সমললৈ যাওক

জয়দীপ আহলাৱত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়দীপ আহলাৱত
Jaideep Ahlawat

২০২২ চনত আহলাৱত
জন্ম ০৮ ফেব্ৰুৱাৰী, ১৯৮০ (৪৫ বছৰ)[1]
খাড়কাঁড়া, হাৰিয়ানা, ভাৰত
শিক্ষা জাট এডুকেচন ছ'চাইটি ৰোহটক (কলা স্নাতক)
মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয় (মাষ্টাৰ অৱ আৰ্টছ)
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
পেচা অভিনয়-শিল্পী
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী জ্যোতি হুদা
বঁটা, সন্মান, পুৰস্কাৰ আদি


জয়দীপ আহলাৱত (ইংৰাজী: Jaideep Ahlawat; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮০)[1] হিন্দী চলচ্চিত্ৰ আৰু ৱেব ধাৰাবাহিক (ৱেব চিৰিজ) জগতৰ এজন ভাৰতীয় অভিনেতা। তেওঁ তিনিটা ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰাৰ লগতে দুটা ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন অৰ্জন কৰিছে।

ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ অপৰাধমূলক ছবি গেংছ অৱ ৱাছেপুৰ (২০১২)ত অভিনয় কৰে। ইয়াৰ পূৰ্বে তেওঁ কেইবাখনো ছবিত সৰু চৰিত্ৰত অভিনয় কৰিছিল[2]। পৰৱৰ্তী সময়ত তেওঁ কমাণ্ডো: এ ৱান মেন আৰ্মি (২০১৩), গব্বৰ ইজ বেক (২০১৫), আৰু বিশ্বৰূপম দ্বিতীয় (২০১৮)কে ধৰি কেইবাখনো ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।[3][4]

মূলসুঁতিৰ ছবি ৰইছ (২০১৭) আৰু ৰাজী (২০১৮)ত অভিনয় কৰি আহলাৱাতে বহুল স্বীকৃতি লাভ কৰে।[5]

২০২০ চনত ষ্ট্ৰীমিং ধাৰাবাহিক পাতাল লোকত আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰি ড্ৰামা ছিৰিজৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰি তেওঁ প্ৰশংসা অৰ্জন কৰে। এন একচন হিৰো (২০২২) ছবিখনৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বাবে মনোনয়ন লাভ কৰে, আৰু তাৰ পিছত ২০২৩ চনত জানে জা আৰু থ্ৰী অৱ আছ ছবিত অভিনয় কৰে। জানে জাৰ বাবে তেওঁ ৱেব অৰিজিনেল ছবিৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ অ'টিটি বঁটা (সমালোচক) আৰু ২০২৪ চনৰ মহাৰাজ ছবিৰ বাবে ৱেব অৰিজিনেল ছবিৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ শিতানত ফিল্মফেয়াৰ অ'টিটি বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

হাৰিয়ানাৰ ৰোহটক জিলাৰ মেহাম চৌবিচি তহচিলৰ খাৰকাৰাত জয়দীপ আহলাৱতৰ জন্ম হৈছিল। তেওঁৰ জন্ম এটা হিন্দু জাট পৰিয়ালত হৈছিল।[6][7] খাৰকাৰাৰ চৰকাৰী হাইস্কুলৰপৰা তেওঁ হাইস্কুলৰ প্ৰমাণ-পত্ৰ লাভ কৰে। তেওঁ ৰোহটকৰ জাট কলেজত পঢ়িছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ২০০৫ চনত মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৮ চনত মহাৰাষ্ট্ৰৰ পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফটিআইআই)ৰপৰা অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে, যিটো বেটছত ৰাজকুমাৰ ৰাও, বিজয় বাৰ্মা আৰু ছানী হিন্দুজা তেওঁৰ সতীৰ্থ আছিল।[8]

কেৰিয়াৰ

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক সংগ্ৰাম আৰু কৰ্ম (২০০৮-২০১১)

[সম্পাদনা কৰক]

জয়দীপ আহলাৱতে কম বয়সতে থিয়েটাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও তেওঁ পোনপ্ৰথমতে ভাৰতীয় সেনাৰহে বিষয়া হ’ব বিচাৰিছিল। কিন্তু একাধিকবাৰ এছ এছ বিৰ সাক্ষাৎকাৰত ঊত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে তেওঁ অভিনয়ৰ ক্ষেত্ৰত প্ৰৱেশ কৰে। তেওঁ পঞ্জাৱ আৰু হাৰিয়ানাত মঞ্চানুষ্ঠান কৰিছিল। [9] স্নাতক হোৱাৰ পিছতহে তেওঁ অভিনয়ক গুৰুত্বসহকাৰে ল’বলৈ আৰম্ভ কৰিছিল। তেওঁ জটিল পথেৰে চলচ্চিত্ৰ জগতখনত প্ৰৱেশ কৰিছিল। তেওঁৰ কোনো গডফাদাৰ নাছিল। [10] ২০০৮ চনত শিক্ষা সমাপ্ত কৰি অভিনেতা হোৱাৰ সপোন পূৰণৰ বাবে তেওঁ মুম্বাইলৈ ৰাওনা হয়। আৰু এদিন তেওঁ বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

সফলতা আৰু স্বীকৃতি (২০১২–২০১৯)

[সম্পাদনা কৰক]

প্ৰিয়দৰ্শনখট্টা মিঠা (২০১০) ছবিখনত নেতিবাচক চৰিত্ৰৰ চিত্ৰণত তেওঁক প্ৰথম দৃষ্টিগোচৰ কৰা হৈছিল। সেই বছৰতে তেওঁ অজয় ​​দেৱগনৰ সৈতে আক্ৰোশ ছবিত অভিনয় কৰে।[11] ইয়াৰ পিছত তেওঁ অনুৰাগ কাশ্যপৰ গেংছ অৱ ৱাছেপুৰ (২০১২) আৰু কমল হাছানবিশ্বৰূপম (২০১২)কে ধৰি আৰু অধিক ছবিত কাম কৰে।[12][13] গেংছ অৱ ৱাছেপুৰক জয়দীপৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট হিচাপে গণ্য কৰা হয়, কিয়নো ইয়াৰ সফলতাই তেওঁক ভাৰতত পৰ্যাপ্ত স্বীকৃতি লাভ কৰাত সহায় কৰিছিল। ইয়াৰ পিছত জয়দীপে হাছানৰ সৈতে এখন তামিল চোৰাংচোৱা থ্ৰিলাৰ ছবি বিশ্বৰূপমত অভিনয় কৰে, যিখন ছবি ২০১৩ চনত যথেষ্ট সফলতা লাভ কৰে। অভিনয়ৰ দক্ষতা আৰু জনপ্ৰিয়তাৰ ওপৰত আপ্লুত হৈ হাছানে তেওঁক ২০১৬ চনত মুক্তি পোৱা ছিকুৱেল বিশ্বৰূপম-২ তো কাম কৰাৰ সুযোগ দিয়ে।

প্ৰতিষ্ঠালাভ (২০২০–বৰ্তমানলৈকে)

[সম্পাদনা কৰক]

ৱেব চিৰিজ বাৰ্ড অৱ ব্লাড [14]ত জয়দীপক পৰৱৰ্তী সময়ত দেখা গৈছিল আৰু ২০২০ চনৰ অক্টোবৰ মাহত মুক্তি পোৱা বলীউডৰ ছবি খালি পিলিত তেওঁ নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল।[15] ৱেব ধাৰাবাহিক পাতাল’লোঁকত তেওঁ হাতীৰাম চৌধাৰীৰ চৰিত্ৰত অভিনয় কৰি ব্যাপক প্ৰশংসা লাভ কৰে।[16][17] চিৰিজটোৱে পৰিচালনা, অভিনয় আৰু স্পৰ্শকাতৰ বিষয়সমূহ সঠিকভাৱে চম্ভালি লোৱাৰ বাবে সৰ্বজনীনভাৱে প্ৰশংসা কৰা হৈছিল।

২০২২ চনত তেওঁ একাধিক ধাৰাবাহিকত অভিনয় কৰিছে। ব্লাডি ব্ৰাদাৰ্ছ (২০২২) আৰু দ্য ব্ৰকেন নিউজ (২০২২)ৰ দৰে ৱেব চিৰিজত তেওঁ আগবঢ়োৱা অভিনয়ক সমালোচকসকলে শলাগ লৈছে।[18]

ইয়াৰ পিছত আহলাৱাটক ২০২৫ চনত মুক্তি পোৱা নেটফ্লিক্স ছবি জুৱেল থিফত দেখা গৈছিল। তেওঁৰ বিপৰীতে আছিল ছইফ আলী খান[19] ছবিখন নেতিবাচক সমালোচনা লাভ কৰিছিল।

২০২৫ চনত নৱেম্বৰ মাহত মুক্তি লাভ কৰা 'ফেমিলি মেন চিজন-৩'ত জয়দীপ আহলাৱতে এটা গুৰুত্বপূৰ্ণ ঋণাত্মক চৰিত্ৰত অভিনয় কৰে৷ 'ৰুকমা' নামৰ এজন ড্ৰাগ-ব্যৱসায়ীৰ চৰিত্ৰত আগবঢ়োৱা তেওঁ অভিনয় আৰু তেওঁৰ অভিব্যক্তি সৰ্বত্ৰে চৰ্চিত হয়৷ [20][21]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
বৰ্ষ বঁটা শিতান কৰ্ম ফলাফল তথ্যসূত্ৰ
২০১৩ ১৯তম স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ দলীয় বঁটা গেংগছ অৱ ৱাছেপুৰ মনোনীত [22]
২০১৪ জি চিনে বঁটা ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় কমাণ্ডো মনোনীত [23]
২০তম স্ক্ৰীণ বঁটা ঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় মনোনীত [24]
২০১৯ জি চিনে বঁটা সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়- পুৰুষ ৰাজী মনোনীত
২৬তম স্ক্ৰীণ বঁটা সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় মনোনীত
২০২০ ২০২০ ফিল্মফেয়াৰ অটিটি বঁটা ড্ৰামা চিৰিজত শ্ৰেষ্ঠ অভিনয় পাতাল লোক চিজন ১ বিজয়ী [25][26]
২০২৩ ৬৮তম ফিল্মফেয়াৰ বঁটা সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় এন একচন হিৰো মনোনীত [27]
২৪তম আইফা বঁটা সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় মনোনীত [28]
২০২৪ ৬৯তম ফিল্মফেয়াৰ বঁটা সমালোচকৰ দৃষ্টিত শ্ৰেষ্ঠ অভিনয় থ্ৰি অৱ আছ মনোনীত [29]
২০২৫ ২০২৪ ফিল্মফেয়াৰ অটিটি বঁটা ৱেব মৌলিক ছবিত শ্ৰেষ্ঠ অভিনয় জানে জা মনোনীত [30][31]
ৱেব অৰিজিনেল ফিল্মৰ শ্ৰেষ্ঠ অভিনেতা (সমালোচক)। বিজয়ী
সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়-ৱেব মৌলিক ছবি মহাৰাজ বিজয়ী
২৫তম আইফা বঁটা ছিৰিজৰ শ্ৰেষ্ঠ অভিনেতা দ্য ব্ৰকেন নিউজ -২ মনোনীত [32]
ৱেব ফিল্মৰ শ্ৰেষ্ঠ সহযোগী অভিনেতা মহাৰাজ মনোনীত

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Jaideep Ahlawat: Movies, Photos, Videos, News, Biography & Birthday". https://timesofindia.indiatimes.com/topic/Jaideep-Ahlawat. 
  2. Dutta, Medhashrree. "Gangs Of Wasseypur changed my life: Jaideep Ahlawat - Times of India" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Gangs-Of-Wasseypur-changed-my-life-Jaideep-Ahlawat/articleshow/18132872.cms. 
  3. "Why is Jaideep Ahlawat not visible in Vishwaroopam promos? - NDTV Movies". http://movies.ndtv.com/bollywood/why-is-jaideep-ahlawat-not-visible-in-i-vishwaroopam-i-promos-315255. 
  4. "Commando: Jaideep Ahlawat plays a baddie called AK74". News18. 11 April 2013. https://www.news18.com/news/india/commando-jaideep-ahlawat-plays-a-baddie-called-ak74-602282.html। আহৰণ কৰা হৈছে: 17 July 2019. 
  5. Magan, Srishti (21 May 2018). "8 Years In Bollywood & Finally Getting His Due, Jaideep Ahlawat Is an Actor We Want To See More of" (en ভাষাত). ScoopWhoop. https://www.scoopwhoop.com/raazi-jaideep-ahlawat-rise-to-fame/। আহৰণ কৰা হৈছে: 17 July 2019. 
  6. "'Paatal Lok' season two more complicated and refined: Jaideep Ahlawat". Deccan Herald. PTI. 4 October 2023. https://www.deccanherald.com/entertainment/paatal-lok-season-two-more-complicated-and-refined-jaideep-ahlawat-2712410. 
  7. "Jaideep Ahlawat reveals how he proposed to wife in true Jaat style: 'There won't be any shortage of milk and ghee'". The Indian Express. 13 July 2025. https://indianexpress.com/article/entertainment/bollywood/jaideep-ahlawat-reveals-how-he-proposed-to-wife-in-true-jaat-style-10123554//. 
  8. "'We were ready to kill it 10 years ago': Vijay Varma" (en ভাষাত). The Indian Express. 19 September 2023. https://indianexpress.com/article/express-sunday-eye/jaideep-ahlawat-vijay-varma-jaane-jaan-interview-8947247/। আহৰণ কৰা হৈছে: 5 November 2023. 
  9. "Raazi actor Jaideep Ahlawat speaks about his latest film, and playing villainous roles". 7 May 2018. https://scroll.in/reel/876275/raazi-actor-jaideep-ahlawat-loves-playing-baddies-grey-characters-offer-so-much-colour। আহৰণ কৰা হৈছে: 10 March 2020. 
  10. "'Humble & Honest". Daily Post India. 21 October 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304134639/http://dailypost.in/lifestyle/fashion-and-beauty/49868-humble-honest. 
  11. "Jaideep's Profile on Graftii.com". Archived from the original on 25 September 2012. https://web.archive.org/web/20120925064252/http://www.graftii.com/profiles/1588-jaideep_ahlawat। আহৰণ কৰা হৈছে: 1 October 2012. 
  12. "'Vishwaroopam' explores faith: Jaideep Ahlawat". CNN-IBN. 3 October 2011. Archived from the original on 24 June 2012. https://web.archive.org/web/20120624052156/http://ibnlive.in.com/news/vishwaroopam-explores-faith-jaideep-ahlawat/189833-8-66.html. 
  13. Hungama, Bollywood. "Gangs Of Wasseypur secures my standing in the industry - Jaideep Ahlawat - Latest Movie Features - Bollywood Hungama". Bollywood Hungama. http://www.bollywoodhungama.com/movies/features/type/view/id/3619/। আহৰণ কৰা হৈছে: 8 February 2013. 
  14. "Jaideep Ahlawat says 'Pataal Lok' led to versatile offers, storytellers realising he can play with different emotions" (en ভাষাত). https://economictimes.indiatimes.com/magazines/panache/jaideep-ahlawat-says-pataal-lok-success-led-to-versatile-offers-storytellers-realising-he-can-play-with-different-emotions/articleshow/90162666.cms. 
  15. Jain, Arushi (22 September 2020). "Khaali Peeli trailer: Ishaan, Ananya promise a typical masala entertainer" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/bollywood/khaali-peeli-trailer-ishaan-khatter-ananya-panday-promise-a-typical-bollywood-masala-entertainer-6605782/। আহৰণ কৰা হৈছে: 26 November 2022. 
  16. "Paatal Lok Season 2 Review : A dark, twisted thriller that balances brilliance with complexity". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/web-series/reviews/hindi/paatal-lok/paatal-lok-season-2/seasonreview/117250302.cms. 
  17. Mitra, Shilajit (17 January 2025). "‘Paatal Lok’ Season 2 series review: Jaideep Ahlawat keeps the show on the road" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/paatal-lok-season-2-review-jaideep-ahlawat-sudip-sharma/article69108222.ece. 
  18. "Jaideep Ahlawat - Biography" (en-US ভাষাত). IMDb. https://www.imdb.com/name/nm4188433/bio/?ref_=nm_ov_bio_sm। আহৰণ কৰা হৈছে: 4 September 2024. 
  19. AR, Reshmi (13 February 2025). "The Jewel Thief is unlike anything I have done before, says Jaideep Ahlawat" (en ভাষাত). www.deccanchronicle.com. https://www.deccanchronicle.com/entertainment/bollywood/jaideep-ahlawat-i-want-to-keep-exploring-different-shades-of-human-nature-1861092। আহৰণ কৰা হৈছে: 20 February 2025. 
  20. https://indianexpress.com/article/entertainment/web-series/family-man-season-3-manoj-bajpayee-srikant-tiwari-on-the-hero-jaideep-ahlawat-main-character-energy-10386866/
  21. https://economictimes.indiatimes.com/magazines/panache/the-family-man-season-3-jaideep-ahlawat-s-look-was-inspired-by-his-own-series-where-to-watch-underrated-the-comedy-show-on-ott/articleshow/125533519.cms?from=mdr
  22. Hungama, Bollywood (2 January 2013). "Nominations: 19th Annual Colors Screen Awards 19 : Bollywood News - Bollywood Hungama" (en ভাষাত). https://www.bollywoodhungama.com/news/features/nominations-19th-annual-colors-screen-awards/। আহৰণ কৰা হৈছে: 11 March 2025. 
  23. "Zee Cine Awards 2014: Complete list of nominations" (en ভাষাত). Zee News. https://zeenews.india.com/entertainment/zee-cine-awards-2014/zee-cine-awards-2014-complete-list-of-nominations_150384.html। আহৰণ কৰা হৈছে: 11 March 2025. 
  24. "20th Screen Awards Nominations 2014 | Bollywood" (en ভাষাত). India Forums. https://www.indiaforums.com/forum/bollywood/3877180/20th-screen-awards-nominations-2014। আহৰণ কৰা হৈছে: 11 March 2025. 
  25. "Filmfare OTT Awards 2020: Big Night For Paatal Lok And The Family Man. Complete List Of Winners". NDTV.com. https://www.ndtv.com/entertainment/filmfare-ott-awards-2020-paatal-lok-off-to-a-great-start-list-of-winners-2340941। আহৰণ কৰা হৈছে: 20 December 2020. 
  26. "Winners of the Flyx Filmfare OTT Awards" (en ভাষাত). filmfare.com. https://www.filmfare.com/features/winners-of-the-flyx-filmfare-ott-awards-45407.html। আহৰণ কৰা হৈছে: 20 December 2020. 
  27. "Winners of the 68th Hyundai Filmfare Awards 2023". Filmfare. 28 April 2023. https://www.filmfare.com/awards/filmfare-awards-2023/winners. 
  28. "IIFA 2024 nominations: Here's the list of nominees in popular categories" (en ভাষাত). Digit. 21 August 2024. https://www.digit.in/news/entertainment/iifa-2024-nominations-heres-the-list-of-nominees-in-popular-categories.html। আহৰণ কৰা হৈছে: 11 March 2025. 
  29. "69th Filmfare Awards: Nominations list" (en-GB ভাষাত). 15 January 2024. https://www.bizasialive.com/69th-filmfare-awards-nominations-list/। আহৰণ কৰা হৈছে: 11 March 2025. 
  30. "Nominations for the Danube Properties Filmfare OTT Awards 2024: Full List | Filmfare.com" (en ভাষাত). www.filmfare.com. https://www.filmfare.com/features/nominations-for-the-danube-properties-filmfare-ott-awards-2024-full-list-69862.html। আহৰণ কৰা হৈছে: 11 March 2025. 
  31. "Winners of the Danube Properties Filmfare OTT Awards 2024: Full List Out | Filmfare.com" (en ভাষাত). www.filmfare.com. https://www.filmfare.com/features/winners-of-the-danube-properties-filmfare-ott-awards-2024-full-list-out-69977.html। আহৰণ কৰা হৈছে: 11 March 2025. 
  32. "IIFA Digital Awards 2025 Nominations: Ananya Panday, Jaideep Ahlawat Lead. Check Full List" (en ভাষাত). www.ndtv.com. https://www.ndtv.com/entertainment/iifa-digital-awards-2025-nominations-list-jaideep-ahlawat-ananya-panday-score-multiple-nods-7590067। আহৰণ কৰা হৈছে: 11 March 2025.