জনহিতৈষী পুথিভঁৰাল

জনহিতৈষী পুথিভঁৰাল হ'ল অসমৰ এখন ৰাজহুৱা পুথিভঁৰাল আৰু পঠন-সংস্কৃতিৰ প্ৰচাৰৰ সৈতে জড়িত সামাজিক-শৈক্ষিক অনুষ্ঠান। জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা, পঠন-সংস্কৃতিৰ প্ৰসাৰ আৰু নতুন পাঠক সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ২০২০ চনৰ ১৩ আগষ্টত এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।[1]
জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা
[সম্পাদনা কৰক]জনহিতৈষী পুথিভঁৰালৰ অন্যতম উল্লেখযোগ্য উদ্যোগ হৈছে জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা। ২০২৫ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ নগৰৰ সমীপৱৰ্তী আজাদ অঞ্চলৰ নৱজ্যোতি ৰংগমঞ্চত এই এদিনীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত হয়।[2]
গ্ৰন্থমেলাখন অসমৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। অনুষ্ঠানটো বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছিল। এই উপলক্ষে আয়োজকসকলে ৭ ডিচেম্বৰক গ্ৰন্থ আৰু অধ্যয়ন দিৱস হিচাপে পালন কৰাৰ কথা উল্লেখ কৰে।[3]
গ্ৰন্থমেলাৰ বৈশিষ্ট্য
[সম্পাদনা কৰক]গ্ৰন্থমেলাখনত বিভিন্ন বিষয়ৰ প্ৰায় ৪০,০০০খন গ্ৰন্থ সংগ্ৰহ কৰা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইয়াত ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য পাঠকে বিনামূলীয়াকৈ নিজৰ পছন্দৰ গ্ৰন্থ সংগ্ৰহ কৰাৰ সুযোগ লাভ কৰে। সংবাদ প্ৰতিবেদন অনুসৰি, ২০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু পাঠকে গ্ৰন্থমেলাখনৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰে।[4]
গ্ৰন্থমেলাখন প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই উদ্বোধন কৰে।[5]
অসমৰ বিভিন্ন স্থানৰ ব্যক্তি আৰু অনুষ্ঠানৰ পৰা গ্ৰন্থদান লাভ কৰি গ্ৰন্থমেলাখনৰ বাবে গ্ৰন্থ সংগ্ৰহ কৰা হৈছিল।[6]
২০২৫ চনৰ গ্ৰন্থমেলাখনক আয়োজক তথা সংবাদ মাধ্যমৰ একাংশই বিশ্বৰ প্ৰথম বিনামূলীয়া গ্ৰন্থমেলা হিচাপে উল্লেখ কৰিছে।[7][8]
লক্ষ্য আৰু উদ্দেশ্য
[সম্পাদনা কৰক]জনহিতৈষী পুথিভঁৰালৰ ঘোষিত উদ্দেশ্যসমূহৰ ভিতৰত আছে—
- নাগৰিকৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা
- পঠন-সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা
- নতুন পাঠক সৃষ্টি কৰা
- আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীক প্ৰয়োজনীয় গ্ৰন্থ যোগান ধৰা
- গ্ৰন্থদানৰ সামাজিক পৰম্পৰা গঢ়ি তোলা
- গ্ৰাম্যাঞ্চলত পুথিভঁৰাল স্থাপনৰ বাবে উৎসাহিত কৰা
- বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানত শৈক্ষিক কাৰ্যসূচী আয়োজন কৰা।
জড়িত ব্যক্তি
[সম্পাদনা কৰক]জনহিতৈষী পুথিভঁৰালৰ সৈতে জড়িত বিষয়ববীয়াসকলৰ ভিতৰত সভাপতি হিচাপে জীৱন্ত শইকীয়া আৰু সম্পাদক হিচাপে ঝৰ্ণা হাজৰিকাৰ নাম উল্লেখ কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] এই পুথিভঁৰালৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে সাংবাদিক আৰু কবি বুবুল হাজৰিকা, লেখিকা আৰু অধ্যাপিকা ড° বৰ্ণালী বৰা, শিক্ষয়িত্ৰী ইলা বৰুৱা, মৃণালী দেৱী, নিহা গগৈ, সুপ্ৰীতি বুঢ়াগোহাঁই, হীৰকজ্যোতি ডেকা আৰু বিশ্বজিত দত্তকে ধৰি কেইবাগৰাকী ব্যক্তি জড়িত হৈ থকা বুলি উল্লেখ কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "'Free' book fair organised in northern Assam to encourage reading habit". Press Trust of India. https://www.ptinews.com/story/national/free-book-fair-organised-in-northern-assam-to-encourage-reading-habit/3166528.
- ↑ "Lakhimpur to Host First-Ever “Zubeen Garg Free Book Fair,” A Celebration of Knowledge, Music, and the Joy of Reading". The Sentinel. https://www.sentinelassam.com/topheadlines/lakhimpur-to-host-first-ever-zubeen-garg-free-book-fair-a-celebration-of-knowledge-music-and-the-joy-of-reading.
- ↑ "লখিমপুৰত বিশ্বৰ ভিতৰতে প্ৰথমখন বিনামূলীয়া গ্ৰন্থমেলাৰ আয়োজন". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/homepage/lakhimpur-bookfair-news-10889133.
- ↑ "'Free' book fair organised in northern Assam to encourage reading habit". Press Trust of India. https://www.ptinews.com/story/national/free-book-fair-organised-in-northern-assam-to-encourage-reading-habit/3166528.
- ↑ "'Free' book fair organised in northern Assam to encourage reading habit". The Week. https://www.theweek.in/wire-updates/national/2025/12/07/ces11-as-free-book-fair.html.
- ↑ "World's First Free Book Fair: Igniting Reading Passion in Assam". Devdiscourse. https://www.devdiscourse.com/article/entertainment/3722472-worlds-first-free-book-fair-igniting-reading-passion-in-assam.
- ↑ "'Free' book fair organised in northern Assam to encourage reading habit". Press Trust of India. https://www.ptinews.com/story/national/free-book-fair-organised-in-northern-assam-to-encourage-reading-habit/3166528.
- ↑ "World's First Free Book Fair: Igniting Reading Passion in Assam". Devdiscourse. https://www.devdiscourse.com/article/entertainment/3722472-worlds-first-free-book-fair-igniting-reading-passion-in-assam.