জাকিয়া সোমন
| জাকিয়া সোমন | |
|---|---|
জাকিয়া সোমন | |
| জন্ম | আহমেদাবাদ, গুজৰাট, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | গুজৰাট বিশ্ববিদ্যালয় |
| পেচা | বিশ্ববিদ্যালয়ৰ অধ্যাপক, ভাৰতীয় মুছলিম মহিলা আন্দোলনৰ প্ৰতিষ্ঠাপক। |
| জনা যায় | মহিলাৰ অধিকাৰ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰাষ্ট্ৰীয় মহিলা আয়োগ (২০১৪)ৰ দ্বাৰা অসাধাৰণ মহিলা কৃতিত্বৰ বঁটা |
জাকিয়া সোমন (ইংৰাজী: Zakia Soman)এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী৷ তেওঁ ভাৰতীয় মুছলিম মহিলা আন্দোলন নামৰ বেচৰকাৰী মহিলা অধিকাৰ সংগঠনৰ প্ৰতিষ্ঠাপক।[1]
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]জাকিয়া সোমনৰ গুজৰাটৰ আহমেদাবাদত জন্ম হৈছিল। তেওঁ গুজৰাট বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত ব্যৱসায়িক যোগাযোগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হিচাপে কাম কৰিছিল।[2]
সক্ৰিয়তা
[সম্পাদনা কৰক]জাকিয়াই মুছলমান মহিলাৰ অধিকাৰৰ পোষকতা কৰে।[3] শান্তি আৰু ন্যায়, ধৰ্মনিৰপেক্ষতা, মানৱ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ আদি বিষয়ত তেওঁ বহুলভাৱে কাম কৰিছে আৰু লিখিছে। তেওঁ একচনএইডত শান্তি আৰু মানৱ নিৰাপত্তাৰ বিষয়বস্তুও স্থাপন আৰু নেতৃত্ব দিয়ে।[4]
তেওঁ দক্ষিণ এছিয়ান এলায়েন্স ফৰ প’ভাৰ্টি এৰেডিকেচন (SAAPE)ৰ সদস্য। চাকৰি এৰি সংখ্যালঘুৰ অধিকাৰৰ বাবে কাম আৰম্ভ কৰাৰ আগতে গুজৰাটত বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আছিল। তেখেত চেণ্টাৰ ফৰ পিছ ষ্টাডিজৰ প্ৰতিষ্ঠাপক, যিয়ে শান্তি আৰু সহনশীলতাৰ বাবে জ্ঞান সক্ৰিয়তাত জড়িত।[4]
জাকিয়াই ভাৰতীয় উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক সমৰ্থন জনাইছে যে মুছলমান মহিলাসকলে ফৌজদাৰী প্ৰক্ৰিয়া আইনৰ ১২৫ নং ধাৰাত বিবাহ বিচ্ছেদৰ পিছত ভৰণ-পোষণৰ অধিকাৰী। ভাৰতীয় মুছলমানসকলৰ মাজত বহুবিবাহৰ বিৰুদ্ধে তেওঁ মাত মাতিছে আৰু কৈছে যে সেইটো কেৱল এটা নিৰ্দিষ্ট প্ৰসংগতহে অনুমোদিত আৰু আধুনিক যুগত বৈধ নহয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Mumbai shrine to allow entry to women" (en-GB ভাষাত). BBC News. 2016-10-24. https://www.bbc.co.uk/news/world-asia-india-37749499.
- ↑ "Zakia and Noorjehan: Duo lead movement for reforms in Muslim personal laws" (en ভাষাত). www.hindustantimes.com/. 2016-09-11. https://www.hindustantimes.com/india-news/meet-zakia-and-noorjehan-who-are-leading-the-movement-for-reforms-in-muslim-personal-laws/story-1hhwA5kk9lSmaUvuj0EXGM.html.
- ↑ "Yes, Tablighi Jamaat Organisers Were Irresponsible. No, They Do Not Represent All of India's Muslims". 3 April 2020. https://www.news18.com/news/opinion/yes-tablighi-jamaat-organisers-were-irresponsible-no-they-do-not-represent-all-of-indias-muslims-2562889.html.
- ↑ 4.0 4.1 "Zakia Soman - Women Economic Forum (WEF)" (en-US ভাষাত). WEF. http://www.wef.org.in/zakia-soman/.
- ↑ Soman, Zakia (15 July 2024). "Why the SC verdict on maintenance is significant for Muslim women". Times of India. https://timesofindia.indiatimes.com/india/why-the-sc-verdict-on-maintenance-is-significant-for-muslim-women/articleshow/111755290.cms.