জয়শ্ৰী গড়কৰ
| জয়শ্ৰী গড়কৰ | |
|---|---|
| জন্ম | ২১ ফেব্ৰুৱাৰী, ১৯৪২ কাৰৱাৰ, বোম্বাই প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত (বৰ্তমান কৰ্ণাটক, ভাৰতত) |
| মৃত্যু | ২৯ আগষ্ট, ২০০৮ (৬৬ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৫–২০০০ |
| দাম্পত্যসঙ্গী | বাল ধুৰী (বি. ১৯৭৫)[1] |
| সন্তান | ১ |
জয়শ্ৰী গড়কৰ (ইংৰাজী: Jayshree Gadkar; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৪২ – ২৯ আগষ্ট ২০০৮) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মাৰাঠী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।[2] তেওঁক মাৰাঠী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়।[3] মাৰাঠী চলচ্চিত্ৰৰ "প্ৰথম মহিলা ছুপাৰষ্টাৰ" হিচাপে অভিহিত জয়শ্ৰী গড়কৰ ছয়বাৰকৈ মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, এটা ঝী চিত্ৰ গৌৰৱ জীৱনজোৰা সাধনা বঁটা আৰু ৰাসৰং ফাল্কে বঁটাকে ধৰি বিভিন্ন সন্মানৰ অধিকাৰী আছিল। ৪৫ বছৰতকৈও অধিক সময় ধৰি বিস্তৃত জয়শ্ৰীৰ কেৰিয়াৰত তেওঁ বিভিন্ন ধাৰাৰ ছবিত অভিনয় কৰিছিল। তেওঁ প্ৰায়ে শক্তিশালী ব্যক্তিত্বৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৩ চনত জয়শ্ৰীক চলচ্চিত্ৰ জগতত মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ সন্মান ভি শান্তাৰাম জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছিল।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]জয়শ্ৰীৰ জন্ম হৈছিল ভাৰতৰ কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ কাৰৱাৰৰ ওচৰৰ কানাসগিৰিত (সদাশিৱগড়) এক গৌড় সাৰস্বত ব্ৰাহ্মণ পৰিয়ালত।[5] তেওঁ নাট্য অভিনেতা বাল ধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যি ৰমানন্দ সাগৰৰ টিভি ধাৰাবাহিক ৰামায়ণত দশৰথৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত (য’ত জয়শ্ৰীয়ে নিজেই তেওঁৰ পত্নী কৌশল্যাৰ চৰিত্ৰত অভিনয় কৰিছিল)। তেওঁ 'অশী মি জয়শ্ৰী' নামৰ এখন আত্মজীৱনীও প্ৰকাশ কৰিছিল।[6]
কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁ শিশু নৃত্যশিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। চলচ্চিত্ৰত তেওঁ এগৰাকী তামাচা নৃত্যশিল্পী হিচাপে প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰথম চৰিত্ৰটো আছিল ১৯৫৫ চনত ভি শান্তাৰামৰ ঝনক ঝনক পায়েল বাজেত এগৰাকী দলীয় নৃত্যশিল্পীৰ, য’ত সন্ধ্যা শান্তাৰামে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ সুপৰিচিত মাৰাঠী চলচ্চিত্ৰ পৰিচালক দিনকৰ ডি পাটিলে তেওঁৰ মাৰাঠী ছবি দিছত তছা নছতত ৰাজা গোসাৱীৰ বিপৰীতে নৃত্যৰ সৈতে এটা সৰু চৰিত্ৰত জয়শ্ৰীক অভিনয় কৰাইছিল। ইয়াৰ পিছতে তামাচা ভিত্তিক ছবি সাংত্যে ঐকা মুক্তি পায়, যিখন ছবিত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ই তেওঁক খ্যাতি আৰু স্বীকৃতি লাভ কৰাত সহায় কৰিছিল আৰু তেওঁ নায়িকাৰ চৰিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল। শেষলৈ তেওঁ মাৰাঠী চলচ্চিত্ৰ উদ্যোগৰ ইতিহাসত অন্যতম সফল আৰু জনপ্ৰিয় নায়িকা হৈ পৰিছিল।
চাৰি দশক ধৰি জয়শ্ৰীয়ে প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছিল। তেওঁৰ চলচ্চিত্ৰসমূহ বৈচিত্ৰ্যমজ় আছিল আৰু ইয়াত সামাজিক আৰু প্ৰেমৰ কাহিনীৰ উপৰি তামাচা কাহিনীৰ লগতে পৌৰাণিক কাহিনীৰ এক চহকী ভাণ্ডাৰ আছিল। পৰৱৰ্তী বছৰবোৰত জয়শ্ৰীয়ে চলচ্চিত্ৰ পৰিচালনাৰফালে মুখ কৰে। তেওঁৰ পৰিচালনামূলক কামৰ ভিতৰত আছে ছাচৰ মাহেৰ আৰু অশী আছাৱী ছাছু। ৰমানন্দ সাগৰৰ টিভি ধাৰাবাহিক ৰামায়ণতো তেওঁ তেওঁৰ স্বামী বাল ধুৰীৰ (যিয়ে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছিল) সৈতে কৌশল্যাৰ (ৰামৰ মাতৃ) চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ ঘৰখন ৰামায়ণৰ পোছাক পিন্ধা দুয়োৰে ফটোৰে সজাই থোৱা আছে। ১৯৮৬ চনত তেওঁৰ আত্মজীৱনী 'অশী মি জয়শ্ৰী' প্ৰকাশ পায়।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "पुण्यतिथि: 13 साल की उम्र में जयश्री गडकर ने शुरू किया था अभिनय, रामायण में कौशल्या के किरदार से मिली शोहरत" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/photo-gallery/entertainment/bollywood/death-anniversary-jayshree-gadkar-started-acting-at-the-age-of-13-got-fame-from-the-character-of-kaushalya-in-ramayana। আহৰণ কৰা হৈছে: 12 June 2023.
- ↑ Indian Films. 1978. https://books.google.com/books?id=AckHAQAAIAAJ। আহৰণ কৰা হৈছে: 8 June 2013.
- ↑ K. Moti Gokulsing; Wimal Dissanayake (17 April 2013). Routledge Handbook of Indian Cinemas. Routledge. পৃষ্ঠা. 134–. ISBN 978-1-136-77291-7. https://books.google.com/books?id=QwGgF-rDucEC&pg=PT134। আহৰণ কৰা হৈছে: 8 June 2013.
- ↑ Isak Mujawar (1969). Maharashtra: birthplace of Indian film industry. Chief Information Officer, Maharashtra Information Centre. https://books.google.com/books?id=RH9YAAAAMAAJ। আহৰণ কৰা হৈছে: 8 June 2013.
- ↑ B. N. Sri Sathyan (1985). Karnataka State Gazetteer: Uttara Kannada. Director of Print., Stationery and Publications at the Government Press. https://google.com। আহৰণ কৰা হৈছে: 8 June 2013.
- ↑ Indian Literature. Sähitya Akademi.. 1987. https://google.com। আহৰণ কৰা হৈছে: 8 June 2013.
- ↑ Gadkar Jayshree (1986). Ashi Me Jayshree. Rohan, Pune. https://google.com। আহৰণ কৰা হৈছে: 8 June 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Jayshree Gadkar সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Jayshree Gadkar in Marathi Movie
- Remembering Jayshree Gadkar
- Some more pictures from Marathi movies Archived 5 May 2011 at the Wayback Machine