জাংফাই (অলংকাৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জাংফাই এবিধ লা জাতীয় পদাৰ্থ৷ জাংফাই জীৱাশ্মীভূত গছৰ ৰজন(resin) আৰু ই সুগন্ধি দ্ৰব্য৷ ইয়াক অলংকাৰ প্ৰস্তুত কৰাৰ উপাদান আৰু ৰোগ নিৰাময়ৰ কাৰক হিচাপে ব্যৱহাৰ কৰা হয়৷[1] পুৰণি অসমত সাধাৰণ অসমীয়া মহিলাই সোণ আৰু ৰূপৰ সলনি জাংফাইৰ কেৰু পিন্ধিছিল৷ [2] চিংফৌ বুৰঞ্জীমতে পাটকাইৰ অৰ্থ:- ’পাট’ মানে জাংফাই আৰু ’কাই’ মানে উত্তম৷ অৰ্থাৎ সেইসময়ত পাটকাই পাহাৰটোত উৎকৃষ্টমানৰ জাংফাইৰ কাৰণে বিখ্যাত আছিল৷ পাটকাই পাহাৰত সেইসময়ত চিংফৌ, টাংচা আৰু আবৰসকলৰ বাসস্থান আছিল৷ জাংফাই প্ৰচুৰ পৰিমানে উপলব্ধ হৈছিল বাবে সেই জনগোষ্ঠীৰ লোকসকলে ভৈয়ামলৈ আহি জাংফাইৰ ব্যৱসায় কৰিছিল বুলি জনা যায়৷ খনিজাত জাংফাইৰ পৰা অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নানা অলংকাৰ তৈয়াৰ কৰিছিল৷[3] অৰুণাচলৰ টাংছা জনজাতি মহিলাসকলৰ জাংফাই কেৰু চকুত লগা৷ খামটিসকলৰ পুৰুষসকলেও তিৰোতাৰ দৰে কাণত জাংফাই কেৰু পিন্ধিছিল৷ খামটি তিৰোতাসকলেও কাণত চকচকাই থকা জাংফাই কেৰু পিন্ধিছিল৷[4] সোণৰ কেৰুৰ দৰে সোণ নোপোৱা সাধাৰণ লোকে সম্ভৱতঃ জাংফাইৰে কেৰু সাজি পিন্ধিছিল আৰু পৰৱৰ্তীকালত কেৰু নামৰ লগত জাংফাই নামটো সাঙোৰ খাই পৰিল৷ জাংফাই প্ৰকৃততে এবিধ বিশেষ গছৰ আঠাৰ পৰা সৃষ্টি হোৱা এক উজ্জল টান পদাৰ্থ৷

জাংফাইৰ খনি[সম্পাদনা কৰক]

পৃথিৱীৰ বিভিন্ন ঠাইত জাংফাই পোৱা যায়৷ বৰ অসমৰ পাটকাই পাহাৰত জাংফাই পোৱা যায়৷ গছ-গছনিৰ মাজত মাটিৰ তলত ক’ত জাংফাই পোৱা যায় তাক অভিজ্ঞ মানুহেহে ক’ব পাৰিছিল৷ পাতল হালধীয়া বৰণৰ মূল্যবান জাংফাই মাটিৰ ওপৰিভাগৰ পৰা ৪০ ফুটমান তলতহে উপলব্ধ হৈছিল৷[5] তদুপৰি ইউৰোপৰ লিথুৱেনিয়া দেশত জাংফাইৰ এক বৃহৎ খনি আছে৷ ’বাল্টিক সোণ’ আখ্যা দিয়া জাংফাই সূদুৰ অতীতত ইয়াত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল৷ জাংফাইৰে বিভিন্ন অলংকাৰ প্ৰস্তুত কৰা হয় আৰু লিথুৱেনিয়াৰ ভিলনিয়াছ চহৰত জাংফাইৰ কাৰুকাৰ্যৰ এক বৃহৎ প্ৰদৰ্শনী পতা হয়৷ তদুপৰি, ভিলনিয়াছৰ বহুসংখ্যক সংগ্ৰহালয়ত চাৰে চাৰি হাজাৰ জাংফাইৰ নমুনা সজাই থোৱা আছে৷[1]

জাংফাই কেৰু[সম্পাদনা কৰক]

পুৰণিকালত অসমৰ জনজাতীয় মহিলাসকলৰ মাজত জাংফাই কেৰুৰ প্ৰচলন আছিল৷ কোনো কোনো জনজাতিৰ পুৰুষেও জাংফাইৰ কেৰু পিন্ধিছিল৷ সেইবোৰক মতা জাংফাই বোলা হৈছিল৷ জাংফাই কেৰুৰ এক বিশেষ বিশেষত্ব হ’ল, ইয়াৰ ঠাৰি শকত অৰ্থাৎ কাণৰ বিন্ধাৰে সুমুৱাই দিয়া অংশ শকত আৰু কাণলতিত লিপিট খাই থকা অংশ পদুমপাহিৰ দৰে, য’ত বাখৰ পতোৱাও থাকে৷ ইয়াৰ ঠাৰিতো কিছুমানত বাখৰ পতোৱা থাকে৷[6]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 বৰঠাকুৰ, ড° নয়নানন্দ (জুলাই ২০১৩). "জাংফাই য’ত লিথুৱেনিয়া ত’ত". প্ৰান্তিক. 
  2. অসমীয়া মানুহৰ ইতিহাস, পৃ: নং ২১৮ নগেন শইকীয়া
  3. এজন মহাথেৰৰ জীৱনৰ খোজে খোজে, চাই এক্য গোঁহাই
  4. অসমৰ জনজাতি, পৃ: নং ২৫৩ সম্পা: শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য
  5. শৰ্মা, মৃগেন (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. ISBN 978-93-93342-23-2. 
  6. গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোক-সংস্কৃতি. ক্ৰান্তিকাল. পৃষ্ঠা. ৬৭৫.