সমললৈ যাওক

জয় মালা (ৰাজনীতিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয় মালা
সভাপতি
কাৰ্যকাল
৩১ মে ২০২২ – ৪ এপ্ৰিল ২০২৩
পূৰ্বসূৰী ভীম সিং
উত্তৰসূৰী হৰ্ষ দেৱ সিং
ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি
কাৰ্যকাল
১৯৭৯ – ২০২৩
ব্যক্তিগত তথ্য
জন্ম ২২ আগষ্ট, ১৯৫৮
ফটেহপুৰ
মৃত্যু ২৬ এপ্ৰিল, ২০২৩ (৬৪ বছৰ)
জম্মু
ৰাজনৈতিক দল জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় পেন্থাৰছ দল (১৯৮২-২০২৩)
দাম্পত্যসঙ্গী ভীম সি
শিক্ষা দিল্লী বিশ্ববিদ্যালয়

জয় মালা (ইংৰাজী: Jay Mala (২২ আগষ্ট ১৯৫৮ – ২৬ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা আৰু সমাজকৰ্মী।[1] তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল৷ তেওঁ ৬০০ৰো অধিক গোচৰ দাখিল কৰিছিল আৰু প্ৰতিটোতে জয়ী হৈছিল[2]৷ ইয়াৰে ভিতৰত ১৯৮৫ চনৰ এটা গুৰুত্বপূৰ্ণ গোচৰো আছিল য'ত তেওঁ জম্মু-কাশ্মীৰ ৰাজ্যৰ বিৰুদ্ধে ভাৰতত টৰ্ট আইন সলনি কৰাৰ বিৰুদ্ধে গোচৰ তঁৰিছিল।[3][4] ১৯৮২ চনত মালা জম্মু আৰু কাশ্মীৰ নেচনেল পেন্থাৰছ পাৰ্টি (জেকেএনপিপি)ৰ সহ-প্ৰতিষ্ঠাপক আছিল।২০২২ চনৰ ৭ মে'ত তেওঁ পেন্থাৰছ পাৰ্টিৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ হয়৷[5]২০২২ চনৰ ৩১ মে'ৰ পৰা ২০২৩ চনৰ ৪ এপ্ৰিললৈকে তেওঁ পেন্থাৰছ পাৰ্টিৰ বাস্তৱিক সভানেত্ৰী হয়। জম্মু-কাশ্মীৰৰ বিদ্ৰোহৰ সময়ছোৱাত ১৯৮৩ চনৰ জম্মু-কাশ্মীৰৰ সাধাৰণ নিৰ্বাচনত মুঠ ৫১২গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৭গৰাকী মহিলা প্ৰাৰ্থীহে আছিল৷ সেইসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।[6]

১৯৭৯ চনত মালা ভাৰতীয় ছাত্ৰ কংগ্ৰেছৰ সভাপতি আছিল।[7] ২০১৭ চনৰ পৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠা কৰা কাকত নেচনেল হেৰাল্ড[8]ৰ অৱদানকাৰী সম্পাদিকা হিচাপে তেওঁ কাম কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মালাৰ বিবাহ হৈছিল পেন্থাৰছ পাৰ্টিৰ নেতা ভীম সিঙৰ সৈতে। তেওঁৰ পুত্ৰ অংকিত লাভ গ্ৰেট ব্ৰিটেইনৰ ৱান লাভ পাৰ্টিৰ নেতা।[9][10] কাশ্মীৰ সংঘাতত শান্তি অনাৰ আশাৰে তেওঁ সন্তানৰ নাম লাভ ৰাখিলে৷[11][12]

মালাৰ জন্ম হৈছিল গৌড় সৰস্বত ব্ৰাহ্মণ পৰিয়ালত[13]আৰু তেওঁ আফগানিস্তানৰ হিন্দু শ্বাহীৰ বংশধৰ আছিল।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Bhim terms ongoing elections battle of Mahabharat". Daily Excelsior. Archived from the original on 2018-07-12. https://web.archive.org/web/20180712022059/http://epaper.dailyexcelsior.com/epaperpdf/2014/nov/14nov30/page5.pdf. "Jay Mala, a senior Supreme Court Advocate and a social activist, also addressed a rally in Chenani Assembly constituency." 
  2. "Advocate Jay Mala Shuts Down Reporter Who Introduced Her Using Husband's Name" (en ভাষাত). News18. 26 March 2022. https://www.news18.com/news/buzz/advocate-jay-mala-shuts-down-reporter-who-introduced-her-using-husbands-name-4911542.html। আহৰণ কৰা হৈছে: 2022-06-09. 
  3. "Bhim Singh, Mla vs State Of J & K And Ors". Indian Kanoon. 22 November 2016. https://indiankanoon.org/doc/1227505/। আহৰণ কৰা হৈছে: 2016-12-20. "He was taken away by the police. As it was not known where he had been taken away and as the efforts to trace him proved futile, his wife Smt. Jayamala, acting on his behalf, filed the present application for the issue of a writ to direct the respondents to produce Shri Bhim Singh before the court, to declare his detention illegal and to set him at liberty." 
  4. Subramanium, Giriraj. "A Jurisprudential Analysis—Bhim Singh v. State of Jammu & Kashmir". Supreme Court Cases. Archived from the original on 2015-10-01. https://web.archive.org/web/20151001032400/http://www.supremecourtcases.com/index2.php?option=com_content&itemid=1&do_pdf=1&id=15972। আহৰণ কৰা হৈছে: 2016-12-20. 
  5. "Jammu and Kashmir National Panthers Party (JKNPP) – Party History, Symbol, Founders, Election Results and News". elections.in. http://www.elections.in/political-parties-in-india/jammu-and-kashmir-national-panthers-party.html। আহৰণ কৰা হৈছে: 2016-12-20. 
  6. Excelsior, Daily (2022-02-09). "JKNPP Working Committee takes several decisions" (en-US ভাষাত). Jammu Kashmir Latest News | Tourism | Breaking News J&K. https://www.dailyexcelsior.com/jknpp-working-committee-takes-several-decisions/। আহৰণ কৰা হৈছে: 2022-03-01. 
  7. "Bhim greets Atal Bihari on his 84th birthday". Scoop News - Jammu Kashmir. http://www.scoopnews.in/det.aspx?q=18198। আহৰণ কৰা হৈছে: 2016-12-20. 
  8. "Mala Jay" (en ভাষাত). nationalheraldindia.com. https://www.nationalheraldindia.com/author/448455। আহৰণ কৰা হৈছে: 2018-07-11. 
  9. Singh, Shillpi (2016-05-04). "People of London Get Ready, Here Comes One Love Party" (en-US ভাষাত). NewsGram India. http://www.newsgram.com/people-of-london-get-ready-here-comes-one-love-party/. 
  10. "The unknown revolutionary royal who wants to be London's next Mayor" (en-US ভাষাত). Huck Magazine. 2016-05-05. Archived from the original on 2016-12-26. https://web.archive.org/web/20161226021058/http://www.huckmagazine.com/perspectives/reportage-2/ankit-love-revolutionary-royal-london-mayoral-candidate-youve-never-heard/. 
  11. 11.0 11.1 Rashid, Saima (30 April 2016). "All of a Sudden, Kashmir Has a King, Living in Exile!". Kashmir Life. http://www.kashmirlife.net/all-of-a-sudden-kashmir-has-a-king-living-in-exile-103812/। আহৰণ কৰা হৈছে: 2016-12-20. 
  12. "London mayoral polls: 'Maharaja' with message of peace". The Indian Express. 2016-05-02. http://indianexpress.com/article/india/india-news-india/london-mayoral-polls-maharaja-with-message-of-peace/. ""His mother named him Love with the hope that he would bring peace to the region"" 
  13. "Ankit Love, 33 is the New Leader of the Panthers Party of India | JK Media News" (en ভাষাত). JK Media. Archived from the original on 2017-05-28. https://web.archive.org/web/20170528092538/http://www.jkmedia.net/featured/ankit-love-33-is-the-new-leader-of-the-panthers-party-of-india/। আহৰণ কৰা হৈছে: 2017-06-04.