জন বস্ক'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Saint John Bosco
Confessor, Founder,
"Father and Teacher of Youth"
জন্ম ১৬ আগষ্ট, ১৮১৫
Castelnuovo d'Asti, Piedmont, ছাৰ্ডিনিয়া
মৃত্যু ৩১ জানুৱাৰী, ১৮৮৮ (৭২ বছৰ)
টুৰিন, ইটালী
Beatified 2 June 1929[1], Rome by Pius XI
Canonized 1 April 1934, Rome by Pius XI
Major shrine Basilica of Our Lady Help of Christians, Turin, Italy
Feast 31 January
Patronage Christian apprentices, editors, publishers, schoolchildren, young people, magicians, juvenile delinquents

ছেইণ্ট জন বস্ক’ (ইটালিয়ান:Giovanni Melchiorre Bosco; ১৬ আগষ্ট,১৮১৫[2] – 31 January 1888[3][4] - ৩১ জানুৱাৰী, ১৮৮৮; সৰ্বাধিক সমাদৃত নাম ছেইণ্ট ডন বস্ক’) ১৯ শতিকাৰ এজন ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ আছিল। তেখেতে টুৰিনত কাম কৰি থকা কালত উদ্যোগীকৰণ, আৰু নগৰকৰণৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ লক্ষ্য কৰে। তেতিয়া তেখেতে নিজৰ জীৱন পথৰ শিশু আৰু আন সুবিধাহীন ল'ৰা-ছোৱালীৰ বাবে উছৰ্গা কৰে। তেখেতে শাস্তিৰ সলনি মৰম ব্যৱহাৰ কৰা এক শিক্ষা পদ্ধতি বিকাশ কৰে যাক Salesian Preventive System বোলা হয়।[5] Saint Francis de Sales অনুগামী বস্ক'ই টুৰিনত Salesians of Don Bosco মুকলি কৰোঁতে প্ৰতিষ্ঠানটো সেইজনৰ নামতে উছৰ্গা কৰে।[6] Maria Domenica Mazzarello-ৰ সৈতে মিলি তেখেতে Salesian Sisters of Don Bosco নামৰ দুখীয়া ছোৱালীৰ সেৱা আৰু শিক্ষাৰ হকে কাম কৰা এটা ধাৰ্মিক প্ৰতিষ্ঠান মুকলি কৰে।

১৮৭৬ চনত তেখেতে দুখীয়াৰ শিক্ষাৰ বাবে Association of Salesian Cooperators আৰম্ভ কৰে।[7] ১৮৭৫ চনত তেখেতে Salesian Bulletin প্ৰকাশ কৰিবলৈ লয়।[8][9] এই পত্ৰ এতিয়াও ৫০টা সংস্কৰণ আৰু ৩০ টা ভিন্ন ভাষাত প্ৰকাশ পাই আহিছে।[8]

বস্ক'ই তেখেতৰ কাম আগবঢ়াই নিবলৈ সংগঠন আৰু কেন্দ্ৰৰ গোট খোলে। ১৯২৯ চনত তেখেতৰ মৃত্যুৰ (beatification) পাছত ১৯৩৪ চনত পোপ পায়াছ একাদশে তেখেতক saint ঘোষণা কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Saxton, Eugene. "St. Giovanni Melchior Bosco." The Catholic Encyclopedia. Vol. 2. New York: Robert Appleton Company, 1907. 9 Feb. 2014
  2. Lemoyne, Amadei & Ceria 1965–1988, Volume I, 1815 – 1840, p. 26
  3. Coulter, Myers & Varacalli 2012
  4. Saint of the Day, 31 January: John Bosco SaintPatrickDC.org. Retrieved 2012-03-09.
  5. Morrison 1999, পৃষ্ঠা 51
  6. Farmer 2004, পৃষ্ঠা 121
  7. "Salesian Cooperators". Salesians of Don Bosco, Province of Mary Help of Christians, Melbourne. Archived from the original on 20 February 2011. https://web.archive.org/web/20110220072626/http://www.salesians.org.au/index.php?option=com_content&view=article&id=72&Itemid=95। আহৰণ কৰা হৈছে: 9 March 2012. 
  8. 8.0 8.1 "The Salesian Bulletin in the World". Eircom.net, Dublin. http://homepage.eircom.net/~sdbmedia/bulletin/sdb_bull_world.htm। আহৰণ কৰা হৈছে: 2 May 2010. 
  9. Lemoyne, Amadei & Ceria 1965–1988, Volume XIII (1877–1878), p. 191