জয়ন্ত কুমাৰ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্ত কুমাৰ শৰ্মা
ড° জয়ন্ত কুমাৰ শৰ্মা
জন্ম ০১ ফেব্ৰুৱাৰী, ১৯৬৫ (৫৯ বছৰ)
পাঠশালা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ, লেখক, সম্পাদক
জনা যায় কণিকা পদাৰ্থবিজ্ঞান
উল্লেখযোগ্য কৰ্ম ছাৰ আইজাক নিউটনৰ ‘প্ৰিন্সিপিয়া মেথমেটিকা’ৰ অসমীয়া অনুবাদ
দাম্পত্যসঙ্গী বিভা তালুকদাৰ
পিতৃ-মাতৃ ৺ হেমচন্দ্ৰ শৰ্মা
৺ চাৰু দেৱী
সন্তান প্ৰত্যয় প্ৰীতম


জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

ড° জয়ন্ত কুমাৰ শৰ্মা অসমৰ এগৰাকী আগশাৰীৰ পদাৰ্থবিদ, শিক্ষাবিদ, লেখক আৰু সম্পাদক৷ ১৯৬৫ চনৰ ১ ফেব্ৰুৱাৰীত অসমপাঠশালাত জন্মগ্ৰহণ কৰা শৰ্মাৰ পিতৃ-মাতৃ আছিল যথাক্ৰমে অধ্যাপক হেমচন্দ্ৰ শৰ্মা আৰু চাৰু দেৱী৷ শৰ্মাৰ পিতৃ হেমচন্দ্ৰ শৰ্মা বজালী মহাবিদ্যালয়ৰ উদ্ভিদবিজ্ঞান আৰু জীৱবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল আৰু মাতৃ চাৰু দেৱী পাঠশালা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল৷

শিক্ষা আৰু শৈশৱ[সম্পাদনা কৰক]

পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি তেখেতে বজালী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ অত্যন্ত মেধাৱী শৰ্মাই এই পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰসহ অসমৰ ভিতৰতে নৱম স্থান অধিকাৰ কৰে৷

১৯৮১ চনত তেখেতে বজালী মহাবিদ্যালয়ৰ (এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়) পৰা প্ৰাক্‌-বিশ্ববিদ্যালয় পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰসহ অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰি উত্তীৰ্ণ হয়৷

ইয়াৰ পিছত তেখেতে পদাৰ্থবিজ্ঞানক গুৰু বিষয় হিচাপে লৈ কটন মহাবিদ্যালয়ৰ (এতিয়া কটন বিশ্ববিদ্যালয়) পৰা প্ৰথম বছৰ পঢ়ি পিছত বজালী মহাবিদ্যালয়ৰ পৰা বিএছছি পাছ কৰে ১৯৮৪৷ ইয়াতো তেখেতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান পায়৷

১৯৮৮ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞান বিভাগত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথমহৈ এমএছছি ডিগ্ৰী লাভ কৰে৷

ড° শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক দিলীপ কুমাৰ চৌধুৰীৰ তত্ত্বাৱধানত ১৯৯৪ চনত সন্মানীয় ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে৷ তেখেতৰ গৱেষণাৰ বিষয় আছিল: Studies on structure functions at low - x.

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮৮ চনত এমএছছি পাছ কৰি উঠিয়ে তেখেতে বজালী মহাবিদ্যালয়ত এবছৰৰ বাবে প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷ তাৰপিছত তেখেতে পিএইছডি গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষক হিচাপে যোগ দিয়ে৷ পিএইছডি গৱেষণা শেষ কৰি ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ্‌ বিজ্ঞান বিভাগত কাৰ্য্যনিৰ্বাহ কৰে৷

১৯৯৭ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে আৰু ২০০২ চনত সহযোগী অধ্যাপক আৰু ২০০৯ চনত অধ্যাপক হিচাপে পদোন্নতি লাভ কৰে৷

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

কিতাপ[সম্পাদনা কৰক]

  1. ৰচনা জেউতি, জেউতি প্ৰকাশন, ১৯৮৪

-এইখন বিদ্যালয় পৰ্য্যায়ৰ শিক্ষাৰ্থীৰ বাবে লিখা ৰচনাৰ সংকলন৷

  1. পোহৰ আনোতা, প্ৰকাশক-সুৰেশ বৰুৱা, ১৯৮৮

এইখন এখন একাংকিকা নাট (ref wikisource. Please update this link)

  1. স্বাগতম পৰীক্ষা, জিজ্ঞাস প্ৰকাশন, ১৯৯৬

এইখন পৰীক্ষাৰ্থীসকলে কিদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব আৰু পৰীক্ষাত বহিব- তাৰবিষয়ে লিখা কিতাপ

  1. পেৰিছত এসপ্তাহ আৰু অসম, টাইমছ পাব্লিকেছন, ২০০৬

এইখন ভ্ৰমণ কাহিনী

  1. প্ৰিন্সিপিয়া, অৰ্কিড প্ৰকাশন, ২০২০

এইখন ছাৰ আইজাক নিউটনৰ প্ৰসিদ্ধ কিতাপ ‘প্ৰিন্সিপিয়া’ৰ অসমীয়া অনুবাদ৷ ভাৰতীয় ভাষাসমূহৰ ভিতৰত এইখনেই প্ৰথম ‘প্ৰিন্সিপিয়া’ৰ অনুবাদ৷ (Note: coverpage and reference of this book to be provided)

ইয়াৰ উপৰিও তেখেতে অসমীয়াত বিজ্ঞান আৰু শিক্ষাৰ বিষয়ক বহুত প্ৰবন্ধ লিখিছে যিবোৰ প্ৰান্তিক, প্ৰান্তশ্ৰী, সাতসৰী, আমাৰ অসম, দৈনিক জনমভূমি আদিত প্ৰকাশ পাইছিল৷

গৱেষণা[সম্পাদনা কৰক]

ড° শৰ্মাই গৱেষণা কৰা বিষয়সমূহ হ’ল,- Hadron Structure, Structure Function, Quantum Chromodynamics, Small-x physics, Spin-independent and spin-dependent structure function, Gluon distribution function, Regge dynamics, Parton recombination and related non-linear equation.

তেখেত বিজ্ঞানৰ ইতিহাস বিষয়তো বিশেষভাবে আগ্ৰহী৷

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সুখ্যাতিসম্পন্ন গৱেষণা আলোচনী যেনে, Physical Review D, Physics Letters B, Nuclear Physics B and A, Zeitfir fer physik, European Physical Journal C, International Journal of Theoretical Physics, Pramana আদিত তেখেতৰ সত্তৰোধিক গৱেষণাপত্ৰ প্ৰকাশ পাইছে৷

তেখেতৰ তত্ত্বাৱধানত এতিয়ালৈকে ৯ গৰাকী গৱেষকে পিএইছদি ডিগ্ৰী লাভ কৰিছে৷

নিৰ্বাচিত গৱেষণা পত্ৰ[সম্পাদনা কৰক]

  1. https://iopscience.iop.org/article/10.1088/1572-9494/ab61ee/meta
  2. https://link.springer.com/article/10.1140/epjc/s10052-019-7007-x
  3. https://link.springer.com/content/pdf/10.1007/s10773-017-3286-x.pdf
  4. https://aip.scitation.org/doi/abs/10.1063/1.5028742
  5. https://link.springer.com/article/10.1140/epjp/i2014-14229-5
  6. https://link.springer.com/article/10.1007/s12043-012-0460-9
  7. https://arxiv.org/abs/1905.04462

ফেল’শ্বিপ[সম্পাদনা কৰক]

১৯৯৪ চনত তেখেতে DAAD ফেলশ্বিপ লৈ জাৰ্মানীৰ Dontmund বিশ্ববিদ্যালয়ত তিনিমাহৰ বাবে গৱেষণা কৰে৷ ইটালীৰ TWAS ফেল’শ্বিপ পাই তেখেতে ২০০৬ চনত দুমাহৰ বাবে চীন দেশৰ বেইজিংৰ Chinese Institute of Technology ত গৱেষক হিচাপে কাম কৰে৷

সম্পাদনা[সম্পাদনা কৰক]

শিক্ষকতা আৰু গৱেষণাৰ সমান্তৰালভাবে তেখেতে কেইখনমান আলোচনীৰ সম্পাদকৰ গুৰুদায়িত্বও বহন কৰিছিল৷ জিজ্ঞাস নামৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকাশিত সাপ্তাহিক আলোচনী এখনৰ তেখেত সহযোগী সম্পাদক আছিল ১৯৯২-১৯৯৪ চনলৈ৷ ১৯৯৪ ৰ পৰা ১৯৯৫ লৈ তেখেতে আলোচনীখনৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে৷

অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত জনপ্ৰিয় বিজ্ঞানৰ আলোচনী ‘বিজ্ঞান জেউতি’ৰ ২০০৩-২০০৫ চনৰ সম্পাদক আছিল ড° শৰ্মা৷

তেখেত ‘জিলিঙণি’ নামৰ মাহেকীয়া সাহিত্য আলোচনী এখনৰো সম্পাদক আছিল ২০০৪ চনত আৰু জিজ্ঞাস প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া জনপ্ৰিয় বিজ্ঞানৰ আলোচনী ‘বিজ্ঞান জিজ্ঞাস’ সম্পাদনা কৰিছিল ২০০৬ চনত৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]