সমললৈ যাওক

জগত সিংহ প্ৰথম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগত সিংহ প্ৰথম
১৮ শতিকাত অঁকা জগত সিংহ প্ৰথমৰ ছবি
মেৱাৰৰ ৰাণা
ৰাজত্ব মাৰ্চ ১৬২৮-১০ এপ্ৰিল ১৬৫২
পূৰ্বসূৰী কৰণ সিংহ দ্বিতীয়
উত্তৰাধিকাৰী ৰাজ সিংহ প্ৰথম

মহাৰাণা জগত সিংহ প্ৰথম[1] (১৬০৭ – ১০ এপ্ৰিল ১৬৫২), ছিছোদিয়া বংশৰ অন্তৰ্গত মেৱাৰ ৰাজ্যৰ ৰাণা (শাসক) আছিল। ১৬২৮ চনৰ পৰা ১৬৫২ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল।[2]

ৰাজকাৰ্যত যোগদান

[সম্পাদনা কৰক]

পিতৃ দ্বিতীয় কৰণ সিংহৰ পিছত জগত সিংহই মেৱাৰৰ শাসক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ সিংহাসনত বহাৰ সময়লৈকে ৰাষ্ট্ৰখনে পূৰ্বৰ সংঘাতৰ পৰা যথেষ্ট সুস্থ হৈ উঠিছিল যে তেওঁ চুবুৰীয়া ভূখণ্ডত মেৱাৰৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল। দশক দশক ধৰি চলি থকা যুদ্ধৰ সময়ত মেৱাৰে উল্লেখযোগ্য অঞ্চল হেৰুৱাইছিল আৰু মণ্ডলগড়, বেনেৰা, শ্বাহপুৰা, ডুংগৰপুৰ, আৰু বনশ্বৰা আদি অঞ্চল ফলপ্ৰসূভাৱে স্বায়ত্তশাসিত হৈ পৰিছিল, স্থানীয় মুখীয়ালসকলে এই ভূমিসমূহ মোগল সম্ৰাটৰ পৰা জাগীৰ হিচাপে লৈছিল।[3]

সামৰিক অভিযান

[সম্পাদনা কৰক]

হেৰুৱা ভূখণ্ড পুনৰ উদ্ধাৰৰ প্ৰয়াসত জগত সিংহই প্ৰতাপগড়-দেওলীয়া, ডুংগৰপুৰ, ছিৰোহী, বনশ্বৰাকে ধৰি চুবুৰীয়া ৰাজ্যৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে। এই সংঘাতৰ সময়ত দেওলীয়াৰ শাসক যশৱন্ত সিঙক হত্যা কৰা হয়, যাৰ ফলত তেওঁৰ উত্তৰাধিকাৰী হৰিসিংহই মেৱাৰৰ বিৰুদ্ধে মোগলৰ হস্তক্ষেপ বিচাৰি আবেদন জনায়। এই ব্যৱস্থাত জগত সিংহ অসন্তুষ্ট হৈ ১৬২৮ চনত দেওলীয়া (প্ৰতাপগড়) নগৰ লুণ্ঠন কৰিবলৈ ৰাম সিংহৰ নেতৃত্বত সেনাবাহিনী পঠিয়াইছিল। তাৰ পাছত ৰাণাই তেওঁৰ সেনাপতি আখাই ৰাজক ডুংগৰপুৰ আৰু ছিৰোহী চহৰ আক্ৰমণ কৰিবলৈ পঠিয়াই দিলে। ফলত ছিৰোহি চহৰখন নিঃশেষ কৰি ইয়াৰ কাষৰীয়া অঞ্চলসমূহ মেৱাৰ ৰাজ্যৰ লগত সংযুক্ত কৰা হয়। ইয়াৰ পিছত বনস্বৰাৰ প্ৰধান সমৰ সিঙে মহাৰাণৰ ওচৰত ক্ষমা বিচাৰিলে আৰু তেওঁৰ আধিপত্য স্বীকাৰ কৰিলে।[4]

যদিও মোগল সম্ৰাট শ্বাহজাহানে পৰিয়ালটোৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ বাবেই প্ৰথম অৱস্থাত পৰিস্থিতিবোৰ উপেক্ষা কৰিছিল— ৰাজকুমাৰ খুৰ্ৰাম হিচাপে শ্বাহজাহানৰ যৌৱনৰ পৰাই, অৱশেষত ১৬৪৩ চনত আজমেৰত উপস্থিত থকাৰ সময়ত তেওঁ ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আলোচনাৰ জৰিয়তে জগত সিঙৰ পুত্ৰ প্ৰথম ৰাজ সিংহই তাত সম্ৰাটৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয়।[4][5]

সাংস্কৃতিক পৃষ্ঠপোষকতা

[সম্পাদনা কৰক]

শিক্ষণ, কলা আৰু সংস্কৃতিৰ পৃষ্ঠপোষকতাৰ বাবেও জগত সিংহক স্মৰণ কৰা হয়। তেওঁ উদয়পুৰৰ বিখ্যাত জগদীশ মন্দিৰ নিৰ্মাণ কৰাৰ লগতে জগমন্দিৰ ৰাজপ্ৰসাদ নিৰ্মাণৰ কামো সম্পূৰ্ণ কৰে। লক্ষ্মীনাথে ৰচনা কৰা আৰু উদয়পুৰ মন্দিৰত প্ৰদৰ্শিত ১৬৫২ চনৰ এটা গুৰুত্বপূৰ্ণ শিলালিপিৰ পৰা সেই সময়ৰ সমসাময়িক ৰীতি-নীতি আৰু উল্লেখযোগ্য ঘটনাৰ অন্তৰ্দৃষ্টি পোৱা যায়। তেওঁৰ ৰাজত্বকালৰ পিছৰ বছৰবোৰত অৰ্থনৈতিক সমৃদ্ধিৰ সৃষ্টি হৈছিল, যাৰ প্ৰমাণ নিয়মীয়া ‘তুলা-দান’ অনুষ্ঠানত তেওঁ নিজকে ৰূপ আৰু পিছলৈ সোণেৰে ওজন কৰা হৈছিল আৰু সেই সংশ্লিষ্ট ওজনৰ সম্পদ ব্ৰাহ্মণ আৰু আৰ্তজনক দান-বৰঙণি হিচাপে দিয়া হৈছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "UDAIPUR". http://members.iinet.net.au/~royalty/ips/u/udaipur_r.html। আহৰণ কৰা হৈছে: 16 July 2013. 
  2. Costumes of the Rulers of Mewar: With Patterns and Construction Techniques. Abhinav Publications. 1994. ISBN 9788170172932. https://books.google.com/books?id=HnZKSg4crdcC&dq=%22Jagat+Singh+I%22+-wikipedia&pg=PA23. 
  3. Hooja, Rima (2006). History of Rajasthan (First সম্পাদনা). প্ৰকাশক New Delhi: Rupa & Co.. 
  4. 4.0 4.1 Sharma, G.n. (1954) (English ভাষাত). Mewar and the Mughal Emperors. Shiva Lal Agarwala and Co Ltd, Agra. পৃষ্ঠা. 148-150. https://archive.org/details/dli.ernet.247251. 
  5. Hooja, Rima (2006). History of Rajasthan (First সম্পাদনা). প্ৰকাশক New Delhi: Rupa & Co.. 
  6. Hooja, Rima (2006). History of Rajasthan (First সম্পাদনা). প্ৰকাশক New Delhi: Rupa & Co..