জলশংখ
| জলশংখ | |
|---|---|
বেটুপাত | |
| লেখক | প্ৰণৱী গগৈ |
| প্ৰচ্ছদ শিল্পী | জলী বৰগোহাঁই |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | কবিতা |
| প্ৰকাশক | পি.ডব্লিউ.এফ. |
| প্ৰকাশ | ২੦২৪ |
| মিডিয়া প্ৰকাৰ | ছপাগ্ৰন্থ (পকাবন্ধা) |
| পৃষ্ঠা সংখ্যা | ৩৪ |
| আই.এচ.বি.এন. | 978-81-975772-6-0 |
জলশংখ (ইংৰাজী: Jalashankha) প্ৰণৱী গগৈৰ এখন অসমীয়া কবিতা-সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]কবিতা-সংকলনটিত তেইছটা কবিতা সন্নিৱিষ্ট হৈছে৷ কবিতাখিনিৰ বিষয়বস্তু মূলতে প্ৰেম-ভালপোৱা, নিঃসংগতা, প্ৰকৃতিপ্ৰীতি, বিবিধ মানৱীয় সমস্যা আদি৷ সমালোচক আনন্দ বৰমুদৈৰ মতে, “কবিগৰাকীৰ কবিতাৰ পৃষ্ঠভূমি গ্ৰামীণ অসম আৰু প্ৰতীক, চিত্ৰকল্প আদিৰ মূল উৎস প্ৰকৃতি, কিন্তু মানৱীয় যিবোৰ সমস্যাক কাব্যিক অভিজ্ঞতাই কেন্দ্ৰ কৰিছে সিবিলাকৰ কেতবোৰ আধুনিকেই নহয়, উত্তৰ আধুনিকো৷”[1]
কবি-পৰিচয়
[সম্পাদনা কৰক]প্ৰণৱী গগৈ দুলীয়াজান নিবাসী এগৰাকী কবি আৰু লেখক৷ তেওঁৰ কবিতা অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত হৈছে আৰু ইংৰাজী ভাষালৈ অনুদিত হৈছে৷ জলশংখ তেওঁৰ দ্বিতীয়খন কবিতা-সংকলন৷ ২੦১৭ চনত তেওঁৰ প্ৰথমখন কবিতা-সংকলন সোণ-বৰিয়াল সপোন প্ৰকাশ পায়৷[1] ২੦২৪ চনত প্ৰকাশ পোৱা দ্য এনচিয়েণ্ট বাৰ্ক হ’ল আনন্দ বৰমুদৈয়ে ইংৰাজী অনুবাদ কৰা তেওঁৰ এমুঠি কবিতাৰ ইংৰাজী সংকলন৷[2][3]