জয়ভদ্ৰ হাগ্‌জেৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জয়ভদ্ৰ হাগজেৰৰ পৰা পুনঃনিৰ্দেশিত)
জয়ভদ্ৰ হাগজেৰ
ব্যক্তিগত তথ্য
জন্ম ০২ এপ্ৰিল, ১৯১৪
হাফলঙৰ ওচৰৰ নানাদিছা গাঁও
মৃত্যু ১৬ জুলাই, ১৯৭৩ (৫৯ বছৰ)
ছিলং
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী নিৰুপমা হাগজেৰ
পেচা ৰাজনৈতিক নেতা, লেখক, সাংসদ, বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী

জয়ভদ্ৰ হাগজেৰ (ইংৰাজী: Joy Bhadra Hagjer ; 1914–1973) এজন ভাৰতীয় ৰাজনৈতিক নেতা আছিল। হাফলঙৰ ওচৰৰ নানাদিছা নামৰ সৰু গাঁও এখনত তেওঁৰ জন্ম হৈছিল।[1] তেওঁ অসম বিধান সভাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গৈছে। ১৮ জুলাই ১৯৭৩-ত তেওঁৰ ৫৯ বছৰত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ অসম চৰকাৰৰ পশুপালন, কাৰাগাৰ আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে সন্মানিত কৰা হৈছিল।[2]

বৃটিছ ভাৰতৰ চিলেটৰ (বৰ্তমান বাংলাদেশত) মুৰাৰী চান্দ কলেজৰ তেওঁ এজন প্ৰাক্তন ছাত্ৰ। এই কলেজখনৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লৈছিল।

তথ্য উৎস[সম্পাদনা কৰক]