জনী লিভাৰ
| জনী লিভাৰ | |
|---|---|
২০১২ চনত লিভাৰ | |
| জন্ম | জন প্ৰকাশ ৰাও জানুমালা ১৪ আগষ্ট, ১৯৫৭ (৬৮ বছৰ) কানিগিৰি, প্ৰকাশম জিলা, অন্ধ্ৰপ্ৰদেশ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৮১-বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী | সুজাতা লিভাৰ (বি. ১৯৮৪) |
| সন্তান | ২,জেমী লিভাৰ-জী |
| আত্মীয়-স্বজন | জিমি মোছেছ(ভ্ৰাতৃ) |
জন প্ৰকাশ ৰাও জানুমালা[1], (ইংৰাজী: John Prakash Rao Janumala) মঞ্চনাম জনী লিভাৰ (জন্ম ১৪ আগষ্ট ১৯৫৭[2])দ্বাৰা অধিক পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান৷ হিন্দী চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সৰ্বপৰিচিত। ভাৰতৰ অন্যতম স্বীকৃতিপ্ৰাপ্ত কমেডী অভিনেতা আৰু ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ কমেডিয়ান হিচাপে লিভাৰক বহুলভাৱে গণ্য কৰা হয়।[3] কমেডী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটাৰ তেৰটা মনোনয়নকে ধৰি জনী লিভাৰে বহু প্ৰশংসা লাভ কৰিছে আৰু দুবাৰকৈ এই বঁটা লাভ কৰিছে৷ বঁটাপ্ৰাপ্ত ছবি দুখন আছিল দীৱানা মস্তানা (১৯৯৭) আৰু দুলহে ৰাজা (১৯৯৮) । ১৯৮৪ চনত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰি এতিয়ালৈকে তিনিশতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে।[4][5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৫৭ চনৰ ১৪ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশমত তেলেগু খ্ৰীষ্টান পৰিয়ালত জনী লিভাৰৰ জন্ম হয়।[1][6] [2] তেওঁৰ পিতৃয়ে হিন্দুস্তান ইউনিলিভাৰ প্লাণ্টত অপাৰেটৰ হিচাপে কাম কৰিছিল য'ত লিভাৰেও ছবছৰ শ্ৰমিক হিচাপে কাম কৰিছিল।[7] মুম্বাইৰ মাটুংগাৰ কিংছ চাৰ্কল এলেকাত লিভাৰ ডাঙৰ-দীঘল হৈছিল। তিনিগৰাকী ভগ্নী আৰু দুজন ভাতৃ (সৰু ভাতৃ জিমি মোজেছকে ধৰি)ৰে গঠিত পৰিয়ালটোৰ ভিতৰত তেওঁ ডাঙৰ।
লিভাৰে পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবে অধিক পঢ়িব নোৱাৰিলে৷ তেওঁ সপ্তম শ্ৰেণীলৈকে অন্ধ্ৰ শিক্ষা সমাজ ইংৰাজী হাইস্কুলত অধ্যয়ন কৰিছিল।[8] ইয়াৰ পিছত তেওঁ স্কুল ত্যাগ কৰাৰ সিদ্ধান্ত লয় আৰু কিছুমান বিচিত্ৰ কাম কৰিবলৈ আৰম্ভ কৰে, যেনে-সেই সময়ৰ কিছুমান বিখ্যাত হিন্দী চলচ্চিত্ৰ তাৰকাক অনুকৰণ কৰি মুম্বাইৰ ৰাজপথত কলম বিক্ৰী কৰা, অথবা হিন্দী চলচ্চিত্ৰ তাৰকাৰ গীতত নৃত্য কৰা। হায়দৰাবাদৰ এখন পুৰণি চহৰ ইয়াকুতপুৰাতো তেওঁ প্ৰাৰম্ভিক বছৰবোৰ কটায়, য'ত তেওঁ কমেডী অভিনয়ৰ অনন্য শৈলী শিকিছিল।[9]
প্ৰতিৱেশী এজনক দেখি লিভাৰে ১৪ বছৰ বয়সৰ পৰাই মিমিক্ৰি কৰা আৰম্ভ কৰিছিল৷ হিন্দুস্তান ইউনিলিভাৰ কোম্পানীত শ্ৰমিক হিচাপে কাম কৰি থাকোঁতে এটা অনুষ্ঠানৰ সময়ত তেওঁ কেইজনমান জ্যেষ্ঠ বিষয়াৰ অনুকৰণ কৰি অভিনয় কৰিছিল৷ পৰৱৰ্তী সময়ত শ্ৰমিকসকলে তেওঁক জনী লিভাৰ বুলি মাতিবলৈ লৈছিল। পিছলৈ যেতিয়া তেওঁ চলচ্চিত্ৰ জগতত যোগদান কৰে, তেতিয়া তেওঁ জনী লিভাৰকে পৰ্দাৰ নাম হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়।[10]
কেৰিয়াৰ
[সম্পাদনা কৰক]ষ্টেণ্ড-আপ কমেডি কেৰিয়াৰ
[সম্পাদনা কৰক]জনী লিভাৰে মিউজিকেল শ্ব’ (অৰ্কেষ্ট্ৰা), টাবাছুম হিট পেৰেডত ষ্টেণ্ড আপ কমেডী পৰিবেশন কৰিবলৈ আৰম্ভ কৰে আৰু খ্যাতি অৰ্জন কৰাৰ পিছত সংগীত পৰিচালনাৰ যুটি কল্যাণজী-আনন্দজীৰ গোটত যোগদান কৰে। লিভাৰ ভাৰতৰ প্ৰথম ষ্টেণ্ড-আপ কমেডিয়ানসকলৰ ভিতৰত অন্যতম আৰু তেওঁক ভাৰতৰ ষ্টেণ্ড-আপ কমেডী বৃত্তিৰ পথ প্ৰদৰ্শক হিচাপে বহুলভাৱে গণ্য কৰা হয়।[11][12] হিন্দুস্তান ইউনিলিভাৰ (HUL)ত যোগদান কৰাৰ পূৰ্বেও তেওঁ মঞ্চত অভিনয় কৰি আছিল। ক্ৰমবৰ্ধমান অনুপস্থিতিৰ বাবে আৰু যিহেতু তেওঁ মঞ্চ অনুষ্ঠানৰ পৰা ভাল উপাৰ্জন কৰি আছিল, গতিকে ১৯৮১ চনত তেওঁ HUL ত্যাগ কৰে। তেওঁলোকৰ সৈতে লিভাৰে বহু শ্ব' কৰিছিল৷ লগতে বিশ্ব ভ্ৰমণৰ সুযোগো পাইছিল৷ ১৯৮২ চনত অমিতাভ বচ্চনৰ সৈতে কৰা ভ্ৰমণটো তেওঁৰ এটা গুৰুত্বপূৰ্ণ ভ্ৰমণ আছিল।
তেওঁ হাছি কে হাংগেমে নামৰ কমেডী কেছেট ৰেকৰ্ডিং কৰিছিল যিয়ে তেওঁক অডিঅ’ সংস্কৰণৰ জৰিয়তে ঘৰুৱা স্বীকৃতি দিছিল। এই সময়ছোৱাত তেওঁ শেখৰ কাপুৰৰ পৰিচালনাত কচুৱা ছাপ ধূপৰ দুই এটা বিজ্ঞাপনো কৰিছিল। ১৯৮৬ চনত তেওঁ হিন্দী চলচ্চিত্ৰ জগতৰ সদস্যসকলৰ সন্মুখত ফিলাৰ হিচাপে এটা চেৰিটি শ্ব’ হোপ ৮৬ত অভিনয় কৰে। তেওঁৰ প্ৰতিভাক স্বীকৃতি দিয়া হয়, যাৰ ফলত প্ৰযোজক গুল আনন্দই তেওঁক নাছিৰুদ্দিন শ্বাহৰ সৈতে জলৱা ছবিৰ প্ৰস্তাৱ দিয়ে।[13][14]
চলচ্চিত্ৰ কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৮০ৰ সময়ছোৱাত
[সম্পাদনা কৰক]লিভাৰে প্ৰথমটো সুযোগ লাভ কৰিছিল ‘টুম পাৰ হাম কুৰবান’ৰ জৰিয়তে- য’ত বিখ্যাত টিভি আৰু মঞ্চাভিনেত্ৰী বেবী টাবাছমে নিজৰ পুত্ৰ হোছাং গ’ভিলক কেন্দ্ৰীয় অভিনেতা হিচাপে প্ৰক্ষেপ কৰিছিল৷ তাৰ পিছত দৰ্দ কা ৰিষ্টা ছবিখনৰ জৰিয়তে তাবাছুম আৰু প্ৰয়াত সুনীল দত্তৰ জৰিয়তে লিভাৰে সুযোগ পাইছিল। তাৰ পিছৰ পৰা তেওঁ তেজাব, কাছাম, খটৰনাক আৰু কিষান কানহাইয়া আদিকে ধৰি পৰৱৰ্তী সময়ত ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। দৰ্দ কা ৰিষ্টাৰ পিছত তেওঁক নাছিৰুদ্দিন শ্বাহৰ সৈতে হিৰো হীৰালালৰ জলৱাত দেখা গৈছিল।
১৯৯০ৰ সময়ছোৱাত
[সম্পাদনা কৰক]তেওঁৰ প্ৰথম বৃহৎ সফলতাটো আহে বাজিগৰৰ জৰিয়তে৷ তাৰ পিছত তেওঁক চিনেমাত সহযোগী অভিনেতা/কমেডিয়ান হিচাপে দেখা গৈছিল। চিনেমাৰ চৰিত্ৰত ব্যস্ত থকাৰ পিছতো তেওঁ লাইভ শ্ব’ কৰি থাকিল। তেওঁৰ অন্যতম স্মৰণীয় লাইভ অভিনয় আছিল ১৯৯৯ চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত মাইকেল জেকচনৰ অনুকৰণ। তেওঁৰ আটাইতকৈ প্ৰশংসিত অভিনয় আছিল আব্বাছ-মাস্তানৰ পৰিচালনাত নিৰ্মিত বাজিগৰ ছবিখনৰ "বাবুলাল" চৰিত্ৰ। তেওঁৰ আন কিছুমান বিখ্যাত চৰিত্ৰ, যেনে-"ছোট্টা চত্ৰী", "আছলম ভাই"ৰ বাবেও তেওঁক স্মৰণ কৰা হয়।[15]

২০১০ৰ সময়ছোৱাত
[সম্পাদনা কৰক]তেওঁ তুলু ভাষাৰ ছবি ৰং ছবিতো অভিনয় কৰিছিল।[16]তেওঁৰ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ তামিল ছবি আছিল ২০১১ চনত মুক্তি পোৱা আনবীৰক্কু আলাভিল্লাই।[17] তেওঁ কানাড়া ছবি গৰাতো অভিনয় কৰিছিল।[18]
টেলিভিছনৰ মাধ্যমত
[সম্পাদনা কৰক]লিভাৰে প্ৰথমবাৰৰ বাবে ১৯৯৩ চনত জনী উটোলেণ্ডেণ্ডৰ চৰিত্ৰত চিটকম জৱান সম্ভালকেৰ এটা খণ্ডত অভিনয় কৰিছিল।[19]লিভাৰে নিজৰ অনুষ্ঠান জনী আলা ৰেত (জি টিভিত) অভিনয় কৰিছিল।[20] ২০০৭ চনত তেওঁ ষ্টেণ্ড-আপ ৰিয়েলিটি শ্ব' কমেডী চাৰ্কাছত বিচাৰক হিচাপে থাকে।[21] ২০১৭ চনত লিভাৰে পাৰ্টনাৰ্ছৰ কাষ্টত আয়ুক্ত গুগল চেটাৰ্জী হিচাপে যোগদান কৰে।[22]
তেওঁ MAAM (Mimicry Artist Association Mumbai) ৰ সভাপতি৷ তেওঁ সমগ্ৰ বিশ্বতে হাজাৰ হাজাৰ লাইভ শ্ব’ কৰিছে।[23]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৮৪ চনত তেওঁ সুজাথা লিভাৰক বিয়া কৰায় আৰু তেওঁৰ দুটা সন্তান জেমী আৰু জেছি[24] তেওঁৰ সৰু ভাতৃ জিমি মোজেছ এজন কমেডিয়ান আৰু অনুকৰণ শিল্পীও[25] অভিনেত্ৰী জেমী লিভাৰ তেওঁৰ কন্যা।
লিভাৰ এজন খ্ৰীষ্টান। প্ৰচাৰক হিচাপে তেওঁৰ পৰিৱৰ্তনৰ বিষয়ে সোধাত লিভাৰে উত্তৰ দিছিল:
সেয়া ঈশ্বৰৰ ইচ্ছা। মই সদায় ধৰ্মীয় ব্যক্তি আছিলোঁ যদিও এটা ঘটনাই মোৰ জীৱন সলনি কৰি দিলে। মোৰ ল’ৰাটোৰ ডিঙিত টিউমাৰ ধৰা পৰিছিল। মই অসহায় হৈ ভগৱানৰ ওচৰত সহায় বিচাৰিলোঁ। চিনেমাৰ কাম বন্ধ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰি সকলো সময় কটালোঁ। দহ দিনৰ পাছত যেতিয়া তেওঁক পৰীক্ষাৰ বাবে লৈ যোৱা হ’ল, তেতিয়া ডাক্তৰসকলে আচৰিত হ’ল কাৰণ কেন্সাৰ নাইকিয়া হৈ গৈছে। মোৰ বাবে সেয়া আছিল এক নতুন জীৱনৰ আৰম্ভণি।[26][27]
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | শিতান | কৰ্ম | ফলাফল |
|---|---|---|---|
| ফিল্মফেয়াৰ বঁটা | |||
| ১৯৯৪ | কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় | বাজিগৰ | মনোনীত |
| ১৯৯৬ | কৰণ অৰ্জুন | মনোনীত | |
| ১৯৯৭ | ৰাজা হিন্দুস্তানী | মনোনীত | |
| ১৯৯৮ | দিৱানা মস্তানা | বিজয়ী | |
| জুদাই | মনোনীত | ||
| ১৯৯৯ | দুলহে ৰাজা | বিজয়ী | |
| কুচ কুচ হোতা হ্যেয় | মনোনীত | ||
| ২০০০ | আনাড়ী নম্বৰ ওৱান | মনোনীত | |
| ২০০১ | কোঁৱাৰা | মনোনীত | |
| ফিৰ ভি দিল হ্যেয় হিন্দুস্তানী | মনোনীত | ||
| ২০০২ | আজনবী | মনোনীত | |
| ২০০৩ | হামৰাজ | মনোনীত | |
| ২০০৪ | কোই....মিল গয়া | মনোনীত | |
| আইফা বঁটা | |||
| ২০০১ | কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় | ফিৰ ভি দিল হ্যেয় হিন্দুস্তানী | মনোনীত |
| ২০০২ | আজনবী | মনোনীত | |
| ২০০৪ | কোই....মিল গয়া | মনোনীত | |
| ২০১০ | দে দনা দন | মনোনীত | |
| ভাৰতীয় টেলিভিছন একাডেমী এৱাৰ্ডছ | |||
| ২০১৮ | শ্ৰেষ্ঠ অভিনেতা-কমেডি | মনোনীত | |
| প্ৰডিউছাৰচ গিল্ড | |||
| ২০১৮ | কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় | হাউচফুল ২ | মনোনীত |
| স্ক্ৰীণ বঁটা | |||
| ১৯৯৭ | শ্ৰেষ্ঠ কমেডিয়ান | ৰাজা হিন্দুস্তানী | বিজয়ী |
| ২০০২ | আজনবী | মনোনীত | |
| ২০০৩ | আৱাৰা পাগল দিৱানা | মনোনীত | |
| ২০১১ | গোলমাল ৩ | মনোনীত | |
| জি চিনে এৱাৰ্ড | |||
| ২০০২ | কমিক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় | লাৱ কি লিয়ে কুচ্ছ ভি কৰেগা | বিজয়ী |
| ২০০৪ | কোই.... মিল গয়া | মনোনীত | |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 चैहान, Jitesh Arpan Chauhan जीतेश सिंह (1 February 2015). "Dalits in Indian cinema" (en-US ভাষাত). Forward Press. https://www.forwardpress.in/2015/02/dalits-in-indian-cinema/। আহৰণ কৰা হৈছে: 31 March 2021.
- ↑ 2.0 2.1 Saxena, Akanksha (14 August 2020). "'Tum jiyo hazaaron saal': Netizens wish 'king of comedy' Johnny Lever on his birthday". Times Now. https://www.timesnownews.com/the-buzz/article/tum-jiyo-hazaaron-saal-netizens-wish-king-of-comedy-johnny-lever-on-his-birthday/637044। আহৰণ কৰা হৈছে: 2021-07-14. "On August 14, 1957, Lever was born in a Telugu Christian family in Andhra Pradesh’s Prakasam."
- ↑ Shyam Benegal; William Van Der Heide (12 June 2006). Bollywood Babylon: Interviews With Shyam Benegal. Berg. পৃষ্ঠা. 196–. ISBN 978-1-84520-405-1. https://books.google.com/books?id=_3fi_o1JzY4C&pg=PA196। আহৰণ কৰা হৈছে: 31 May 2012.
- ↑ "Comedy is serious business: Johnny Lever". The Hindu. 7 January 2009. http://www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/comedy-is-serious-business-johnny-lever/article369772.ece.
- ↑ Awaasthi, Kavita (2012-03-03). "Johnny Lever feels his talent is under-utilised". Hindustan Times. https://www.hindustantimes.com/bollywood/johnny-lever-feels-his-talent-is-under-utilised/story-CqCQBO0aP2ZxzKZ28k7ggM.html। আহৰণ কৰা হৈছে: 2021-12-09.
- ↑ "VHP threatens agitation against actors Nagma, Johnny Lever". 10 December 2013. http://www.indiatvnews.com/news/india/vhp-threatens-agitation-against-actors-nagma-johnny-lever-31321.html। আহৰণ কৰা হৈছে: 12 March 2014.
- ↑ "Johny Lever: In the film industry, there is dosti but no dost". Bennett, Coleman & Co. Ltd.. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Johny-Lever-In-the-film-industry-there-is-dosti-but-no-dost/articleshow/38925234.cms.
- ↑ ""Try Jesus" – Johnny Lever (Film Actor)". His Prayer Househisprayerhouse.org. http://www.hisprayerhouse.org/changelife89.html। আহৰণ কৰা হৈছে: 25 October 2014.
- ↑ "Interview: "I have learnt a lot from the UK" – Johnny Lever | Bollywood News UK". 13 May 2012. http://bollynewsuk.com/2012/05/14/interview-i-have-learnt-a-lot-from-the-uk-johnny-lever/। আহৰণ কৰা হৈছে: 12 March 2014.
- ↑ "This johnny's levered to fame". Indian Express Newspaper (Bombay) Ltdfinancialexpress.com. http://www.financialexpress.com/old/fe/daily/20000321/fle19055.html। আহৰণ কৰা হৈছে: 25 October 2014.
- ↑ "17 Unknown Facts About Johnny Lever, The King Of Comedy". www.postoast.com. 12 October 2022. https://www.postoast.com/johnny-lever/&ved=2ahUKEwi6uprGidH7AhVy-DgGHfs0De8QFnoECBQQAQ&usg=AOvVaw28iC1CkV3N1MYcukISPaSm.[সংযোগবিহীন উৎস]
- ↑ "Happy Birthday Johny Lever: The Ultimate Comedy King - ABP LIVE". www.news.abplive.com. https://news.abplive.com/web-stories/happy-birthday-johny-lever-the-ultimate-comedy-king-1548023&ved=2ahUKEwjxkZacitH7AhWzzzgGHY_hBGE4FBAWegQICxAB&usg=AOvVaw3186Iidv0rW5DwfB-BNo36.
- ↑ "Johnny Lever on Phalke Awards". http://www.mid-day.com/videos/johnny-lever-on-phalke-awards/3660। আহৰণ কৰা হৈছে: 12 March 2014.
- ↑ "Johny Lever: The missing comic in Hindi films | Latest News & Updates at Daily News & Analysis". 9 October 2011. http://www.dnaindia.com/entertainment/report-johny-lever-the-missing-comic-in-hindi-films-1596571। আহৰণ কৰা হৈছে: 12 March 2014.
- ↑ "Johnny Lever Filmography". Dishant.com. Archived from the original on 2008-05-02. https://web.archive.org/web/20080502033420/http://www.dishant.com/cast/Johny-Lever.html। আহৰণ কৰা হৈছে: 2011-06-15.
- ↑ "Mangalore: Popular comedian Johnny Lever shoots for Tulu movie". Daijiworld Media Pvt Ltd Mangaloredaijiworld. http://www.daijiworld.com/news/news_disp.asp?n_id=205367। আহৰণ কৰা হৈছে: 25 August 2014.
- ↑ "Anbirkku Alavillai To Promote Marriage Counselling". http://movies.ndtv.com/movie_Story.aspx?id=ENTEN20110176288.
- ↑ "Comic relief – The Hindu". The Hindu. 15 March 2019. https://www.thehindu.com/entertainment/movies/johnny-lever-forys-into-kannada-films/article26541941.ece.
- ↑ "Zabaan Sambhalke – Episode# 29 – Goondaraj – Best Tv Show". 2015-10-11. https://www.youtube.com/watch?v=n8lNqWZXT2g&t=1040s। আহৰণ কৰা হৈছে: 2020-03-30.
- ↑ "Johny Aala Re, Bollywood comedian Johnny Lever, Zee TV show on Sify Max". Sify. http://sify.com/johny/index.php। আহৰণ কৰা হৈছে: 2011-06-14.
- ↑ "Sony innovates 'Comedy Circus'". Indiantelevision.com. 26 June 2007. http://www.indiantelevision.com/headlines/y2k7/june/june366.php। আহৰণ কৰা হৈছে: 30 March 2020.
- ↑ "Johny Lever to make his TV debut with Partners. Here's everything to know about the show" (en-US ভাষাত). The Indian Express. 2017-10-27. http://indianexpress.com/article/entertainment/television/johnny-lever-tv-debut-sab-tv-new-show-partners-watch-videos-4909357/.
- ↑ "14th August 1957: Popular Bollywood Actor and Comedian Johnny Lever is Born -". 2013-08-14. https://www.mapsofindia.com/on-this-day/14th-august-1957-popular-bollywood-actor-and-comedian-johnny-lever-is-born.
- ↑ "Johnny Lever's kid is college fest fave". Hindustantimes.com. 14 August 2010. Archived from the original on 12 April 2011. https://web.archive.org/web/20110412071545/http://www.hindustantimes.com/Johnny-Lever-s-kid-is-college-fest-fave/Article1-586612.aspx। আহৰণ কৰা হৈছে: 2011-06-14.
- ↑ "Johnny Lever, Bollywood Johnny Lever, Johnny Lever Movies". Surfindia.com. 7 January 1950. http://www.surfindia.com/celebrities/bollywood/johnny-lever.html। আহৰণ কৰা হৈছে: 2011-06-15.
- ↑ John, Ali (17 April 2012). "Johnny Lever turns preacher". Hindustan Times. Archived from the original on 1 March 2014. https://web.archive.org/web/20140301071401/http://www.hindustantimes.com/entertainment/tabloid/johnny-lever-turns-preacher/article1-1045697.aspx। আহৰণ কৰা হৈছে: 24 June 2014.
- ↑ "Johnny Lever's son has battled cancer, hence goes viral on social media". Ajjtak. https://www.aajtak.in/trending/photo/jesse-lever-son-of-jhonny-lever-can-debut-in-bollywood-481114-2017-07-12-1.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত জনী লিভাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- জনী লিভাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- জনী লিভাৰ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য