জয়ন্তী (অভিনেত্ৰী)
জয়ন্তী | |
---|---|
![]() | |
জন্ম | কমলা কুমাৰী ০৬ জানুৱাৰী, ১৯৪৫ বেলাৰী, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৬ জুলাই, ২০২১ (৭৬ বছৰ) বানাশংকৰী, বাংগালুৰু |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৬০-২০২১ |
দাম্পত্যসঙ্গী | পেকেটি শিৱৰাম |
সন্তান | ১ |
কমলা কুমাৰী (ইংৰাজী: Kamala Kumari; ৬ জানুৱাৰী ১৯৪৫ – ২৬ জুলাই ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যাক মঞ্চনাম জয়ন্তী বুলি জনা যায়। তেওঁ মূলতঃ কানাড়ী আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। [1] [2] ১৯৬০, ১৯৭০ আৰু ১৯৮০ দশকৰ আগডোখৰলৈ চলচ্চিত্ৰত বিভিন্ন শৈলীত তেওঁৰ যোগদানৰ বাবে বিশেষভাবে খ্যাতি অৰ্জন কৰিছিল। কানাড়া, তেলেগু, তামিল, মালয়ালম, হিন্দী আৰু মাৰাঠীকে ধৰি বিভিন্ন ভাষাৰ ৫০০ৰো অধিক ছবিত অভিনয় কৰিছে।
জয়ন্তীয়ে চাৰিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু দুবাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মুঠ সাতটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা, [3] শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰপতি পদক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। বিভিন্ন সংবাদ মাধ্যমে তেওঁক কানাড়া চিনেমাৰ "সৰ্বাধিক সাহসী আৰু সুন্দৰী" অভিনেত্ৰী হিচাপে উল্লেখ কৰিছে, যিটো উপাধিৰ বাবে তেওঁ যথেষ্ট প্ৰচাৰ লাভ কৰিছে। [4] কানাড়া চলচ্চিত্ৰ জগতে তেওঁক "অভিনয় শৰাধে", (অভিনয়ত দেৱী শাৰদা) উপাধিৰে সন্মান জনায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "'Goddess of acting' Jayanthi dies at 76" (en-US ভাষাত). Scroll.in. 26 July 2021. https://scroll.in/reel/873463/draft-south-indian-star-jayanthi-dies-at-73। আহৰণ কৰা হৈছে: 26 July 2021.
- ↑ "Kannada actor Abhinaya Sharade Jayanthi passes away at 76". The New Indian Express. https://www.newindianexpress.com/entertainment/kannada/2021/jul/26/kannada-actor-abhinaya-sharadejayanthi-passes-away-at-76-2335559.html.
- ↑ Ganesh, Deepa (15 April 2011). "Bold and beautiful". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/Bold-and-beautiful/article14683278.ece.
- ↑ Bharadwaj, K. v Aditya (26 July 2021). "Veteran multilingual actor Jayanthi passes away at 76" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/veteran-multilingual-actor-jayanthi-passes-away-at-76/article35532812.ece.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Jayanthi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Article about Jayanthi in The Hindu[usurped]