সমললৈ যাওক

জয়ৱন্তীবেন মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ৱন্তীবেন মেহতা
জন্ম ২০ ডিচেম্বৰ, ১৯৩৮
ঔৰংগাবাদ, হায়দৰাবাদ ৰাজ্য, ব্ৰিটিছ ভাৰত বৰ্তমান মহাৰাষ্ট্ৰ
মৃত্যু ৭ নৱেম্বৰ, ২০১৬ (৭৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ৰাজনীতিবিদ
দাম্পত্যসঙ্গী নবীনচন্দ্ৰ মেহতা
সন্তান ১ পুত্ৰ আৰু ১ জিয়াৰী

জয়ৱন্তীবেন মেহতা (ইংৰাজী: :Joyawantiben Mehta  ; ২০ ডিচেম্বৰ ১৯৩৮ – ৭ নৱেম্বৰ ২০১৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা আছিল তেখেত। ১৯৭৮ চনত মহাৰাষ্ট্ৰৰ বিধানসভালৈ নিৰ্বাচিত আৰু ১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।

১৯৬২ চনত প্ৰথম ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৬৮ চনত বম্বে পৌৰ নিগমৰ পৌৰসভাৰ সদস্য নিৰ্বাচিত হয়। পিছত তেওঁ পুনৰ নিৰ্বাচিত হৈ ১০ বছৰ পৌৰসভাৰ কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁ ১৯ মাহৰ কাৰাবাস খাটিবলগা হৈছিল। ১৯৭৮ চনত মহাৰাষ্ট্ৰৰ বিধানসভালৈ নিৰ্বাচিত হোৱা জয়ৱন্তীবেনে ১৯৮৫ চনলৈকে অপেৰা হাউছ সমষ্টিৰ পৰা ২টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৮০ চনত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হয় আৰু ১৯৮৮ চনত তেওঁক সৰ্বভাৰতীয় সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।

১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়। ইয়াৰ পিছত ১৯৯৬ আৰু ১৯৯৯ চনত পুনৰ নিৰ্বাচিত হৈ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ বাজপেয়ী চৰকাৰত ক্ষমতাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।

জয়ৱন্তীবেনে ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈ বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আৰু তাৰ পিছত ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

১৯৮৯ চনত নৱম লোকসভাত মুম্বাই উত্তৰ-পূৱ সমষ্টি আৰু ১৯৯৬ আৰু ১৯৯৯ চনত মুম্বাই দক্ষিণ সমষ্টিৰ একাদশ আৰু ত্ৰয়োদশ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল।

মৃত্য়ু

[সম্পাদনা কৰক]

২০১৬ চনৰ ৭ নবেম্বৰত ৭৭ বছৰ বয়ষত তেখেত স্বৰ্গগামী হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]