জন বাহা দ্যাঃ যাত্ৰা
জন বাহা দ্যাঃ যাত্ৰা হৈছে নেপালৰ কাঠমাণ্ডুত প্ৰতি বছৰে অনুষ্ঠিত হোৱা কৰুণা বোধিসত্ত্ব জনবাহা দ্যাহৰ ৰথ শোভাযাত্ৰা। চন্দ্ৰ নেপাল যুগৰ চান্দ্ৰ পঞ্জিকাৰ ষষ্ঠ মাহ চাউলা (चौলা)ৰ শুক্লপক্ষৰ দশম দিনত ই আৰম্ভ হয়।
বৌদ্ধ দেৱতাক সংস্কৃতত আৰ্যৱলোকিতেশ্বৰ নামেৰে জনা যায় আৰু চীনা ভাষাত বগা মচেন্দ্ৰনাথ বা শুভ্ৰ কৰুণাময় আৰু গুয়ায়িন বুলিও জনা যায়। বিশ্বাস কৰা হয় যে বাৰ্ষিক শোভাযাত্ৰা আৰম্ভ কৰা হৈছিল যাতে তেওঁৰ মন্দিৰলৈ যাব নোৱাৰা চহৰবাসীয়ে এই প্ৰতিমূৰ্তিৰ শোভা দৰ্শন কৰিব পাৰে।[1][2]
ইতিহাস
[সম্পাদনা কৰক]ইয়াত এটা পৰম্পৰা আছে যে জনবাহা দ্যাহৰ প্ৰতিমূৰ্তি জন বাহাত থকা মন্দিৰ “কেল টোল’’ত ৰখা হৈছিল, যিটো জামালৰ পৰা উদ্ধাৰ কৰা হৈছিল। সেয়েহে ইয়াৰ পৰাই ৰথ শোভাযাত্ৰা আৰম্ভ হয়। ষষ্ঠ শতিকাত আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয় যদিও এই উৎসৱৰ উৎপত্তি কিমান আগৰ পৰা হৈছিল কোনেও নাজানে। বুৰঞ্জীত দেখা গৈছে যে ১৭ শতিকাত ইতিমধ্যে ই সুপ্ৰতিষ্ঠিত আছিল।[3][4]
এটা কিংবদন্তিত কোৱা হৈছে যে, কৰুণাময়ক পথাৰত এজন জ্যাপু (নেৱাৰ সম্প্ৰদায়ৰ কৃষক) লোকে জামালত ৰথ তৈয়াৰ কৰি থকা অৱস্থাত সেই ঠাইতে পাইছিল।
শোভাযাত্ৰা
[সম্পাদনা কৰক]উৎসৱৰ সময়ত জনবাহা দ্যাহৰ প্ৰতিমূৰ্তি জন বাহাত থকা তেওঁৰ মন্দিৰৰপৰা উলিয়াই ঘূৰাই লৈ ফুৰিব পৰা মন্দিৰত দৰবাৰ মাৰ্গলৈ লৈ যোৱা হয় য’ৰপৰা প্ৰকৃত শোভাযাত্ৰা আৰম্ভ হয়। তাত ইয়াক চকাৰে টনা দৌলৰ আকৃতিত নিৰ্মাণ কৰা ৰথত স্থাপন কৰা হয়। ৰথৰ উচ্চতা ৩৫ ফুট।
যেতিয়া প্ৰতিমূৰ্তিটো ৰথত ৰখা হয়, তেতিয়া কানছাকাৰ জাতিৰ সংগীতজ্ঞৰ এটা দলে নিজৰ দীঘলীয়া শিঙাত চুটি ধ্বনি বজাই স্থাপনৰ কথা ঘোষণা কৰে। একে সময়তে প্ৰাচীন ইউনিফৰ্ম পৰিহিত সৈনিকৰে গঠিত আনুষ্ঠানিক সন্মানৰ প্ৰহৰী গুৰুজু পল্টনে মাস্কেটেৰে ফেউ ডি জ’(বাদ্য সংগীত) বজায়। ইয়াৰ পিছত সমদলটোৱে মিউজিকেল বেণ্ডৰ সৈতে মধ্য কাঠমাণ্ডুৰ মাজেৰে ৰথখন টানি আনে।
এই যাত্ৰা তিনিটা পৰ্যায়ত সম্পন্ন কৰা হয় যাতে ভক্তসকলে ভক্তি জ্ঞাপন কৰিব পাৰে। উপাসকসকলে য’তেই ৰথ ৰৈ যায় তাতেই দেৱতাক সন্মান জনোৱাৰ বাবে প্ৰসাদৰ ট্ৰে আৰু ঘিউৰ চাকি জ্বলাই আনে। এই উপলক্ষ্যে মিঠা মাৰ্জোৰাম ফুল (মুস্ৱান) বিশেষ প্ৰসাদ।
যাত্ৰাপথ
[সম্পাদনা কৰক]
প্ৰথমদিনাই ৰথখন জামাল, দৰবাৰ মাৰ্গৰপৰা ভোটাহিটি হৈ আছানলৈ টানি অনা হয় য’ত ই ৰাতিটো ৰৈ যায়। পাছদিনা ৰথখন ইন্দ্ৰ চ’কৰ মাজেৰে টানি কাঠমাণ্ডু দৰবাৰ চৌহদলৈ লৈ যোৱা হয় আৰু তাতেই দ্বিতীয়টো বিৰতি লয়। তৃতীয় দিনা ৰথখন মাৰু আৰু চিকা: মুঘা: চিকান মুগালৰ মাজেৰে কাঠমাণ্ডুৰ ঐতিহাসিক অংশৰ দক্ষিণ মূৰত থকা লগানলৈ টানি অনা হয়।
তাত জনবাহা দ্যাৰ মাতৃ বাস কৰা মন্দিৰটো ৰথে তিনি পাক প্ৰদক্ষিণ কৰাৰ পাছত শোভাযাত্ৰাৰ অন্ত পৰে। তাৰ পিছত মূৰ্তিটোক পুনৰ জনবাহাৰ মন্দিৰলৈ লৈ যোৱা হয় আৰু ৰথখন ভাঙি পেলোৱা হয় আৰু ইয়াৰ অংশসমূহ অহা বছৰৰ বাবে জমা কৰা হয়[5][6]
তিনিদিনীয়া এই সমদল কাঠমাণ্ডুৰ দুটা মহান ৰথ উৎসৱৰ ভিতৰত অন্যতম, আনটো হ’ল কুমাৰী যাত্ৰাৰ সময়ত কৰা য়েনিয়া পুঁহি। জনবাহা দ্যাহৰ ৰথ শোভাযাত্ৰাৰ তাৰিখ চন্দ্ৰ পঞ্জিকা অনুযায়ী পালন কৰাৰ বাবে পৰিৱৰ্তনশীল।
বুংগা দ্যাহ যাত্ৰা নামেৰে জনাজাত একেধৰণৰ ৰথ শোভাযাত্ৰা ললিতপুৰ আৰু দোলাখাত এপ্ৰিল–মে' মাহত উদ্যাপন কৰা হয়।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Locke, S.J., John K.. "Newar Buddhist Initiation Rites". INAS Journal. https://www.scribd.com/doc/54318635/1John-Locke-Newar-Buddhist-Initiation-Rites। আহৰণ কৰা হৈছে: 18 April 2013. Page 2.
- ↑ Yoshizaki, Kazumi (2006). "The Kathmandu Valley as a Water Pot: Abstracts of research papers on Newar Buddhism in Nepal". https://www.scribd.com/doc/30857088/Yoshizaki-Kazumi-NewarBuddhism। আহৰণ কৰা হৈছে: 18 April 2013. Page 5.
- ↑ Locke, John K. (1985). Buddhist Monasteries of Nepal: A Survey of the Bahas and Bahis of the Kathmandu Valley. প্ৰকাশক Kathmandu: Sahayogi Press. পৃষ্ঠা. 311, 313.
- ↑ Bajracharya, Munindra Ratna (2008). "The Chariot Festival Of White Karunamaya". The Rising Nepal. Archived from the original on 3 July 2013. https://archive.today/20130703154835/http://www.gorkhapatra.org.np/gopa.detail.php?article_id=48437&cat_id=10.
- ↑ Lewis, Todd Thornton (1984). The Tuladhars of Kathmandu: A Study of Buddhist Tradition in a Newar Merchant Community. Columbia University. পৃষ্ঠা. 425.
- ↑ Sangal, Naresh Chandra; Sangal, Prakash (1998). Glimpses of Nepal. APH Publishing. পৃষ্ঠা. 30. ISBN 9788170249627.
- ↑ Tuladhar, Amrit Ratna. "Dolakha Karunamaya". Redstar. http://redstarnepal.com/newsdetail.php?id=1167। আহৰণ কৰা হৈছে: 28 April 2013.