জন্মৰহস্য
জন্মৰহস্য মাধৱদেৱ বিৰচিত এখন তত্ত্বমূলক গ্ৰন্থ। শংকৰদেৱৰ কথামতে মাধৱদেৱে এই গ্ৰন্থ ৰচনা কৰিছিল। ই মাধৱদেৱৰ আগ বয়সৰ ৰচনা। প্ৰথমে এই পুথিত ৭০০ পদ আছিল। পিছত শংকৰদেৱৰ কথামতে পুনৰ লিখি ৪০০ পদত লিখি উলিয়ায়।[1]
পটভূমি
[সম্পাদনা কৰক]শংকৰদেৱে জীৱনৰ শেষ কালছোৱাৰ অধিকাংশ সময় কোচবেহাৰত কোচ ৰজাৰ পৃষ্ঠপোষকতাত পাৰ কৰিছিল। সদায় কৃষ্ণ কথা চৰ্চা কৰি এখন সাম্যবাদী সমাজ গঠনত ৰত হৈ থকাৰ সময়তে এদিন কোচ যুৱৰাজ চিলাৰায় আৰু তেওঁৰ পত্নী ভূৱনেশ্বৰী আইএ শ্ৰীকৃষ্ণৰ জন্মৰহস্যৰ উৎপত্তি, লীলা আৰু প্ৰলয়ৰ সকলো কথা পদত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।[1] গুৰুজনাই বৰপেটালৈ গৈ তাতেই সেই পদ ৰচনা কৰিব বুলি কথা দি বৰপেটালৈ উভতি আহিছিল আৰু মাধবদেৱক জন্মৰহস্য পুথি ৰচনা কৰিবলৈ কৈছিল। প্ৰথমাৱস্থাত এনে কঠিন কাৰ্য কৰিব নোৱাৰিব বুলি মাধবদেৱে আপত্তি কৰিছিল যদিও গুৰু বাক্য মানি মূল ভাগৱতৰ কথাৰে পদবন্ধে জন্মৰহস্য পুথি ৰচনা কৰিছিল।[2][3] অৱশ্যে সুচন্দ্ৰ ভাৰতীৰ ভণিতাযুক্ত জন্মৰহস্য নামৰ পুথি এখনো অসমীয়া সাহিত্য ভাণ্ডাৰত পোৱা গৈছে।[3]
বিষয়বস্তু
[সম্পাদনা কৰক]জন্মৰহস্য পুথিৰ বিষয়বস্তু মূল ভাগৱতৰ পৰা লোৱা হৈছে। ইয়াত শ্ৰীকৃষ্ণৰ জন্ম আৰু লোককল্যাণৰ নিমিত্তে কৰা অৱতাৰী লীলাৰ বৰ্ণনা কৰা হৈছে। পুথিৰ শেষৰ ফালে হৰিনাম-কীৰ্তনৰ মাহাত্ম্য বৰ্ণনা কৰি চাৰিও যুগৰ ভিতৰতে কলিযুগ সৰ্বশ্ৰেষ্ঠ বুলি মত আগবঢ়োৱা হৈছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 বেজবৰুৱা, লক্ষ্মীনাথ (১৯৯৫). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৯৮.
- ↑ ঠাকুৰ, দৈত্যাৰী (২০০৪ তৃতীয় প্ৰকাশ). মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰিত্ৰ. দত্তবৰুৱা পাব্লিছিং কোম্পানী প্ৰা: লি:. পৃষ্ঠা. ১৭৪, ১৭৫.
- ↑ 3.0 3.1 নেওগ, ডিম্বেশ্বৰ (১৯৯৯). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশন. পৃষ্ঠা. ১৯২.
- ↑ "শ্ৰীকৃষ্ণৰ জন্ম ৰহস্য". https://as.wikisource.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%B0_%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A7%B0%E0%A6%B9%E0%A6%B8%E0%A7%8D%E0%A6%AF। আহৰণ কৰা হৈছে: 21 June 2025.