সমললৈ যাওক

জয়শংকৰ প্ৰসাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়শংকৰ প্ৰসাদ
জন্ম ৩০ জানুৱাৰী, ১৮৮৯[1][2]
বানাৰস, বানাৰস ৰাজ্য, ব্ৰিটিছ ভাৰত
মৃত্যু ১৫ নৱেম্বৰ, ১৯৩৭ (৪৭ বছৰ)
বানাৰস, বানাৰস ৰাজ্য, ব্ৰিটিছ ভাৰত
পেচা ঔপন্যাসিক, নাট্যকাৰ, কবি

জয়শংকৰ প্ৰসাদ (৩০ জানুৱাৰী ১৮৮৯[1]  – ১৫ নৱেম্বৰ ১৯৩৭)[3] আধুনিক হিন্দী সাহিত্য আৰু হিন্দী নাট্যশালাৰ প্ৰধান ব্যক্তিত্ব আছিল। প্ৰসাদ আছিল তেওঁৰ ছদ্মনাম।[4] তেওঁক ছায়াবাদী কবি বুলিও জনা যায়।[5]

কবিতাৰ শৈলী

[সম্পাদনা কৰক]

প্ৰসাদে ‘কামায়নী’ নামৰ ছদ্মনামেৰে কবিতা লিখা আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম কাব্যসংগ্ৰহ চিত্ৰধাৰ ব্ৰজ ভাষাত ৰচিত হৈছিল, যি হিন্দী ভাষাৰ এখন উপভাষা। যদিও তেওঁৰ পাছৰ ৰচনাসমূহ সাধাৰণতে খড়ীবোলী বা সংস্কৃতনিষ্ঠ হিন্দীত লিখা হৈছিল।[5]

পাছলৈ তেওঁ হিন্দী সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ সাহিত্যিক ধাৰা ছায়াবাদৰ প্ৰচাৰ কৰিছিল।

তেওঁক ছায়াবাদ নামৰ হিন্দী সাহিত্যৰ ৰোমাণ্টিকতাবাদৰ চাৰিটা স্তম্ভ (চাৰ স্তম্ভ)ৰ অন্যতম বুলি গণ্য কৰা হয়, অন্য তিনি গৰাকী হল: সুমিত্ৰানন্দন পন্ত, মহাদেৱী বৰ্মা, আৰু সূৰ্যকান্ত ত্ৰিপাঠী

তেওঁৰ শব্দচয়নত ফাৰছীৰ প্ৰভাৱ দেখা নাযায়, বেছি ভাগ শব্দ সংস্কৃতৰ পৰা আহৰণ কৰা তৎসম বা তদ্ভব শব্দৰ ব্যৱহাৰ দেখা যায়। তেওঁৰ কবিতাৰ বিষয়বস্তু তেতিয়াৰ যুগৰ সকলো দিশ—ৰোমাণ্টিকৰ পৰা ৰাষ্ট্ৰীয়তাবাদলৈ—আৱৰি লৈছে।[6]

নাটক আৰু অন্যান্য লেখা

[সম্পাদনা কৰক]

তেওঁৰ নাটকসমূহ হিন্দী ভাষাৰ আটাইতকৈ অগ্ৰণী নাটক বুলি গণ্য কৰা হয়। প্ৰসাদৰ বিখ্যাত নাটকসমূহৰ ভিতৰত আছে স্কন্দ গুপ্ত, চন্দ্ৰ গুপ্ত আৰু ধ্ৰুৱ স্বামী। ইয়াৰে অধিকাংশই প্ৰাচীন ভাৰতৰ ঐতিহাসিক কাহিনীৰ আশে-পাশে ঘূৰি থাকে। কিছুমান পৌৰাণিক কাহিনীৰ ওপৰতো আধাৰিত আছিল।

১৯৬০ চনত প্ৰাচীন ভাৰতীয় নাট্যৰ অধ্যাপক শান্ত গান্ধীয়ে নেচনেল স্কুল অৱ ড্ৰামাত থকাৰ সময়ত জয়শংকৰ প্ৰসাদৰ নাটকৰ প্ৰতি আগ্ৰহ পুনৰ জগাই তুলিছিল, ১৯২৮ চনত ৰচিত তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নাট স্কন্দ গুপ্তাক সফলতাৰে মঞ্চস্থ কৰি, মূল চিত্ৰনাট্যৰ সামান্য পৰিৱৰ্তন কৰি।[7][8]

মুখ্য কৃতিসমূহ

[সম্পাদনা কৰক]
  • কানন কুসুম (১৯১৩)
  • মহাৰানা কা মহত্ত্ব (১৯১৪)
  • ঝৰ্ণা (১৯১৮)
  • আঁসু (১৯২৫)
  • লহৰ (১৯৩৩)
  • কামায়নী (১৯৩৫/৩৬)
  • প্ৰেম পথিক (১৯১৪)
  • আত্মকথ্যা
  • এক ঘূণ্ট
  • স্কন্দগুপ্ত
  • চন্দ্ৰগুপ্ত
  • ধ্ৰুৱস্বামিনী
  • ৰাজ্যশ্ৰী
  • অজাতশত্ৰু

গল্পসংগ্ৰহ

[সম্পাদনা কৰক]
  • আন্ধি
  • প্ৰতিধ্বনি
  • ইন্দ্ৰজাল
  • সন্দেহ
  • দাসী
  • চিত্ৰ মন্দিৰ
  • ৰস্যা বালম[5]

উপন্যাস

[সম্পাদনা কৰক]
  • কংকাল
  • তিতলি
  • ইৰাৱতী

কাব্য-নাট্য

[সম্পাদনা কৰক]
  • কৰুণালয়

পৰম্পৰা

[সম্পাদনা কৰক]

হিন্দী সাহিত্যৰ নব্য-ৰোমাণ্টিকতা

[সম্পাদনা কৰক]

জয়শংকৰ প্ৰসাদৰ কামায়নী (হিন্দী: कामायनी) (১৯৩৬) হিন্দী সাহিত্যৰ নব্য-ৰোমাণ্টিক (ছায়াবাদী) শৈলীৰ অন্যতম প্ৰধান ৰচনা হিচাপে গণ্য কৰা হয়। এই কাব্যগ্ৰন্থটো ছায়াবাদী সাহিত্যধাৰাৰ অন্তৰ্গত।[9]

সমালোচনামূলক মূল্যায়ন

[সম্পাদনা কৰক]

কবি-সমালোচক মহাদেৱী বৰ্মাই জয়শংকৰ প্ৰসাদৰ বিষয়ে তেওঁৰ এক প্ৰশংসাসূচক স্মৃতিত লিখিছিল—

"যেতিয়া মই আমাৰ মহান কবিজনক মনত পেলাওঁ, তেতিয়া এটা বিশেষ প্ৰতিচ্ছবি মোৰ মনলৈ আহে। হিমালয়ৰ গাঁথিপথাৰত এখন ফাৰ গছ, যি সোজাকৈয়ে ঠিয় হৈ থাকে—যেনেকৈ গৰ্বিত পাহাৰশৃংগবোৰ। ইয়াৰ উচ্চ মুৰটো বৰফ, বৰষুণ আৰু ৰ’দৰ তাপলৈ প্ৰত্যাহ্বান জনাই থাকে। প্ৰচণ্ড ধুমুহাই ইয়াৰ ডালপালা জোকাৰিবলৈ চেষ্টা কৰে, আৰু ইয়াৰ মূৰৰ তলত এটা চিকুণ পানীৰ ধাৰা লুকুৱাচুৰি খেলি থাকে। বৰফৰ ভাৰ, উষ্ণতা বা বৰষুণৰ বাবেও ই কেতিয়াও নমি পৰে নে! সেয়া নহয়। যিকোনো ধুমুহা বা তুষাৰপাতৰ মাজতো ই স্থিৰ আৰু অকপট।"

ভাৰতীয় সাহিত্যত তেওঁৰ প্ৰভাৱৰ সন্দৰ্ভত, প্ৰখ্যাত অধ্যাপক ডেভিড ৰুবিনে]ঋ তেওঁৰ দ্য ৰিটাৰ্ণ অৱ সৰস্বতী (অক্সফৰ্ড, ১৯৯৩) গ্ৰন্থত লিখিছিল—"খড়ীবোলীত কাব্যচৰ্চাৰ প্ৰকৃত বিকাশৰ ক্ষেত্ৰত প্ৰথম সফল পদক্ষেপখিনি জয়শংকৰ প্ৰসাদে লৈছিল আৰু তেওঁৰ 'আঁসু' কাব্যখন খড়ীবোলীত লিখা প্ৰথম উৎকৃষ্ট ৰচনা হিচাপে স্বীকৃত।"

ৰুবিনৰ মতে, প্ৰসাদৰ প্ৰকৃতি আৰু মানৱীয় প্ৰেমসম্পৰ্কীয় কবিতাসমূহে ছায়াবাদ আন্দোলনক সংজ্ঞা দিছিল। তেওঁৰ অন্তৰ্মুখী স্বভাৱ আৰু পঢ়াৰ লগতে সংগীতৰ প্ৰতি গভীৰ ভালপোৱা তেওঁৰ ৰচনাবোৰত প্ৰতিফলিত হৈছে।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Hindi sahitya ka brihat itihas, volume-10, editors- Dr. Nagendra and others, Nagari pracharini Sabha, Varanasi, edition 1971, page 145.
  2. http://www.drikpanchang.com (Almanac of 30.1.1890; for matching English dates etc with Hindu (Vikram samvat) Tithi etc).
  3. বিনোদ শংকৰ ব্যাস, অন্তৰংগ স্মৃতিত জয়শংকৰ 'প্ৰসাদ', সম্পাদকঃ পুৰুষোত্তম দাস মোদী, বিশ্ববিদ্যালয় প্ৰকাশন, বাৰাণসী, সংস্কৰণ: ২০০১, পৃষ্ঠা ৪৩-৪৪।
  4. Dimitrova 2004, পৃষ্ঠা 15
  5. 5.0 5.1 5.2 "প্ৰেম, ত্যাগ আৰু বলিদান : জয়শংকৰ প্ৰসাদৰ গল্প 'ৰসিয়া বালম'" (hi ভাষাত). News18 হিন্দী. 2023-07-13. https://hindi.news18.com/news/literature/poem-story-gazal-prominent-writer-jaishankar-prasad-story-collection-chhaya-short-story-rasiya-balam-love-story-hindi-poet-hindi-writer-originator-of-hindi-chhayavad-mordern-writing-6874845.html। আহৰণ কৰা হৈছে: 2023-09-07. 
  6. "জয়শংকৰ প্ৰসাদৰ জন্মদিনত পঢ়ক তেওঁৰ প্ৰসিদ্ধ ৰচনা 'ভাৰত মহিমা'" (hi ভাষাত). News18 हिंदी. 2022-01-30. https://hindi.news18.com/news/lifestyle/jaishankar-prasad-birthday-special-bharat-mahima-hindi-poem-literature-biography-anjsh-3980025.html। আহৰণ কৰা হৈছে: 2023-09-07. 
  7. "Re-discovering Dhruvaswamini". The Hindu. 29 October 2009. http://www.thehindu.com/features/friday-review/theatre/article40398.ece. 
  8. Lal, Mohan (2006). The Encyclopaedia of Indian Literature – Volume 5. Sahitya Akademi. পৃষ্ঠা. 4119. ISBN 81-260-1221-8. 
  9. Kamayani By Jaishankar Prasad