জলসাঘৰ
জলসাঘৰ | |
---|---|
![]() | |
পৰিচালক | সত্যজিৎ ৰায় |
চিত্ৰনাট্য | সত্যজিৎ ৰায় |
ভিত্তি | সত্যজিৎ ৰায় তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ চুটিগল্প |
প্ৰযোজক | সত্যজিৎ ৰায় |
অভিনয়ত | ছবি বিশ্বাস পদ্মা দেৱী পিনাকী সেনগুপ্ত গংগাপদ বসু তুলসী লাহিড়ী কালী সৰকাৰ |
চিত্ৰগ্ৰহণকাৰী | সুব্ৰত মিত্ৰ |
সম্পাদনা | দুলাল দত্ত |
সংগীত পৰিচালক | বিলায়ৎ খান |
প্ৰযোজনা কোম্পানী |
আৰোৰা ফিল্ম কৰ্পোৰেচন |
পৰিবেশক | কনটেম্প’ৰেৰী ফিল্মছ (যুক্তৰাজ্য) এডৱাৰ্ড হেৰিচন (যুক্তৰাষ্ট্ৰ) |
মুক্তি |
১০ অক্টোবৰ ১৯৫৮(India) এপ্ৰিল ১৯৬২ (UK) ১৫ অক্টোবৰ ১৯৬৩ (US) |
দৈৰ্ঘ্য |
৯৫ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
জলসাঘৰ[1] (ইংৰাজী: The Music Room) বঙালী লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত সত্যজিৎ ৰায়ৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মিত এখন ভাৰতীয় বঙালী নাট্যধৰ্মী ছবি; য’ত ছবি বিশ্বাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। এইখন সত্যজিৎ ৰায়ৰ চতুৰ্থ পূৰ্ণদৈৰ্ঘ্য ছবি। মুৰ্চিদাবাদ জিলাৰ নিমতিতাৰ ৰাজবাৰীত ছবিখনৰ চিত্ৰগ্ৰহণ হৈছিল।
ভাৰতত প্ৰথম অৱস্থাত সমালোচকৰ বিশেষ সমাদৰ নোপোৱাৰ পিছতো ছবিখনে নতুন দিল্লীত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে,[2] আৰু এই ছবিখনে পৰিচালক হিচাপে সত্যজিৎ ৰায়ক আন্তঃৰাষ্ট্ৰীয় খ্যাতি প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে। তাৰ পিছত ই প্ৰায় বিশ্বব্যাপি সমালোচকৰ প্ৰশংসা পাবলৈ সক্ষম হয়[3] আৰু চলচ্চিত্ৰীয় সমাজে ইয়াক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰিবলৈ লয়।[4][5][6]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- ছবি বিশ্বাস (বিশ্বম্ভৰ ৰায়, জমিদাৰ)
- গংগাপদ বসু (মহিম গাংগুলী, বিশ্বম্ভৰৰ প্ৰতিবেশী)
- কালী সৰকাৰ (অনন্ত, বিশ্বম্ভৰৰ চাকৰ)
- পদ্মা দেৱী (মহামায়া, বিশ্বম্ভৰৰ পত্নী)
- তুলসী লাহিড়ী (বিশ্বম্ভৰৰ তত্বাৱধায়ক)
- পিনাকী সেনগুপ্ত (বীৰেশ্বৰ, বিশ্বম্ভৰৰ পুত্ৰ)
- বেগম আখটাৰ (দুৰ্গাবাই, কথক নৃত্যাংগনা)
- ৰোশন কুমাৰী (কৃষ্ণাবাই, কথক নৃত্যাংগনা)
- ৱাহিদ খান (সুৰবাহাৰ বাদক)
- ছলমত খান (খয়াল গায়ক)
- বিছমিল্লাহ খান (চেহনাই বাদক)
নিৰ্মাণ
[সম্পাদনা কৰক]বঙালী সাহিত্যিক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত জলসাঘৰ নিৰ্মাণ কৰা হৈছিল। বক্স অফিচত অপৰাজিত (১৯৫৬) ছবিখনৰ বিফলতাৰ পিছত ৰায়ক এখন হিট ছবিৰ অতি প্ৰয়োজন হৈছিল আৰু তেওঁ এনে এখন ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় যিখন জনপ্ৰিয় সাহিত্যৰ অংশ হয় আৰু য’ত ভাৰতীয় সংগীত সন্নিবিষ্ট হ’ব। ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নৃত্যক ব্যাপকভাৱে সন্নিৱিষ্ট কৰা এইখনেই তেওঁৰ প্ৰথম ছবি। ১৯৫৭ চনৰ মে' মাহৰ পৰা ছবিখনৰ নিৰ্মাণ আৰম্ভ হয়।[7]
প্ৰি-প্ৰডাকচনৰ সময়ত ৰায় আৰু তেওঁৰ দলটোৱে বিশ্বম্ভৰ ৰায়ৰ প্ৰাসাদৰ বাবে উপযুক্ত স্থান বিচাৰি উলিয়াবলৈ অসুবিধা পাইছিল। কাকতালীয়ভাবে তেওঁলোকে এনে এজন মানুহ লগ পালে, নিমতিতাৰ চৌধুৰীসকলৰ প্ৰাসাদটোৰ বিষয়ে নামেৰে জনাজাত নিমতিতাৰ চৌধুৰীসকলৰ প্ৰাসাদটোৰ বিষয়ে পৰামৰ্শ দিয়ে। ৰায়ে প্ৰাসাদটো চাবলৈ মন কৰিলে আৰু তেওঁ আচৰিত হ’ল যে প্ৰাসাদটো ছবিখনৰ বাবে অতি উপযুক্ত। পিছলৈ তেওঁ গম পালে যে বন্দোপাধ্যায়ৰ চুটিগল্পটোৰ মূল চৰিত্ৰটো প্ৰাসাদটোৰ বৰ্তমানৰ গৰাকীৰ ককাক উপেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দ্বাৰা অনুপ্ৰাণিত।[8]
ৰায়ৰ মতে, "সংগীত কক্ষটোৰ বাদে নিমতিতা প্ৰাসাদটো নিখুঁত আছিল। সংগীত কক্ষ এটা আছিলেই, কাৰণ গণেন্দ্ৰ নাৰায়ণৰ ককাক উপেন্দ্ৰ নাৰায়ণ চৌধুৰী আমাৰ কাহিনীৰ সম্ভ্ৰান্ত ব্যক্তিজনৰ দৰেই সংগীতৰ পৃষ্ঠপোষক আছিল; কিন্তু মই পৰিকল্পনা কৰা আড়ম্বৰপূৰ্ণ সন্ধিয়াটোৰ বাবে চেটিঙৰ কাম কৰিব পৰাকৈ প্ৰভাৱশালী নাছিল।"[9] সেয়েহে কলকাতাৰ মানিকতলাৰ আৰোৰা ফিল্ম কৰ্পোৰেচন ষ্টুডিঅ’ত এটা অধিক আড়ম্বৰপূৰ্ণ সংগীত কক্ষ নিৰ্মাণ কৰা হৈছিল। ষ্টুডিঅ’টো এতিয়া ভাঙি পেলোৱা হৈছে।
ৰায়ে ছবিখনৰ বাবে সুৰকাৰ ওস্তাদ বিলায়ৎ খানৰ সৈতে মিলি কাম কৰিছিল যদিও তেওঁ প্ৰথমতে সুৰকাৰজনৰ সংগীতৰ পছন্দৰ বিষয়ে অনিশ্চিত আছিল আৰু তেওঁ খানক ছবিখনৰ বাবে অধিক গম্ভীৰ সংগীতৰ খণ্ড ৰচনা কৰিবলৈ পতিয়ন নিয়াবলগীয়া হৈছিল।[10]
বঁটা
[সম্পাদনা কৰক]- ষষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৮)
- সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।[11]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Singh, S. K.. "Jalsaghar (The Music Room): A film by Satyajit Ray :: SatyajitRay.org". www.satyajitray.org. Archived from the original on 25 January 2009. https://web.archive.org/web/20090125101243/http://satyajitray.org/films/jalsagh.htm। আহৰণ কৰা হৈছে: 8 November 2005.
- ↑ "Jalsaghar, 1958". Strictly Film School. December 22, 2017. https://filmref.com/2017/12/22/jalsaghar-1958/। আহৰণ কৰা হৈছে: 31 May 2024.
- ↑ Ray, Satyajit. "Winding Route to a Music Room," in Our Films, Their Films. New York: Hyperion, 1994, p. 46 আই.এচ.বি.এন. 0-7868-6122-3
- ↑ "Jalshaghar (The Music Room)". satyajitray.org. https://satyajitray.org/jalsaghar-the-music-room/.
- ↑ Ebert, Roger. "The Music Room". RogetEbert.com. http://www.rogerebert.com/reviews/great-movie-the-music-room-1958। আহৰণ কৰা হৈছে: 14 September 2017.
- ↑ "Jalshaghar (The Music Room)". satyajitray.org. https://satyajitray.org/jalsaghar-the-music-room/.
- ↑ Guthmann, Edward. "Film Review – Aristocrat's Pride Is His Downfall In Feudal Bengal". http://www.sfgate.com/movies/article/FILM-REVIEW-Aristocrat-s-Pride-Is-His-Downfall-3024923.php.
- ↑ "Werner Herzog". Red Bull Music Academy. https://www.redbullmusicacademy.com/lectures/werner-herzog-lecture.
- ↑ "Jalsaghar (The Music Room)". Rotten Tomatoes. https://www.rottentomatoes.com/m/jalsaghar.
- ↑ "1st Moscow International Film Festival (1959)". MIFF. http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1959। আহৰণ কৰা হৈছে: 29 October 2012.
- ↑ "৬ষ্ট ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ". ২৮-৪-১৯৫৯. https://www.dff.nic.in/images/Documents/108_6thNfacatalogue.pdf.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Jalsaghar সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Jalsaghar at AllMovie
- The Criterion Collection
- The Music Room: Distant Music an essay by Philip Kemp at the Criterion Collection
|