সমললৈ যাওক

জগত্তাৰিণী পদক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জগত্তাৰিণী পদক (ইংৰাজী: Jagattarini Medal) বাংলা ভাষা আৰু সাহিত্যলৈ আগ বঢে়াৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে কলিকতা বিশ্ববিদ্যালয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে এই পদক প্ৰদান কৰে। ইয়াক ‘স্পেচিয়েল এনডাউমেণ্ট মেডেল’ তথা বিশেষ মৰ্যাদা সম্পন্ন পুৰস্কাৰ হিচাপে নিৰ্ধাৰণ কৰা হয়।[1][2]

বাঙালী শিক্ষাবিদ, গণিতজ্ঞ, আৰু আইনবিদ বেৰিষ্টাৰ ছাৰ আশুতোষ মুখোপাধ্যায় আছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় আৰু কিংবদন্তি উপাচাৰ্য। বিশ্ববিদ্যালয়ত শৈক্ষিক পৰম্পৰা বজাই ৰাখি তেওঁ জাতীয়তাবাদী কাৰ্যকলাপত সংস্কাৰ বিচাৰিছিল। ১৯২১ চনৰ ১৯ এপ্ৰিলত দ্বিতীয়বাৰৰ বাবে উপাচাৰ্যৰ পদ গ্ৰহণ কৰাৰ সময়ত তেওঁ ৩,০০০ টকাৰ চৰকাৰী বণ্ড কলিকতা বিশ্ববিদ্যালয়ক দান দি মাতৃ ‘জগত্তাৰিণী দেৱী’ৰ নামত এক বঁটা প্ৰতিষ্ঠা কৰে। কলকাতা বিশ্ববিদ্যালয়েৰ ছিণ্ডিকেটৰ সিদ্ধান্ত অনুসৰি আশুতোষ মুখোপাধ্যায়, চুণীলাল বসু, অমূল্যচৰণ বিদ্যাভূষণ, দীনেশচন্দ্ৰ সেন আৰু বি সি মজুমদাৰক লৈ পাঁচজনীয়া সদস্যৰ এখন সমিতি‍ গঠন কৰা হয়। সমিতি‍ৰ সিদ্ধান্ত অনুসাৰে সেই বছৰেই কলকাতা বিশ্ববিদ্যালয় প্ৰথম 'জগত্তাৰিণী পদক' সাহিত্যত ন'বেলজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰক প্ৰদান কৰা হয়। সেই অৰ্থত বাংলা সাহিত্যত 'জগত্তাৰিণী পদক' লাভ কৰাটো পৰৱৰ্তী প্ৰাপকসকলৰ বাবে এক বৃহৎ সন্মান। বিগত বছৰবোৰত শৰৎচন্দ্ৰ চট্টোপাধ্যায়, প্ৰমথ চৌধুৰী, কাজী নজৰুল ইসলাম,তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়, মানকুমাৰী বসু,কুমুদৰঞ্জন মল্লিক,সন্দীপন চট্টোপাধ্যায় আনিসুজ্জামান সহ বাংলা সাহিত্যৰ বিভিন্ন প্ৰথিতযশা লেখকে এই পদক লাভ কৰিছে।[3]

পদক প্ৰাপক সাহিত্যিকসকল

[সম্পাদনা কৰক]
সাল প্ৰাপকেৰ নাম
১৯২১ ৰবীন্দ্ৰনাথ ঠাকুৰ
১৯২৩ শৰৎচন্দ্ৰ চট্টোপাধ্যায়
১৯২৫ অমৃতলাল বসু
১৯২৭ স্বৰ্ণকুমাৰী দেবী
১৯২৯ কামিনী ৰায়
১৯৩১ দীনেশচন্দ্ৰ সেন
১৯৩৫ অনুৰূপা দেবী
১৯৩৯ ৰাজশেখৰ বসু
১৯৪০ হীৰেন্দ্ৰনাথ দত্ত
১৯৪১ প্ৰমথ চৌধুৰী
১৯৪১ মানকুমাৰী বসু
১৯৪৩ নিৰুপমা দেবী
১৯৪৫ কাজী নজৰুল ইসলাম
১৯৫১ কৰুণানিধান বন্দ্যোপাধ্যায়
১৯৫৩ কালিদাস ৰায়
১৯৫৫ উপেন্দ্ৰনাথ গঙ্গোপাধ্যায়
১৯৫৭ যোগেশচন্দ্ৰ ৰায় বিদ্যানিধি
১৯৫৯ তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়
১৯৬৭ বলাইচাঁদ মুখোপাধ্যায়
- কুমুদৰঞ্জন মল্লিক
- সুবোধ ঘোষ
১৯৭৫ অচিন্ত্যকুমাৰ সেনগুপ্ত
১৯৭৯ অন্নদাশঙ্কৰ ৰায়
১৯৮৩ প্ৰমথনাথ বিশী
১৯৮৭ ৰমাপদ চৌধুৰী
১৯৯৩ নেপাল মজুমদাৰ
১৯৯৩ আশাপূৰ্ণা দেবী
১৯৯৯ অম্লান দত্ত
২০১২ অমলেন্দু বন্দ্যোপাধ্যায়
২০১৮ আনিসুজ্জামান

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Special Endowment Medals". ২০২০-১২-৩১. https://www.caluniv.ac.in/about/Endowment.html. 
  2. (bn ভাষাত) ৰবি স্মৰণে. ঋতুযান পাবলিকেশন. https://books.google.co.uk/books?id=QPH1DwAAQBAJ&pg=PT30&lpg=PT30&dq=%E0%A6%9C%E0%A6%97%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B0%E0%A6%BF%E0%A6%A3%E0%A7%80+%E0%A6%AA%E0%A6%A6%E0%A6%95&source=bl&ots=EKMBI6ajDC&sig=ACfU3U0uIw6iBPqweKzWjpqlAYPLWJj70Q&hl=bn&sa=X&ved=2ahUKEwjZ267spN3sAhVVuXEKHRG1DA4Q6AEwJHoECGQQAg#v=onepage&q=%E0%A6%9C%E0%A6%97%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B0%E0%A6%BF%E0%A6%A3%E0%A7%80%20%E0%A6%AA%E0%A6%A6%E0%A6%95&f=false. 
  3. "জগত্তাৰিণী পদক পেলেন অধ্যাপক আনিসুজ্জামান url=https://bangla.bdnews24.com/bangladesh/article1446333.bdnews". ১২ জানুয়াৰি ২০১৮.