সমললৈ যাওক

জয় সন্তোষী মা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয় সন্তোষী মা

ডিভিডি কভাৰ
পৰিচালক বিজয় শৰ্মা
ৰচনা আৰ প্ৰিয়দৰ্শী
প্ৰযোজক সতকাম ৰোহৰা
অভিনয়ত কানন কৌশন
ভাৰত ভূষণ
আশীষ কুমাৰ
অনিতা গুহ
ত্ৰিলোক কাপুৰ
কবিৰ খান
চিত্ৰগ্ৰহণকাৰী সুধেন্দু ৰায়
সম্পাদনা আৰ ডি মাহাডিক
সংগীত পৰিচালক চি অৰ্জুন
প্ৰযোজনা
কোম্পানী
ভাগ্যলক্ষ্মী চিত্ৰ মন্দিৰ
পৰিবেশক ভাগ্যলক্ষ্মী চিত্ৰ মন্দিৰ
মুক্তি
৩০ মে' ১৯৭৫ (1975-05-30)
দৈৰ্ঘ্য
১৩০ মিনিট
দেশ হিন্দী
ভাষা Hindi
বাজেট ২.৫ মিলিয়ন টকা [1]
সৰ্বমুঠ আয় ৫০ মিলিয়ন টকা [1]

জয় সন্তোষী মা (ইংৰাজী: Jai Santoshi Maa) ১৯৭৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ভক্তিমূলক চলচ্চিত্ৰ। পৰিচালনা বিজয় শৰ্মাৰ আৰু ৰচনা আৰ. প্ৰিয়দৰ্শীৰ। সন্তোষী মা (সন্তোষী মাতা বুলিও কোৱা হয়) হৈছে সন্তুষ্টিৰ দেৱী। উষা মংগেশকাৰে মহেন্দ্ৰ কাপুৰ আৰু ছবিখনৰ গীতবোৰৰ কথা লিখা বিখ্যাত কবি, গীতিকাৰ কবি প্ৰদীপৰ সৈতে ছবিখনৰ গীতবোৰ গাইছিল। কম বাজেটত নিৰ্মিত এই ছবিখন বক্স অফিচত অন্যতম সফল ছবি হিচাপে পৰিগণিত হয়। [2]

ছবিখনৰ আৰম্ভণি হয় দেৱলোকত, য'ত দেৱী সন্তোষী মাতাৰ "জন্ম" গণেশৰ কন্যা হিচাপে। গণেশৰ দুগৰাকী পত্নী ৰিদ্ধি আৰু সিদ্ধি ("সমৃদ্ধি" আৰু "আধ্যাত্মিক শক্তি")। যদিও গণেশৰ আন এগৰাকী পত্নী বুদ্ধি ("জ্ঞান") আছে, তথাপিও তেওঁক ছবিখনত দেখুওৱা হোৱা নাই। এটা মূল ভূমিকাত আছে বিষ্ণুৰ ভক্ত অমৰ ঋষি নাৰদ, যিয়ে ছবিখনৰ দুটা সমান্তৰাল কাহিনী আগবঢ়াই লৈ যায়।

আনহাতে মৰ্ত্যত দেখা যায় সত্যৱতী নামৰ মহিলা এগৰাকীক, মহিলাৰ দল এটাৰ সৈতে সন্তোষী মাৰ আৰতি কৰি থকা অৱস্থাত, যিগৰাকী সন্তোষী মাতাৰ সৰ্বশ্ৰেষ্ঠ পাৰ্থিৱ ভক্ত। সত্যৱতীয়ে জীৱনত বিভিন্ন ঘাট-প্ৰতিঘাটৰ সন্মুখীন হয় আৰু তেওঁক ৰক্ষা কৰি থাকে সন্তোষী মাতাই। ছবিখনৰ যোগেদি পৰম কৰুণাময়ী দেৱীগৰাকীয়ে যে প্ৰতি নিয়ত ভক্তক ৰক্ষা কৰি থাকে, তাকে দেখুওৱা হৈছে।

মু্ক্তি আৰু প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]

ছবিখন মুক্তি পোৱাৰ পিছত বিশেষকৈ উত্তৰ ভাৰতৰ মহিলাসকলে সন্তোষী মাক দেৱী হিচাপে পূজা কৰিবলৈ আৰম্ভ কৰিছিল।[4][5] ছবিখনত সন্তোষী মাক "গণেশ"ৰ কন্যা হিচাপে দেখুওৱা হৈছে। [3][4]

কোনো পৌৰাণিক কাহিনী বা অন্যান্য পৰিচিত গ্ৰন্থত আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হোৱা নাই। ছবিখনত বিশেষকৈ গণেশৰ এগৰাকী ভগ্নী আৰু এগৰাকী কন্যা আছে বুলি কৰা দাবী অনন্য যেন লাগে। মহাৰাষ্ট্ৰত জনবিশ্বাস আছে যে গণেশৰ চাৰিওদিশৰ প্ৰতিটো দিশতে এগৰাকীকৈ ভগ্নী আছে আৰু তেওঁ প্ৰতি বছৰে গণেশ চতুৰ্থী উপলক্ষে প্ৰত্যেক গৰাকী ভনীয়েকক লগ পাবলৈ যায়।

২০০৬ চনত ছবিখনৰ পুনৰ নিৰ্মাণ হয়, য’ত উষা মংগেশকাৰে পুনৰ গীত গাইছিল। এই ছবিখনৰ প্ৰভাৱতে ষোল শুক্ৰবাৰ, সন্তোষী মা কি মহিমা আদি ছবি আৰু জয় সন্তোষী মা নামেৰে এখন টিভি ধাৰাবাহিকো নিৰ্মিত হৈছিল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ BFJA বঁটা (হিন্দী শাখা) – প্ৰদীপক "যহাঁ ৱাহাঁ" গীতটিৰ বাবে।
  • শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ BFJA বঁটা (হিন্দী শাখা) – উষা মংগেশকাৰ [5]
  • শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ BFJA বঁটা ফিল্মফেয়াৰ মনোনয়ন – "মেঁ তো আৰতি" গীতৰ বাবে উষা মংগেশকাৰ [6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Motwani, Monica (22 June 2001). "1975 files". Screen. Archived from the original on 22 October 2003. https://web.archive.org/web/20031022065526/http://www.screenindia.com/20010622/f1975.html. 
  2. "BoxOffice India.com". Archived from the original on 17 March 2008. https://web.archive.org/web/20080317191819/http://www.boxofficeindia.com/cpages.php?pageName=all_time_earners&PHPSESSID=b754628e151e869b2426dfd035eb7581। আহৰণ কৰা হৈছে: 18 February 2008. 
  3. Cohen, Lawrence. "The Wives of Gaṇeśa", pp. 130 in: Ganesh: Studies of an Asian God, Robert L. Brown (editor), SUNY Series in Tantric Studies (State University of New York Press: Albany, 1991) আই.এচ.বি.এন. 0-7914-0657-1.
  4. Santoshī Mā is discussed by Thapan, Anita Raina. Understanding Gaņapati: Insights into the Dynamics of a Cult. (Manohar Publishers: New Delhi, 1997). pp. 15–16, 230, 239, 242, 251. আই.এচ.বি.এন. 81-7304-195-4.
  5. "39th Annual BFJA Awards". BFJA. Archived from the original on 19 January 2008. https://web.archive.org/web/20080119012515/http://www.bfjaawards.com/legacy/pastwin/197639.htm। আহৰণ কৰা হৈছে: 6 January 2012. 
  6. "1st Filmfare Awards 1953". http://deep750.googlepages.com/FilmfareAwards.pdf। আহৰণ কৰা হৈছে: 18 February 2008. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]