জয়শ্ৰী টি.
| জয়শ্ৰী টি. | |
|---|---|
![]() ২০১৩ চনত জয়শ্ৰী | |
| জন্ম | জয়শ্ৰী তলপড়ে ১২ জুন, ১৯৫৩ (৭৩ বছৰ)[1] বোম্বে, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৬–২০১৮ |
| দাম্পত্যসঙ্গী | জয়প্ৰকাশ কৰ্ণাটকী (বি. ১৯৮৯) |
জয়শ্ৰী তলপড়ে (ইংৰাজী: Jayshree Talpade) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ প্ৰডাকচন আৰু কেইটামান টেলিভিছন প্ৰডাকচনত কাম কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]জয়শ্ৰীয়ে ১৯৮৯ চনত চলচ্চিত্ৰ পৰিচালক জয়প্ৰকাশ কৰ্ণাটকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যি আছিল অভিনেতা তথা পৰিচালক মাষ্টাৰ বিনায়কৰ পুত্ৰ আৰু অভিনেত্ৰী নন্দাৰ ভাতৃ। ১৯৯১ চনত তেওঁ স্বস্তিক জে. কৰ্ণাটকী নামৰ এজন পুত্ৰ সন্তানৰ জন্ম দিয়ে। তেওঁৰ ভগ্নী মীনা টি.ও এগৰাকী অভিনেত্ৰী আৰু নৃত্যশিল্পী। অভিনেতা শ্ৰেয়াস তলপড়ে তেওঁৰ ভতিজা।
কৰ্মজীৱন
[সম্পাদনা কৰক]তলপড়েৰ কেৰিয়াৰ গুঞ্জ উঠি শেহনাইৰ জৰিয়তে আৰম্ভ হৈছিল। কথক নৃত্যত পাকৈত হোৱাৰ বাবে যেতিয়া তেওঁ চলচ্চিত্ৰত আইটেম ডান্স কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ জনপ্ৰিয়তা লাভ কৰে। অৱশ্যে ইয়াৰ পূৰ্বেই তেওঁ সংগীত সম্ৰাট তানসেন, জমিন কে তাৰে (১৯৬০) আৰু প্যাৰ কি প্যাস (১৯৬১)-ত শিশু শিল্পী হিচাপে অভিনয় কৰি উদ্যোগটোত খোপনি পুতিছিল। বিটলছৰ সদস্যসকলে ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত তেওঁ ৰবি শংকৰৰ সৈতে ষ্টুডিঅ’ত আছিল।[2]
বিবাহৰ পাছত তেওঁৰ উপাধি কৰ্ণাটকী হৈছিল যদিও তেওঁ নিজৰ আচল উপাধি তলপড়েৰ ওপৰত ভিত্তি কৰি "জয়শ্ৰী টি" নামটো গ্ৰহণ কৰিছিল। ৰাজশ্ৰীৰ দৰে আন অভিনেত্ৰীৰপৰা নিজক পৃথক কৰি চিনি পাবলৈ তেওঁ এই নামটো লৈছিল।[3]
তেওঁৰ মতে, গোপী কিষাণেহে তেওঁক এখন ছবিত নৃত্য কৰা দেখিছিল। প্ৰথম অৱস্থাত তেওঁ এগৰাকী চিকিৎসক হ’ব বিচাৰিছিল, কিন্তু কৰিঅ’গ্ৰাফাৰ হৰমেন্দ্ৰৰ পৰামৰ্শ মতে ১৯৬৮ চনত চলচ্চিত্ৰ পৰিচালক অমিত বসুৱে তেওঁক অভিলাষাৰ এটা নৃত্যৰ দৃশ্যত অভিনয় কৰিবলৈ দিয়ে। তাৰ পিছত ১৯৭০ আৰু ১৯৮০-ৰ দশকত তেওঁ ৫০০তকৈও অধিক ছবিত নৃত্য কৰিছিল। তেওঁ খলনায়িকা-কমেডী আৰু সহানুভূতিশীল চৰিত্ৰতো অভিনয় কৰিছে। জয়শ্ৰীয়ে বাংলা, তামিল, তেলুগু, মালয়ালম, কন্নড়, মাৰোৱাড়ী, ৰাজস্থানী, ইংৰাজী, সিন্ধী, অসমীয়া, ভোজপুৰী, ওড়িয়া, হাৰিয়ানভী, গাৰোৱালী, নেপালী, পঞ্জাবী, মাৰাঠী আৰু গুজৰাটীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাত অভিনয় কৰিছে।
তেওঁ মহম্মদ ৰফী, মান্না দে, মুকেশ আৰু আশা ভোঁচলেৰ সৈতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে। তেওঁ মাৰাঠী ছবিত মুখ্য অভিনেত্ৰী হিচাপে দুবাৰকৈ মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ বঁটা, তিনিবাৰকৈ গুজৰাট ৰাজ্য চৰকাৰৰ বঁটা, হায়দৰাবাদ বঁটা, দিল্লী আৰু মুম্বাইৰপৰা ছয়বাৰকৈ লায়ন্স ক্লাব বঁটা লাভ কৰিছে। তেওঁ ভোজপুৰী আৰু গুজৰাটী চলচ্চিত্ৰৰ বাবে লাইফ টাইম এচিভমেণ্ট বঁটা লাভ কৰিছে।
২০১২ চনৰ এটা সাক্ষাৎকাৰত গোৱালিয়ৰৰ এটা দুৰ্গম ঠাইত গীতৰ শ্বুটিং কৰি থকাৰ সময়ত ঘটা এটা ঘটনাৰ কথা উল্লেখ কৰি জয়শ্ৰীয়ে কৈছিল: "আমি গোৱালিয়ৰৰ এটা দুৰ্গম স্থানত কছম ভৱানী কি (১৯৮১) ছবিৰ শ্বুটিং কৰি আছিলোঁ, য’ত যোগীতা বালীয়ে মূল মহিলা চৰিত্ৰত অভিনয় কৰিছিল। শ্বুটিং থলীত মই বহুতো আৰক্ষী জোৱান দেখিবলৈ পালোঁ। কিছুমান বিষয়াই মোৰ ওচৰলৈ আহি ক’লে যে মই শ্বুটিং নকৰি বম্বেলে উভতি যোৱাটোৱেই ভাল হ’ব। মই আচৰিত হৈ সুধিলোঁ, 'কিন্তু কিয়?' তেওঁলোকে উত্তৰ দিলে, 'মেডাম, আমি খবৰ পাইছোঁ যে এই অঞ্চলৰ ডকাইতবোৰে আপোনাক অপহৰণ কৰাৰ পৰিকল্পনা কৰিছে। সিহঁত আপোনাৰ প্ৰতি যথেষ্ট পাগল যেন লাগে'। মই স্তব্ধ হৈ পৰিলোঁ! যোগীতা আৰু নাজনীনৰ দৰে ধুনীয়া ছোৱালী থকাৰ পাছতো মইহে সিহঁতৰ লক্ষ্য আছিলোঁ!" পাছলৈ সেই গীতটো মুম্বাইৰ ফিল্ম চিতিত শ্বুটিং কৰা হৈছিল। সেই গীতটো আছিল "মেৰী লাল গোলাপী চোলী" (কছম ভৱানী কি)।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Jayshree T: जयश्री टी. यांचं खरं आडनाव माहित्येय का? त्यामागं आहे खास किस्सा; मराठी इंडस्ट्रीतला हा सुपरस्टार आहे भाचा" (mr ভাষাত). Maharashtra Times. https://maharashtratimes.com/entertainment/entertainment-news/bollywood-news/jayshree-t-birthday-know-more-facts-about-actress-relation-with-actor-shreyas-talpade-and-movies/articleshow/110931968.cms.
- ↑ Bharatan, Raju (2010-09-01) (en ভাষাত). A Journey Down Melody Lane. Hay House, Inc. ISBN 978-93-81398-05-0. https://books.google.com/books?id=WnxABAAAQBAJ&dq=%22Jayshree+Talpade%22&pg=PT227.
- ↑ (en ভাষাত) Cine Blitz. Blitz Publications. 1999. পৃষ্ঠা. 90. https://books.google.com/books?id=dkcqAAAAYAAJ&q=%22Jayshree+Talpade%22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- জয়শ্ৰী টি. সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- জয়শ্ৰী টি. সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- হিন্দী টেলিভিছনৰ অভিনেত্ৰী
- হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
- বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী
- তামিল চলচ্চিত্ৰৰ অভিনেত্ৰী
- তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী
- কন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰী
- মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী
- ইংৰাজী চলচ্চিত্ৰৰ অভিনেত্ৰী
- সিন্ধী চলচ্চিত্ৰৰ অভিনেত্ৰী
- অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী
- ভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰী
- ওড়িয়া চলচ্চিত্ৰৰ অভিনেত্ৰী
- নেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী
- পঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰী
- মাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী
- গুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰী
- ভাৰতীয় অভিনেত্ৰী
- ভাৰতীয় নৃত্যশিল্পী
