জন পিটাৰ ৱেড
অৱয়ব
জন পিটাৰ ৱেড (John Peter Wade, জ.১৭৬২-মৃ.২৪.১੦.১৮੦২) এগৰাকী ব্ৰিটিছ লেখক আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এছিছটেণ্ট ছাৰ্জন৷[1]
কেপ্টেইন ৱেলছৰ লগত অসমলৈ আহি ইয়াত ডেৰ বছৰ থাকি তেওঁ এন একাউণ্ট অৱ আছাম (An Account of Assam) নামৰ গ্ৰন্থখন ৰচনা কৰে৷ ১৭৯৮ চনত তেওঁ পুনৰ অসমলৈ আহে আৰু এ জিওগ্ৰাফিকেল স্কেট্ছ অৱ আছাম (A Geographical Sketch of Assam) নামৰ আন এখন গ্ৰন্থ ৰচনা কৰে৷ তেওঁ চিকিৎসাবিজ্ঞান বিষয়ৰো তিনিখন গ্ৰন্থ ৰচনা কৰিছিল৷ তেওঁ ৰয়েল এছিয়াটিক ছচাইটী অৱ বেংগলৰ সদস্য নিৰ্বাচিত হৈছিল৷[1]
১৮੦২ চনৰ ১੦ অক্টোবৰত তদানীন্তন বংগদেশৰ মেদিনীপুৰত তেওঁৰ দেহাৱসান ঘটে৷[1]