সমললৈ যাওক

জগত সিংহ দ্বিতীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগত সিংহ দ্বিতীয়
মেৱাৰৰ মহাৰাণা

জগত সিংহ দ্বিতীয়ৰ ডেকাকালৰ ছিত্ৰ
মেৱাৰৰ মহাৰাণা
ৰাজত্ব ১১ জানুৱাৰী ১৭৩৪- ৫ জুন ১৭৫১
পূৰ্বসূৰী সংগ্ৰাম সিংহ দ্বিতীয়
উত্তৰাধিকাৰী প্ৰতাপ সিংহ দ্বিতীয়

মহাৰাণা জগত সিংহ দ্বিতীয়[1] (১৭ ছেপ্টেম্বৰ ১৭০৯ – ৫ জুন ১৭৫১), মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (ৰাজত্ব: ১৭৩৪ – ১৭৫১)। ভাতৃসকলৰ ভিতৰত তেওঁ জ্যেষ্ঠ হোৱাৰ বাবে মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়।[2]

তেওঁ নিজৰ ৰাজ্যত সৌভাগ্যৰে অতিবাহিত কৰিছিল। কিন্তু ভাগিন প্ৰথম কুঁৱৰ মাধো সিংহক জয়পুৰৰ সিংহাসনত বহুৱাবলৈ চেষ্টা কৰি থাকোঁতে, ৰাজমহলৰ যুদ্ধত মাধো সিংহৰ জ্যেষ্ঠ সতীয়া ভায়েক ছাৱাই ঈশ্বৰ সিংহৰ হাতত পৰাস্ত হয় আৰু জয়পুৰৰ কাচৱাহা ঘৰ অৰ্পণ কৰিবলৈ বাধ্য হয়। তেওঁ বেতনভোগী সৈন্যকো দৰমহা দিব নোৱাৰা হৈছিল, যিয়ে তেওঁৰ দেশখনক বিধ্বস্ত কৰি পেলাইছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "UDAIPUR". http://members.iinet.net.au/~royalty/ips/u/udaipur_r.html। আহৰণ কৰা হৈছে: 16 July 2013. 
  2. "Rulers of Mewar". Archived from the original on 2025-04-30. https://web.archive.org/web/20250430230300/http://www.eternalmewarblog.com/rulers-of-mewar/Maharana-Jagat-Singh-II/। আহৰণ কৰা হৈছে: 2026-01-27.