জয়মতী (২০০৬ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়মতী
Joymati - the saviour
জয়মতী (২০০৬ চলচ্চিত্ৰ) ১.jpg
জেৰেঙা পথাৰত চাউদাঙৰ হাতত নিৰ্যাতিতা ‘জয়মতী’ ৰূপি নিতা বসুমতাৰী
পৰিচালক মঞ্জু বৰা
চিত্ৰনাট্য মঞ্জু বৰা
অভিনয়ত নিতা বসুমতাৰী
ৰোহণ দলে
বিষ্ণু খাৰঘৰীয়া
তৌফিক ৰহমান
চিত্ৰগ্ৰহণকাৰী ৰাজু মিশ্ৰা
সম্পাদনা শ্ৰীকৰ প্ৰসাদ
মুক্তি ২০০৬
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুণৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।

কাহিনীৰ সমল[সম্পাদনা কৰক]

মঞ্জু বৰাই ছবিখনৰ কাহিনী ডঃ সূৰ্য কুমাৰ ভূঞাঁ, পদ্মনাথ গোহাঞিবৰুৱা আৰু হিতেশ্বৰ বৰবৰুৱাৰ বুৰঞ্জী অধ্যয়ন কৰি তৈয়াৰ কৰিছিল। ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘জয়মতী’ নামৰ নাটকখন আৰু হেম বুঢ়াগোহাঞিৰ কেতবোৰ নিবন্ধকো তেওঁ সমলৰূপে লৈছিল।

জ্যোতিপ্ৰসাদৰ জয়মতী সৈতে বৈসাদৃশ্য[সম্পাদনা কৰক]

চাউদাঙৰ হাতত ‘সোণামতী’

জয়মতী চৰিত্ৰটোৰ পৰিয়ালগত আৰু সামাজিক ভিত্তি বাখ্যা কৰি পৰিচালক মঞ্জু বৰাই মত পোষণ কৰে যে সেইগৰাকী নাৰী কোনোপধ্যেই অবলা, আজলী বা সৰলচিতীয়া মনৰ হ’বই নোৱাৰে। পৰিচালক গৰাকীৰ অনুসৰি তেওঁ জয়মতীক সতীৰূপে উপস্থাপন কৰাৰ সলনি এগৰাকী সবল, শক্তিশালী, ৰাজনৈতিক ভাবে দূৰদৰ্শী চেতনাসৰ্বস্ব নাৰীৰূপে উপস্থাপন কৰিছে।
জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ ‘ডালিমী’ চৰিত্ৰটো ইয়াত নাই। ডালিমী চৰিত্ৰটো কাল্পনিক বুলি স্বয়ং লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ ‘জয়মতী’ কাহিনীৰ সম্পৰ্কত উল্লেখ কৰিছে। মঞ্জু বৰাই ইয়াত আন এটা ঐতিহাসিক চৰিত্ৰৰ অৱতাৰণা ঘটাইছে। সেয়া হৈছে নগা কন্যা ‘নে’পে’ ওয়ান্‌চা’ কুঁৱৰী ওৰফে ‘জুলুমী’। ৰজা হোৱাৰ পাছত গদাধৰ সিংহই জুলুমীক বিয়া কৰায়। মঞ্জু বৰাৰ জয়মতীত আছে অন্য এক নতুনত্ব। লোকজীৱনত প্ৰচলিত মালিতাৰ পৰা তেওঁ আনিছে ‘সোণামতী’ নামৰ এক যুৱতীৰ চৰিত্ৰ। শিৱসাগৰৰ বকতা অঞ্চলত থকা সোণামতীৰ ঘৰত সোমাই পলাতক গদাপাণিয়ে পানী খাইছিল। গদাপাণি ওলাই যোৱাৰ পাছত ল’ৰাৰজাৰ চোৰাংচোৱাই গৈ সোণামতীক গদাপাণিৰ কথা সোধে। সোণামতীয়ে গদাপাণিক বচাবৰ বাবে চোৰাংচোৱাক বিপথে পৰিচালিত কৰে। ইয়াতে ক্ৰোধিত হৈ সিহঁতে সোণামতীক চোঁচোৰাই নি অত্যাচাৰ কৰি হত্যা কৰে। এই পথাৰখন এতিয়াও চোঁচোৰাল পথাৰৰূপে জনাজাত।
উল্লেখযোগ্য যে এই ছবিখন আৰম্ভ হৈছে লাচিত বৰফুকনৰ মোমায়েকক কটাৰ দৃশ্যৰ পৰা।

অভিনয় শিল্পী[সম্পাদনা কৰক]

চিত্ৰগ্ৰহন[সম্পাদনা কৰক]

ছবিখনৰ চিত্ৰগ্ৰহণ মাৰ্ঘেৰিটাৰ কেটেটং গাওঁত কৰা হৈছিল।

সাফল্য[সম্পাদনা কৰক]

  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
  • মুম্বাইত অনুষ্ঠিত ‘এছিয়ান ফ্লিম ফেষ্টিভেল’ত প্ৰদৰ্শিত
  • ‘কলকাতা ফ্লিম ফেষ্টিভেল’ত প্ৰদৰ্শিত

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]