সমললৈ যাওক

জয়ৰণ বায়ৰামোভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ৰণ বায়ৰামোভা
জন্ম মাৰ্চ, ১৮৯৬
জাৰকাভা, কুবা উজ্দ, ৰাছিয়ান সাম্ৰাজ্য
মৃত্যু ১৯৮৭
বাকু, আজাৰবাইজান
পেচা ৰাজনীতিবিদ
জনা যায় আলি বায়ৰামোভ ক্লাবৰ প্ৰতিষ্ঠাতা
বঁটা, সন্মান, পুৰস্কাৰ আদি লেনিন আদেশ (দুবাৰ), অক্টোবৰ বিপ্লৱ আদেশ


জয়ৰণ বায়ৰামোভা (মাৰ্চ ১৮৯৬ – ১৯৮৭) আছিল এগৰাকী আজাৰবাইজানী মহিলা অধিকাৰ কৰ্মী আৰু কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ নিজৰ দেশৰ প্ৰথম সংগঠিত মহিলা আন্দোলনৰ অন্যতম অগ্ৰদূত আছিল আৰু আজাৰবাইজানী মহিলা আন্দোলনৰ প্ৰথম সংগঠন আলি বায়ৰামোভ ক্লাবৰ প্ৰতিষ্ঠাতা আছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জয়ৰণ বায়ৰামোভাৰ জন্ম হৈছিল মাৰ্চ ১৮৯৬ চনত, কুবা জিলাৰ জাৰকাভা গাঁৱত, এটা দুখীয়া পৰিয়ালত।[2] ১৫ বছৰ বয়সত তেওঁ বাকুৰ তৃতীয় ৰাছিয়ান-টাটাৰ বিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰে।[3] ১৯১৮ চনত তেওঁ “ছেইণ্ট নীনা” ছোৱালী জিমনেছিয়ামত ভৰ্তি হৈছিল, কিন্তু বিপ্লৱীসকলৰ সৈতে সম্পৰ্ক থকাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষই তেওঁক বহিষ্কাৰ কৰে।[4]

বিপ্লৱী আলি বায়ৰামোভ আছিল জয়ৰণৰ ভগ্নী মাসমাৰ স্বামী। তেওঁ জয়ৰণৰ পৰিয়ালৰ সৈতে একেখন ঘৰতে বাস কৰিছিল আৰু জয়ৰণ বায়ৰামোভাৰ বিপ্লৱী কাৰ্যকলাপত জড়িত হোৱাৰ মূল প্ৰেৰণা আছিল। ১৯১৬ চনত মাসমাৰ মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ সম্মতিত জয়ৰণে আলি বায়ৰামোভক বিয়া কৰায়।[5] তেওঁলোকৰ ঘৰ বাকুত বিপ্লৱীসকলৰ সমাৱেশস্থল আছিল। জয়ৰণ বায়ৰামোভা অক্টোবৰ ১৯১৯ চনত বলশেভিক পাৰ্টিত যোগদান কৰে।[6]

প্ৰথম মহিলা সংগঠন

[সম্পাদনা কৰক]

১৯২০ চনত বায়ৰামোভাই নিজৰ দুটা কোঠাৰ ফ্লেটত এখন মহিলা ক্লাব স্থাপন কৰে আৰু তাৰ প্ৰথম পৰিচালিকা হয়। এই ক্লাবত শিক্ষামূলক পাঠ্যক্ৰম, চিলাই প্ৰশিক্ষণ আৰু “সুনবুল” নামৰ শিশু উদ্যান আছিল। ই পূৰ্বাঞ্চলৰ প্ৰথম মহিলা ক্লাব আছিল। পিছলৈ চৰকাৰী কৰ্তৃপক্ষই এই ক্লাবটোৰ নাম আলি বায়ৰামোভ ক্লাব ৰাখে। এই ক্লাবটো আজাৰবাইজানত মহিলাসকলৰ বাবে এটা সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰ আছিল।[7]

জয়ৰণ বায়ৰামোভাই ১৯২১, ১৯৫৭, ১৯৬৭ আৰু ১৯৭২ চনত অনুষ্ঠিত আজাৰবাইজানী মহিলাসকলৰ কংগ্ৰেছসমূহত অংশগ্ৰহণ কৰে। তদুপৰি, ১৯২২ চনত বাকুত অনুষ্ঠিত ট্ৰান্সককেছিয়াৰ কৰ্মৰত মহিলাসকলৰ প্ৰথম কংগ্ৰেছতো তেওঁ অংশ লয়।[8]

গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী জীৱন

[সম্পাদনা কৰক]

১৯২০ চনত আলি বায়ৰামোভক গুলীয়াই হত্যা কৰাৰ পাছত জয়ৰণ বায়ৰামোভাই অৰুচ বায়ৰামোভক বিয়া কৰায়।[9] ১৯৩৫ চনত অৰুচ বায়ৰামোভক বিপ্লৱ-বিৰোধী প্ৰচাৰৰ অভিযোগত এনকেভিডিয়ে গ্ৰেপ্তাৰ কৰে আৰু ৩১ জুলাই ১৯৩৭ চনত গুলীয়াই হত্যা কৰে। ইয়াৰ পিছত ৮ ছেপ্টেম্বৰ ১৯৩৭ চনত “জনগণৰ শত্ৰু”ৰ পত্নী হিচাপে জয়ৰণ বায়ৰামোভাক ৮ বছৰৰ কাৰাদণ্ড দি কাজাখস্তানৰ আকমোলা শিবিৰলৈ প্ৰেৰণ কৰা হয়। ১৪ ডিচেম্বৰ ১৯৫৫ চনত আজাৰবাইজান প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসাৰে তেওঁ নিৰ্দোষ প্ৰমাণিত হয়।[10]

মাৰ্চ ১৯৬০ চনত জয়ৰণ বায়ৰামোভাই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষ্যে মস্কোলৈ যায়। তাত তেওঁক লেনিন আদেশ প্ৰদান কৰা হয়।[8] ১৯৬৭ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে লেনিন আদেশ লাভ কৰে আৰু ১৯৬৮ চনত সোভিয়েট সশস্ত্ৰ বাহিনীৰ ৫০ বছৰ পূৰ্তি উপলক্ষ্যে জুবিলি পদক লাভ কৰে।[11]

১৯ মে’ ১৯৭৬ চনত তেওঁৰ বিপ্লৱী কাৰ্যকলাপ আৰু সমাজসেৱাৰ স্বীকৃতি স্বৰূপে আৰু ৮০ বছৰ পূৰ্তি উপলক্ষ্যে তেওঁক অক্টোবৰ বিপ্লৱ আদেশ প্ৰদান কৰা হয়।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "BAYRAMOVA Ceyran Şirin qızı" (az ভাষাত). www.gender-az.org. http://www.gender-az.org/cgi-sys/suspendedpage.cgi?id_main=19&id_sub=70&id_sub_sub=51। আহৰণ কৰা হৈছে: ২০২৪-০৩-২১. 
  2. Bayramova ১৯৮৩, পৃষ্ঠা. ৭.
  3. Sultanova ১৯৭৩, পৃষ্ঠা. ৪.
  4. Sultanova ১৯৭৩, পৃষ্ঠা. ৭.
  5. Bayramova ১৯৮৩, পৃষ্ঠা. ৩০–৩১.
  6. Sultanova ১৯৭৩, পৃষ্ঠা. ৮.
  7. Sultanova ১৯৭৩, পৃষ্ঠা. ১৩.
  8. 8.0 8.1 Sultanova ১৯৭৩, পৃষ্ঠা. ১৯.
  9. "Rəsulzadədən və ২৪ yaşlı nazirindən xəbərsiz törədilən qətl - ƏLİ BAYRAMOV CİNAYƏTİ" (az ভাষাত). publika.az. ২০২২-০৬-২৮. https://publika.az/। আহৰণ কৰা হৈছে: ২০২৪-০৩-২১. 
  10. "Şərqdə ilk dəfə öz mənzilində “Qadınlar klubu” yaradan qadın" (az ভাষাত). Xalqqazeti.az. https://xalqqazeti.az/az/medeniyyet/serqde-ilk-defe-oz-menzilinde-qadinlar-klubu-yaradan-qadin। আহৰণ কৰা হৈছে: ২০২৪-০৩-২১. 
  11. Sultanova ১৯৭৩, পৃষ্ঠা. ২০.
  12. Bayramova ১৯৮৩, পৃষ্ঠা. ১০৪–১০৫.

সাহিত্য

[সম্পাদনা কৰক]
  • Sultanova, Akima (১৯৭৩) (az-cyrl ভাষাত). Jeyran Bayramova (biographic ocherk). প্ৰকাশক Baku: Azernashr. 
  • Bayramova, Jeyran (১৯৮৩) (az-cyrl ভাষাত). Xatirələrim. প্ৰকাশক Baku: Azernashr.