জন ষ্টুৱাৰ্ট মিল
| জন ষ্টুৱাৰ্ট মিল | |
|---|---|
মিলৰ প্ৰতিচ্ছবি | |
| জন্ম | ২০ মে, ১৮০৬ |
| মৃত্যু | ৭ মে, ১৮৭৩ |
| ৰাষ্ট্ৰীয়তা | ইংৰাজ |
| উল্লেখযোগ্য কৰ্ম | ১. On Liberty |
জন ষ্টুৱাৰ্ট মিল (ইংৰাজীঃ John Stuart Mill; ২০ মে' ১৮০৬ - ৭ মে' ১৮৭৩) এজন ইংৰাজ দাৰ্শনিক, ৰাজনৈতিক অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু অসামৰিক সেৱাৰ বিষয়া আছিল। উদাৰতাবাদ আৰু সামাজিক উদাৰতাবাদৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে তেওঁ সামাজিক তত্ত্ব, ৰাজনৈতিক তত্ত্ব আৰু ৰাজনৈতিক অৰ্থনীতিলৈ ব্যাপক অৱদান আগবঢ়াইছিল।[1][2] ষ্টেনফৰ্ড এনচাইক্লোপিডিয়া অৱ ফিলোচফি দ্বাৰা "ঊনবিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী ইংৰাজী ভাষী দাৰ্শনিক" বুলি অভিহিত কৰা মিলে সীমাহীন ৰাষ্ট্ৰ আৰু সামাজিক নিয়ন্ত্ৰণৰ বিৰুদ্ধে ব্যক্তিৰ স্বাধীনতাক এক ন্যায্যতা হিচাপে বিবেচনা কৰিছিল।[3][4] তেওঁ আনুপাতিক প্ৰতিনিধিত্ব, নাৰী মুক্তি, শ্ৰমিক সংগঠন আৰু কৃষি সমবায়ৰ বিকাশৰ দৰে ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ পোষকতা কৰিছিল।
কলম্বিয়া এনচাইক্ল'পিডিয়াত মিলক এনেদৰে বৰ্ণনা কৰা হৈছে যে তেওঁ মাজে-সময়ে "সমাজবাদৰ ওচৰ চাপিছিল, যিটো তত্ত্ব তেওঁৰ পূৰ্বসূৰীসকলৰ বাবে অতি বিতৃষ্ণাদায়ক আছিল।"[5] তেওঁৰ পূৰ্বসূৰী জেৰেমি বেন্থামে গঢ় দিয়া 'উপযোগিতাবাদ' নামৰ নৈতিক তত্ত্বটোৰ তেওঁ এজন প্ৰধান সমৰ্থক আছিল। বৈজ্ঞানিক পদ্ধতিৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰলৈকো তেওঁৰ উল্লেখনীয় অৱদান আছিল। পিছে এই বিষয়ত তেওঁৰ জ্ঞান মূলতঃ আনৰ লেখনিৰ ওপৰতেই নিৰ্ভৰশীল আছিল— বিশেষকৈ উইলিয়াম হোৱেল, জন হাৰ্ছেল আৰু অগাষ্ট কঁটৰ ৰচনাৰাজি, লগতে আলেকজেণ্ডাৰ বেইনে তেওঁৰ হৈ কৰা গৱেষণাৰ ওপৰত। আনকি হোৱেলৰ সৈতে তেওঁৰ লিখিত ৰূপত বিতৰ্কও চলিছিল।[3]
লিবাৰেল পাৰ্টিৰ সদস্য তথা প্ৰাৰম্ভিক সময়ৰ অন্যতম নাৰীবাদী গ্ৰন্থ 'দ্য ছাবজেকচন অৱ ৱিমেন' (১৮৬৯)-ৰ সহ-লেখক আছিল মিল। আনকি, ১৮৩২ চনত হেনৰী হাণ্টৰ পাছতেই নাৰীৰ ভোটাধিকাৰৰ সপক্ষে মাত মতা তেওঁ আছিল সংসদৰ দ্বিতীয়জন সাংসদ।[6][7]১৮৫৯ চনত প্ৰকাশিত তেওঁৰ প্ৰবন্ধ 'অন লিবাৰ্টি'ত (On Liberty) দাঙি ধৰা ধাৰণাসমূহ আজিও বহুতো ৰাজনৈতিক চিন্তাধাৰাৰ মূল ভেটি হৈ আছে। আনকি, মিলৰ নিজৰ দলটোৰেই উত্তৰাধিকাৰী হিচাপে পৰিচিত 'লিবাৰেল ডেমক্ৰেট' দলৰ সভাপতিজনক তেওঁৰ পদবী আৰু দায়িত্বভাৰৰ প্ৰতীক হিচাপে এই গ্ৰন্থখনৰ এটি প্ৰতিলিপি অৰ্পণ কৰা হৈছিল।[8][9]
জীৱনী
[সম্পাদনা কৰক]স্কটিছ দাৰ্শনিক, বুৰঞ্জীবিদ তথা অৰ্থনীতিবিদ জেমছ মিল আৰু হেৰিয়েট বেৰ'ৰ জ্যেষ্ঠ পুত্ৰ জন ষ্টুৱাৰ্ট মিলৰ জন্ম হৈছিল পেণ্টনভিলৰ ১৩ নং ৰডনি ষ্ট্ৰীটত। সেই সময়ত এই ঠাইখন ৰাজধানী চহৰখনৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চল আছিল যদিও বৰ্তমান ই মধ্য লণ্ডনৰ অন্তৰ্গত। দেউতাকৰ তত্ত্বাৱধানতেই জন ষ্টুৱাৰ্টে শিক্ষা গ্ৰহণ কৰিছিল, য'ত জেৰেমি বেন্থাম আৰু ফ্ৰান্সিছ প্লেচে পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে, দেউতাক জেমছ মিলে এসময়ত বেন্থামৰ হৈ নেপথ্যৰ লেখক (ঘ'ষ্টৰাইটাৰ) হিচাপেও কাম কৰিছিল। [10] তেওঁক অতি কঠোৰ নীতি-নিয়ম আৰু অনুশাসনৰ মাজেৰে ডাঙৰ-দীঘল কৰা হৈছিল। আনকি, নিজৰ ভাই-ভনীৰ বাহিৰে সমবয়সীয়া আন ল'ৰা-ছোৱালীৰ লগত মিলা-মিছা কৰাৰ পৰাও তেওঁক ইচ্ছাকৃতভাৱে দূৰত ৰখা হৈছিল। তেওঁৰ পিতৃ আছিল বেন্থামৰ অনুগামী আৰু 'অনুষঙ্গবাদ'ৰ (associationism) সমৰ্থক। পিতৃৰ এটা স্পষ্ট লক্ষ্য আছিল— পুত্ৰক এনে এক অসাধাৰণ মেধাৱী ৰূপত গঢ়ি তোলা, যিয়ে তেওঁ আৰু বেন্থামৰ মৃত্যুৰ পাছতো উপযোগিতাবাদৰ ধাৰণা আৰু ইয়াৰ প্ৰসাৰৰ কাম অবিৰতভাৱে আগুৱাই নিব পাৰে।[11]
শৈশৱৰে পৰাই মিল আছিল অসাধাৰণ মেধাৰ অধিকাৰী। নিজৰ আত্মজীৱনীত তেওঁ শিক্ষাগ্ৰহণৰ দিনবোৰৰ কথা বৰ্ণনা কৰি গৈছে। মাত্ৰ তিনি বছৰ বয়সতেই তেওঁক গ্ৰীক ভাষাৰ শিক্ষা দিয়া হৈছিল। [12]আঠ বছৰ বয়সৰ ভিতৰতেই তেওঁ 'ইছপৰ সাধু', জেনোফনৰ 'এনাবাচিছ' আৰু হেৰোডটাছৰ সমগ্ৰ ৰচনা পঢ়ি শেষ কৰিছিল। কেৱল সেয়াই নহয়, সেই কুমলীয়া বয়সতেই তেওঁ লুচিয়ান, ডায়োজিনিছ লেয়াৰ্টিয়াছ, আইছ'ক্ৰেটিছৰ ৰচনাৱলী আৰু প্লেটোৰ ছখনকৈ 'ডায়লগ'ৰ সৈতেও পৰিচিত হৈ পৰিছিল।[12] ইয়াৰ উপৰিও তেওঁ ইংৰাজী ভাষাত ইতিহাসৰ ভালেমান সমল অধ্যয়ন কৰিছিল আৰু তেওঁক পাটীগণিত, পদাৰ্থবিজ্ঞান তথা জ্যোতিৰ্বিজ্ঞানৰো শিক্ষা প্ৰদান কৰা হৈছিল।
আঠ বছৰ বয়সত মিলে লেটিন ভাষা, ইউক্লিডৰ ৰচনা আৰু বীজগণিতৰ অধ্যয়ন আৰম্ভ কৰাৰ লগতে পৰিয়ালৰ সৰু ভাই-ভনীহঁতক পঢ়ুৱাবৰ বাবে শিক্ষকৰ দায়িত্বও গ্ৰহণ কৰিছিল। যদিও ইতিহাসেই তেওঁৰ অধ্যয়নৰ মূল বিষয় আছিল, তথাপিও শিক্ষানুষ্ঠানত সাধাৰণতে পঢ়োৱা প্ৰায়বোৰ লেটিন আৰু গ্ৰীক লেখকৰ ৰচনা তেওঁ পঢ়ি শেষ কৰিছিল। আনকি, দহ বছৰ বয়সৰ ভিতৰতেই তেওঁ প্লেটো আৰু ডেম'স্থেনিছৰ ৰচনাসমূহো অনায়াসে পঢ়ি আয়ত্ত কৰিব পৰা হৈছিল। দেউতাকে আকৌ মিলৰ বাবে কবিতা চৰ্চা আৰু ৰচনা কৰাটোও সমানেই গুৰুত্বপূৰ্ণ বুলি ভাবিছিল। তেওঁৰ একেবাৰে প্ৰাৰম্ভিক কাব্যিক ৰচনাসমূহৰ ভিতৰত এটা আছিল মহাকাব্য 'ইলিয়াড'ৰ কাহিনীভাগক আগুৱাই নি লিখা এক প্ৰয়াস। আজৰি সময়খিনিত তেওঁ প্ৰাকৃতিক বিজ্ঞানৰ লগতে 'ডন কুইকচোট' আৰু 'ৰবিনছন ক্ৰুচ'ৰ দৰে জনপ্ৰিয় উপন্যাস পঢ়িও আনন্দ লাভ কৰিছিল।
১৮১৮ চনত তেওঁৰ পিতৃৰ গ্ৰন্থ 'দ্য হিষ্ট্ৰী অৱ ব্ৰিটিছ ইণ্ডিয়া' (The History of British India) প্ৰকাশ পায়। ইয়াৰ ঠিক পাছতেই, প্ৰায় বাৰ বছৰ বয়সত মিলে পৰম্পৰাগত তৰ্কশাস্ত্ৰৰ (scholastic logic) গভীৰ অধ্যয়ন আৰম্ভ কৰে আৰু একে সময়তে এৰিষ্টটলৰ তৰ্কশাস্ত্ৰ বিষয়ক ৰচনাসমূহো তাৰ মূল ভাষাতেই পঢ়িবলৈ লয়। পৰৱৰ্তী বছৰটোত তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ সৈতে পৰিচিত হয় আৰু দেউতাকৰ তত্ত্বাৱধানত আডাম স্মিথ তথা ডেভিদ ৰিকাৰ্ডোৰ ধাৰণাসমূহ অধ্যয়ন কৰে। ইয়াৰ জৰিয়তে তেওঁ অৱশেষত এই অৰ্থনীতিবিদসকলৰ 'উৎপাদনৰ কাৰক' সম্পৰ্কীয় ধ্ৰুপদী অৰ্থনৈতিক দৃষ্টিভংগীটো আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।
মিলে দৈনিক গ্ৰহণ কৰা অৰ্থনীতিৰ পাঠসমূহৰ ওপৰত প্ৰস্তুত কৰা লিখিত টোকা বা প্ৰতিবেদনসমূহৰ সহায়তেই ১৮২১ চনত তেওঁৰ পিতৃয়ে 'এলিমেন্টছ অৱ পলিটিকেল ইকনমি' (Elements of Political Economy) নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। ডেভিদ ৰিকাৰ্ডোৰ অৰ্থনৈতিক ধাৰণাসমূহৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে ৰচিত এইখন এখন পাঠ্যপুথি আছিল, অৱশ্যে গ্ৰন্থখনে বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম নহ'ল। [13] দেউতাকৰ এজন ঘনিষ্ঠ বন্ধু ৰিকাৰ্ডোৱে মিলক প্ৰায়ে নিজৰ ঘৰলৈ মাতি নিছিল আৰু দুয়ো একেলগে খোজ কাঢ়ি কাঢ়ি ৰাজনৈতিক অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিছিল।
চৈধ্য বছৰ বয়সত মিলে ফ্ৰান্সলৈ গৈ জেৰেমি বেন্থামৰ ভাতৃ ছাৰ চেমুৱেল বেন্থামৰ পৰিয়ালৰ সৈতে এবছৰ কাল অতিবাহিত কৰিছিল। সেই সময়ছোৱাত তেওঁ জৰ্জ এনচৰৰ সান্নিধ্যও লাভ কৰিছিল, যিজনে তেতিয়া থমাছ মালথাছৰ ৰাজনৈতিক অৰ্থনীতিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা আৰু তৰ্কযুদ্ধ চলাই আছিল। [14] [15] তাত দেখা পোৱা পাহাৰীয়া দৃশ্যৰাজিয়ে তেওঁৰ মনত পাহাৰীয়া প্ৰকৃতিৰ প্ৰতি এক আজীৱন অনুৰাগৰ সৃষ্টি কৰিছিল। ফৰাচীসকলৰ প্ৰাণৱন্ত আৰু আন্তৰিকতাপূৰ্ণ জীৱনশৈলীয়েও তেওঁৰ মনত গভীৰ সাঁচ বহুৱাইছিল। মণ্টপেলিয়াৰত থকা সময়ছোৱাত তেওঁ 'বিজ্ঞান অনুষদ'ত (Faculté des Sciences) ৰসায়ন বিজ্ঞান, প্ৰাণীবিজ্ঞান আৰু তৰ্কশাস্ত্ৰৰ শীতকালীন পাঠ্যক্ৰম গ্ৰহণ কৰাৰ লগতে উচ্চ গণিতৰো এটা পাঠ্যক্ৰম অধ্যয়ন কৰিছিল। ফ্ৰান্সলৈ অহা-যোৱা কৰাৰ পথত তেওঁ পেৰিছত দেউতাকৰ বন্ধু তথা বিখ্যাত অৰ্থনীতিবিদ জাঁ-বেপ্টিষ্ট ছে'ৰ (Jean-Baptiste Say) বাসগৃহত কেইদিনমানৰ বাবে আলহী হৈছিল। তাতেই তেওঁ 'লিবাৰেল পাৰ্টি'ৰ ভালেসংখ্যক নেতাৰ লগতে হেনৰি ছেন্ট-ছাইমনকে (Henri Saint-Simon) ধৰি পেৰিছৰ বহুকেইজন বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সুযোগ লাভ কৰিছিল।
কুৰি বছৰ বয়সত মিলে কেইবামাহো ধৰি তীব্ৰ মানসিক বিষাদৰ মাজেৰে দিন পাৰ কৰিছিল, আনকি তেওঁ আত্মহত্যাৰ কথাও চিন্তা কৰিছিল। নিজৰ আত্মজীৱনীৰ পঞ্চম অধ্যায়ৰ আৰম্ভণিতে উল্লেখ কৰা অনুসৰি, তেওঁ এবাৰ নিজকে প্ৰশ্ন কৰিছিল— তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য অৰ্থাৎ এখন ন্যায়ভিত্তিক সমাজ গঢ়ি তোলাৰ সপোনটো বাস্তৱায়িত হ'লে তেওঁ বাৰু সঁচাকৈয়ে সুখী হ'বনে? তেওঁৰ অন্তৰাত্মাই উত্তৰ দিছিল, "নহয়"। স্বাভাৱিকতেই ইয়াৰ পাছত, সেই লক্ষ্যপ্ৰাপ্তিৰ হকে অহৰহ সংগ্ৰাম কৰি থকাৰ মাজত তেওঁ যি আনন্দ পাইছিল, সেয়া একেবাৰে নোহোৱা হৈ পৰিছিল। অৱশেষত, উইলিয়াম ৱৰ্ডছৱৰ্থৰ কবিতাই তেওঁলৈ আশাৰ বতৰা কঢ়িয়াই আনিলে। এই কবিতাসমূহে তেওঁক গভীৰভাৱে উপলব্ধি কৰালে যে সৌন্দৰ্যই মানুহৰ মনত আনৰ প্ৰতি সহানুভূতি আৰু কৰুণাৰ জন্ম দিয়াৰ লগতে অন্তৰত প্ৰকৃত আনন্দ জগাই তোলে। [16] দুগুণ উৎসাহ আৰু নতুন শক্তিৰে তেওঁ পুনৰ এখন ন্যায়ভিত্তিক সমাজ গঢ়াৰ কামত মনোনিৱেশ কৰিলে, কিন্তু এইবাৰ তেওঁ কেৱল লক্ষ্যৰ পিছত দৌৰাৰ সলনি এই সংগ্ৰামৰ যাত্ৰাপথৰ প্ৰতিটো মুহূৰ্ত অধিক উপভোগ কৰিবলৈ লৈছিল। নিজৰ চিন্তাধাৰাত অহা এই পৰিৱৰ্তনক তেওঁ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ এক মোৰ বুলি গণ্য কৰিছিল। প্ৰকৃততে, জীৱনত আনন্দ লাভৰ এই নতুন আৰু বহল দৃষ্টিভংগীটোৱেই পৰৱৰ্তী সময়ত তেওঁ আৰু তেওঁৰ পিতৃৰ মাজত গঢ় লৈ উঠা বহুতো মতবিৰোধ বা পাৰ্থক্যৰ মূল কাৰণ হৈ পৰিছিল।
১৮৩০-ৰ দশকৰ প্ৰথমভাগত থমাছ কাৰ্লাইলে লণ্ডন ভ্ৰমণ কৰিবলৈ আহোঁতে মিলৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল। অতি কম সময়ৰ ভিতৰতেই দুয়োৰে মাজত এক অন্তৰংগ বন্ধুত্ব গঢ়ি উঠাৰ লগতে নিয়মীয়াকৈ চিঠিপত্ৰৰো আদান-প্ৰদান হ'বলৈ ধৰিছিল। মিলে আনকি নিজৰ খৰচতেই কাৰ্লাইলৰ ৰচনাসমূহ ছপা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ কাৰ্লাইলক তেওঁৰ বিখ্যাত গ্ৰন্থ 'ফ্ৰেন্স ৰিভল্যুশ্বন' (French Revolution) লিখিবলৈ উৎসাহিত কৰাই নহয়, বৰং ইয়াৰ বাবে প্ৰয়োজনীয় সমলসমূহো যোগান ধৰিছিল। ১৮৩৫ চনৰ মাৰ্চ মাহৰ কথা। গ্ৰন্থখনৰ প্ৰথম খণ্ডটো লিখি শেষ কৰাৰ পাছত তাৰ পাণ্ডুলিপিটো মিলৰ হাততেই জমা ৰখা হৈছিল। কিন্তু মিলৰ ঘৰত কাম কৰা বনকৰা মহিলাগৰাকীয়ে অজানিতে সেইখনক জুই ধৰিবলৈ ব্যৱহাৰ কৰা কাগজ বুলি ভাবি পুৰি পেলালে। ফলত "তিনি-চাৰিখনমান কাগজৰ টুকুৰাৰ" বাহিৰে গোটেই পাণ্ডুলিপিটোৱেই জুইত জাহ গ'ল।[17] এই অনাকাংক্ষিত ঘটনাত অত্যন্ত লজ্জিত আৰু মৰ্মাহত হৈ মিলে কাৰ্লাইলক ক্ষতিপূৰণ হিচাপে ২০০ পাউণ্ড (যিটো ২০২১ চনৰ হিচাপত প্ৰায় ১৭,৭৪২.১৬ পাউণ্ডৰ সমান) আগবঢ়াইছিল, যদিও কাৰ্লাইলে তাৰে মাত্ৰ ১০০ পাউণ্ডহে গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত, অৰ্থাৎ ১৮৪০-ৰ দশকৰ ফালে দুয়োৰে মাজত দেখা দিয়া আদৰ্শগত মতানৈক্যৰ বাবে এই বন্ধুত্বৰ অন্ত পৰে। অৱশ্যে বন্ধুত্বৰ যতি পৰিলেও, মিলৰ পৰৱৰ্তী কালৰ চিন্তাধাৰাত কাৰ্লাইলৰ সেই প্ৰাৰম্ভিক প্ৰভাৱ বাৰুকৈয়ে প্ৰতিফলিত হৈছিল। [18]
১৮৪১ চনৰ নৱেম্বৰ মাহত মিলে প্ৰথমবাৰৰ বাবে অগাষ্ট কঁটৰ সৈতে যোগাযোগ কৰিছিল। তেতিয়াৰে পৰাই 'প্ৰত্যক্ষবাদ' (positivism) আৰু সমাজবিজ্ঞানৰ প্ৰতিষ্ঠাপক কঁটৰ সৈতে মিলৰ চিঠি-পত্ৰৰ জৰিয়তে এক গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল। অৱশ্যে কঁটৰ সেই 'সমাজবিজ্ঞান' আধুনিক সময়ৰ সমাজবিজ্ঞানৰ দৰে নাছিল, বৰং ই আছিল সেই বিজ্ঞানৰ এক প্ৰাৰম্ভিক দৰ্শনহে।
কঁটৰ এই 'প্ৰত্যক্ষবাদ'ৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই মিলে অৱশেষত জেৰেমি বেন্থামৰ 'মনস্তাত্ত্বিক অহংকাৰবাদ' (psychological egoism) আৰু মানৱ প্ৰকৃতিৰ প্ৰতি থকা বেন্থামৰ শীতল তথা বিমূৰ্ত দৃষ্টিভংগীক একেবাৰেই প্ৰত্যাখ্যান কৰিছিল, যিহেতু বেন্থামৰ চিন্তা কেৱল আইন-কানুন আৰু ৰাজনীতিৰ মাজতেই সীমাবদ্ধ আছিল। ইয়াৰ পৰিৱৰ্তে মিলে কঁটৰ দৃষ্টিভংগীকহে অধিক আদৰি লৈছিল, যি আছিল মানৱ প্ৰকৃতিৰ প্ৰতি অধিক সামাজিক, ঐতিহাসিক তথ্যৰ ওপৰত আধাৰিত, আৰু মানৱ জীৱনৰ সকলো জটিলতাক সামৰি প্ৰতিজন ব্যক্তিক গুৰুত্ব দিয়া এক বহল দৃষ্টিভংগী।
এজন 'ননকনফৰ্মিষ্ট' (প্ৰচলিত ধৰ্মীয় মতৰ বিৰোধী) হিচাপে মিলে 'চাৰ্চ অৱ ইংলেণ্ড'ৰ ৩৯ টা অনুচ্ছেদৰ (Thirty-Nine Articles) প্ৰতি সন্মতি জনাবলৈ একেবাৰেই অস্বীকাৰ কৰিছিল। আৰু ঠিক এই কাৰণতেই তেওঁ অক্সফৰ্ড বা কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ যোগ্যতা লাভ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰি 'ইষ্ট ইণ্ডিয়া কোম্পানী'ত কৰ্মজীৱন আৰম্ভ কৰে। লগতে, 'ইউনিভাৰ্চিটি কলেজ লণ্ডন'লৈ গৈ আইনশাস্ত্ৰৰ (Jurisprudence) প্ৰথমগৰাকী অধ্যাপক জন অষ্টিনৰ বক্তৃতাসমূহো নিয়মীয়াকৈ শ্ৰৱণ কৰিবলৈ লয়। [19] পৰৱৰ্তী সময়ত, অৰ্থাৎ ১৮৫৬ চনত তেওঁক 'আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছ'ৰ (American Academy of Arts and Sciences) এগৰাকী সন্মানীয় বিদেশী সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছিল।[20]
১৮২৩ চনত মাত্ৰ ১৭ বছৰ বয়সতেই মিলে 'ইষ্ট ইণ্ডিয়া কোম্পানী'ত এজন ঔপনিৱেশিক প্ৰশাসক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু তেওঁৰ এই কাৰ্যকাল ১৮৫৮ চনলৈকে চলিছিল।উল্লেখযোগ্য যে, এই ১৮৫৮ চনতেই ভাৰতত থকা কোম্পানীৰ সকলো ভূখণ্ড ব্ৰিটিছ ৰাজমুকুটে পোনপটীয়াকৈ নিজৰ অধীনলৈ নিছিল, যাৰ জৰিয়তে ভাৰতবৰ্ষৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসন ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল। ১৮৩৬ চনত তেওঁ কোম্পানীৰ ৰাজনৈতিক বিভাগলৈ পদোন্নতি লাভ কৰে। তাত তেওঁ দেশীয় ৰাজ্যসমূহৰ সৈতে কোম্পানীৰ সম্পৰ্কৰ বিষয়ে হোৱা চিঠি-পত্ৰৰ আদান-প্ৰদানৰ দায়িত্বত আছিল। পৰৱৰ্তী সময়ত, ১৮৫৬ চনত তেওঁক 'এক্জামিনাৰ অৱ ইণ্ডিয়ান কৰেছপণ্ডেঞ্চ' (Examiner of Indian Correspondence) পদলৈ উন্নীত কৰা হয়। তেওঁৰ 'অন লিবাৰ্টি' (On Liberty), 'এ ফিউ ৱৰ্ডছ অন নন-ইণ্টাৰভেনচন' (A Few Words on Non-Intervention) আদি গ্ৰন্থ তথা অন্যান্য ৰচনাসমূহত তেওঁ এইদৰে মত প্ৰকাশ কৰিছিল যে, "অসভ্য জাতিৰ প্ৰতি কৰা যিকোনো আচৰণক আন্তঃৰাষ্ট্ৰীয় আইনৰ উলংঘন বুলি আখ্যা দিয়া কাৰ্যই কেৱল এয়াই প্ৰমাণ কৰে যে তেনেকৈ কোৱা মানুহজনে বিষয়টোৰ ওপৰত কেতিয়াও গমি চোৱাই নাই।" [21] (অৱশ্যে, লগে লগে মিলে এই কথাও যোগ দিছিল যে, "ই অতি সহজেই নৈতিকতাৰ মহান নীতিসমূহৰ এক উলংঘন হ'ব পাৰে।") মিলৰ মতে, ভাৰতবৰ্ষৰ দৰে দেশসমূহৰ দৃষ্টিভংগী এসময়ত যথেষ্ট প্ৰগতিশীল আছিল যদিও, কালক্ৰমত সেইবোৰৰ বিকাশ আৰু উন্নয়ন একেবাৰে স্থবিৰ হৈ পৰিছিল। সেয়েহে, তেওঁ মত পোষণ কৰিছিল যে এনে অঞ্চলসমূহক এক প্ৰকাৰৰ "কল্যাণকামী স্বৈৰাচাৰ"ৰ (benevolent despotism) জৰিয়তে শাসন কৰা উচিত... "চৰ্ত এটাই যে ইয়াৰ অন্তিম লক্ষ্য কেৱলমাত্ৰ সেই ঠাইখনৰ উন্নতি সাধন কৰাহে হ'ব লাগিব।" [22] যেতিয়া ব্ৰিটিছ ৰাজমুকুটে (Crown) ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত থকা ভূখণ্ডসমূহৰ প্ৰত্যক্ষ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল, তেতিয়া কোম্পানীৰ শাসন ব্যৱস্থাক ৰক্ষা কৰি যুক্তি দৰ্শোৱাৰ দায়িত্ব মিলৰ ওপৰত ন্যস্ত কৰা হৈছিল। এই দায়িত্ব পালন কৰিবলৈ গৈয়েই তেওঁ অন্যান্য ভালেমান আৱেদন-পত্ৰৰ লগতে 'মেম'ৰেণ্ডাম অন দ্য ইমপ্ৰুভমেন্টছ ইন দ্য এডমিনিষ্ট্ৰেচন অৱ ইণ্ডিয়া ডিউৰিং দ্য লাষ্ট থাৰ্টি ইয়েৰছ' (Memorandum on the Improvements in the Administration of India during the Last Thirty Years) নামৰ গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰখনো ৰচনা কৰিছিল। [23] ভাৰতৰ নতুন 'ছেক্ৰেটেৰী অৱ ষ্টেট'ক (Secretary of State) পৰামৰ্শ দিবৰ বাবে গঠন কৰা 'কাউন্সিল অৱ ইণ্ডিয়া'ত (Council of India) তেওঁক এখন আসন যাচা হৈছিল। পিছে, ভাৰতৰ বাবে প্ৰৱৰ্তন কৰা এই নতুন প্ৰশাসনীয় ব্যৱস্থাটোৰ প্ৰতি নিজৰ অসন্তুষ্টি আৰু বিৰোধিতা প্ৰকাশ কৰি তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে।[23]
২১ বছৰীয়া এক অন্তৰংগ বন্ধুত্বৰ পাছত ১৮৫১ চনৰ ২১ এপ্ৰিলত মিলে হেৰিয়েট টেইলৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ প্ৰথম সাক্ষাৎ হোৱাৰ সময়ত টেইলৰ এগৰাকী বিবাহিতা মহিলা আছিল। ১৮৪৯ চনত টেইলৰৰ প্ৰথম স্বামীৰ মৃত্যুৰ আগলৈকে দুয়োৰে মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছিল যদিও, সাধাৰণতে এই সম্পৰ্ক সম্পূৰ্ণ নিষ্কলুষ বা পৱিত্ৰ আছিল বুলিয়েই বিশ্বাস কৰা হয়। স্বামীৰ মৃত্যুৰ পাছত দুবছৰমান অপেক্ষা কৰি অৱশেষত ১৮৫১ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ ঠিক পাছতেই মিলে এক বিশেষ ঘোষণাৰ জৰিয়তে ভিক্টোৰিয়ান আইন অনুসৰি স্বামী হিচাপে পত্নীৰ ওপৰত লাভ কৰা সকলো ধৰণৰ অধিকাৰ ত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছিল। নাৰীবাদী অৰ্থনৈতিক চিন্তাধাৰাৰ ক্ষেত্ৰত জন ষ্টুৱাৰ্ট মিল আৰু হেৰিয়েট টেইলৰ মিলক প্ৰতিষ্ঠাপক ব্যক্তি হিচাপে গণ্য কৰা হয়। তেওঁলোকৰ যুটীয়া ৰচনাৱলী, বিশেষকৈ 'দ্য ছাবজেকচন অৱ ৱিমেন' (১৮৬৯) আৰু টেইলৰ মিলৰ 'দ্য এনফ্ৰেন্সাইজমেন্ট অৱ ৱিমেন' (১৮৫১) গ্ৰন্থত তেওঁলোকে যুক্তি দৰ্শাইছিল যে লিংগ বৈষম্য কেৱল এক নৈতিক অবিচাৰেই নহয়, বৰং ই এক অৰ্থনৈতিক অদক্ষতাও (Hansson, 2022; McCabe, 2021)। নাৰীক অৱদমিত কৰি ৰখা ধ্ৰুপদী অৰ্থনৈতিক ধাৰণাসমূহক কঠোৰভাৱে প্ৰত্যাখ্যান কৰি তেওঁলোকে আইনী সংস্কাৰ, শিক্ষাৰ অধিকাৰ আৰু নাৰীৰ স্বতন্ত্ৰতা বা স্বায়ত্তশাসনৰ হকে মাত মাতিছিল। তেওঁলোকৰ এই চিন্তাধাৰাই পৰৱৰ্তী সময়ত আধুনিক নাৰীবাদী অৰ্থনীতিবিদসকলৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছিল, যিসকলে বৰ্তমান সময়ত পাৰিশ্ৰমিকবিহীন শ্ৰম, লিংগভিত্তিক মজুৰিৰ ব্যৱধান আৰু গাঁথনিগত নিপীড়নৰ তীব্ৰ সমালোচনা কৰে (Munte & Monica, 2023; Knüfer, 2023)। টেইলৰ মিলৰ একেশ্বৰবাদী (Unitarian) আৰু যুক্তিবাদী দৃষ্টিভংগীয়ে এই সমালোচনাক অধিক সমৃদ্ধ কৰিছিল। আনকি, শেহতীয়া শৈলীমিতীয় (stylometric) প্ৰমাণসমূহৰ পৰাও মিলৰ ৰচনাসমূহত টেইলৰৰ এক গুৰুত্বপূৰ্ণ অৱদান থকাৰ কথাটো স্পষ্টভাৱে প্ৰতিফলিত হৈছে (Schmidt-Petri et al., 2021)। বৰ্তমানৰ ডিজিটেল পুঁজিবাদ, শুশ্ৰূষা-কৰ্ম (care work) আৰু প্ৰজনন অধিকাৰ সম্পৰ্কীয় বিতৰ্কসমূহতো তেওঁলোকৰ সেই যুক্তিসমূহ সমানেই প্ৰাসংগিক হৈ আছে। এইবোৰে লিংগ, শ্ৰম আৰু স্বতন্ত্ৰতাৰ পাৰস্পৰিক সম্পৰ্কৰ মাজেৰে অৰ্থনৈতিক ন্যায়ক মূল্যায়ন কৰাৰ এক নিৰ্দিষ্ট দৃষ্টিভংগী প্ৰদান কৰে (Hampton, 2021; Smajdor, 2021)। নিজৰ যোগ্যতাৰে প্ৰতিষ্ঠিত হেৰিয়েট টেইলৰে বন্ধুত্ব আৰু বিবাহ, দুয়োটা সময়তেই মিলৰ ৰচনা আৰু চিন্তাধাৰাৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলাইছিল। টেইলৰৰ সৈতে থকা তেওঁৰ সম্পৰ্কই নাৰী অধিকাৰৰ প্ৰতি মিলৰ সমৰ্থনক অধিক সুদৃঢ় কৰি তুলিছিল। তেওঁ কৈছিল যে ঘৰুৱা হিংসাৰ বিৰুদ্ধে আৰু নাৰী অধিকাৰৰ সপক্ষে গ্ৰহণ কৰা স্থিতিৰ ক্ষেত্ৰত তেওঁ "প্ৰধানকৈ নিজৰ পত্নীৰ এজন লিপিকাৰ (amanuensis)" হে আছিল মাত্ৰ।তেওঁ পত্নীৰ মনটো বা মেধাক এক "নিখুঁত আহিলা" বুলি আখ্যা দিছিল আৰু কৈছিল যে "লেখকৰ (অৰ্থাৎ মিলৰ নিজৰ) চিনাকি সকলো ব্যক্তিৰ ভিতৰতেই তেওঁ আছিল সৰ্বাধিক অৰ্হতাসম্পন্ন"। তেওঁৰ বিখ্যাত গ্ৰন্থ 'অন লিবাৰ্টি'ৰ (On Liberty) চূড়ান্ত সংশোধনীৰ ক্ষেত্ৰতো মিলে পত্নীৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰিছে। এই গ্ৰন্থখন টেইলৰৰ মৃত্যুৰ কিছু সময়ৰ পাছতেই প্ৰকাশ পাইছিল। মিলৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ মাত্ৰ সাত বছৰৰ পাছতেই, অৰ্থাৎ ১৮৫৮ চনত হাওঁফাওঁৰ গুৰুতৰ সংক্ৰমণ বা শ্বাসৰুদ্ধতাত (severe lung congestion) আক্ৰান্ত হৈ টেইলৰৰ মৃত্যু হয়।
১৮৬৫ চনৰ পৰা ১৮৬৮ চনলৈকে মিলে 'ছেইন্ট এণ্ড্ৰিউজ বিশ্ববিদ্যালয়'ৰ (University of St Andrews) 'লৰ্ড ৰেক্টৰ' (Lord Rector) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৮৬৭ চনৰ ১ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়ত প্ৰদান কৰা তেওঁৰ উদ্বোধনী ভাষণত তেওঁ বৰ্তমানৰ সেই অতি জনপ্ৰিয় (কিন্তু প্ৰায়ে ভুলকৈ আন ব্যক্তিৰ নামত আৰোপ কৰা) মন্তব্যটো কৰিছিল যে, "অসাধু লোকসকলৰ উদ্দেশ্য সিদ্ধিৰ বাবে ইমানেই যথেষ্ট যে, ভাল মানুহবোৰে একো নকৰাকৈ যেন কেৱল নীৰৱ দৰ্শক হৈ চাই থাকে।" মিলে যে তেওঁৰ ভাষণত সেই বাক্যটো অন্তৰ্ভুক্ত কৰিছিল, সেয়া এক ঐতিহাসিক সত্য। কিন্তু ইয়াৰ অৰ্থ কোনোমতেই এয়া নহয় যে বাক্যটোৱে তেওঁৰ এক সম্পূৰ্ণ মৌলিক ধাৰণা বা অন্তৰ্দৃষ্টি প্ৰকাশ কৰিছিল। সেই একে সময়ছোৱাতে, অৰ্থাৎ ১৮৬৫ চনৰ পৰা ১৮৬৮ চনলৈকে তেওঁ 'চিটি অৱ ৱেষ্টমিনষ্টাৰ'ৰ (City of Westminster) সংসদৰ সদস্য (MP) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 'লিবাৰেল পাৰ্টি'ৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। এজন সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত, মিলে আয়াৰলেণ্ডৰ ওপৰত থকা বোজাসমূহ লাঘৱ কৰাৰ সপক্ষে মাত মাতিছিল। ১৮৬৬ চনত, সংসদৰ ইতিহাসত হেনৰি হাণ্টৰ পাছত মহিলাৰ ভোটাধিকাৰৰ দাবী উত্থাপন কৰা তেওঁ দ্বিতীয়গৰাকী ব্যক্তিত পৰিণত হয় আৰু পৰৱৰ্তী বিতৰ্কসমূহত তেওঁ নিজৰ এই স্থিতিক প্ৰবলভাৱে ৰক্ষা তথা সমৰ্থন কৰিছিল। ইয়াৰ লগতে তেওঁ শ্ৰমিক সংঘ (labour unions) আৰু কৃষি সমবায়ৰ (farm cooperatives) দৰে সামাজিক সংস্কাৰসমূহৰো এজন শক্তিশালী প্ৰবক্তা হৈ পৰিছিল। তেওঁৰ 'কন্সিডাৰেচনছ অন ৰিপ্ৰেজেন্টেটিভ গভৰ্নমেণ্ট' (Considerations on Representative Government) গ্ৰন্থখনত তেওঁ সংসদ আৰু নিৰ্বাচনী ব্যৱস্থাৰ বিভিন্ন সংস্কাৰৰ আহ্বান জনাইছিল, যাৰ ভিতৰত বিশেষকৈ সমানুপাতিক প্ৰতিনিধিত্ব (proportional representation), একক হস্তান্তৰযোগ্য ভোট (single transferable vote), আৰু ভোটাধিকাৰৰ সম্প্ৰসাৰণ (extension of suffrage) অন্যতম আছিল। ১৮৬৮ চনৰ এপ্ৰিল মাহত, 'হাউছ অৱ কমন্স'ৰ এখন বিতৰ্কত তেওঁ জঘন্য হত্যাকাণ্ডৰ (aggravated murder) দৰে অপৰাধৰ বাবে মৃত্যুদণ্ড বাহাল ৰখাৰ সপক্ষে মত প্ৰকাশ কৰিছিল; তেওঁ মৃত্যুদণ্ড বিলুপ্ত কৰা কাৰ্য্যক "দেশৰ সাধাৰণ মানুহৰ মনত সৃষ্টি হোৱা এক প্ৰকাৰৰ দুৰ্বলতা বা কাপুৰুষতা" ("an effeminacy in the general mind of the country") বুলি আখ্যা দিছিল। (কোৱা হয় ১৮৬৮ চনত যেতিয়া তেওঁৰ প্ৰথম কাৰ্যকাল শেষ হৈছিল, তেতিয়া তেওঁৰ স্বাধীন মনোভাৱৰ বাবে কোনো দলে তেওঁক মনোনীত কৰা নাছিল। [24] )
১৮৬৭ চনত তেওঁ আমেৰিকান ফিল'চফিকেল ছ'চাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হয় [25]
তেওঁ দাৰ্শনিক বাৰ্ট্ৰেণ্ড ৰাছেলৰ গডফাদাৰ আছিল ৷ [26]
ধৰ্মীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত মিল এজন অজ্ঞেয়বাদী (agnostic) আৰু সংশয়বাদী (sceptic) আছিল। অৱশ্যে, ঈশ্বৰৰ অস্তিত্বৰ প্ৰশ্নটোৰ সঠিক উত্তৰ প্ৰমাণ কৰাৰ প্ৰসংগত মিলে বিশ্বাস কৰিছিল যে ই 'এক অতি সম্ভাৱ্য প্ৰকল্প' (a very probable hypothesis)। তেওঁ লগতে এই কথাও স্বীকাৰ কৰিছিল যে কেৱল আশাৰ আধাৰত বা সামগ্ৰিকভাৱে জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰখাটো সম্পূৰ্ণ যুক্তিসংগত আৰু বৈধ। [27] [28] [29] [30]
তেওঁৰ সময়ৰ আন দাৰ্শনিকসকলৰ দৰে মিলৰো উদ্ভিদ বিজ্ঞানৰ প্ৰতি আগ্ৰহ আছিল। [31] [32] বিশ্বাস কৰা হয় যে, ফ্ৰান্সৰ আভিগননত অৱস্থিত 'মিউজিয়াম ৰিকুৱেন'ত (Museum Requien) তেওঁৰ প্ৰায় ১,০০০ নমুনা সংৰক্ষিত হৈ আছে। ইয়াৰ লগতে, মিলৰ মৃত্যুৰ পাছত তেওঁৰ সতীয়া কন্যা হেলেন টেইলৰে 'কিউ হাৰ্বেৰিয়াম'লৈ (Kew Herbarium) তেওঁৰ সংগ্ৰহৰ কিছুমান নমুনা দান কৰিছিল। [33] দক্ষিণ গোলাৰ্ধত অষ্ট্ৰেলিয়াৰ ৰয়েল বটানিক গাৰ্ডেন ভিক্টোৰিয়াত থকা নেচনেল হাৰ্বেৰিয়াম অৱ ভিক্টোৰিয়াতো নমুনা পোৱা যায়। [34]
১৮৭৩ চনৰ ৭ মে' তাৰিখে ৬৬ বছৰ বয়সত আভিগননত 'এৰিচিপেলাছ' (erysipelas) নামৰ ৰোগত আক্ৰান্ত হৈ মিলৰ মৃত্যু হয়। সেই ঠাইতে তেওঁৰ মৃতদেহটো তেওঁৰ পত্নীৰ সমাধিৰ কাষত সমাধিস্থ কৰা হৈছিল। তেওঁ নিজৰ সকলো সা-সম্পত্তি সতীয়া কন্যা হেলেন টেইলৰৰ নামত উইল কৰি থৈ গৈছিল আৰু লগতে তেওঁক নিজৰ সাহিত্যিক কৰ্মৰাজিৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্ত কৰিছিল। [35]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Utilitarianism and the New Liberalism | History of ideas and intellectual history" (en ভাষাত). Cambridge University Press. https://www.cambridge.org/us/academic/subjects/history/history-ideas-and-intellectual-history/utilitarianism-and-new-liberalism,%20https://www.cambridge.org/us/academic/subjects/history/history-ideas-and-intellectual-history। আহৰণ কৰা হৈছে: 29 September 2022.
- ↑ Brink, David O. (2013). "Liberalism, utilitarianism, and rights" (en ভাষাত). Mill's Progressive Principles. পৃষ্ঠা. 214–233. doi:10.1093/acprof:oso/9780199672141.003.0009. ISBN 978-0199672141. Archived from the original on 17 January 2023. https://academic.oup.com/book/12215/chapter/161685296। আহৰণ কৰা হৈছে: 30 September 2022.
- 1 2 Brink, David. "John Stuart Mill". In Zalta, Edward N. The Stanford Encyclopedia of Philosophy (Summer 2011 ed.). Metaphysics Research Lab, Stanford University. Retrieved 25 April 2026.
- ↑ "John Stuart Mill's On Liberty". victorianweb. 6 November 2000. Archived from the original on 27 January 2003. https://web.archive.org/web/20030127020006/http://www.victorianweb.org/philosophy/mill/liberty.html। আহৰণ কৰা হৈছে: 23 July 2009. "On Liberty is a rational justification of the freedom of the individual in opposition to the claims of the state to impose unlimited control and is thus a defence of the rights of the individual against the state."
- ↑ Lagassé, Paul, ed (2000). The Columbia Encyclopedia (6th সম্পাদনা). প্ৰকাশক New York, NY: Columbia University Press. পৃষ্ঠা. 1842. ISBN 978-0787650155.
- ↑ "Orator Hunt and the first suffrage petition 1832". UK Parliament. Archived from the original on 20 January 2021. https://web.archive.org/web/20210120080322/https://www.parliament.uk/about/living-heritage/transformingsociety/electionsvoting/womenvote/parliamentary-collections/1866-suffrage-petition/the-first-petition/। আহৰণ কৰা হৈছে: 6 January 2019.
- ↑ "John Stuart Mill and the 1866 petition". UK Parliament. Archived from the original on 13 April 2020. https://web.archive.org/web/20200413123325/https://www.parliament.uk/about/living-heritage/transformingsociety/electionsvoting/womenvote/parliamentary-collections/1866-suffrage-petition/john-stuart-mill/। আহৰণ কৰা হৈছে: 16 February 2017.
- ↑ Books, Five. "Nick Clegg on his Favourite Books". Five Books. https://fivebooks.com/best-books/nick-clegg-favourite-books/#book-558। আহৰণ কৰা হৈছে: 11 August 2025. "The tradition is that it is given to the president of the Liberal Democrats. The traditions of J. S. Mill are still handed down like some sort of totemic emblem of everything that we’re supposed to still believe in, even now. It’s extraordinary, given it was written in 1859."
- ↑ Books, Five. "On Liberty | Five Books Expert Reviews". Five Books. Archived from the original on 24 March 2019. https://web.archive.org/web/20190324224348/https://fivebooks.com/book/on-liberty-by-john-stuart-mill/। আহৰণ কৰা হৈছে: 11 August 2025.
- ↑ Hamblin, Charles L. (1970). Fallacies (1st সম্পাদনা). প্ৰকাশক London, England: Menthuen & Co Ltd. পৃষ্ঠা. 175.
- ↑ Halevy, Elie (1966). The Growth of Philosophic Radicalism. Beacon Press. পৃষ্ঠা. 282–284. ISBN 978-0191010200.
- 1 2 "Cornell University Library Making of America Collection". collections.library.cornell.edu. https://collections.library.cornell.edu/moa_new/index.html?c=nwng;cc=nwng;rgn=full+text;idno=nwng0033-4;didno=nwng0033-4;view=image;seq=620;node=nwng0033-4:1;page=root;size=s;frm=frameset.
- ↑ Murray N. Rothbard (2006). An Austrian Perspective on the History of Economic Thought. Ludwig von Mises Institute. পৃষ্ঠা. 105. ISBN 978-0945466482. https://archive.org/details/bub_gb_MCcWhLmRo-cC। আহৰণ কৰা হৈছে: 21 January 2011.
- ↑ Ritchey, Rosemary (2009). "Ensor, George | Dictionary of Irish Biography" (en ভাষাত). www.dib.ie. Archived from the original on 23 September 2023. https://web.archive.org/web/20230923234855/https://www.dib.ie/biography/ensor-george-a2931। আহৰণ কৰা হৈছে: 2023-02-17.
- ↑ Mill, John Stuart (1988). The Collected Works of John Stuart Mill, Vol. XXVI – Journals and Debating Speeches, Part I [1820]. প্ৰকাশক London: Routledge and Kegan Paul. পৃষ্ঠা. 53–58. https://oll-resources.s3.us-east-2.amazonaws.com/oll3/store/titles/260/Mill_0223-26_EBk_v6.0.pdf.
- ↑ "John Stuart Mill's Mental Breakdown, Victorian Unconversions, and Romantic Poetry". victorianweb.org. Archived from the original on 9 June 2023. https://web.archive.org/web/20230609102441/https://www.victorianweb.org/philosophy/mill/crisis.html। আহৰণ কৰা হৈছে: 17 April 2016.
- ↑ Carlyle, T. (7 March 1835). "TC to James Fraser". The Carlyle Letters Online খণ্ড 8 (1): 66–70. doi:10.1215/lt-18350307-TC-JFR-01 (inactive 12 July 2025) .
- ↑ Baumgarten, Murray (2004). "Mill, John Stuart". In Cumming, Mark. The Carlyle Encyclopedia. প্ৰকাশক Madison and Teaneck, NJ: Fairleigh Dickinson University Press. পৃষ্ঠা. 326. ISBN 978-0838637920.
- ↑ "Cornell University Library Making of America Collection". collections.library.cornell.edu. https://collections.library.cornell.edu/moa_new/index.html?c=nwng&cc=nwng&idno=nwng0033-4&node=nwng0033-4:1&frm=frameset&view=image&seq=623.
- ↑ "Book of Members, 1780–2010: Chapter M". American Academy of Arts and Sciences. Archived from the original on 9 November 2013. https://web.archive.org/web/20131109123554/http://www.amacad.org/publications/BookofMembers/ChapterM.pdf। আহৰণ কৰা হৈছে: 15 April 2011.
- ↑ Klausen, Jimmy Casas (March 2016). "Violence and Epistemology: J.S. Mill's Indians after the 'Mutiny'". Political Research Quarterly খণ্ড 69 (1): 96–107. doi:10.1177/1065912915623379.
- ↑ Harris, Abram L. (1964). "John Stuart Mill: Servant of the East India Company". The Canadian Journal of Economics and Political Science খণ্ড 30 (2): 185–202. doi:10.2307/139555.
- 1 2 Lal, Vinay (1998). "'John Stuart Mill and India', a review-article". New Quest খণ্ড 54 (1): 54–64.
- ↑ Report of meeting on Proportional representation or effective voting (1894). পৃষ্ঠা. 25.
- ↑ "APS Member History". search.amphilsoc.org. Archived from the original on 26 March 2023. https://web.archive.org/web/20230326030206/https://search.amphilsoc.org/memhist/search?creator=&title=&subject=&subdiv=&mem=&year=1867&year-max=1867&dead=&keyword=&smode=advanced। আহৰণ কৰা হৈছে: 2021-04-21.
- ↑ "More Adept With Concepts Than People". The New York Times. 1996-12-06. https://www.nytimes.com/1996/12/06/books/more-adept-with-concepts-than-people.html.
- ↑ "Editorial Notes". Secular Review খণ্ড 16 (13): 203. 28 March 1885. https://books.google.com/books?id=mbxCAAAAYAAJ&pg=PA203. "It has always seemed to us that this is one of the instances in which Mill approached, out of deference to conventional opinion, as near to the borderland of Cant as he well could without compromising his pride of place as a recognised thinker and sceptic.".
- ↑ Linda C. Raeder (2002). "Spirit of the Age". John Stuart Mill and the Religion of Humanity. University of Missouri Press. পৃষ্ঠা. 65. ISBN 978-0826263278. "Comte welcomed the prospect of being attacked publicly for his irreligion, he said, as this would permit him to clarify the nonatheistic nature of his and Mill's "atheism"."
- ↑ Larsen, Timothy (2018). John Stuart Mill: A Secular Life. Oxford University Press. পৃষ্ঠা. 14. ISBN 978-0198753155. https://books.google.com/books?id=EP9eDwAAQBAJ&pg=PA15. "A letter John wrote from Forde Abbey when he was eight years old casually mentions in his general report of his activities that he too had been to Thorncombe parish church, so even when Bentham had home-field advantage, the boy was still receiving a Christian spiritual formation. Indeed, Mill occasionally attended Christian worship services during his teen years and thereafter for the rest of his life."
- ↑ Larsen, Timothy (7 December 2018). "A surprisingly religious John Stuart Mill". Archived from the original on 3 February 2021. https://web.archive.org/web/20210203135200/https://blog.oup.com/2018/12/surprisingly-religious-john-stuart-mill/। আহৰণ কৰা হৈছে: 12 March 2019. "TL: Mill decided that strictly in terms of proof the right answer to that question of God's existence is that it is 'a very probable hypothesis.' He also thought it was perfectly rational and legitimate to believe in God as an act of hope or as the result of one's efforts to discern the meaning of life as a whole."
- ↑ Flannery, Maura (12 October 2020). "Other Callings: Philosophers". Herbarium World. Wordpress. https://herbariumworld.wordpress.com/2020/10/12/other-callings-philosophers/। আহৰণ কৰা হৈছে: 22 November 2024. "Probably the most long-term collector among philosophers was John Stuart Mill, who was interested in botany throughout his life in part because he saw the hierarchical classification of living things as a model for ordering many aspects of human affairs such as law."
- ↑ Flannery, Maura (2023). In the Herbarium: The Hidden World of Collecting and Preserving Plants. প্ৰকাশক United States of America: Yale University Press. পৃষ্ঠা. 144. ISBN 978-0300247916.
- ↑ Curtis, Simon (1988). "The philosopher's flowers: John Stuart Mill as botanist". Encounter খণ্ড 80 (2): 2–33.
- ↑ "John Stuart Mill: Specimens collected". Bionomia. https://bionomia.net/Q50020/deposited-at। আহৰণ কৰা হৈছে: 15 November 2024.[সংযোগবিহীন উৎস]
- ↑ "Characteristic Will of John Stuart Mill" (en ভাষাত). The New York Times. https://timesmachine.nytimes.com/timesmachine/1873/09/14/79046949.html?pageNumber=3.