সমললৈ যাওক

জয়ন্তী কুমাৰেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্তী কুমাৰেশ
সৰস্বতী বীণাৰ সৈতে জয়ন্তী কুমাৰেশ
সৰস্বতী বীণাৰ সৈতে জয়ন্তী কুমাৰেশ
পৃষ্ঠভূমি
উৎসস্থান বাংগালুৰু
সংগীতৰ ধৰণ কৰ্ণাটকী সংগীত
বাদ্যযন্ত্ৰ সৰস্বতী বীণা
ৱেবছাইট jayanthikumaresh.com

জয়ন্তী কুমাৰেশ (ইংৰাজী: Jayanthi Kumaresh ; এগৰাকী ভাৰতীয় বীণা সংগীতজ্ঞ। [1] [2] [3] ছয় প্ৰজন্মৰ পৰা কৰ্ণাটকী সংগীতৰ অনুশীলন কৰি অহা সংগীতজ্ঞৰ বংশৰ পৰা অহা জয়ন্তীয়ে তিনি বছৰ বয়সৰ পৰাই সৰস্বতী বীনা বজাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ মাতৃ লালগুড়ী ৰাজলক্ষ্মী আছিল তেওঁৰ প্ৰথম শিক্ষয়িত্ৰী আৰু পিছত তেওঁ মাহীয়েক পদ্মাৱতী অনন্তগোপালনৰ পৰা গভীৰ প্ৰশিক্ষণ গ্ৰহণ লৈছিল। এছ বালচন্দৰেও তেওঁক শিকাইছিল আৰু বালচন্দৰৰ সৈতেও তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছিল। ভায়লিনবাদক যুটি গণেশ–কুমাৰেশৰ কনিষ্ঠ কুমাৰেশ ৰাজগোপালনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁ ভায়লিনবাদক লালগুড়ী জয়ৰমনৰ ভতিজী।

জয়ন্তীয়ে "সৰস্বতী বীণাৰ শৈলী আৰু বজোৱাৰ কৌশল", এই বিষয়ত কৰা গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ সমগ্ৰ বিশ্বতে কৰ্মশালা আয়োজন কৰে আৰু বক্তৃতা প্ৰদান কৰে। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় অৰ্কেষ্ট্ৰা [4] প্ৰতিষ্ঠা কৰিছিল, য'ত ভাৰতৰ চহকী সংগীত আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰা কৰ্ণাটকী আৰু হিন্দুস্তানী ধাৰাৰ শিল্পীৰ এটা দলে একে বেনাৰৰ তলত একত্ৰিত হৈ ভাৰতীয় শাস্ত্ৰীয় সংগীত প্ৰদৰ্শন কৰে।

জয়ন্তীয়ে " Mysterious Duality " এলবামটো ৰচনা কৰি মুক্তি দিয়ে। [5] শিল্পীগৰাকীয়ে ৭টা ভিন্নভিন্ন বীনা ট্ৰেক বজাইছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]