাৰত
সংগীতৰ প্ৰকাৰ লোক সংগীত, গজল, নেপথ্য সংগীত
পেচা গায়িকা
বাদ্যযন্ত্ৰ কণ্ঠ
কাৰ্যকাল ১৯৫০-১৯৯০

জগজিৎ কৌৰ (ইংৰাজী: Jagjit Kaur) হ'ল এগৰাকী হিন্দী আৰু উৰ্দু ভাষাৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালক মহম্মদ জহুৰ খয়ামৰ পত্নী।[2] চলচ্চিত্ৰৰ বাবে তেওঁ তেওঁৰ সমসাময়িক লতা মংগেশকাৰ আৰু আশা ভোঁচলেতকৈ কম গীত গাইছে, তথাপি তেওঁৰ প্ৰায় সকলো গীতকে মাষ্টাৰপিচ আখ্যা দিয়া হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

পঞ্জাবৰ এটি সংস্কৃতিবান পৰিয়ালত জগজিৎ কৌৰৰ জন্ম।[3] ১৯৫৪ চনত তেওঁ মহম্মদ জহুৰ খয়ামৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। এইখন আছিল ভাৰতীয় চিনেমা জগতৰ প্ৰথমখন অসবৰ্ণ বিবাহ।[3] প্ৰদীপ নামে তেওঁলোকৰ এজন ল'ৰা আছিল। হৃদ-ক্ৰিয়া বন্ধ হৈ ২০১২চনত প্ৰদীপৰ মৃত্যু ঘটে। প্ৰদীপে আনক সহায় কৰি ভাল পাইছিল। তেওঁৰ এই গুণৰ দ্বাৰা অনুপ্ৰাণিত হৈ মাক-দেউতাকে অভাৱগ্ৰস্ত শিল্পী আৰু কলাকুশলী সকলক সহায়ৰ বাবে খয়াম জগজিৎ কৌৰ কেপিজি চেৰিটেব'ল ট্ৰাষ্ট নামে এটা ট্ৰাষ্ট খোলে।[4] ২০১৯চনৰ ১৯ আগষ্ট তাৰিখে ৰাতি ৯ বাজি ৩০ মিনিটত হৃদযন্ত্ৰ বিকল হৈ খয়ামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।[5]

উল্লেখযোগ্য গীত[সম্পাদনা কৰক]

তেওঁৰ উল্লেখযোগ্য গীতসমূহৰ কিছু হ'ল-[6][7][8][9][10]

  • দেখ' দেখ' জী গৌৰী চচুৰাল চলি (চগুণ, ১৯৬৪) গীতৰ কথা- চাহিৰ লুধিয়ানভী, সংগীত- খয়াম
  • তুম অপনা ৰাজ-অ'- গম অপনি পৰেচানি মুঝে দে দৌ (চগুণ)
  • খামোচ জিন্দেগী কৌ অফচানা মিল গয়া (দিল-এ-নাদান, ১৯৫৩) গীতৰ কথা- চাকিল বাৰাওনি, সংগীত- গোলাম মহম্মদ
  • চলে আও চেইয়া ৰংগীলা ম্যে ভাৰী ৰে ( বাজাৰ, ১৯৮২) পামেলা চোপ্ৰাৰ সৈতে, গীতৰ কথা- জগজিৎ কৌৰ, সংগীত- খয়াম
  • দেখ লৌ আজ হমকৌ জী ভৰ কে (বাজাৰ)
  • কাহে কৌ ব্যাহি বাইদচ (উমৰাও জান, ১৯৮১) সংগীত- খয়াম
  • চাৰা চিড়িয়া দা চম্বা ৱে (কভী কভী, ১৯৭৬) পামেলা চোপ্ৰাৰ সৈতে, সংগীত- খয়াম
  • চন্দা গায়ে ৰাগিণী (দিল-এ-নাদান)
  • পেহলে তৌ আখ মিলানা (চৌলা অঔৰ শ্ববনম, ১৯৬১) ৰফীৰ সৈতে, গীতৰ কথা- কাইফী আজমী, সংগীত- খয়াম

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Legendary Music Composer Khayyam speaks about his illustrious career in last interview". 21 August 2019. https://www.youtube.com/watch?v=gecuBSJrDEY। আহৰণ কৰা হৈছে: 24 August 2019. 
  2. "Some timeless songs of Jagjit Kaur". songsofyore.com. http://www.songsofyore.com/some-timeless-songs-of-jagjit-kaur/। আহৰণ কৰা হৈছে: 28 October 2016. 
  3. 3.0 3.1 "1954: A love story, featuring Khayyam and Jagjit Kaur". Mumbai Mirror. 14 August 2019. https://mumbaimirror.indiatimes.com/entertainment/bollywood/1954-a-love-story-featuring-khayyam-and-jagjit-kaur/articleshow/70663867.cms। আহৰণ কৰা হৈছে: 20 August 2019. 
  4. "We were inspired by the divine to do what we did: Khayyam & Updates at Daily News & Analysis". DNA India. 22 May 2016. http://www.dnaindia.com/lifestyle/interview-we-were-inspired-by-the-divine-to-do-what-we-did-khayyam-2215087। আহৰণ কৰা হৈছে: 20 August 2019. 
  5. "Music composer Khayyam passes away". The Indian Express. 19 August 2019. https://indianexpress.com/article/entertainment/bollywood/khayyam-dead-5890887/। আহৰণ কৰা হৈছে: 20 August 2019. 
  6. "Singer : Jagjit Kaur : Lyrics and video of Hindi Film Songs – Page 1 of 2". hindigeetmala.net. http://www.hindigeetmala.net/singer/jagjit_kaur.php। আহৰণ কৰা হৈছে: 28 October 2016. 
  7. "Jagjit Kaur albums". raag.fm. http://music.raag.fm/singer/jagjit-kaur। আহৰণ কৰা হৈছে: 28 October 2016. 
  8. "Amazon.in: Jagjit Kaur: Music". Amazon.com. https://www.amazon.in/Music-Jagjit-Kaur/s?ie=UTF8&page=1&rh=n:976445031,p_32:Jagjit%20Kaur। আহৰণ কৰা হৈছে: 28 October 2016. 
  9. "Shagoon – Suman Kalyanpur,Jagjit Kaur – Songs, Reviews, Credits". AllMusic. http://www.allmusic.com/album/shagoon-mw0001571997। আহৰণ কৰা হৈছে: 28 October 2016. 
  10. "Listen to Jagjit Kaur songs online, Jagjit Kaur songs MP3 download". saregama.com. http://www.saregama.com/artist/jagjit-kaur_2902/songs। আহৰণ কৰা হৈছে: 28 October 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]