সমললৈ যাওক

জয়নাচৰণ বাথাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

[[শ্ৰেণী:সাময়িক সংশোধনৰ প্ৰয়োজন থকা পৃষ্ঠা|{{#if:2025-01-25|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "}"]]


জয়নাচৰণ বাথাৰী (ইংৰাজী: Joynacharan Bathari) অসমৰ এগৰাকী লোক-শিল্পী। তেওঁ ছয়টা দশকজুৰি ডিমাছা লোকসংগীত, লোকবাদ্য আৰু লোককৃষ্টিৰ ওপৰত চৰ্চা কৰি আহিছে। তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা ২০২৫ চনৰ পদ্মশ্ৰী বঁটা লাভ কৰে।[1] ডিমাছা লোকবাদ্য মুৰি (পেঁপা) আৰু খ্ৰাম (ঢোল) বজোৱাত তেওঁ পাকৈত। ডিমাছা লোকনৃত্য “জাওবনী’’ আৰু “জাওপিনবানি’’ পুনৰসৃষ্টিতো বিশেষ পদক্ষেপ লয়।

তেওঁ ডিমাছা সাধুকথাৰ সংকলন “The Monkey and the Tortoise’’ আৰু “Tale of An Elderly Dimasa Couple’’ নামে দুখন পুথি ৰচনা কৰে।[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "২০২৫ বৰ্ষৰ পদ্ম বঁটা". https://www.hindustantimes.com/india-news/padma-awards-2025-full-list-of-padma-vibhushan-padma-bhushan-padma-shri-winners-101737815536027.html আহৰণ কৰা হৈছে: 26 January 2025.
  2. "নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্ম বঁটা". https://www.etvbharat.com/as/!state/sattriya-dance-maestro-jatin-goswami-has-been-awarded-the-padma-bhushan-and-four-others-have-received-the-padma-award-assam-news-ass25012505901 আহৰণ কৰা হৈছে: 26 January 2025.