সমললৈ যাওক

জমদগ্নি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জমদগ্নি
জমদগ্নি
পৰশুৰামে নিজৰ মৃত পিতৃ জমদগ্নিৰ প্ৰতিশোধ লয়।
সম্পৰ্ক সপ্তৰ্ষি
অস্ত্ৰ শাৰংগ
পিতৃ-মাতৃ ৰিচিকা (পিতা), সত্যৱতী (মাতা)
সন্তান ৰুমান্বন, সুহোত্ৰ, ৱাসু, বিশ্ববসু, আৰু পৰশুৰাম
হিন্দু পাঠ্য মহাভাৰত, পুৰাণ

জমদগ্নি (সংস্কৃত: जमदग्नि, অৰ্থ-'মহৎ অগ্নি')[1] হিন্দু সাহিত্যৰ এজন ঋষি। হিন্দু পৰম্পৰাত তেওঁক ৭ম, আৰু বৰ্তমানৰ মন্বন্তৰৰ যুগত সপ্তৰ্ষিৰ ভিতৰত এজন বুলি গণ্য কৰা হয়।[2]

তেওঁ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাই সৃষ্টি কৰা প্ৰজাপতিসকলৰ ভিতৰত অন্যতম ভৃগু ঋষিৰ বংশধৰ। জমদগ্নিৰ আৰু পত্নী ৰেণুকাৰ পাঁচটা সন্তান আছে, ইয়াৰে সৰুটো হৈছে বিষ্ণুৰ অৱতাৰ পৰশুৰাম

কিংবদন্তি

[সম্পাদনা কৰক]

ভাগৱত পুৰাণৰ মতে ৰিচিক ঋষিক ৰজা গাধীয়ে সত্যৱতীক বিয়া কৰাবলৈ হ’লে ক’লা কাণ থকা হাজাৰ বগা ঘোঁৰা আনিবলৈ কৈছিল। ৰিচিকে বৰুণৰ সহায়ত সেই ঘোঁৰাবোৰ আনি দিয়াত ৰজাই ৰিচিকক সত্যৱতীক বিয়া কৰিবলৈ অনুমতি দিলে।

বিয়াৰ পিছত সত্যৱতী, আৰু তেওঁৰ মাকে ৰিচিকৰ পৰা পুত্ৰ সন্তান জন্ম দিয়াৰ আশীৰ্বাদ বিচাৰিলে। সেই অনুসৰি ঋষিয়ে প্ৰত্যেকৰে বাবে দুভাগ গাখীৰত সিজোৱা চাউল প্ৰস্তুত কৰিছিল, এটাত ব্ৰহ্ম মন্ত্ৰ (সত্যৱতীৰ বাবে) আৰু আনটো ক্ষত্ৰমন্ত্ৰ (শাহুৰ বাবে)। নিজ নিজ অংশ দি তেওঁ হাতমুখ ধুবলৈ গ’ল। ইফালে সত্যৱতীৰ মাকে জীয়েকক তেওঁলোকৰ ভাগদুটা সলনি কৰিবলৈ ক’লে। জীয়েকে কথাটোে মানিলে। এই আদান-প্ৰদানৰ কথা গম পাই ৰিচিকে ক’লে যে শাহুৱেকৰ পৰা জন্ম হোৱা সন্তানটো মহান ব্ৰাহ্মণ হ’ব, কিন্তু তেওঁৰ পুত্ৰ এজন আক্ৰমণাত্মক যোদ্ধা হৈ পৰিব, যিয়ে এই সংসাৰলৈ ৰক্তৰ নৈ বোঁৱাব। এই ফলাফল সংশোধন কৰিবলৈ সত্যৱতীয়ে প্ৰাৰ্থনা কৰিলে, যাতে তেওঁৰ পুত্ৰ মহান ব্ৰাহ্মণ হিচাপে জন্ম হয়, কিন্তু নাতি আগ্ৰাসী যোদ্ধা হয়। ইয়াৰ ফলত জমদগ্নিৰ জন্ম হৈছিল ঋষি হিচাপে (সত্যৱতীৰ গৰ্ভৰ পৰা) আৰু শেষত, পৰশুৰামৰ জন্ম হৈছিল জমদগ্নিৰ পুত্ৰ, ভয়ংকৰ খ্যাতিমান যোদ্ধা হিচাপে।

এইদৰে ৰিচিক আৰু সত্যৱতীৰ ঘৰত জমদগ্নিৰ জন্ম হয়।[3] ইফালে জমদগ্নিৰ জন্মৰ প্ৰায় একে সময়তে গাধীৰ পত্নী পৌৰাকুঠসুৱে (সত্যৱতীৰ মাতৃ) ক্ষত্ৰীয় বৈশিষ্ট্য থকা পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ নাম কৌশিক। পিছলৈ তেওঁ প্ৰখ্যাত বিশ্বামিত্ৰ হয়, যি জন্মসূত্ৰে ক্ষত্ৰিয় আছিল, কিন্তু পিছলৈ ব্ৰহ্মৰ্ষিৰ মৰ্যাদালৈ উন্নীত হয়।[4]

গৃহস্থী

[সম্পাদনা কৰক]

ডাঙৰ হৈ জমদগ্নিয়ে কঠোৰ পঢ়া-শুনা কৰিছিল আৰু বেদ অধ্যয়নত পাণ্ডিত্য লাভ কৰিছিল। তেওঁ কোনো আনুষ্ঠানিক নিৰ্দেশনা অবিহনে, পিতৃৰ নিৰ্দেশনাত অস্ত্ৰ বিজ্ঞান সম্পৰ্কে জ্ঞান আহৰণ কৰা বুলি কোৱা হয়। এতিয়ালৈকে উদ্ধাৰ নোহোৱা লিখিত তথ্য ঔষনাশ ধনুৰ্বেদত জমদগ্নি আৰু উষানৰ মাজত যুদ্ধৰ কচৰৎ সম্পৰ্কে হোৱা কথা-বতৰা আছে।

ঋষিৰ মৰ্যাদা লাভ কৰাৰ পিছত জমদগ্নিয়ে কেইবাটাও পৱিত্ৰ স্থান পৰিদৰ্শন কৰে, আৰু অৱশেষত সৌৰবংশৰ ৰজা প্ৰসেনজিতৰ ৰাজপ্ৰসাদত উপস্থিত হয়। কন্যা ৰাজকুমাৰী ৰেণুকাক দেখা পাই তেওঁৰ প্ৰেমত পৰিল আৰু ৰজাৰ ওচৰত বিয়াৰ বাবে কন্যাৰ হাত বিচাৰিলে। ইয়াৰ পিছত দুয়োৰে বিবাহ হয় আৰু পাঁচজন পুত্ৰ সন্তান জন্ম হয়: ৰূমনভান, সুহোত্ৰ, বসু, বিশ্ববসু আৰু ৰাম, যাক পিছলৈ পৰশুৰাম নামেৰে পৰিচিত হয়।[3][5][6] দম্পতীহালে নৰ্মদা নদীৰ পাৰত তপস্যা আৰম্ভ কৰে।

তেওঁ পিতৃ ৰিচিকৰ পৰা বিষ্ণুৰ সৰগী ধনু শাৰংগ গ্ৰহণ কৰে।

ৰেণুকাৰ মৃত্যু

[সম্পাদনা কৰক]

ব্ৰহ্মাণ্ড পুৰাণৰ মতে ৰেণুকা এবাৰ নৰ্মদা নদীৰ পাৰলৈ কিছু পানী আনিবলৈ গৈছিল। তাতে তেওঁ শ্বাল্ব ৰাজ্যৰ ৰজাই নিজৰ ৰাণীৰ সৈতে পানীত খেলি থকা দেখিলে। দৃশ্যটোৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈ তেওঁ থিয় হৈ থাকিল। পানী লৈ স্বামীৰ আশ্ৰম পোৱাৰ সময়লৈকে তেওঁৰ যথেষ্ট দেৰি হৈছিল। ক্লান্ত জমদগ্নিয়ে ৰেণুকাৰ পৰা পলমৰ কাৰণ শুনি ক্ষুব্ধ হৈ পৰিল আৰু নিজৰ প্ৰতিজন পুত্ৰক ইজনৰ পিছত সিজনকৈ মাকক হত্যা হত্যা কৰিবলৈ মাতিলে। প্ৰত্যেকেই নিজৰ মাতৃক হত্যা কৰিবলৈ অস্বীকাৰ কৰিলে। পৰশুৰাম কিন্তু ওলাই আহিয়ে মাকৰ মূৰ কাঁড় এডালেৰে কাটি মাটিত পেলালে। ঋষিয়ে নিজৰ চাৰিজন ডাঙৰ পুত্ৰক তেওঁলোকৰ অবাধ্যতাৰ বাবে বনলৈ নিৰ্বাসিত কৰিলে। পৰশুৰামৰ তেওঁৰ প্ৰতি থকা ভক্তিত সন্তুষ্ট হৈ তেওঁ পুত্ৰক তেওঁৰ পছন্দমতে বৰদান প্ৰদান কৰিব খোজাত পৰশুৰামে তেওঁৰ মাতৃক পুনৰ জীয়াই তোলাটো কামনা কৰিছিল আৰু এই কথা মঞ্জুৰ কৰা হৈছিল।[7]

ধৰ্মৰ পৰীক্ষা

[সম্পাদনা কৰক]

মহাভাৰতৰ অশ্বমেধ পৰ্বত ধৰ্মই ক্ৰোধৰ ৰূপ লৈ জমদগ্নিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল। তেওঁ লক্ষ্য কৰিলে যে, ঋষিয়ে মাত্ৰ তেওঁৰ গৰু কামধেনুৰ গাখীৰ খীৰাই গাখীৰ এটা পাত্ৰত ৰাখিছে। ক্ৰোধৰ ৰূপত ধৰ্মই পাত্ৰটোত সোমাই গ’ল। সেই গাখীৰ পান কৰিও জমদগ্নি শান্ত হৈ থাকিল। এই কথা লক্ষ্য কৰি ধৰ্মই ঋষিৰ আগত ব্ৰাহ্মণ হিচাপে আবিৰ্ভাৱ হ'ল আৰু ভৱিষ্যতে তেওঁ সদায় ধাৰ্মিক হ’ব বুলি তেওঁক আশীৰ্বাদ দিলে।[8]

সূৰ্য্যৰ বৰ

[সম্পাদনা কৰক]

মহাভাৰতৰ মতে, জমদগ্নিয়ে এবাৰ দেৱতা সূৰ্যৰ ওপৰত অত্যধিক তাপ সৃষ্টি কৰাৰ বাবে বিৰক্ত হৈছিল। যোদ্ধা-মুনিয়ে আকাশলৈ কেইবাডালো কাঁড় মাৰি সূৰ্যক আতংকিত কৰি তুলিলে। তাৰ পিছত সূৰ্যই ব্ৰাহ্মণ হিচাপে ঋষিৰ আগত উপস্থিত হয় আৰু তেওঁক দুটা উদ্ভাৱন দিলে যিয়ে মানৱজাতিক তেওঁৰ তাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব - চেণ্ডেল আৰু ছাতি।[9]

এবাৰ হাইহায়া ৰজা কৰ্তবীৰ্য অৰ্জুন আৰু তেওঁৰ পাৰিষদে (যাৰ সহস্ৰ বাহু/হাত বুলি কোৱা হৈছিল) জমদগ্নিৰ আশ্ৰম পৰিভ্ৰমণ কৰিছিল। জমদগ্নিয়ে কামধেনু নামৰ ঐশ্বৰিক গৰুৱে আগবঢ়োৱা ভোজ পৰিৱেশন কৰিছিল। ৰজাই চন্দ্ৰগুপ্ত নামৰ নিজৰ মন্ত্ৰী পঠিয়াই দিলে, যিয়ে এই ঐশ্বৰিক গৰু ক্ৰয় কৰিবলৈ দহ নিযুত গৰু, আনকি আধা ৰাজ্যকো আগবঢ়াই দিলে, কিন্তু জমদগ্নিয়ে কামধেনুক বিদায় ল’বলৈ অস্বীকাৰ কৰিলে। গৰু দিবলৈ স্বীকাৰ কৰিবলৈ ইচ্ছুক নোহোৱাত চন্দ্ৰগুপ্ত আৰু তেওঁৰ লোকসকলে বলপূৰ্বকভাৱে গৰুটো জব্দ কৰি লগত লৈ গ’ল। প্ৰিয় গৰুটোক লৈ যোৱাত অসহায় ঋষিয়ে চন্দ্ৰগুপ্তৰ দলটোক খেদি ফুৰিছিল, সিহঁতে হাবিখন পাৰ হৈ যোৱাৰ সময়ত, সিহঁতক চুৰি কৰিবলৈ নোৱাৰাকৈ বাট ভেটি ধৰিছিল। তেওঁৰ কাণ্ডত ক্ষুব্ধ হৈ মন্ত্ৰীজনে জমদগ্নিক আঘাত কৰি কামধেনুক লৈ গ’ল ৰজাৰ ৰাজধানী মহিষ্মতীলৈ।

বহু সময় অপেক্ষাৰ অন্তত ৰেণুকাই স্বামীক বিচাৰিবলৈ ধৰিলে, প্ৰায় মৃত অৱস্থাত, নিজৰ তেজেৰে লোটপোট হৈ পৰি থকা অৱস্থাত পালে। এই দৃশ্য দেখি ৰেণুকা অজ্ঞান হৈ পৰিল, আৰু যেতিয়া চেতনালৈ ঘূৰি আহিল, তেতিয়া কান্দিবলৈ ধৰিলে। তেতিয়া পৰশুৰাম আৰু তেওঁৰ শিষ্য অকৃতব্ৰাণে মাকক পাইছিল, তেতিয়া মাকে তেওঁৰ ফালে ঘূৰি একবিংশবাৰ (২১) বুকুত চপৰিয়াইছিল। পৰশুৰামে সংকল্প ল’লে যে তেওঁ একবিংশ বাৰ পৃথিৱী ভ্ৰমণ কৰিব, আৰু তেওঁ বিচাৰি পোৱা সকলো ক্ষত্ৰিয় ৰজাক ধ্বংস কৰিব।[10][11] যেতিয়া জমদগ্নিক দাহ কৰিবলৈ হ’ল, তেতিয়া শুক্ৰ ঋষি সেই স্থানত উপস্থিত হয়, আৰু মৃতসঞ্জীৱনী মন্ত্ৰৰে ঋষিৰ জীৱন পুনৰ ঘূৰাই আনিলে।

কামধেনুক ঘৰলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে পৰশুৰাম আৰু অকৃতব্ৰাণে মহিষ্মতীলৈ যাত্ৰা কৰিলে। নগৰৰ দুৱাৰত কৰ্তবীৰ্য অৰ্জুন আৰু তেওঁৰ বাহিনীক যুদ্ধত লগ ধৰি বধ কৰিলে। তেওঁলোকে জমদগ্নিলৈ দিব্য গৰুটো ঘূৰাই দিলে। ঋষিয়ে পুত্ৰক মহেন্দ্ৰগিৰিত তপস্যা কৰিবলৈ নিৰ্দেশ দিলে যাতে নিজৰ পাপৰ পৰা শুদ্ধ হয়। এই তপস্যাৰ বাবে পৰশুৰাম গুচি যোৱাৰ সময়তে কৰ্তবীৰ্য অৰ্জুনৰ পুত্ৰ শুৰসেনে আৰু তেওঁৰ লোকসকলে তেওঁৰ আশ্ৰমত জমদগ্নিৰ মূৰ কাটি প্ৰতিশোধ ল’লে, আৰু তেওঁৰ মূৰটোও লগত লৈ লৈ গ’ল যাতে তেওঁক পুনৰ পুনৰুত্থান কৰিব নোৱাৰি। পৰশুৰাম আৰু জমদগ্নিৰ শিষ্যসকলে ঋষিক দাহ কৰে, আৰু তেওঁৰ পত্নী ৰেণুকাই সতী যায়। তাৰ পৰাই পৰশুৰামে পতিত পিতৃৰ শাৰংগ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰি ক্ষত্ৰিয় জাতিৰ ৰজাসকলক নিঃশেষ কৰিবলৈ একবিংশ অভিযান আৰম্ভ কৰে।[7]

বৌদ্ধ ধৰ্ম

[সম্পাদনা কৰক]

বৌদ্ধ মহাবগ্গৰ বিনয় পিটক খণ্ডত (I.245)[12] বুদ্ধই ঘোষণা কৰে যে, বেদ (শ্ৰুতিৰ) প্ৰকৃত ৰূপত জমদগ্নিকে ধৰি আদি বৈদিক ঋষিৰ ওচৰত প্ৰকাশ পাইছিল বুলি তেওঁ জমদগ্নিক সন্মান জনায়।[13][14]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. (en ভাষাত) The Illustrated Weekly of India. Published for the proprietors, Bennett, Coleman & Company, Limited, at the Times of India Press. 1975. পৃষ্ঠা. 11. https://books.google.com/books?id=DaiaY75n24sC&q=jamadagni+meaning. 
  2. Avalon, Arthur (Sir John Woodroffe) (1913, reprint 1972) (tr.) Tantra of the Great Liberation (Mahāanirvāna Tantra), New York: Dover Publications, আই.এচ.বি.এন. 0-486-20150-3, p. xli: The Rishi are seers who know, and by their knowledge are the makers of shastra and "see" all mantras. The word comes from the root rish Rishati-prāpnoti sarvvang mantrang jnānena pashyati sangsārapārangvā, etc. The seven great Rishi or saptarshi of the first manvantara are Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya, and Vashishtha. In other manvantara there are other sapta-rshi. In the present manvantara the seven are Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamdagnini, Bharadvaja. To the Rishi the Vedas were revealed. Vyasa taught the Rigveda so revealed to Paila, the Yajurveda to Vaishampayana, the Samaveda to Jaimini, Atharvaveda to Samantu, and Itihasa and Purana to Suta. The three chief classes of Rishi are the Brahmarshi, born of the mind of Brahma, the Devarshi of lower rank, and Rajarshi or Kings who became Rishis through their knowledge and austerities, such as Janaka, Ritaparna, etc. Thc Shrutarshi are makers of Shastras, as Sushruta. The Kandarshi are of the Karmakanda, such as Jaimini.
  3. 3.0 3.1 Subodh Kapoor (2004). A Dictionary of Hinduism: Including Its Mythology, Religion, History, Literature, and Pantheon. Cosmo Publications. পৃষ্ঠা. 185–. ISBN 978-81-7755-874-6. https://books.google.com/books?id=HJ6O8nwsFWgC&pg=PA185. 
  4. Bhagavata Purana Skandha 9 chapter 15-16
  5. George Mason Williams (2003). Handbook of Hindu Mythology. ABC-CLIO. পৃষ্ঠা. 160–161. ISBN 978-1-57607-106-9. https://archive.org/details/isbn_9791576071068. 
  6. Yves Bonnefoy; Wendy Doniger (1993). Asian Mythologies. University of Chicago Press. পৃষ্ঠা. 82–83. ISBN 978-0-226-06456-7. https://books.google.com/books?id=r4I-FsZCzJEC&pg=PA83. 
  7. 7.0 7.1 www.wisdomlib.org (2019-01-28). "Story of Jamadagni" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241636.html। আহৰণ কৰা হৈছে: 2022-10-09. 
  8. Mani, Vettam (2015-01-01) (en ভাষাত). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃষ্ঠা. 225. ISBN 978-81-208-0597-2. https://books.google.com/books?id=mvXsDwAAQBAJ&dq=jamadagni+dharma&pg=PA225. 
  9. "The Mahabharata, Book 13: Anusasana Parva: Section XCVI". https://www.sacred-texts.com/hin/m13/m13b061.htm. 
  10. Lochtefeld, James G. (2002). The illustrated encyclopedia of Hinduism. Internet Archive. New York : Rosen. ISBN 978-0-8239-2287-1. https://archive.org/details/illustratedencyc0000loch. 
  11. Mani, Vettam (2015-01-01) (en ভাষাত). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. ISBN 978-81-208-0597-2. https://books.google.com/books?id=mvXsDwAAQBAJ&q=Jamadagni&pg=PP5. 
  12. P. 494 The Pali–English dictionary, Thomas William Rhys Davids, William Stede
  13. P. 245 The Vinaya piṭakaṃ: one of the principle Buddhist holy scriptures ..., Volume 1 edited by Hermann Oldenberg
  14. The Vinaya Pitaka's section Anguttara Nikaya: Panchaka Nipata, p. 44 The legends and theories of the Buddhists, compared with history and science, Robert Spence Hardy