জনহিতৈষী পুথিভঁৰাল

জনহিতৈষী পুথিভঁৰাল অসমৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান। ২০২০ চনৰ ১৩ আগষ্টত আনুষ্ঠানিকভাৱে জনহিতৈষী পুথিভঁৰালে জন্মলাভ কৰে। মূলতঃ জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়া, কিতাপক জনপ্ৰিয় কৰা আৰু নতুন পাঠক সৃষ্টি কৰি বৌদ্ধিক আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে অসমত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। জনহিতৈষী পুথিভঁৰালে বিশ্বৰ ভিতৰতে প্ৰথমখন “বিনামূলীয়া গ্ৰন্থমেলা’’ আয়োজন কৰি এক নজিৰ বিহীন অভিলেখ স্থাপন কৰিছে।
ইতিহাস আৰু নেতৃত্ব:
জনহিতৈষী পুথিভঁৰালৰ মূল উদ্যোক্তা আৰু পৰিচালক হ’ল লখিমপুৰৰ আজাদ অঞ্চলৰ গ্ৰন্থানুৰাগী যুৱক জীৱন্ত শইকীয়া। তেওঁ ঐকান্তিক প্ৰচেষ্টাৰে ২০২০ চনৰ ১৩ আগষ্টত মাজুলী জিলাত এটা ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰি জনহিতৈষী পুথিভঁৰালক জন্ম দিয়ে। বৰ্তমান অসমত জনহিতৈষী পুথিভঁৰালে এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে। জনহিতৈষী পুথিভঁৰালৰ বৰ্তমানৰ সভাপতি জীৱন্ত শইকীয়া আৰু সম্পাদক ঝৰ্ণা হাজৰিকা।
বিনামূলীয়া গ্ৰন্থমেলা:
জনহিতৈষী পুথিভঁৰালৰ আটাইতকৈ উল্লেখযোগ্য পদক্ষেপ হ'ল বিশ্বৰ ভিতৰতে প্ৰথমখন বিনামূলীয়া গ্ৰন্থমেলাৰ আয়োজন ।
নামকৰণ:
এই গ্ৰন্থমেলাখন অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে আৰু গ্ৰন্থমেলাখন “জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা’’ নামেৰে পৰিচিত।
তাৎপৰ্য:
বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ জন্মদিন উপলক্ষে ৭ ডিচেম্বৰ, ২০২৫ তাৰিখে এই গ্ৰন্থমেলাখনৰ আয়োজন কৰা হয়। হোমেন বৰগোহাঞিদেৱৰ জন্মদিনটো এই অনুষ্ঠানৰ উদ্যোগত “গ্ৰন্থ আৰু অধ্যয়ন দিৱস’’ হিচাপে পালন কৰা হয়।
স্থান:
লখিমপুৰ নগৰৰ সমীপৰ আজাদ এলেকাৰ নৱজ্যোতি ৰংগমঞ্চত এই এদিনীয়া গ্ৰন্থমেলাখন অনুষ্ঠিত হয়।
তাৰিখ: ৭ ডিচেম্বৰ, ২০২৫।
প্ৰথম সংস্কৰণৰ বৈশিষ্ট্যসমূহ:
গ্ৰন্থৰ সংখ্যা: গ্ৰন্থমেলাখনত প্ৰায় ৪০ হাজাৰ বিভিন্ন বিষয়ৰ (শৈক্ষিক, বিদ্যায়তনিক, সাহিত্য আদি) গ্ৰন্থ সংগ্ৰহ কৰি ৰখা হৈছিল।
অংশগ্ৰহণ: প্ৰায় ২০ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈয়ে এই গ্ৰন্থমেলাখনৰ পৰা নিজৰ পছন্দৰ গ্ৰন্থ সম্পূৰ্ণ বিনামূলীয়াকৈ সংগ্ৰহ কৰে।
উদ্বোধন: এই অভিনৱ গ্ৰন্থমেলাখন উদ্বোধন কৰিছিল “প্ৰতিদিন টাইম’’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। তেওঁ এই পদক্ষেপক এক “যুগান্তকাৰী বৌদ্ধিক আন্দোলন’’ বুলি অভিহিত কৰিছে।
এই গ্ৰন্থমেলাখনলৈ অসমৰ বিভিন্ন ব্যক্তিয়ে গ্ৰন্থদান কৰে।
লক্ষ্য আৰু উদ্দেশ্য:
জনহিতৈষী পুথিভঁৰাল আৰু এই গ্ৰন্থমেলাৰ মূল উদ্দেশ্যসমূহ হ’ল:
১. নাগৰিকৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা।
২. কিতাপক জনপ্ৰিয় কৰা।
৩. নতুন পাঠক সৃষ্টি কৰা ।
৪. আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ প্ৰয়োজনীয় পুথি যোগান ধৰা।
৫. গ্ৰন্থদানৰ এক সামাজিক পৰম্পৰা আৰম্ভ কৰা।
৬. অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত এক যোগাত্মক পৰিৱৰ্তন সৃষ্টি কৰা।
৭. গ্ৰাম্যাঞ্চলত পুথিভঁৰাল স্থাপন কৰা।
৮. বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শৈক্ষিক অনুষ্ঠান কৰা।
গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহযোগিতা
জনহিতৈষী পুথিভঁৰালৰ সৈতে সাংবাদিক-কবি বুবুল হাজৰিকা, লেখিকা-অধ্যাপিকা ড° বৰ্ণালী বৰা, শিক্ষয়িত্ৰী ইলা বৰুৱা, জীৱন্ত শইকীয়া, ঝৰ্ণা হাজৰিকা, মৃণালী দেৱী, নিহা গগৈ, সুপ্ৰীতি বুঢ়াগোহাঁই, হীৰকজ্যোতি ডেকা, বিশ্বজিত দত্তৰ ওপৰিও অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি জড়িত হৈ আছে।
তথ্যসূত্ৰ:
- 'Free' book fair organised in northern Assam to encourage reading habit[1]
- Lakhimpur to Host First-Ever “Zubeen Garg Free Book Fair,” A Celebration of Knowledge, Music, and the Joy of Reading[2]
- World's First Free Book Fair: Igniting Reading Passion in Assam[3]
- 'Free' book fair organised in northern Assam to encourage reading habit[4]
- লখিমপুৰত বিশ্বৰ ভিতৰতে প্ৰথমখন বিনামূলীয়া গ্ৰন্থমেলাৰ আয়োজন[5]
- ↑ https://www.ptinews.com/story/national/free-book-fair-organised-in-northern-assam-to-encourage-reading-habit/3166528
- ↑ https://www.sentinelassam.com/topheadlines/lakhimpur-to-host-first-ever-zubeen-garg-free-book-fair-a-celebration-of-knowledge-music-and-the-joy-of-reading
- ↑ https://www.devdiscourse.com/article/entertainment/3722472-worlds-first-free-book-fair-igniting-reading-passion-in-assam
- ↑ https://www.theweek.in/wire-updates/national/2025/12/07/ces11-as-free-book-fair.html
- ↑ https://www.asomiyapratidin.in/homepage/lakhimpur-bookfair-news-10889133