জয়ন্তী নটৰাজন
জয়ন্তী নটৰাজন | |
---|---|
![]() নিউয়ৰ্কত নটৰাজন, ২০১২ | |
ৰাজ্যসভাৰ সাংসদ (তামিলনাডু) | |
কাৰ্যকাল ২০০৮ – ২০১৪ | |
কাৰ্যকাল ১৯৮৬ – ২০০২ | |
ব্যক্তিগত তথ্য | |
জন্ম | ৭ জুন, ১৯৫৪ (৭১ বছৰ) মাদ্ৰাচ, মাদ্ৰাচ প্ৰদেশ (বৰ্তমান চেন্নাই, তামিলনাডু, ভাৰত) |
ৰাজনৈতিক দল | *ভাৰতীয় জাতীয় কংগ্ৰেছ
(১৯৮২-১৯৯৭;২০০২-২০১৫) (১৯৯৭-২০০২) |
দাম্পত্যসঙ্গী | ভি কে নটৰাজন |
সন্তান | ১ |
বাসস্থান | নতুন দিল্লী/চেন্নাই |
শিক্ষানুষ্ঠান | এথিৰাজ কলেজ ফৰ ৱ’মেন |
জয়ন্তী নটৰাজন (ইংৰাজী: Jayanthi Natarajan; জন্ম: ৭ জুন ১৯৫৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ ৰাজ্যসভাত তামিলনাডু ৰাজ্যক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য নিৰ্বাচিত হৈছে। ২০১১ চনৰ জুলাইৰ পৰা ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ বন আৰু পৰিৱেশ মন্ত্ৰী (স্বাধীন দায়িত্বত) আছিল। ২০১৩ চনৰ ২১ ডিচেম্বৰত তেওঁ পৰিৱেশ আৰু বন মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ২০১৫ চনৰ ৩০ জানুৱাৰীত চেন্নাইত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ ঘোষণা কৰে যে তেওঁ কংগ্ৰেছ পাৰ্টিৰ পৰা পদত্যাগ কৰিব। তেওঁ আৰোপ লগাইছিল যে ৰাহুল গান্ধীৰ "নিৰ্দিষ্ট অনুৰোধ"ৰ ভিত্তিত তেওঁৰ মন্ত্ৰালয়ে ঔদ্যোগিক প্ৰকল্পসমূহক অনুমোদন দিছিল আৰু তেওঁ (গান্ধী) ২০১৪ চনৰ নিৰ্বাচনলৈ চকু ৰাখি পৰিৱেশ বান্ধৱৰ পৰা কৰ্পৰেট-বান্ধৱৰ স্থিতি লৈছে।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]জয়ন্তী নটৰাজনৰ জন্ম হৈছিল ভাৰতৰ মাদ্ৰাচত। ড° চি আৰ সুন্দৰৰাজন আৰু ৰুক্মিণী সুন্দৰৰাজন তেওঁৰ পিতৃ-মাতৃ আছিল। জয়ন্তী উল্লেখনীয় সমাজকৰ্মী সৰোজিনী বৰদপ্পনৰ ভতিজী আছিল। তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক এম বখটাবৎসলম এজন বিশিষ্ট কংগ্ৰেছী ৰাজনীতিবিদ আৰু ১৯৬৩ চনৰ পৰা ১৯৬৭ চনলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল। জয়ন্তীয়ে আইনৰ শিক্ষা গ্ৰহণ কৰাৰ পূৰ্বে ইথিৰাজ কলেজ ফৰ ৱ’মেনত অধ্যয়ন কৰি মাদ্ৰাচত প্ৰেকটিচিং এডভোকেট হৈছিল। ব্যৱসায়িক অনুশীলনৰ উপৰিও সৰ্বভাৰতীয় মহিলা সন্মিলন, আৰু আইনী সাহায্য ব’ৰ্ডকে ধৰি কেইবাটাও সামাজিক সংগঠনৰ বাবেও বিনা পাৰিশ্ৰমিকত কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ মাদ্ৰাচ দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পঢ়ুৱৈ হিচাপেও কিছু কালৰ বাবে কাম কৰিছিল।[2][3]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "With Attack on Rahul Gandhi, Former Minister Jayanthi Natarajan Quits Congress". Ndtv.com. 2015-01-30. http://www.ndtv.com/india-news/former-upa-minister-jayanthi-natarajan-quits-congress-attacks-rahul-gandhi-in-explosive-letter-735701। আহৰণ কৰা হৈছে: 2018-05-03.
- ↑ "Natarajan, Shrimati Jayanthi". http://rajyasabha.nic.in/kiosk/whoswho/alpha_n6.htm। আহৰণ কৰা হৈছে: 2007-01-26.
- ↑ Published: Friday, 27 October 2006, 17:43 [IST] (2006-10-27). "Jayanthi Natarajan bereaved – Oneindia News". News.oneindia.in. http://news.oneindia.in/2006/10/27/jayanthi-natarajan-bereaved-1161951210.html। আহৰণ কৰা হৈছে: 2018-05-03.