জন্মযাত্ৰা (নাট)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
জন্মযাত্ৰা
লিখক গোপাল আতা
চৰিত্ৰসমূহ কৃষ্ণ

কংস
বসুদেৱ

দৈৱকী
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

জন্মযাত্ৰা নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। জন্মযাত্ৰাখনিৰ ভাওনা শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত সত্ৰ আৰু সংহতি নিৰ্বিশেষে সকলোতে কৰা হয়। জন্মযাত্ৰাৰ উপসংহাৰ স্বৰূপ নন্দোৎসৱ বা পচতি (বোকা ভাওনা) উৎসৱো প্ৰায় সকলো সত্ৰতে পাতে।[1] নাটখনৰ মাজেৰে কৃষ্ণৰ জন্মৰ কাহিনী প্ৰকাশ পাইছে। বসুদেৱ আৰু দৈৱকীৰ বিবাহ যাত্ৰা পৰা আৰম্ভ কৰি শ্ৰীকৃষ্ণৰ জন্ম পৰ্যন্ত কাহিনীভাগ এই নাটৰ বিষয় আৰু নাটৰ পটভূমি ১০ম স্কন্ধ ভাগৱত। চৰিতকাৰ সকলে কৈ গৈছে যে গোপাল আতাই মাধৱদেৱৰ সাক্ষাতত কীৰ্ত্তন ঘৰৰ চৌহদৰ ভিতৰত 'জন্মযাত্ৰা'ৰ প্ৰথম ভাওনা কৰে।[2] জন্মযাত্ৰাৰ কাহিনীভাগ 'ভাগৱত পুৰাণ' আৰু 'মহাভাৰত'ত পোৱা যায় যদিও, গোপাল আতাই ইয়াৰ কাহিনীভাগ গ্ৰহণ কৰিছে শংকৰদেৱৰ 'দশমৰ পৰা গ্ৰহণ কৰিছে।[3] নাটখনত মুঠ ১টা সংস্কৃত শ্লোক আছে আৰু ভটিমা এটাও নাই। নাটত আশোৱাৰী, কানাৰা, পৰিতাল, গৌৰী, বিষমতাল, জৌতি, সুহাই, একতালি, বেলোৱাৰ, ধনশ্ৰী, তালু চুটা, ভাটিয়ালি, হ্ৰস্বক আদি ৰাগত ১৫টা মান গীত আছে। গীতবোৰ ধ্ৰুং আৰু পদত ভাগ কৰা।

চৰিত্ৰ[সম্পাদনা কৰক]

কাহিনী[সম্পাদনা কৰক]

জন্মযাত্ৰা নাটৰ আৰম্ভণিতে বসুমতীয়ে ব্ৰহ্মাৰ ওচৰলৈ আহি ক'লে যে দৈত্য দানৱৰ অত্যাচাৰত ভাৰ সহিব নোৱাৰা হৈছে। তেতিয়া ব্ৰহ্মাই দয়া পৰবশ হৈ দেৱতা সকলক লৈ ক্ষীৰোদধি নদীৰ পাৰলৈ গৈ হৰি আৰাধনা কৰিবলৈ ধৰিলে। দেৱতা সকলৰ আৰাধনাত সন্তুষ্ট হৈ হৰিয়ে সকলো দেৱতাক গোকুলত মানৱ ৰূপে দনম ল'বলৈ ক'লে। বিষ্ণুৱে শ্ৰীকৃষ্ণৰ অৱতাৰ হৈ ভূমিৰ ভাৰ হৰিব। যথাসময়ত মথুৰাৰ ৰজা উগ্ৰসেনৰ ভাতৃ দেৱকৰ পৰমা সুন্দৰী জীয়ৰীৰ বিবাহ বসুদেনৰ লগত দিবৰ বাবে মতাই আনিলে। দৈৱকী বসুদেৱৰ বিবাহ হোৱাৰ পিছত ভাতৃ কংসই অতি আনন্দৰে নিজেই ৰথ চলাই ভগ্নীক পতিগৃহত লৈ যাবলৈ ওলাল। এনেতে কংসই আকাশবাণী শুনিবলৈ পালে যে হে কংস তুমি যাক লৈ গৈ আছা তেওঁৰ গৰ্ভৰ অষ্টম সন্তানে তোমাক বধ কৰিব। এই কথা শুনি কংসই দৈৱকীৰ চুলি থাপ মাৰি ধৰি কাটিবলৈ ওলাল। বসুদেৱে কংসক অনুনয় বিনয় কৰি ক'লে যে দৈৱকীৰ বাবেতো তোমাৰ মৃত্যু নহয়, তেওঁৰ গৰ্ভৰ অষ্টম সন্তানেহে তোমাৰ মৃত্যুভয়, সেয়ে সকলো সন্তানৰ হ'লে কংসৰ হাতত তুলি দিব বুলি বসুদেৱে ক'লে। কংসই সিহঁতক কাৰাগাৰত বন্দী কৰি থৈ দিলে। যথাসময়ত দৈৱকীৰ প্ৰথম সন্তান কীৰ্তিমন্তৰ জন্ম হোৱাত বসুদেৱে সন্তানটিক কংসৰ হাতত তুলি দিলে। কংসই বসুদেৱৰ সততাক ভাল পালে আৰু সন্তানটিক ঘূৰাই দিলে কাৰণ তাৰপৰা কোনো ভয় নাই। অষ্টম সন্তানহে মৃত্যুৰ কাৰণ হ'ব। সেয়ে তাক তুলি দিলেই হ'ব বুলি কংসই ক'লে। নাৰদে দেৱকাৰ্য বিঘ্নিত হোৱাৰ আশংকাত কংসক পূৰ্বজন্মৰ কথা সোঁৱৰাই দিলে। নাৰদৰ কথাত কংস পতিয়ন গ'ল আৰু দৈৱকীৰ ছয়পুত্ৰক হত্যা কৰিলে। সপ্তম সন্তান গৰ্ভপাত হ'ল। সময় বাগৰি এদিন অষ্টম সন্তান কৃষ্ণৰ জন্ম হ'ল। জন্ম লৈয়ে শ্ৰীকৃষ্ণই চতুৰ্ভূজ বিষ্ণুৰ ৰূপ ধাৰণ কৰি পূৰ্বজনমৰ সকলো কথা ক'লে। এতিয়া বিধিৰ বিধান মতে ৰংসৰ কোপ দৃষ্টিৰ পৰা ৰক্ষা পাবৰ বাবে কৃষ্ণক নি নন্দ ৰজাৰ ঘৰত থব লাগে আৰু নন্দ ৰজাৰ ঘৰত জন্ম লোৱা যোগমায়াক লৈ আহিব লাগে। কথাখিনি কৈ কৃষ্ণই সাধাৰণ শিশুৰ ৰূপ ধাৰণ কৰিলে। বসুদেৱে কৃষ্ণক যমুনা নদী পাৰ হৈ নন্দ ৰজাৰ ঘৰত থৈ আহিল আৰু যোগমায়াক লগত লৈ আহি দৈৱকীৰ কোলাত দিয়াৰ লগে লগে শিশুটিৰ কান্দোনত দ্বাৰ ৰক্ষীহঁত সকলোৱে সাৰ পাই উঠিল আৰু সন্তান জন্ম হোৱাৰ কথা কংসক ক'লেগৈ। কংসই আহি নিৰ্মমভাৱে শিশুটিক হত্যা কৰিবলৈ লওঁতেই যোগমায়াই কংসৰ হাতৰ পৰা এৰা খাই আকাশমাৰ্গ পালেগৈ আৰু কংসক সাবধান বাণী শুনালে যে তেওঁৰ প্ৰাণবৈৰী ইতিমধ্যেই জন্ম লৈছে আৰু দুখুনী দৈৱকীক মিছাকৈ হিংসা কৰিছে। কংসই ভয়ত ত্ৰস্তমান হৈ বসুদেৱ দৈৱকীৰ ওচৰলৈ গৈ ক্ষমা মাগি কাৰাগাৰৰ পৰা মুক্তি দিলে। ইফালে গোকুলত কৃষ্ণক জন্ম হোৱাৰ বাবে গোটেই গোকুল আনন্দ উৎসৱত মতলীয়া হ'ল আৰু সকলো গোপ গোপিনীয়ে সাজি কাচি আনন্দত মতলীয়া হ'ল।[4]

গোপাল আতাৰ চমু পৰিচয়[সম্পাদনা কৰক]

শংকোৰত্তৰ যুগৰ এগৰাকী বিশিষ্ট নাট্যকাৰ গোপাল আতা মাধৱদেৱৰ এজন শিষ্য। গোপাল আতা অকল নাট্যকাৰ আৰু ধৰ্মপ্ৰচাৰকে নাছিল, কবিও আছিল। মাধৱদেৱে পতা ১২ জন ধৰ্মাচাৰ্যৰ ভিতৰত গোপালদেৱ অন্যতম। ১৫৬৪ খ্ৰীষ্টাব্দত উজনিৰ গড়গাঁৱৰ ওচৰত তেখেতৰ জন্ম হয়। গোপাল আতাৰ পিতৃৰ নাম আছিল কামেশ্বৰ ভূঞা আৰু মাকৰ নাম আছিল ব্ৰজাঙ্গী। গোপাল আতা আছিল কাল সংহতিৰ প্ৰতিষ্ঠাপক। এওঁক "কথাৰ সাগৰ" বুলিও জনা যায়। মাধৱদেৱৰ পিছত এওঁ নিজে ভৱানীপুৰত থাকি ধৰ্মৰ গুৰি বঠা ধৰে। গোপাল আতাই 'জন্মযাত্ৰা'ৰ উপৰিও 'উদ্ধৱযান' নাট ৰচনা কৰিছিল।[5]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. দেৱগোস্বামী, কেশৱানন্দ (নবেম্বৰ, ১৯৭৯). "ভূমিকা". অংকমালা. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ২৪. 
  2. ভট্টাচাৰ্য, হৰিচন্দ্ৰ (১৯৮৮). "শ্ৰীমাধৱদেৱ". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৫২-৫৫. 
  3. শৰ্মা, ড॰ সত্যেন্দ্ৰনাথ (২০১১). "গোপাল আতা". অসমীয়া নাট্য সাহিত্য. প্ৰকাশক গুৱাহাটী: সৌমাৰ প্ৰিণ্টিং এণ্ড পাব্লিসিং প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ৮৭. 
  4. গোপাল আতা. জন্মযাত্ৰা. 
  5. শৰ্মা, ড॰ সত্যেন্দ্ৰনাথ (২০১১). "গোপাল আতা". অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৬৮.