জাইটুন বানো
| জাইটুন বানো | |
|---|---|
| জন্ম | ১৮ জুন, ১৯৩৮ ছুফেইদ ধেৰি, পেছাৱৰ, পাকিস্তান |
| মৃত্যু | ১৪ ছেপ্টেম্বৰ, ২০২১ (৮৩ বছৰ) পেছাৱৰ, পাকিস্তান[1] |
| পেচা |
|
| ভাষা | পাষ্টো, উৰ্দু |
| ধৰণ | নাটক, চুটিগল্প, উপন্যাস |
| বিষয় | ৰাজনীতি, সামাজিক, সাহিত্য |
| উল্লেখযোগ্য বঁটা | প্ৰাইড অৱ পাৰফৰমেন্স |
| দাম্পত্যসংগী | তাজ ছয়িদ চাওক Taj Saeed, ৰেখা ফাউণ্ডেছন |
জাইটুন বানো (ইংৰাজী: Zaitoon Bano; ১৮ জুন ১৯৩৮ – ১৪ ছেপ্টেম্বৰ ২০২১) এগৰাকী পাকিস্তানী কবি, চুটিগল্প লেখক, ঔপন্যাসিক, সম্প্ৰচাৰক আৰু খাইবাৰ পখতুনখোৱাত নাৰী অধিকাৰৰ সমৰ্থক আছিল। তেওঁ মূলতঃ পাষ্টো আৰু উৰ্দু ভাষাত লিখিছিল। কেতিয়াবা, তেওঁক খাতুন-ই-আৱাল (প্ৰথম মহিলা) বা "পাষ্টো কল্পকাহিনীৰ প্ৰথম মহিলা" বুলিও কোৱা হয়, যিটো সন্মানীয় উপাধি পষ্টুনসকলৰ নাৰী অধিকাৰৰ প্ৰতি তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক প্ৰদান কৰা হয়। তেওঁ চৌবিশখনতকৈও অধিক গ্ৰন্থ লিখিছিল, য'ত তেওঁৰ প্ৰথম চুটিগল্প হিন্দৰা (আইনা) আছিল যিটো পাষ্টো ভাষাৰ অন্যতম বিশিষ্ট লেখা হিচাপে প্ৰকাশ পাইছে।[2][3][4]
শিক্ষা আৰু নেপথ্য
[সম্পাদনা কৰক]জাইটুনে চহৰৰ এখন বিদ্যালয়ৰ পৰা প্ৰাথমিক বিদ্যালয় আৰু মেট্ৰিক লাভ কৰে [2]আৰু পিছলৈ ইছলামিয়া কলেজ বিশ্ববিদ্যালয়ৰ পৰা ব্যক্তিগত ছাত্ৰ হিচাপে পাষ্টো আৰু উৰ্দু ভাষাত স্নাতকোত্তৰ ডিগ্ৰীলাভ কৰে।[5] শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যাপনা কৰে, বিশেষকৈ পেছাৱাৰ পাব্লিক স্কুলত আৰু পিছলৈ পাকিস্তান ব্ৰডকাষ্টিং কৰ্প'ৰেশ্যনত যোগদান কৰে আৰু প্ৰযোজক হিচাপে কাম কৰে।[2]লেখাৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ৰেডিঅ' পাকিস্তান[6] আৰু চৰকাৰী মালিকানাধীন টেলিভিছন চেনেল পাকিস্তান টেলিভিছন কৰ্প'ৰেশ্যনৰ সৈতে জড়িত আছিল৷
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]বানোৱে ১৯৫৮ চনত নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তে হিন্দৰা (আইনা) নামৰ প্ৰথমটো চুটিগল্পৰ জৰিয়তে নিজৰ সৃষ্টিযাত্ৰা আৰম্ভ কৰিছিল। ১৯৫৮ চনৰ পৰা ২০০৮ চনৰ ভিতৰত উৰ্দু আৰু পাষ্টো ভাষাত কল্পকাহিনী গ্ৰন্থ আৰু চুটিগল্প লিখিছিল। তেওঁৰ প্ৰকাশনসমূহৰ ভিতৰত আছে মাত বাংগ্ৰী, খোবুনা (১৯৫৮), জুয়াণ্ডি ঘমুনা (১৯৫৮), বাৰ্জে আৰ্জু (১৯৮০), আৰু ৱাকট কী ডেহলিজ পাৰ (১৯৮০)। তেখেতে ১৯৫৮ চনৰ পৰা ২০১৭ চনৰ ভিতৰত লিখা দা শ্বাগু মাজাল (বালিৰ মাজেৰে যাত্ৰা) নামৰ চুটিগল্প প্ৰকাশ কৰে।[7]
মৃত্যু
[সম্পাদনা কৰক]২০২১ চনৰ ১৪ ছেপ্তেম্বৰ তাৰিখে পাকিস্তানৰ পেছাৱৰৰ লেডি ৰিডিং চিকিৎসালয়ত ৰোগজনিত কাৰণত তেওঁ মৃত্যু হয়৷[1][8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Pashto, Urdu prolific writer Zaitoon Bano passes away". Associated Press Of Pakistan. 2021-09-14. https://www.app.com.pk/national/pashto-urdu-prolific-writer-zaitoon-bano-passes-away/। আহৰণ কৰা হৈছে: 2021-09-14.
- ↑ 2.0 2.1 2.2 Shinwari, Sher Alam (11 May 2019). "Zaitoon Bano, 'first lady of Pashto fiction', says women writers have more freedom than ever before". Dawn.com Images. https://images.dawn.com/news/1182695.
- ↑ "Zaitoon Bano a strong Pakhtun feminine voice". Dawn.com. 26 October 2016. http://www.dawn.com/news/1292305.
- ↑ "British Pukhtun Association arranges function". Thenews.com.pk. https://www.thenews.com.pk/print/111732-British-Pukhtun-Association-arranges-function.
- ↑ "Tales of the times : The bold and the literary". Tribune.com.pk. 9 March 2014. https://tribune.com.pk/story/680890/tales-of-the-times-the-bold-and-the-literary/.
- ↑ "'Radio Pakistan has always promoted arts, culture of provinces'". PakistanToday.com.pk. https://www.pakistantoday.com.pk/2017/02/23/radio-pakistan-has-always-promoted-arts-culture-of-provinces/.
- ↑ ""Pashtun women still need a strong voice" | Literati". Thenews.com.pk. https://www.thenews.com.pk/tns/detail/565663-pashtun-women-still-need-strong-voice.
- ↑ "Fiction writer Zaitoon Bano dies at 83". Dawn.com. 2021-09-15. https://www.dawn.com/news/1646411। আহৰণ কৰা হৈছে: 2021-09-15.
- ↑ اردو, گلوبلی (September 14, 2021). "پشتو اور اردو کی مشہور مصنفہ زیتون بانو انتقال کر گئیں". Urdu Globally (Urdu Globally). Archived from the original on September 14, 2021. https://web.archive.org/web/20210914183022/http://urduglobally.com/2021/09/14/%D9%BE%D8%B4%D8%AA%D9%88-%D8%A7%D9%88%D8%B1-%D8%A7%D8%B1%D8%AF%D9%88-%DA%A9%DB%8C-%D9%85%D8%B4%DB%81%D9%88%D8%B1-%D9%85%D8%B5%D9%86%D9%81%DB%81-%D8%B2%DB%8C%D8%AA%D9%88%D9%86-%D8%A8%D8%A7%D9%86%D9%88/.