সমললৈ যাওক

জগন্নাথন বিজয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগন্নাথন বিজয়া
জন্ম ১৯৫৯
বাংগালুৰু, কৰ্ণাটক
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ হাৰ্পেট'লজী
কৰ্মস্থান মাদ্ৰাজ ক্ৰ'ক'ডাইল বেংক ট্ৰাষ্ট
শিক্ষানুষ্ঠান চেন্নাইৰ এথিৰাজ কলেজ
জনা যায় ভাৰতৰ প্ৰথম মহিলা হাৰ্পেট’লজিষ্ট

জগন্নাথন বিজয়া (ইংৰাজী: Jagannathan Vijaya; ১৯৫৯–১৯৮৭) হ'ল ভাৰতৰ প্ৰথম মহিলা হাৰ্পেট’লজিষ্ট।[1] তেওঁ সমগ্ৰ দেশতে কচ্ছপৰ গতিবিধি নথিভুক্ত কৰিছিল আৰু বিশ্ব সংৰক্ষণ ইউনিয়নৰ ফ্ৰেছৱাটাৰ চেলোনিয়ান স্পেচেলিষ্ট গ্ৰুপৰ অধ্যক্ষ এডৱাৰ্ড মলৰ সহায়ক হিচাপে কাম কৰিছিল।[2]

বিজয়াৰ জন্ম হৈছিল বাংগালুৰুত। তাতেই তেওঁ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা কৰিছিল আৰু দেউতাকৰ চাকৰি বদলিৰ বাবে হাইস্কুলীয়া শি‍ক্ষাৰ বাবে কোয়েম্বাটুৰলৈ‍ গৈছিল। তেওঁ দুবছৰ কোয়েম্বাটুৰৰ ছেইণ্ট জোচেফ মেট্ৰিকুলেশ্যন বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু তাৰ পাছত স্কুলৰ অন্তিম বছৰবোৰৰ বাবে চেন্নাইলৈ গৈছিল।

চেন্নাইৰ ইথিৰাজ কলেজ ফৰ উইমেনত প্ৰাণীবিজ্ঞানৰ ছাত্ৰী হিচাপে প্ৰথম বৰ্ষত থাকোঁতে তেওঁ সম্ভৱতঃ ১৯৭৮ চনৰ কোনোবা এটা সময়ত মাদ্ৰাজ স্নেক পাৰ্কত স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিল।[3][4] ৰোমুলাছ হুইটেকাৰৰ অধীনত প্ৰশিক্ষণ লৈ ১৯৮১ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেতিয়াৰ মাদ্ৰাজ স্নেক পাৰ্ক নামেৰে পৰিচিত চেন্নাই স্নেক পাৰ্কত পূৰ্ণকালীন কাম কৰিবলৈ আৰম্ভ কৰে।

২২ বছৰ বয়সত তেওঁক ৰোমুলাছ হুইটেকাৰে কচ্ছপৰ ভাৰতব্যাপী জৰীপৰ বাবে বিশ্ব সংৰক্ষণ ইউনিয়নৰ ফ্ৰেছৱাটাৰ চেলোনিয়ান স্পেচেলিষ্ট গ্ৰুপৰ তেতিয়াৰ অধ্যক্ষ এডৱাৰ্ড মলক সহায় কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ সমগ্ৰ দেশ ভ্ৰমণ কৰি তথ্য সংগ্ৰহ কৰিছিল আৰু ই সাগৰীয় কচ্ছপৰ শোষণ হ্ৰাস কৰাত সহায় কৰিছিল।[5]

অলিভ ৰিডলী কচ্ছপ নিধনৰ বিষয়ে‍ তেওঁৰ গৱেষণা আৰু ফটোগ্ৰাফী নেশ্যনেল আলোচনীত প্ৰকাশ পাইছিল আৰু তাৰ ফলত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ক’ষ্ট গাৰ্ডক কচ্ছপৰ ব্যৱসায় বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল।[6]

স্বীকৃতি

[সম্পাদনা কৰক]

বিজয়াই বন বেতৰ কচ্ছপৰ বিষয়ে‍ ব্যাপক গৱেষণা আৰু নথিভুক্ত কৰিছিল আৰু তেওঁ কেৰালাৰ অৰণ্যৰ মাজেৰে ভ্ৰমণ কৰিছিল।[7] ১৯৮৭ চনৰ এপ্ৰিল মাহত এখন অৰণ্যৰ ভিতৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল, আৰু তেওঁৰ মৃত্যুৰ কাৰণ নিৰ্ণয় কৰা হোৱা নাছিল। তেওঁৰ কৰ্ম আৰু ত্যাগৰ স্মৃতিত তেওঁৰ মৃত্যুৰ ১৯ বছৰৰ পাছত কৰা গৱেষণাৰ ভিত্তিত নতুন প্ৰজাতিৰ অন্তৰ্গত বুলি ধৰা বেতৰ কচ্ছপবিধক বিজয়াচেলিছ বুলি নামকৰণ কৰা হয়।[8][9] মাদ্ৰাজ ক্ৰ'ক'ডাইল বেংকৰ কাছৰ পুখুৰীৰ কাষত তেওঁৰ এটি সৰু স্মাৰক আছে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Best Wildlife Photography Images and Nature Conservation Photos | Sanctuary Asia - The Voice of Wild India" (en ভাষাত). www.sanctuaryasia.com. Archived from the original on 13 February 2019. https://web.archive.org/web/20190213124110/http://www.sanctuaryasia.com/photography/gallery/item/2568/asInline.html আহৰণ কৰা হৈছে: 2019-02-12.
  2. "Turtle recall: India's green warrior - Times of India". The Times of India. https://timesofindia.indiatimes.com/india/Turtle-recall-Indias-green-warrior/articleshow/2098255.cms আহৰণ কৰা হৈছে: 2019-02-12.
  3. (en-IN ভাষাত). 2021-06-03. https://www.thehindu.com/sci-tech/energy-and-environment/madras-croc-banks-new-director-pramila-rajan/article34716111.ece.
  4. "IOTN04-10-Profile". www.iotn.org. Archived from the original on 2019-02-13. https://web.archive.org/web/20190213124059/https://www.iotn.org/iotn04-10-profile/ আহৰণ কৰা হৈছে: 2019-02-13.
  5. Lenin, Janaki (2017-04-18). "Tribute: Viji, the Turtle Girl" (en-GB ভাষাত). Ecologise. Archived from the original on 2019-02-14. https://web.archive.org/web/20190214002537/https://www.ecologise.in/2017/04/18/tribute-viji-turtle-girl/ আহৰণ কৰা হৈছে: 2019-02-13.
  6. Das, Arti. "Slow beauty @ sea" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/features/slow-beauty-sea-826438.html আহৰণ কৰা হৈছে: 2024-07-08.
  7. "Women in Wildlife" (en-GB ভাষাত). Bangalore International Centre. https://bangaloreinternationalcentre.org/event/women-in-wildlife/ আহৰণ কৰা হৈছে: 2024-07-08.
  8. "Guardians Of The Green: 14 Indian Women Environmentalists You Should Know" (en-US ভাষাত). EARTHA. Archived from the original on 2019-02-13. https://web.archive.org/web/20190213123822/http://www.earthamag.org/stories/2017/3/7/guardians-of-the-green-14-indian-women-environmentalists-you-should-know আহৰণ কৰা হৈছে: 2019-02-13.
  9. Gala, Mittal (2018-10-30). "An Encounter with a Rare Reptile in the Anamalai Hills" (en-US ভাষাত). WCS India. Archived from the original on 13 February 2019. https://web.archive.org/web/20190213183423/http://wcsindia.org/home/2018/10/30/an-enduring-encounter-with-a-rare-reptile/ আহৰণ কৰা হৈছে: 2019-02-13.
  10. "The Forest Cane Turtle, Anamalai Hills, Tamilnadu" (en-US ভাষাত). Conservation India. Archived from the original on 2024-08-03. https://web.archive.org/web/20240803034219/https://www.conservationindia.org/gallery/the-forest-cane-turtle-anamalai-hills-tamilnadu আহৰণ কৰা হৈছে: 2024-07-08.